ধিংগেইটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ...

ধিংগেইটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ...
ধিংগেইটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ...

ডিজিটেল সংবাদ বেবেজীয়াঃ বুধবাৰে সন্ধিয়া ৭‌ বাজি ৩০ মিনিটত নগাঁও জিলাৰ ধিংগেইটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ বিষয়ববীয়াসকলে।

হিমন্ত বিশ্ব শৰ্মা মুদাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ,যোগানমন্ত্ৰী হাই হাই ইত্যাদি শ্ল'গানেৰে কপাই তোলে ধিংগেইটৰ আকাশ, বতাহ। নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৱাকিবুৰ ইছলামে কয়, হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলোৱাত বিফল হৈছে সেই কথা শেহতীয়াকৈ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰা গম পোৱা গৈছে।

যদি হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাব নোৱাৰে তেনেহলে পদত্যাগৰ দাবী উত্থাপন কৰে নেতাগৰাকীয়ে।

ধিংগেইটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ...
নয়ডাত ২৫, অসম-দিল্লীত ৮০ টকা পিঁয়াজৰ মূল্যঃ অস্বাভাৱিক মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ কি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in