'সংৰক্ষণ'ত থাকেনে 'সমতা'!

'সংৰক্ষণ'ত থাকেনে 'সমতা'!

লক্ষ্মীপ্ৰিয়া দত্ত

ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকক সংবিধানে সম অধিকাৰ প্ৰদান কৰিছে। আমাৰ দেশৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ নীতি সমতাৰ ওপৰতেই প্ৰতিষ্ঠিত। মৌলিক অধিকাৰ-মৌলিক কৰ্তব্যৰ ক্ষেত্ৰতো সমতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। সেই হেতুকে সম অধিকাৰ, শিক্ষা, চাকৰি লাভ কৰাৰ ক্ষেত্ৰতো সমান সুযোগ-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অধিকাৰ আছে।

সমতাৰ ওপৰত ভাৰতৰ সংবিধানে বিশেষ গুৰুত্ব প্ৰদান কৰিলেও সম্প্রতি শিক্ষা বা চাকৰিৰ ক্ষেত্রত জাতি আৰু লিংগৰ পার্থক্য আহে কিয় ? প্ৰায়ে আমি দেখিবলৈ পাওঁ 'সংৰক্ষণ ব্যৱস্থা'ৰ বাবে বহু শিক্ষার্থী ভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বিশেষকৈ সাধাৰণ শ্রেণীৰ শিক্ষার্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত জাতি-লিংগৰ পাৰ্থক্যৰ বাবেই বহু জটিল পৰিস্থিতিৰ সন্মুখীন হয়।

অন্যান্য চৰকাৰী আঁচনিৰ দৰেই শিক্ষা, চৰকাৰী চাকৰিৰ ক্ষেত্রত জাতি -লিংগৰ ভিত্তিত বিচাৰ-বিবেচনাৰ মূল কাৰণ বুলি ভাৰতীয় সংৰক্ষণ ব্যৱস্থা। ভাৰতবৰ্ষত স্বাধীনতাৰ পাছত বঞ্চিত লোকসমূহক শিক্ষা, নিয়োগ, চৰকাৰী আঁচনি, জলপানি আৰু ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব প্ৰদানৰ ক্ষেত্ৰত সাংবিধানিকভাৱে সংৰক্ষণ ব্যৱস্থা আৰম্ভ কৰা হৈছিল।

সংবিধানৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা নাগৰিকৰ বাবে শিক্ষাৰ নামভৰ্তি, নিয়োগ, ৰাজনৈতিক সংস্থা, পদোন্নতি আদিৰ ক্ষেত্ৰত বিশেষ শতাংশত সংৰক্ষিত অংশ বা আসন নিৰ্ধাৰণ কৰিবলৈ অনুমতি লাভ কৰে। এক কথাত সংৰক্ষণ ব্যৱস্থাক প্ৰচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

কিন্তু বৰ্তমান সময়ত এই সংৰক্ষণ ব্যৱস্থাক একাংশই সুবিধা লাভ কৰিবলৈ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। আজিৰ প্ৰেক্ষাপটত সংৰক্ষণ ব্যৱস্থাক বিভিন্ন নতুনত্বৰ প্ৰয়োজন বুলি সকলোৱে সহমত পোষণ কৰে। বিভিন্ন সময়ত এই বিষয়টো বিৰ্তকতো সাঙুৰ খাইছে।

ভাৰতত জাতিগত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ অন্যতম এটা মূল কাৰণ আছিল ভাৰতৰ বহুতো পিছপৰা জাতি জনজাতিৰ ওপৰত উচ্চ শ্ৰেণীৰ লোকে কৰা বঞ্চনা আৰু শোষণৰ ইতিহাস। স্বাধীনতাৰ সময়ত পিছপৰা সম্প্ৰদায়ৰ লোকক জাতিগত ভাৱে বিশেষ সুবিধা প্ৰদান কৰাটো নিশ্চয় যুক্তিসংগত আছিল। এই সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকক সমাজত আনৰ সৈতে সমান স্থান দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

সংৰক্ষণ হৈছে কোনো স্থিৰ কোটাৰ বাবে চৰকাৰে গ্রহণ কৰা এক সহায়ক পদক্ষেপ, য'ত ব্যক্তিগত আৰু চৰকাৰী প্রতিষ্ঠানৰ কিছুমান আসন সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা সম্প্রদায়, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত থাকে। আমাৰ দেশত স্বাধীনতাৰ পিছৰে পৰা এই সংৰক্ষণ ব্যৱস্থাৰ ছবিখন সকলোৱে দেখি আহিছে। ড০ বি.আৰ আম্বেদকাৰব দৰে নেতাসকলে পিছপৰা শ্ৰেণীৰ লোকসকলক সহায় কৰিবলৈ উদ্যোগ গ্রহণ কৰিছিল। তেওঁলোকে পিছপৰা লোকসকলক বিনামূলীয়া শিক্ষা দিবলৈ আৰম্ভ কৰিছিল। সংৰক্ষণৰ মূল উদ্দেশ্য হৈছে পিছপৰা জাতি আৰু সম্প্রদায়ৰ লোকসকলৰ পৰিস্থিতি, আর্থ-সামাজিক দিশৰ উপৰি সকলো ক্ষেত্রতে সেই শ্রেণীৰ লোকসকলক উন্নত কৰি তোলা। 

