'গণতন্ত্ৰৰ মন্দিৰ'ত মোডীৰ পূজা, ৰাজপথত গণতন্ত্ৰক হত্যা !

'গণতন্ত্ৰৰ মন্দিৰ'ত মোডীৰ পূজা, ৰাজপথত গণন্ত্ৰক হত্যা !
'গণতন্ত্ৰৰ মন্দিৰ'ত মোডীৰ পূজা, ৰাজপথত গণন্ত্ৰক হত্যা !

তুষাৰ প্ৰতিম

এগৰাকী ক্ৰীড়াবিদৰ পৰা দেশে কি আশা কৰে? কেৱল পদকেই নে? পদক লাভৰ জৰিয়তে ক্ৰীড়াবিদসকলে দেশক বিশ্বত তুলি ধৰিছে। বিশ্ব মঞ্চত ভাৰতৰ মান উচ্চতালৈ নিছে।

অলিম্পিক, এছিয়ান, কমলৱেলথ গেমছৰ উপৰিও বিশ্ব চেম্পিয়নশ্বিপ আৰু অন্যান্য প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি ক্ৰীড়াবিদসকলে দেশলৈ সন্মান কঢ়িয়াই অনাৰ বিপৰীতে তেওঁলোকক আমি প্ৰকৃত সন্মান দিছোনে? এই প্ৰশ্ন আজি উত্থাপন হৈছে।

দিল্লীৰ ৰাজপথত আজি দেশলৈ গৌৰৱ কঢ়িয়াই অনা, দেশৰ মান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ শিখৰলৈ নিয়া খেলুৱৈসকলক বগৰাই, চোচৰাই নিয়া হৈছে। যিসকল খেলুৱৈক দেশৰ তৰুণ প্ৰজন্মই আদৰ্শ হিচাপে লৈছে সেইসকলকেই এইদৰে ৰাজপথত অত্যাচাৰ চলোৱা হৈছে।

আজি দেশৰ নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিভিন্ন বিতৰ্ক আৰু সমালোচনাৰ মাজতেই অনুষ্ঠিত হোৱা এই অনুষ্ঠানক লৈও এতিয়া চলিছে বিতৰ্ক। কোনোবাই যদি ক'লে এয়া প্ৰধানমন্ত্ৰীৰ ৰাজ অভিষেক আন কোনোবাই প্ৰশ্ন কৰি ক'লে সংসদ ভৱন কি একমাত্ৰ এজন মানুহৰ অনুষ্ঠান? 

২১ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ বিৰোধিতা স্বত্বেও আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিলে দেশৰ নৱ নিৰ্মিত সংসদ ভৱন। কাকতলিয় ভাৱে আজিয়েই আকৌ আছিল বিজেপি, আৰ এছ এছে বীৰ আখ্যা দিয়া সাভাৰকাৰৰ জন্মদিন।

পুৰোহিতৰ পূজা, যজ্ঞ, মন্ত্ৰোচাৰণ আদিৰ জৰিয়তে হিন্দু ধৰ্মীয় ৰীতি নিতিৰে শুভ উদ্বোধন কৰা হ'ল এই নৱ নিৰ্মিত সংসদ ভৱন। তাৰ মাজতে অনুষ্ঠিত হ'ল সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও।

এই সভাতো অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। বিতৰ্কৰ মাজতে তেওঁ স্থাপন কৰিলে ছেংগুলো। সংসদ ভৱনত চলি থকা এই অনুষ্ঠানৰ সমান্তৰালকৈ দিল্লীৰ আন এক স্থানত গণতন্ত্ৰক বিশ্বাস কৰি গণতান্ত্ৰিক ভাৱেই ন্যায়ৰ আশাত প্ৰতিবাদ অব্যাহত ৰাখিছিল ভাৰতক গৌৰৱাম্বিত কৰি অহা একাংশ খেলুৱৈয়ে।

ভাৰতীয় মল্লযুঁজ সংস্থাৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগেৰে সুদীৰ্ঘ দিন ধৰি প্ৰতিবাদ কৰি অহা মল্লযুঁজাৰুসকলে আজিও অব্যাহত ৰাখিছিল প্ৰতিবাদ। তাৰ মাজতেই ন্যায় লাভৰ আশাত তেওঁলোকে নতুন সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদৰ অংশ হিচাপে মহা পঞ্চায়ত বহোৱাৰ চেষ্টা চলাইছিল।

যন্তৰ-মন্তৰৰ পৰা তেওঁলোকে সমদল কৰি যোৱাৰ কথা আছিল নৱ নিৰ্মিত সংসদ ভৱনৰ সন্মুখলৈ। কিন্তু এইসকল খেলুৱৈক অমিত শ্বাহৰ দিল্লী আৰক্ষীয়ে ৰাজপথতে যিদৰে অত্যাচাৰ চলাল সেই অত্যাচাৰে এতিয়া সকলোৰে চকু কপালত তুলিলে।

ৰাজপথত বগৰাই দিয়া হ'ল সংগীতা ফোগাটক। এদল আৰক্ষীয়ে চোচৰাই নিলে সাক্ষী মালিকক। একেদৰেই চোচৰাই নিলে বজৰং পুনিয়াক। একেই অৱস্থা তেওঁলোকৰ সৈতে থকা আন আন মল্লযুঁজাৰুসকলৰ। বাকীসকলৰ কথা বাদ দিলো। কিন্তু উল্লেখিত মাত্ৰ ৩ গৰাকী মল্লযুঁজাৰুৰ নামেই যথেষ্ট।

এইসকল মল্লযুঁজাৰুৱে দেশৰ সন্মান বহু ওপৰলৈ নিছে। বজৰং পুনিয়াই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত তেওঁ এই পৰ্যন্ত আহৰণ কৰিছে ৪ টাকৈ পদক।

