মহাশক্তিশালী বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য ক'ত?

মহাশক্তিশালী বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য ক'ত?
মহাশক্তিশালী বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য ক'ত?

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। চলিত মাৰ্চ মাহতেই নিৰ্বাচন আয়োগে ঘোষণা কৰিব অধিসূচনা। ইতিমধ্যে আয়োগে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে। কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এইবাৰ নিৰ্বাচন অসমত সম্ভৱতঃ বিহুৰ ঠিক কেইটামান দিনৰ পিছতেই অনুষ্ঠিত হ'ব।

নিৰ্বাচনৰ দিন এইদৰে চমু চাপি অহাৰ সময়তো কেমেৰাৰ সন্মুখত ভীমৰ বচন আওঁৰাই থকা বিৰোধী ঐক্যই অৱশ্যে পাহৰিলে পূৰ্বে কৰা মন্তব্যসমূহ। গুৱাহাটীৰ বিভিন্ন হোটেলত বহি বৈঠকত মিলিত হোৱা ৰাজ্যৰ এক ডজনৰো অধিক ৰাজনৈতিক দলে অসমৰ ১৪ টা সমষ্টিত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীক পৰাভূত কৰাৰ স্বাৰ্থত একত্ৰিতভাৱে প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল যদিও অৱশেষত সেই কথা নৰখিল।

এক ডজনৰো অধিক ৰাজনৈতিক দলে একত্ৰিত হৈ বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে গঠন কৰা এই গোটক বিৰোধী ঐক্য, অসম নাম দিয়া হৈছিল যদিও অৱশ্যে বিৰোধী দলকেইটাৰ মাজত ৰাজ্যবাসীয়ে নেদেখিলে ঐক্য। সৰ্বোপৰি এই ৰাজনৈতিক দলসমূহে প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা, সংবাদ মেল সম্বোধন কৰাৰ বাহিৰে তৃণমূল পৰ্যায়ত কাম কৰা পৰিলক্ষিত নহ'ল।

কেৱল নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাই যেন তেওঁলোকৰ উদ্দেশ্য। বিজেপিৰ দৰে এটা শক্তিশালী দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা এই ৰাজনৈতিকদলসমূহে বিজেপিৰ বিৰুদ্ধে যে কিবা ৰণনীতি প্ৰস্তুত কৰিছে তাতো সন্দেহ আছে ৰাইজৰ।

২০১৪ কংগ্ৰেছক পৰাস্ত কৰি দেশৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰিছিল বিজেপিয়ে। সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথা বাদেই দিওঁ। অসমৰ ক্ষেত্ৰত এই দলটোৱে ক্ষমতালৈ অহাৰ পূৰ্বে যিবোৰ প্ৰতিশ্ৰুতি দিছিল তাৰ কিমান পূৰণ কৰিলে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

বছৰি কোটিৰ ঘৰত চৰকাৰী চাকৰি, অসমৰ পৰা বাংলাদেশী বিতাৰণ, বান মুক্ত অসম, সীমান্ত সুৰক্ষা দৰিদ্ৰতা নিৰ্মূল,১৫ লাখ টকা লাভ, বৃহৎ নদীবান্ধৰ বিৰোধিতা আদিৰ প্ৰতিশ্ৰুতি এতিয়াও মানুহৰ কাণে কাণে হয়তো বাজি থাকে।

২০১৪ ত যিবোৰ প্ৰতিশ্ৰুতিৰে বিজেপি শাসনলৈ আহিল, সেই প্ৰতিশ্ৰুতি ২০১৯ ত কিমান পূৰণ কৰিলে তাৰ হিচাপ জনসাধাৰণে কৰিলে যদিও শক্তিশালী বিৰোধীৰ অভাৱৰ বাবেই পুনৰবাৰ বিজেপি ক্ষমতালৈ আহিল। ২০১৯ ত দিয়া প্ৰতিশ্ৰুতি ২০২৪ লৈকে কিমান পূৰণ কৰিলে সেয়া ৰাইজেই বিচাৰ কৰিব।

মূল্যবৃদ্ধি, ৰাজহুৱা সম্পদৰ ব্যক্তিগতকৰণ, দৰিদ্ৰ কৃষকক আওকান কৰি পুঁজিপতিক ঋণ মাফ, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত দেশ, টেক্সৰ ওপৰত টেক্স, স্বতন্ত্ৰ সংস্থাক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা কাৰ্যত ৰাইজ অতিষ্ঠ হৈছে যদিও অৱশ্যে এইবোৰ বিষয়ক এতিয়াও বিৰোধীয়ে ইছ্যু হিচাপে গঢ়িব পৰা নাই। ইয়াৰ পৰিবৰ্তে শাসকীয় দলে এটাৰ পাছত এটাকৈ হিতাধিকাৰী আঁচনিৰে জনসাধাৰণৰ মাজলৈ আৰু অধিক সোমাই গৈছে।

