৪০০ পাৰ ধ্বনি : ৰিণিকি-ৰিণিকিচোন এতিয়া নুশুনি...

৪০০ পাৰ ধ্বনি : ৰিণিকি-ৰিণিকিচোন এতিয়া নুশুনি...

অত্যন্ত বিশ্বাসী আছিল বিজেপি। ধন,ক্ষমতা কি নাই তেওঁলোকৰ হাতত? আঁচনিৰ কোটি কোটি হিতাধিকাৰী, পুঁজিপতিৰ কৃপা, বিৰোধী দলৰ পৰা অহা নেতা সকলোৱে আছে বিজেপিত।

সেই আত্মবিশ্বাসৰ বাবেই নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকৰ মূল শ্ল’গান হৈ পৰিছিল- ‘অৱ কি বাৰ ৪০০পাৰ’ অৰ্থাৎ এইবাৰ ৪০০ পাৰ হ’ব তেওঁলোকৰ আসন। বিজেপিৰ বাঘা-বাঘা নেতাৰ মুখত এই শ্ল’গান আখৈ ফুটাৰ দৰে ফুটিছিল।

সৰু-সৰু নেতাবোৰে পৰম উৎসাহেৰে এই শ্ল’গানকে আওৰাই এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ছুনামি সৃষ্টিৰ কৰিব বুলি প্ৰত্যয় গৈছিল। সাধাৰণ জনতাকো সেই প্ৰত্যয় দি ২৪ৰ দিল্লীৰ চৰকাৰখন একপ্ৰকাৰে মোডীৰ নেতৃত্বত তেঁওলোকে গঠন কৰিয়েই দিছিল। বাকী আছিল মাঁথো নিৰ্বাচনী আনুষ্ঠানিকতা।

অসমতো বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১২.৫ৰ পৰা ১৩খন আসন লাভ কৰিম বুলি ঘোষণা কৰিছিল। বিজেপি আৰু মিত্ৰ দলে নিৰ্বাচনৰ পূৰ্বে এনে ফলাফলৰ আশা কৰিছিল। ৰাজ্যখনত ২টা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত সেই সংখ্যা হ্ৰাস হ’ব পাৰে বুলি বিজেপিয়ে নিজেই ক’বলৈ বাধ্য হ’ল।

বিৰোধীয়েও ভবাতকৈ পৃথক ধৰণে নিৰ্বাচনৰ ভোটদানৰ গতি-প্ৰকৃতি দেখি মুখ মেলিবলৈ আৰম্ভ কৰিছে। অসমত ৪ৰ পৰা ৬খন আসন লাভ কৰিম বুলি বিৰোধী পক্ষই নিজৰ মাজতেই গুনগুননি চলাইছে।

নিৰ্বাচনৰ নামত ধন, বাহুবল আৰু ক্ষমতাৰ অপপ্ৰয়োগ নতুন কথা নহয়। শাসক-বিৰোধী সকলোৱে পাৰ্যমানে ইয়াৰ দুৰ্ব্যৱহাৰ কৰে। চৰ্চালৈ আহে তেনে বহু খবৰ।

শেহতীয়াকৈ সংখ্যালঘুৰ একাংশ ভোটাৰক ধনৰ প্ৰলোভনেৰে ক্ৰয় কৰিব খোজা দৃশ্য আৰু অভিযোগ ভাইৰেল হৈছে। সেই কাম যিসকলে কৰিছে তেঁওলোকে কিছুদিনৰ আগলৈকে ভবা নাছিল- এই বড়ে মিঞা, ছোটে মিঞাসকল নহ’লে নিৰ্বাচনত জিকিব নোৱাৰিম বুলি।

নিৰ্বাচনত টকাৰ ঝন্-ঝননি উঠে আৰু এইবাৰো উঠিছে। টকাৰ জোৰত সন্মান ৰক্ষাৰ চেষ্টা বৰ কৌশলেৰে হেনো তেঁওলোকে কৰিব লগা হৈছে। কোকৰাঝাৰতো এই প্ৰচেষ্টা একাংশই চলোৱা বুলি কিছু আলোকচিত্ৰ ভাইৰেল হৈছে।

সেই আলোকচিত্ৰত দেখা পোৱা গৈছে- বি টি এ ডিত শাসনত থকা ইউ পি পি এলত কিছুদিন পূৰ্বে যোগ দিয়া কেইজনমান ছাত্ৰ নেতাক। ইউ পি পি এলৰ মুৰব্বীগৰাকীয়ে তেঁওলোকক দললৈ আদৰণি জনাইছে।

