এই বঁটা অসমৰ যুৱসমাজ, প্ৰতিগৰাকী নাট্যকৰ্মীৰ...

এই বঁটা অসমৰ যুৱসমাজ, প্ৰতিগৰাকী নাট্যকৰ্মীৰ...

লক্ষ্মীপ্ৰিয়া দত্ত

পৰিৱেশ্য কলা অনুশীলনকাৰী শিল্পীসকলক প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি সংগীত নাটক অকাডেমি বঁটা । ১৯৫২ চনৰ পৰা ভাৰতত পৰিৱেশ কলাৰ সাধনাৰ বাবে সংগীত নাটক অকাডেমিয়ে প্ৰদান কৰি অহা এক সন্মান। সংগীত নাটক অকাডেমি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা।

১৯৫২ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক ভাৱে বঁটাসমূহ প্ৰাপকক প্ৰদান কৰি আহিছে। এই বঁটাত থাকে ১,০০,০০০ টকা, এক প্ৰশংসাপত্ৰ, এখন অংগবস্ত্ৰ আৰু এখন তাম্ৰপত্ৰ।

প্ৰতি বছৰৰ দৰে এইবাৰো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিছে ২০২২-২৩ বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সংগীত, নৃত্য, নাটক, লোক আৰু জনজাতীয় কলা, পুতলা আৰু সমন্বিত থিয়েটাৰ কলাৰ ৯৪ জন বিশিষ্ট শিল্পীক (দুটা যুটীয়া বঁটা) এই বঁটা প্ৰদান কৰে।

এই অনুষ্ঠানতে অসমৰ ৭গৰাকী সাংস্কৃতিক সাধকক বঁটা প্ৰদান কৰা হয় । বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়লৈ সংগীত নাটক অকাডেমি ৰত্ন বঁটা আগবঢ়োৱা হৈছে। অকাডেমিৰ ফেল’শ্বিপ হৈছে আটাইতকৈ সন্মানীয় আৰু বিৰল সন্মান । ইয়াৰ লগে লগে ফেল' সন্মান লাভ কৰা চতুৰ্থগৰাকী অসমীয়া হিচাপে বিবেচিত হল দুলাল ৰয় ।

তেওঁৰ লগতে ডঃ লক্ষহীৰা দাস, গুণাকৰ দেৱ গোস্বামী, ভবেন বৰবায়ন, তৰাৱতী বড়ি, গোবিন্দ শইকীয়া, কৰুণা বৰালৈ সংগীত নাটক অকাডেমি বঁটা আগবঢ়োৱা হৈছে ৷

দুলাল ৰয় অসমৰ এগৰাকী প্ৰথিতযশা নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। ১৯৪৩ চনৰ এপ্ৰিলত গুৱাহাটীত জন্ম গ্ৰহণ কৰা ৰয়ে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ১৯৬৬ চনত পৰিচালনাৰ বিভাগত শিক্ষাগ্ৰহণ কৰিছিল। লগতে পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা সম্পাদনাত ডিপ্লোমা লৈছিল তেওঁ। দুলাল ৰয়ে অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ত যুটীয়া সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে চলচ্চিত্ৰত চিত্ৰনাট্য আৰু পৰিচালনাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান লেখতলবলগীয়া।

দুলায় ৰয়ে চলচিত্ৰ তথা নাটক জগতৰ কেৱল মাত্ৰ এটা নিৰ্দ্দিষ্ট ক্ষেত্ৰৰ লগতেই জড়িত নাছিল; তেওঁ আছিল সকলোবোৰ ক্ষেত্ৰতেই পাকৈত। পাঠ্যক্ৰম অন্ত কৰি অসমলৈ আহি তেওঁ কেইবাখনো নাট পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত আছিল 'শুনা জন্মেজয়', 'প্ৰেয়সী', 'ফাতেমা বিবিৰ ঘৰ', 'মাছৰ তেলেৰে মাছ', 'আহাৰ', 'বৃক্ষৰ খোজ', 'চৰকাৰী ইন্সপেক্টৰ', 'ভোগজৰা', 'গাঁওবুঢ়া', 'গড’ ৰ প্ৰতীক্ষাত', 'কাৰেঙৰ লিগিৰী', 'কেলিগুলা' আদিকে ধৰি কেইবাখনো নাটক।

দুলাল ৰয়ে পৰিচালনা কৰা একমাত্ৰ ছবিখন হ’ল 'আশ্ৰয়'। কিন্তু এই শিল্পীগৰাকীয়ে বিভিন্ন ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । তেওঁ অভিনীত ছবি কেইখন হ’ল ক্ৰমেঃ 'অপৰূপা', 'পাপৰি', 'অনল', 'ইমান মৰম কিয় লাগে', 'কাদম্বৰী' আৰু 'অন্তহীন যাত্ৰা'। ইয়াৰ উপৰিও তেওঁ জাহ্নু বৰুৱাৰ হিন্দী ভাষাত নিৰ্মিত ছবি 'অপেক্ষা' তো অভিনয় কৰিছিল। 'অপৰূপা' ছবিখনৰ হিন্দী সংস্কৰণ আছিল 'অপেক্ষা'।

পৰিচালনা আৰু অভিনয়ৰ লগতে তেওঁ চিত্ৰনাট্যও লিখিছিল । মুন্না আহমেদৰ দ্বাৰা নিৰ্মিত 'অন্তহীন যাত্ৰা'ৰ চিত্ৰনাট্য আছিল দুলাল ৰয়ৰ। ১৯৯৮ চনত এই শিল্পী গৰাকীয়ে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।

বঁটা লাভ কৰি দুলাল ৰয়ে কয়- একোটা বঁটা যেতিয়া লাভ কৰা হয়, তেতিয়া বঁটা লাভ কৰা ব্যক্তিজন সদায় আনন্দিত আৰু উল্লাসিত হোৱাটো স্বাভাৱিক কথা। এই বঁটা যদিও মোৰ নামত লাভ কৰিছোঁ তথাপি মই অসমৰ সকলো যুৱসমাজ, নাট্যকৰ্মীৰ হৈ এই বঁটা গ্ৰহণ কৰিছোঁ।

এই বঁটাৰ বাবে নিৰ্বাচিত আৰু বঁটা বিজয়ীসকলে সামগ্ৰিকভাৱে ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আহে। দুলাল ৰয়েও পুনৰ এবাৰ অসমলৈ এই সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়। এটাই আশা আগলৈও এইদৰেই অসমীয়া সাহিত্যৰ ক্ষেত্ৰখক বিশ্ব পেক্ষাপটত আগুৱাই যায়।

এই বঁটা অসমৰ যুৱসমাজ, প্ৰতিগৰাকী নাট্যকৰ্মীৰ...
সত্ৰাধিকাৰে লিখা এখন ৰাজনৈতিক চিঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in