যিসময়ত বিজেপি দলে এক ৰণনীতি তৈয়াৰ কৰি ঘৰে ঘৰে প্ৰৱেশ কৰিছে, ৰাইজৰ মাজলৈ সোমাই গৈছে সেই সময়তো বিৰোধী ৰাজনৈতিক দলসমূহে আসন বুজাবুজিকেই কৰিব নোৱাৰা আৰু এই বিষয়ত মতানৈক্য সৃষ্টি হোৱা আদি বিষয়ে বিজেপি বিৰোধী ভোটাৰখিনিৰ মনত নিশ্চয়কৈ চিন্তাৰ কাৰণ হিচাপে ধৰা দিছে।

বিৰোধী ঐক্যৰ অন্যতম অংশ আম আদমি পাৰ্টিয়ে দিল্লীত প্ৰথমে অসমৰ ৩ টা সমষ্টিৰ পৰা প্ৰাৰ্থী ঘোষণা কৰিলে। দলটোৱে একপক্ষীয়ভাৱে গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে। অথচ ইয়াৰে ডিব্ৰুগড় সমষ্টিটো অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈকে এৰি দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল কংগ্ৰেছ নেতৃত্বই। তেজপুৰ সমষ্টি বিচাৰি আছিল তৃণমূল কংগ্ৰেছে। গুৱাহাটী সমষ্টিৰ বাবে কংগ্ৰেছেও চলাই আছিল প্ৰস্তুতি।

আপৰ পাছত তৃণমূল কংগ্ৰেছেও অসমৰ ৪ টা লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দলটোৰ মুৰব্বী মমতা বেনাৰ্জীলৈ ইতিমধ্যে দলটোৱে চাৰিজনীয়া প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰিছে। দলটোৰে নেতৃ তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে বিৰোধী ঐক্যৰ পৰা বাহিৰ হৈ অহাৰ কথা কৈ ভূপেন বৰাকেই জগৰীয়া কৰিছে।

আপ আৰু টি এম চিৰ এনে ঘোষণাৰ পাছতে এইবাৰ আকৌ চি পি আইয়েও ঘোষণা কৰিলে ৩ টা সমষ্টিৰ বাবে প্ৰাৰ্থী। দলটোৱে কাজিৰঙা, যোৰহাট আৰু লখিমপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিছে। আনুষ্ঠানিকভাৱে অহা ১৫ মাৰ্চত এই তালিকা প্ৰকাশ কৰিব যদিও দলটোৱে কাজিৰঙাত পৰমানন্দ দাস, যোৰহাটত কনক গগৈক আৰু লখিমপুৰত ধীৰেন কছাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

এনে অৱস্থাত অসমত বিৰোধৌ ঐক্যৰ মাজত যে এতিয়া আৰু কোনো ঐক্য নাই সেই কথা লুকাই থকা নাই। অসমৰ বিজেপি বিৰোধী ভোট যাতে কোনো কাৰণতে বিভাজন নহয়, এজন প্ৰাৰ্থীৰ বিৰুদ্ধে মাত্ৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিৰোধীৰ হুংকাৰ এতিয়া অতীত।

বিৰোধী ঐক্যৰ অন্যতম অংশীদাৰ কংগ্ৰেছ, অসম জাতিয় পৰিষদে অৱশ্যে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। ৰাইজৰ দলে প্ৰাৰ্থী ঘোষণা নকৰে বুলি পূৰ্বেই ঘোষণা কৰি থৈছে। শীঘ্ৰেই এই দল দুটায়ো প্ৰাৰ্থী ঘোষণা কৰিব। ইয়াৰ পাছতেই স্পষ্ট হ'ব প্ৰতিটো সমষ্টিৰ বিপৰীতে কিমান প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল আজিৰ তাৰিখত প্ৰতিটো সমষ্টিত বিৰোধী ৰাজনৈতিক দলসমূহৰ শক্তি কিমান তাৰেই কোনো জ্ঞান নাই। সেই জ্ঞানৰ অভাৱৰ বাবেই এতিয়া প্ৰতিটো ৰাজনৈতিক দলে পূৰ্বে আওঁৰাই অহা ডাঙৰ ডাঙৰ কথাবোৰ পাহৰি কেৱল প্ৰাৰ্থী ঘোষণা কৰা আৰু প্ৰতিদ্বন্দিতা কৰাৰ দৌৰত নামিছে। শিশু এটায়ো বুজি পোৱা ভোটৰ অংক বুজিবলৈ নাৰাজ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্ব। ইয়াৰ পৰাই লোকসভা নিৰ্বাচনৰ ফলাফলৰ এক পূৰ্বানুমান লাভ কৰিব পাৰি।

মহাশক্তিশালী বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য ক'ত?
এই বঁটা অসমৰ যুৱসমাজ, প্ৰতিগৰাকী নাট্যকৰ্মীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in