তেওঁৱেই ভাৰতৰ একমাত্ৰ মল্লযুঁজাৰু যিয়ে এই সফলতা অৰ্জন কৰিছে। এছিয়ান গেমছত এটা সোণ, এটা ৰূপ, কমনওৱেলথ গেমছত ২ টা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিছে। ইয়াৰোপৰি তেওঁৰ পদক তালিকাত আছে আৰু বহু সোণ, ৰূপৰ পদ।

২০১৬ ৰ গ্ৰীষ্মকালিন অলিম্পিকত সাক্ষী মালিকে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। সেয়া আছিল এক ইতিহাস। এছিয়ান চেম্পিয়নশ্বিপত সাক্ষীয়ে লাভ কৰিছে এটা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক।

কমনৱেলথ গেমছত লাভ কৰিছে এটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি তেওঁৰ পদক তালিকাত আছে আৰু বহু পদক। একেদৰে সংগীতা ফোগাতেও কমনৱেলথ গেমছ আৰু অন্যান্য প্ৰতিযোগিতাত লাভ কৰিছে বহু পদক।

এইসকল খেলুৱৈয়ে লাভ কৰা সফলতাই তেওঁলোকক এতিয়া দেশৰ তৰুণ প্ৰজন্মৰ আদৰ্শ কৰি তুলিছে। এই মল্লযুঁজাৰুসকলেই আজি দিল্লীৰ ৰাজপথত চোচৰাই নিলে আৰক্ষীয়ে।

তেওঁলোকৰ ভুল কি আছিল? তেওঁলোকৰ ভুল আছিল ন্যায় বিচাৰি কৰা প্ৰতিবাদ? যোৱা ৩৫ দিন ধৰি মল্লযুঁজাৰুসকলে দিল্লীৰ যন্তৰ-মন্তৰত অব্যাহত ৰাখিছে প্ৰতিবাদ।

তেওঁলোকৰ অভিযোগ ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে মহিলা মল্লযুঁজাৰুসকলক যৌন নিৰ্যাতন চলাইছে। তেওঁৰ পৰা সাৰি যোৱা নাই নাবালিকাও।

এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো আজিলৈকে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে লোৱা হোৱা নাই কোনো ব্যৱস্থা। আনহে নালাগে তেওঁৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ল'বলৈকে সাজু হোৱা নাছিল।

ন্যায়ালয়ৰ হস্তক্ষেপত যদিও ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে গোচৰ পঞ্জিয়ন কৰা হ'ল তথাপিও এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে লোৱা নাই কোনো ব্যৱস্থা। একমাত্ৰ বিজেপি সাংসদ হোৱাৰ বাবেই তেওঁক এইদৰে কেন্দ্ৰীয় চৰকাৰে সুৰক্ষা প্ৰদান কৰিছে বুলি দাবী কৰিছে মল্লযুঁজাৰুসকলে।

অৱশ্যে পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই অভিযোগক নস্যাত কৰিব নোৱাৰি। ব্ৰীজ ভূষণে স্পষ্টকৈ সাংবাদিকৰ আগত কৈছিল, প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহে ক'লে তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰিব।

ব্ৰীজ ভূষণৰ এই মন্তব্যৰ পাছতো কিন্তু মোডী, অমিত শ্বাহে তেওঁক পদত্যাগৰ বাবে হেঁচা প্ৰয়োগ কৰিব নোৱাৰিলে। সততে ভাৰতীয় নাৰীৰ গৌৰৱৰ কথা দোহাৰি থকা, নাৰীৰৰ সুৰক্ষাৰ কথা কোৱা এইসকল নেতা এতিয়া ভাৰতক গৌৰৱান্বিত কৰা দেশৰ নাৰীৰ ওপৰত চলা নিৰ্যানতৰ ক্ষেত্ৰত নীৰৱ।

গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ সংসদ ভৱন। এই সংসদ ভৱনৰ শুভ উদ্বোধন হোৱাৰ সময়তে দিল্লীৰ ৰাজপথত আজি গণতন্ত্ৰক হত্যা কৰা হ'ল নেকি? এই প্ৰশ্নও এতিয়া উত্থাপন হৈছে।

ৰাহুল গান্ধীয়ে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। লিখিছে, 'ৰাজ অভিষেক সম্পূৰ্ণ হ'ল। অহংকাৰী ৰজাই পথত জনতাৰ কণ্ঠ চূৰ্ণ-বিচূৰ্ণ কৰিছে।' ৰাহুল গান্ধীৰ এই মন্তব্যই এতিয়া দেশজুৰি তোলপাৰ লগাইছে।

দিল্লীৰ ৰাজপথৰ আজিৰ দৃশ্যই ৰাহুল গান্ধীৰ এই কথাক মান্যতা দিছে। অনুশীলন এৰি ন্যায়ৰ অপেক্ষাত যন্তৰ-মন্তৰত দিনে নিশাই প্ৰতিবাদত লিপ্ত হোৱা এই অল্লযুঁজাৰু সকলৰ কথা শুনিবলৈ আহৰি নাই প্ৰধানমন্ত্ৰী মোডীৰ। সকলো দেখিও তেওঁ যেন ধৰিছে আজি অন্ধ ৰজাৰ ভাও !

'গণতন্ত্ৰৰ মন্দিৰ'ত মোডীৰ পূজা, ৰাজপথত গণন্ত্ৰক হত্যা !
IPL-2023: ধোনি থাকিল, আই পি এলক বিদায় দিলে CSK ৰ আন এজন ক্ৰিকেটাৰে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in