৭০ হাজাৰত কাঞ্চনজুৰিত এৰাতি...

৭০ হাজাৰত কাঞ্চনজুৰিত এৰাতি...

অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে কৰণীয় বহু আছে। এই ক্ষেত্ৰখনত সম্ভাৱনা আৰু বিনিয়োগৰ যথেষ্ট থল থকাৰ পাছতো যিধৰণে বিনিয়োগ হ'ব লাগিছিল সেইধৰণৰ বিনিয়োগ হোৱা নাই।

বিশেষকৈ কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলত এইবাৰ এক বিশেষ বিনিয়োগেৰে পৰ্যটনৰ ক্ষেত্ৰখনলৈ নতুন মাত্ৰা প্ৰদানৰ এক উদ্যোগ লৈছে অসমৰ এগৰাকী বিদূষী মহিলাই। তেওঁ কাঞ্চনজুৰি চাহ বাগিচাক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে এখন পঞ্চ তাৰকাযুক্ত ৰিজ’ৰ্ট।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ১ কিলোমিটাৰ দূৰত কাৰ্বি পাহাৰৰ দিশে বিস্তাৰিত এই প্ৰাকৃতিক ৰম্যভূমিত গঢ়ি তোলা এই ৰিজ’ৰ্টখনৰ নাম কাঞ্চনজুৰি বাণী গ্ৰীণছ। ৰিজ’ৰ্টখনৰ বাবে অতি কমেও ১০০ কোটি টকা বিনিয়োগ কৰা হৈছে।

দেশ-বিদেশৰ ধনী পৰ্যটকসকলে আহি এতিয়া সেই কাঞ্চনজুৰিত নিৰ্মাণ কৰা ৰিজ’ৰ্টত আলহী হোৱাৰহে কথা। এইখন ৰিজ’ৰ্ট আৰম্ভ হ’ব ১ মাৰ্চ ২০২৪ ৰ পৰা। ৰিজৰ্টখনৰগৰাকীয়ে এক্স হেণ্ডেলত নিজেই এই ৰিজৰ্টখনৰ বিষয়ে প্ৰচাৰ চলাইছে।

তেওঁ এনে এক উদ্যোগৰ বাবে সকলোৰে পৰা সহযোগ, আশীৰ্বাদ বিচাৰি এই খবৰ ৰাজহুৱা কৰাৰ পাছতে এই ৰিজ’ৰ্টখনৰ বিষয়ে জানিবলৈ বহু লোকৰ উৎসুকতা বৃদ্ধি পাইছে। agoda নামৰ অনলাইন ট্ৰেভেল প্লেটফৰ্মটো ইতিমধ্যে এই ৰিজৰ্টখনে স্থান পাইছে। ৰিজ’ৰ্টখনলৈ যাবলৈ হ’লে অৱশ্যে জেপ গধূৰ হ’ব লাগিব।

এই ৰিজৰ্টখনৰ ৱেবচাইটৰ তথ্য অনুসৰি এৰাতিৰ বাবে ৰিজ’ৰ্টখনত থকা এটা বাংলোৰ ভাড়া ১০ হাজাৰ টকা। তাত পৰ্যটকৰ সুবিধাৰ বাবে কেইবাটাও টেণ্ট আছে। একোটা এনে টেণ্টৰ ভাড়া ১৫ হাজাৰ টকা।

ডিলাস্ক ছ্যুইটত কোনোবাই এৰাতি থাকিবলৈ বিচাৰিলে ভৰিব লাগিব ৪০ হাজাৰ টকা। প্ৰেচিডেনচিয়েল ডিলাস্ক ছ্যুইটৰ ভাড়া ৫০ হাজাৰ টকা, মূলাগাভৰু টেণ্টৰ ভাড়া ৭০ হাজাৰ টকা। আনহাতে জিঅ’ ডেবিক ড’মৰ ভাড়া ৩০ হাজাৰ টকা।

