গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি...
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি...

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্রনি প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৬৭ চনতেই প্রতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন "সতীর্থ সন্মিলন" অহা ১৯ মার্চ, ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। এই সম্পর্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে বিভাগৰ মুৰব্বী অধ্যাপক তথা সতীর্থ সন্মিলনৰ পৃষ্ঠপোষক ড০ চন্দন কুমাৰ গোস্বামী, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড০ ৰবীন্দ্ৰ শৰ্মা আৰু প্ৰচাৰ সমিতিৰ আহ্বায়ক ড০ নীলাক্ষি কলিতাই।

কৃষ্ণচূড়াৰ নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন-পুৰণি প্ৰাক্তন ছাত্র- ছাত্ৰীৰ উপস্থিতিৰে জীপাল কৰি তুলিব বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ। পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে।

গৌৰৱোজ্বল ৫৫ বছৰীয়া এই পুৰণি বিভাগটোৱে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক ডিগ্ৰীৰ ডিপ্ল'মা, পি জি পাঠ্যক্ৰম আৰু গৱেষণা (এম.ফিল আৰু পি.এইচ.ডি. সহ) পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে।

আজিৰ সংবাদমেলত বিভাগটোৰ মুৰব্বী ড০ চন্দন কুমাৰ গোস্বামীয়ে বিশ্ববিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সন্মিলনখনিত প্ৰতিগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰে। যাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানৰ শিক্ষাৰ্থীসকল আৰু বিভাগৰ সৈতে এটি নিবিড় সম্পর্ক অক্ষুণ্ণ ৰাখিব পাৰে।

সতীর্থ সন্মিলন উদযাপন সমিতিৰ সভাপতি কিশোৰ উপাধ্যায়ে তেওঁৰ বিবৃতিত কয় যে ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা এই বিভাগটোৰ সকলো প্রাক্তন ছাত্র-ছাত্রীক সংযোগ কৰাৰ লক্ষ্যৰে এই সন্মিলনথনি আয়োজন কৰা হৈছে। এনেধৰণৰ সন্মিলনৰ জৰিয়তে শিক্ষার্থীসকলক আজীৱন বিভাগটোৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰি থাকিব।

সন্মিলনখনিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা অনুষ্ঠান,ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰঙ্গ অনুষ্ঠান, সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। অনুষ্ঠানটিত বিভাগৰ প্রাক্তন শিক্ষার্থী যিসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত স্বমহিমাৰে উজলি উঠি আমাকো গৌৰৱান্বিত কৰিছে সেই সকলোৱেও অংশগ্ৰহন কৰিব। সতীর্থ সন্মিলনখনিৰ স্মৃতিধৰি ৰখাৰ প্ৰয়াসেৰে স্মৃতিগ্ৰন্থ এখনি প্ৰকাশৰো যো-জা কৰি থকা হৈছে । তেখেতে প্ৰাক্তন শিক্ষার্থীসকলক অনুষ্ঠানত যোগদানৰ বাবে গুগল ফর্ম পূৰণ কৰি সদস্যভৰ্তি হ'ব পাৰিব বুলিও উল্লেখ কৰে।

এই সন্মিলনত অংশগ্ৰহণৰ বাবে আৰু সদস্য পদৰ বাবে দুটা পদ্ধতি আছে বুলিও উপাধ্যায়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, এবছৰীয়া সদস্যপদৰ বাবে পঞ্জীয়ন ৫০০ টকা আৰু আজীৱন সদস্যপদৰ বাবে পঞ্জীয়নৰ মাছুল ৫০০০ টকা ধাৰ্য কৰা হৈছে।

এই উদ্দেশ্যে পঞ্জাব নেচনেল বেংক, গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ একাউন্ট নং ১৮৩৯২০০০ 2/3 (আই এফ এচ চি: PUNB0183920) ত সমূহ প্রাক্তন ছাত্র পঞ্জীয়ন মাচুল জমা দিবলৈ আহ্বান জনাইছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ১০ মার্চ, ২০২৩ এই সম্পর্কে বিষদভাৱে জানিবলৈ ফেচবুক পেজ: Alumni Association DCJGU অথবা 9854072016, 94350191৩১ আৰু 876104298৯ নম্বৰত যোগাযোগ কৰিবলৈ ওঁ আহ্বান জনায়।

সতীর্থ সন্মিলন উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড° ৰবীন্দ্ৰ শৰ্মাই সন্মিলনৰ বিষয়ে অৱগত কৰি পঞ্জীয়ন প্ৰক্ৰিয়াৰ সবিশেষ বিৱৰণ দাঙি ধৰে। লগতে ইংৰাজী, অসমীয়া আৰু বেংগলী ভাষাত প্রকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখনিৰ বাবে প্রাক্তন ছাত্র -ছাত্রীসকলক প্রবন্ধ, গল্প, কবিতা, লিমাৰিক, বিশ্ববিদ্যালয়ৰ স্মৃতি বিজড়িত অনুভৱ, কার্টুন, ফটোগ্রাফ আদি অহা ২৮ ফেব্ৰুৱাৰী ২০২৩ৰ ভিতৰত souvenir.alumnimeetdcjgu@gmail.com ৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ আহ্বান জনাই।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি...
আৰু ৪০০ দিন মোডীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in