সেইসকলৰ ভিতৰত এন্থনী নাৰ্জাৰী আৰু জন্টি বসুমতাৰী নামৰ ছাত্ৰনেতা দুজনক টকাৰ দ’মৰ সৈতে এখন ফটোত দেখিবলৈ পোৱা গৈছে। ভালদৰে ফটোকেইখন লক্ষ্য কৰিলে দেখা পোৱা যায়- দুটা বেগৰ ভিতৰত থকা ৫০০টকীয়া বাণ্ডিল এটা ৰুমৰ ভিতৰত তেঁওলোকে ভাগ-বতৰা কৰি আছে।

এটা ভাগ এজনে লৈ সেই ধনৰ ওপৰতে শুই থকাৰ সময়ত আন এজনে তাৰ ফটো মাৰিছে গোপনে। বি পি এফৰ এক সূত্ৰই অভিযোগ কৰা মতে বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়নৰ এই নেতাকেইজনক ইউ পি পি এলত যোগদান আৰু কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনত সহায় কৰি দিবৰ বাবে তেওঁলোকক ৩কোটি টকা দিয়া হৈছিল।

এই অভিযোগ কিমান সঁচা সেয়া আৰক্ষীয়ে, নিৰ্বাচন আয়োগেহে তদন্ত কৰিলে ওলাব। বিৰোধী বি পি এফৰ অভিযোগক সঁচা-মিছা আখ্যা নিদিও এই কথা মানি ল’ব পাৰি যে নিৰ্বাচনৰ বতৰত বি টি আৰত টকা উজান উঠিছে আৰু ফটোত থকাসকলে সেই উজানৰ টকা ধৰিছে।

ভাইৰেল হোৱা এই আলোকচিত্ৰ সন্দৰ্ভত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি সত্যতা নিৰূপণ কৰা আশা অসমৰ ৰাইজে নিশ্চয় কৰিব! যদিও ৰজাৰ ঘৰৰ এনে দোষ, অনিয়মৰ তদন্ত কৰাৰ সাহস থকা লোক পৰ্বতত কাছৰ কণী বিচৰাৰ দৰেই।

টকাই এইবাৰ বিজেপিক ৰক্ষা নকৰিব নেকি? লাখপতি বাইদেউৱে ঠগি দিব নেকি। ভোট দিম বুলি প্ৰতিশ্ৰুতি দিয়া চাচা-চাচীয়ে ই ভি এমত পদুম ফুল নুফুলাব নেকি?

৪০০ পাৰ হ’ব বুলি চিঞৰি থকা মানুহবোৰ মৌন হৈ গ’ল। ক’ৰবাত কিবা তেঁওলোকে দুটা পৰ্যায়ৰ নিৰ্বাচন দেখিয়েই অনুমান কৰিছে নেকি?

শ্ল’গান দিয়াত পাকৈত বুলি নাম থকা সকলেই দেখোন এই শ্ল’গান এৰি নতুন নিৰ্বাচনী ৰাগত সুৰ টানিছে। মিঞা-মিঞা বুলি নিৰ্বাচনী সভাত ৰেৱাজ কৰিছে।

অৰুণোদয়, মাটি পট্টা সকলো দিম আৰু পাব বুলি গেৰাণ্টী দিছে। লাগে কেৱল ভোট। নহ’লে যে সলনি হৈ গৈছে নিৰ্বাচনী অংক। চেষ্টা চলিছে। ফলাফল কি ওলাই ফলাফলে ক’ব।

আগতে ইটো হ’ব, সিটো হ’ব বুলি কৰা দম্ভালিবোৰেই কালৰূপ ধাৰণ কৰাৰ দিশে আগবাঢ়িছে। সেয়েহে হয়তো সাধাৰণ ভোটাৰে ‘অৱ কি বাৰ ৪০০পাৰ’ ধ্বনি এতিয়া ৰিণিকি-ৰিণিকিয়ো নুশুনি...

৪০০ পাৰ ধ্বনি : ৰিণিকি-ৰিণিকিচোন এতিয়া নুশুনি...
EVM, নিৰ্বাচন প্ৰক্ৰিয়াক সন্দেহ নকৰিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in