২ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ...

২ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ...
২ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ...

ডিজিটেল ডেস্কঃ ২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ। ২ নৱেম্বৰ, বৃহস্পতিবাৰে পুৱা ৯ বজাত যুৱ মহোৎসৱৰ পতাকা উত্তোলন, ছহিদ তৰ্পনৰ পাছতে অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব সাংস্কৃতিক সমদলৰ কাৰ্যসূচী। ইয়াৰ পাছত বিয়লি ৩ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ বি কে বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব শাস্ত্ৰীয় নৃত্য (একক) প্ৰতিযোগিতা।

একেসময়তে ফণীধৰ দত্ত হলত বৰগীত, ক্লাছিকেল ভকেল, লাইট ক্লাছিকেল ভকেল, ৰবীন্দ্ৰ সংগীতকে ধৰি একাধিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমান্তৰালকৈ আছাম টাইপ ছেমিনাৰ হলত অনুষ্ঠিত হ'ব স্বৰচিত আবৃত্তি প্ৰতিযোগিতা আৰু আলোচনী প্ৰতিযোগিতা। সন্ধিয়া ৫ বজাৰ পৰা বি কে বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লোক নৃত্য প্ৰতিযোগিতা।

সেইদৰে ৩ নৱেম্বৰৰ পুৱা ৯ বজাৰ পৰা যুৱ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই দিনটোত বিভিন্ন সংগীত প্ৰতিযোগিতা, পেইণ্টিং প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, পোষ্টাৰ তৈয়াৰ কৰাৰ প্ৰতিযোগিতা, মিমিক্ৰী প্ৰতিযোগিতা, মুকাভিনয়ন একক অভিনয় আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

৪ নৱেম্বৰ শনিবাৰে পৰম্পপৰাগত জনজাতীয় সংগীত প্ৰতিযোগিতা, কোৰাছ, ৱেষ্টাৰ্ণ ছ'ল' সংগীত প্ৰতিযোগিতা, অৰ্কেষ্ট্ৰা, ফটোগ্ৰাফী, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

৫ নৱেম্বৰ দেওবাৰে দিনৰ ২ বজাৰ পৰা আৰম্ভ হ'ব যুৱ মহোৎসৱৰ বঁটা বিতৰণি সভা। সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী।

User
২ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ...
ধিংগেইটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in