অংকত কেঁচা ৰজা !

অংকত কেঁচা ৰজা !
অংকত কেঁচা ৰজা !

কিছুমান লোকে বৰ ধুনীয়াকৈ গুৰুতৰ কথাবোৰ লঘু কৰি দিব পাৰে। এনে বহু লোকৰ এইধৰণৰ কথা শুনি ভালো লাগে। এয়াও এক প্ৰকাৰৰ ব্যংগ। এনে এক ব্যংগৰে তেনে কৰিব পৰা পৰাতো কম দক্ষতা নহয়। সেই দক্ষতাৰ বাবেই কপিল শৰ্মা নামৰ কৌতুক অভিনেতাজন দৰ্শকৰ প্ৰিয়।

কিন্তু সকলো বিষয়তে কপিল শৰ্মাৰ দৰে ব্যংগ বা তুচ্ছ, তাচ্ছিল্য কৰাৰ অবকাশ নাথাকে। এনে দক্ষতা থকা ব্যক্তিসকলে জানিব লাগে কেতিয়া, ক'ত, কি বিষয়ত সেই দক্ষতাক ব্যৱহাৰ কৰিব। নহ'লে সৰল মানুহবোৰৰ সন্মুখত বা তেওঁলোকক উদ্দেশ্যি কোৱা তৰল কথাবোৰ কওঁতা জনৰ বাবেই গৰল সদৃশ হৈ পৰে।

ভাইৰেল হৈছিল লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কেইখনমান আলোকচিত্ৰ। আলোকচিত্ৰসমূহৰ ভিতৰত আছিল ৫০০ টকীয়া বাণ্ডোলেৰে পৰিপূৰ্ণ দুটা বেগৰ ফটো। আন এখন আলোকচিত্ৰত ৫০০ টকীয়া বাণ্ডোলৰ ওপৰত শুই আছিল এজন যুৱক।

নিৰ্বাচনৰ পূৰ্বে ভাইৰেল হোৱা এই আলোকচিত্ৰ কেইখনে খলকনি তুলিলে। সংবাদ মাধ্যমৰো দৃষ্টি কাঢ়িলে। বিজেপি মিত্ৰ দল ইউ পি পি এল যুৱ নেতা কেইজনৰ এই পাহাৰ সদৃশ টকাৰ সৈতে দেখা পোৱা গৈছিল।

বিভিন্ন মুহূৰ্তত তেওঁলোকে সেই টকাৰ সৈতে ফটো উঠিছিল। পৰিচয় উদ্ধাৰ হ'ল টকাৰ সৈতে থকা যুৱ নেতা কেইজনৰ। তাৰে এজনৰ নাম আছিল এণ্টনী নাৰ্জাৰী। ঘৰ তেওঁৰ চিৰাঙৰ বাসুগাঁৱৰ সমীপৰ ৰঞ্চাই ধামত।

এইবোৰ ভাইৰেল হোৱা আলোকচিত্ৰই কিহৰ ইংগিত দিব পাৰে তাক লৈ বিৰোধীয়ে নিজা ব্যাখ্যা আগবঢ়ালে। তদন্তৰ দাবী উঠিল বিষয়টোৰ। দৃষ্টি গোচৰ কৰা হ'ল নিৰ্বাচন আয়োগৰো।

সেই খবৰ আৰু দৃশ্য আন সাধাৰণ মানুহে দেখাৰ দৰে মুখ্যমন্ত্ৰীয়েও দেখিলে। সাংবাদিকে তেওঁক এই সন্দৰ্ভত প্ৰশ্নও সুধিলে। উত্তৰ আহিল মুখ্যমন্ত্ৰীৰ পৰা। তেওঁৰ মতে জনজাতীয় লোকসকলক কিছুমান নিজস্ব চিন্তাধাৰা থাকে। সেই বিলাককলৈ আমি বেছিকৈ কথা পাতি থাকোঁ কাৰণে আমাৰ ওপৰত তেওঁলোক খঙাল হৈ পৰে।

এই নোটবোৰ ১০ টকীয়া বাণ্ডিল হে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াকো ক'লে যে কথাবোৰ জেনেৰেল মানুহবোৰে বেছিকৈ লেখামেলা কৰি থকাৰ বাবে তেওঁলোকে আমাক বেয়া পায়। বেগ দুটাত থকা টকাৰ পৰিমাণৰ হিচাপ দি মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখিনি টকা পাঁচ হাজাৰো নহ'ব বুলি কৈ দিলে।