"বৈচিত্ৰাৰ মাজত ঐক্য"-এই বাক্যশাৰী আমি সৰুৰে পৰাই শুনিছো বা পঢ়ি আহিছোঁ। কিন্তু যদি একতা আছেই, তেন্তে সমতাও থাকিব লাগিছিল। সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে, দেশত জাতি আৰু লিংগৰ পাৰ্থক্যৰ জৰিয়তে সমতা যেন কোনোবাখিনিত স্থাপন হোৱা নাই। জাতি-ধর্ম-বর্ণ নির্বিশেষে একত্রিত হোৱাৰ পৰিৱর্তে আমি ইয়াক বিভাজনহে কৰি আছো।

সংৰক্ষণ সংখ্যালঘু আৰু পিছপৰা শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ বাবে উপযোগী। কিন্তু প্রতিজন সংখ্যালঘু বা পিছপৰা ছাত্র-ছাত্রী আর্থিকভাৱে দুর্বল নহ'ব পাৰে আৰু তাৰ বিপৰীতে প্ৰতিজন সাধাৰণ শ্রেণীৰ ছাত্র-ছাত্রীও আর্থিকভাৱে সবল নহ'বও পাৰে। কিন্তু এনেক্ষেত্রত পিছপৰা শ্রেণীৰ ছাত্র বা ছাত্রীগৰাকীয়ে আর্থিকভাৱে সবল হোৱাৰ পিছতো নামভর্তিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন চৰকাৰী চাকৰিত প্রথম অগ্রাধিকাৰ লাভ কৰে।

আনহাতে সাধাৰণ শ্রেণীৰ আর্থিকভাৱে দুর্বল ছাত্র বা ছাত্রীগৰাকীয়ে নামভর্তিৰ লগতে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হয়। এনেক্ষেত্রত সেইবঞ্চিত শিক্ষার্থীজন নিৰুৎসাহিত বা হতাশাগ্রস্ত হৈ চৰম পন্থা বাছি লোৱাৰ সংবাদো আমি বিভিন্ন সময়ত লাভ কৰি আহিছোঁ।

এই সংৰক্ষণ প্রণালীৰ বাবে অধ্যয়ন কৰিব বিচৰা এগৰাকী সাধাৰণ শ্রেণীৰ শিক্ষার্থীয়ে সদায় পিছপৰি থাকি নিজকে উন্নত কৰাৰ সুযোগৰ পৰা বঞ্চিত হয়। সংৰক্ষণ ব্যবস্থা কেৱল পিছপৰা সম্প্রদায়ৰ লোকসকলৰ বাবেহে লাভজনক। ভাৰতে এইক্ষেত্রত আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা শিক্ষা লোৱা উচিত।

উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্রই দীর্ঘদিন ধৰি ইতিবাচক পদক্ষেপৰ বাবে কোটা প্রণালী ত্যাগ কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্রত এক বিশেষ প্রণালী প্রস্তুত কৰিছে, যাৰ অধীনত কৃষ্ণাংগ, পিছপৰা অঞ্চল, অনুপ্রৱেশকাৰী আদিৰ প্রার্থীসকলক নামভর্তি আৰু নিযুক্তি প্রক্রিয়াত কেইটামান অতিৰিক্ত পইন্ট দিয়া হয়।

এজন শিক্ষার্থী পিছপৰা হয় নে নহয়, সেয়া নিশ্চিত কৰাব বাবে জাতি একমাত্র চর্ত হ'ব নোৱাৰে। দৰিদ্রতা, জীৱিকা, বাসস্থানৰ দৰে নির্ধাৰকবোৰ বিবেচনা কৰিব লগা প্রাসংগিক কাৰক হ'ব পাৰে। বিকাশ আৰু বিত্তীয় সহায়ৰ প্রয়োজন হোৱা সমাজৰ সকলো শ্রেণীক স্পষ্টভাৱে চিনাক্ত কৰিব লাগে। তাৰ পিছত তেওঁলোকক বিনামূলীয়া শিক্ষা নাইবা উদগনিমূলক বিত্তীয় সহায়ৰ ব্যৱস্থা কৰিব পাৰে।

সময় পৰিৱর্তনৰ লগে লগে মানুহে এই সংৰক্ষণ নীতিৰ অপব্যৱহাৰ আৰম্ভ কৰিছে। কেৱল মহাবিদ্যালয় বা চাকৰিত আসন পাবলৈ মানুহে মিছা নথিপত্র প্রস্তুত কৰাৰো বহুতো উদাহৰণ আছে । এই ব্যৱস্থাৰ সপক্ষে বহুতে যুক্তি প্ৰদান কৰিলেও সংৰক্ষণ ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থী নাইবা পাপ্যজনক বঞ্চিত কৰিছে নেকি! সেই কথাও ভৱাৰ থল নিশ্চয় আছে...

'সংৰক্ষণ'ত থাকেনে 'সমতা'!
ইউটিউবাৰক ধন দিয়াৰ মন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in