আৰু ৪০০ দিন মোডীৰ...

আৰু ৪০০ দিন মোডীৰ...
আৰু ৪০০ দিন মোডীৰ...

আৰু মাত্ৰ ৪০০ দিন আছে। সোঁৱৰাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দিল্লীত বিজেপিৰ সাংসদসকলৰ লগতে ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সন্মুখত লৈ প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে কৈ গ'ল।

মোডীয়ে ক'লে- যদি আপোনালোকে জনসাধাৰণৰ সৈতে সঠিক ভাৱে সংযোগ আৰু তেওঁলোকৰ সপোনবোৰক সকৰাত্মক ৰূপ দিব পাৰিছে তেনেহ'লে প্ৰতিষ্ঠান বিৰোধী ঢৌৱে আমাক চুব নোৱাৰে। আপোনালোকে নিজৰ নিজৰ সমষ্টিলৈ যোৱা উচিত, সমষ্টিবাসীৰ অভাৱ, অভিযোগ আৰু তেওঁলোকৰ প্ৰয়োজনীয় কামবোৰ কৰাটো দায়িত্ব।

মঙ্গলবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈছিল বিজেপিৰ সংসদীয় দলৰ বৈঠক। এই বৈঠকত অংশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাংসদসকলক এই গুৰু মন্ত্ৰ দিলে। মনত পেলাই দিলে আৰু ৪০০ দিন হে বাকী এই চৰকাৰৰ। তাৰ পাছত লোকসভাৰ নিৰ্বাচন।

শেহতীয়াকৈ দাখিল কৰা বাজেটৰ প্ৰসংগও আনিলে মোডীয়ে। উল্লেখ কৰিলে এইখন অমৃত কালৰ বাজেট। এইখন সকলোৰে বাবে বাজেট। এই বাজেটে প্ৰতিজন লোককে উপকৃত কৰিব।

মোডীৰ এই নিৰ্বাচনৰ পূৰ্বৰ সংসদীয় দলৰ বৈঠকত উপস্থিত থাকি সাংসদীয় পৰিক্ৰমা মন্ত্ৰী পলাশ জোছীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই আমাক বহু গোচৰ দৃষ্টি, গোচৰ কৰিলে। লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এইখনেই হ'ব পূৰ্ণ বাজেট কেন্দ্ৰীয় চৰকাৰৰ।

কিছুদিনৰ পাছত অনুষ্ঠিত হ'ব। কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। সেই নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে। ১১ ফেব্ৰুাৱাৰীত ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী মোডী।

দুখনকৈ নিৰ্বাচনী ৰেলীত অংশ ল'ব তেওঁ। প্ৰথমখন ৰেলী গোমটি জিলাত দুপৰীয়া ১২-৪৫ মিনিটত আৰু দ্বিতীয়খন ৰেলী সেই দিনাই ২-৩০ মিনিটত ধুলাইত অনুষ্ঠিত হ'ব। মেঘালয়, নাগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ কেতিয়া আহিব সেই কথা অৱশ্যে সদৰী কৰা নাই।

আৰু ৪০০ দিন মোডীৰ...
মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in