পাঁচশ টকীয়া এটা বাণ্ডিলত জানোঁ ৫০ হাজাৰ টকা নাথাকে? আমাৰ সাধাৰণ মানুহবোৰে সেই হিচাপহে জানে। তেনেকৈ দুটা বেগ ভৰ্তি পাঁচশটকীয়া নোটৰ সেই টকাখিনি কি হিচাপত মুখ্যমন্ত্ৰীয়ে পাঁচ হাজাৰ পালে সেয়া সাধাৰণ ৰাইজে নাজানে।

বিষয়টোক আওকান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্য আৰু হিচাপ দেখি-শুনি মানুহৰ চকু কপালত উঠিল। টকাৰ হিচাপত মুখ্যমন্ত্ৰী কেঁচা নে ধন দেখি দেখি মুখ্যমন্ত্ৰীৰ বাবে সেই বৃহৎ ধনৰাশি মাত্ৰ পাঁচ হাজাৰ মূল্যহে হৈ পৰিল?

মিত্ৰদলৰ নেতাৰ সৈতে টকাৰ এই ভাইৰেল ফটো আৰু ইয়াৰ প্ৰতিক্ৰিয়া দেখি হয়তো ইউ পি পি এলৰ দৰেই মুখ্যমন্ত্ৰীও বিব্ৰত হৈ পৰিল। সেয়েহে পূৰ্বৰ দৰেই মুখ্যমন্ত্ৰীয়ে এই বিষয়টো দমাই থ'ব খুজিলে।

তৰল এক মন্তব্যৰে তেওঁ ইয়াৰ অবজ্ঞা কৰিব চেষ্টা চলালে। কিন্তু মানুহে এইবাৰ অন্ততঃ নিজ চকুৰে টকা ভৰ্তি বেগ দুটা দেখি মুখ্যমন্ত্ৰীৰ হিচাপক মানি ল'ব নোৱাৰিলে। নিৰ্বাচনৰ সময়ত কোনো লোকে ৫০ হাজাৰতকৈ ওপৰৰ ধন লগত নিলে ফ্লাইং স্কোৱাডে ধৰে। এতিয়া ইমান বৃহৎ পৰিমাণৰ ধৰ কোনোবাই লগত লৈ ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে ফটোশ্বোট কৰাৰ পাছতো এইবোৰ কিয় তদন্তৰ আওঁতাত নপৰে?

শাসকীয় দলৰ মিত্ৰ বা সহযোগী দলৰ নেতা বুলি মুখ্যমন্ত্ৰীয়ে টকাৰ হিচাপেই বেলগ ধৰণে কৰিলে। সেইখন গণিতকে নিৰ্বাচন আয়োগে বা প্ৰশাসনে অনুকৰণ কৰিলে নেকি?

ফ্ৰীজ, ফেন কিনা বিল দিওঁ ইডিয়ে বিৰোধী নেতাক ধৰাৰ উদাহৰণ আছে। নিৰ্বাচনৰ পূৰ্বে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক জে'লত ভৰাবলৈ এইবোৰ বিলো অবৈধ ধন সৰবৰাহৰ নথিৰ ৰূপত গণ্য কৰিছিল।

তেতিয়াহ'লে এইবোৰ দৃশ্য পোহৰলৈ অহাৰ পাছত কিয় এতিয়া ইডি, চি বি আইয়ে তেওঁলোকৰ চকুত ক'লা কাপোৰ বান্ধি থৈছে? নিৰ্বাচনৰ সময়ত ধনৰ লেনদেন হোৱাৰ অভিযোগ উঠে। তেনেবোৰ বেছিভাগ অভিযোগৰে তথ্য প্ৰমাণ নাথাকে।

এইবাৰ সেই তথ্য থকাৰ পাছতো কিয় আয়োগে এয়া সঁচা, মিছা পৰীক্ষা নকৰে? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টকাৰ হিচাপৰ নতুন গণিতখনৰ কথা ৰাইজে এতিয়াহে গম পাইছে। খালী চকুৰে সাধাৰণ জনতাই কিন্তু বেগ ভৰ্তি দুটা টকাৰ বেগ দেখিছে। মুখ্যমন্ত্ৰীয়ে কৰা হিচাপৰ দৰেই বেগদুটাত পাঁচ হাজাৰো নহ'ব বোলা হিচাপৰ অংকত ৰাইজে ভুল পাইছে।