সকলোধৰণৰ সা-সুবিধাই পাব এই ৰিজ’ৰ্টত। ৰিজ’ৰ্টৰ আবাসীসকলে কাজিৰঙা ট্যুৰ, নুমলীগড়-বোকাখাত ট্যুৰ, মাজুলী ট্যুৰ আৰু নগাওঁ ট্যুৰৰ ব্যৱস্থা লাভ কৰিব। ইয়াৰ বাবে অৱশ্যে পৃথকৈ ধন ভৰিব লাগিব পৰ্যটকসকলে।

কাজিৰঙা ট্যুৰত ৫২ কিলোমিটাৰ, নুমলীগড়-বোকাখাত ট্যুৰত ১৪০ কিলোমিটাৰ, মাজুলী ট্যুৰত ৩১০ কিলোমিটাৰ আৰু নগাওঁ ট্যুৰে ২০৪ কিলোমিটাৰ সামৰি ল’ব। সেই অনুসৰি প্ৰতিটো ট্যুৰৰ পেকেজ মূল্য পৃথক হ’ব। এই ৰিজৰ্টখনত ৫ টা ছ্যুট, ৩ টা ড’মছ, ১১ টা চুইছ কটেজ, ৪ টা ভিনটেজ টি গাৰ্ডেন বাংলো ৰুম আছে।

সাধাৰণ লোকৰ বাবে নহলেও অতিথিপৰায়ন অসমীয়াসকলে অন্তত এই ৰিজ’ৰ্টৰ জৰিয়তে বিদেশী বা দেশী পৰ্যটকক আপ্যায়ন কৰাৰ সুবিধা লাভ কৰিব। ক’ব পাৰিব অসমতো আছে বাহিৰৰ দৰে পৰ্যটকক সকলো সা-সুবিধা দিব পৰা আন্তঃগাঁথনি।

পৰ্যটনৰ দৃষ্টি ভংগীৰে এইয়া ৰাজ্যবাসীৰ বাবেই এক সুখবৰ। আন এক দৃষ্টি ভংগীও আছে এই নতুনকৈ নিৰ্মাণ কৰা ৰিজৰ্টখনক লৈ।

কোনে কয় অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে? কোনে কয় অসমীয়া জীয়ৰী, বোৱাৰী কেৱল পাকঘৰতেই সোমাই থাকে? সেই সকলো সামন্তবাদী চিন্তাক হয়তো এইন ধৰণৰ মহিলা উদ্যোগীৰ কামকাজে মিছা বুলি প্ৰমাণিত কৰিব।

এতিয়া এইগৰাকী মহিলা উদ্যোগীৰ দিন। আন্তঃৰাষ্ট্ৰীয় মানৰ বিদ্যালয়, আন ক্ষেত্ৰখনত সফল বিনিয়োগৰ পাছত পৰ্যটনৰ ক্ষেত্ৰখনত এনে বিশাল বিনিয়োগ কৰা এই মহিলা উদ্যোগী আন এক পৰিচয় আছে।

তেওঁ অসমৰ এগৰাকী ক্ষমতাশালী নেতাৰ পত্নী। ৰাজ্যৰে নহয় দেশৰ এতিয়া প্ৰতিষ্ঠিত উদ্যোগী। এইটো মাত্ৰ খবৰহে। ইয়াৰ সৈতে কোনো ৰাজনৈতিক বা তেনে কোনো যোগসূত্ৰ নাই।

১২৫০ টকাত অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰা ধনেৰে মহিলাই পৰিয়াল চলোৱাৰ সময়ত এই খবৰে তেনে মহিলাসকলকো নিশ্চয় উৎসাহিত কৰিব। ইচ্ছা কৰিলেই ‘’লাখপতি বাইদেউ’’য়েই নহয় অসমীয়া মহিলা কোটিপতি বাইদেউও হ’ব পাৰে। লাগে মাথো ইচ্ছা, সুযোগ আৰু ভাগ্য।

৭০ হাজাৰত কাঞ্চনজুৰিত এৰাতি...
প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই সলনি হৈছে ভাৰতীয় ৰে'লৱেঃ পিছে উন্নতি নহয়, হৈছে অধোগতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in