পদবী এটাৰ মৰ্যদা থাকে। সেই পদবী আৰু ব্যক্তিত্ব প্ৰতিফলিত হ'ব পৰাকৈ তেনে পদবীধাৰীৰ পৰা মানুহে আচৰণ আৰু ব্যৱহাৰ আশা কৰে। তৰল আৰু ল'ৰামতীয়া স্বভাৱ- আচৰণে কাৰোবাৰ ব্যক্তিত্ব বা পদবীৰ গাম্ভীৰ্যতাক আঘাত হানিলে মানুহে মুখ বন্ধ কৰি হ'লেও হাঁহে।

তৰল কথাৰে সকলো সময়তে মানুহৰ চকুত সন্মোহনৰ বাণ মৰাতো সম্ভৱ নহয়। এইধৰণৰ আচৰণ কৰা লোক অৱশ্যে বহু আছে সমাজত। সেইসকলৰ ভিতৰত বেছিভাগেই এনে দায়িত্বশীল পদবীত কিন্তু নাথাকে।

গাঁৱে-ভূঞে, বাটে-পথে তেনে আচৰণ কৰা বা তৰল কথাৰে পৰিবেশ সলনি কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পৰা লোকক বহুতে 'ফকটিয়া' আখ্যা দিয়ে। এইবাৰ নিৰ্বাচনৰ বতৰত বহু সংখ্যক শাসক, বিৰোধী নেতাই নিজকে এই শাৰীলৈকে উঠালে। কি কৈছে, কি কৰিছে তাৰ একো ঠিক নাইকিয়া হৈছে।

মানুহে সেইবোৰ দিশ নীৰৱে লক্ষ্য কৰি গৈছে। দেখিছে ফাঁকি নহয় জীয়া ফাঁকি দিব পৰাকৈ তেওঁলোক সফলৰ পৰা সফল ফাঁকিবাজ হৈ উঠিছে। ভাবকচোন তেওঁলোকে আমাৰ দৰে সাধাৰণ লোকক কি স্তৰত থৈছে?

দুটা বেগ ভৰ্তি ৫০০ টকীয়া বাণ্ডিল বোৰে পাঁচ হাজাৰ টকাও নহ'ব বুলি ফাঁকি মাৰিছে। শুনা মতে সেই নতুনকৈ ইউ পি পি এলত যোগদান কৰা নেতা কেইজনৰ হাতত হেনো তিনি কোটি টকা তুলি দিয়া হৈছিল।

সেই অভিযোগৰ সত্যতা নিৰোপণ কৰাৰ দায়িত্ব সুযোগ পোৱাৰ পাছত প্ৰশাসনৰ।ফটোত দেখা ধনবোৰ, সেই ধনেইতো নহয়? সন্দেহ মানুহৰ এয়াই হৈছে। সেই সন্দেহ এনেবোৰ আচৰণে আৰু ঘনীভূত কৰিছে।

ধনী মানুহৰ ওচৰত হেনো টকাৰ মূল্য নাথাকে। আমাৰ এক লাখ টকাবোৰ কেতিয়াবা তেওঁলোকৰ বাবে হৈ পৰে এটকা সদৃশ। সেই হিচাপতেই চাগে মুখ্যমন্ত্ৰীয়ে ইউ পি পি এলৰ নেতাৰ সৈতে থকা টকাৰ বেগ দুটাৰ হিচাপ থাওকতে কৰি পেলালে?

আমাৰ ষাঠি লাখ টকা এই হিচাপত তেওঁলোকৰ বাবে এক হাজাৰ মানহে হ'ব। তাক পাঁচেৰে পূৰণ কৰিলে ৩ কোটিৰেই হিচাপ মিলিব। কিমান যে সলনি হ'ল সময়? তেওঁলোক আৰু আমাৰ মাজত এতিয়া টকাৰ হিচাপতো আহি গ'ল ইমান তফাৎ...।

অংকত কেঁচা ৰজা !
৪০০ পাৰ ধ্বনি : ৰিণিকি-ৰিণিকিচোন এতিয়া নুশুনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in