মনোৰঞ্জন নহয়, ৰাজনীতিৰ বাবে চিনেমা...

মনোৰঞ্জন নহয়, ৰাজনীতিৰ বাবে চিনেমা...

ৰিমজিম সোণোৱাল

চিনেমা এখনক সকলোৱে বিনোদনৰ আহিলা হিচাপে গণ্য় কৰি আহিছে। আজিৰ তাৰিখত সমগ্ৰ বিশ্বত চিনেমা এক শক্তিশালী মাধ্যম ৰূপে পৰিগনিত হৈছে। ক'লা-বগা ছবিৰ পৰা ৰঙীন ছবিলৈ, নিৰ্বাক ছবিৰ পৰা সবাক ছবিলৈ বিশ্বৰ চলচ্চিত্ৰ জগতৰ এক সোণোৱালী বৰ্ণময় ইতিহাস আছে।

প্ৰথমৰে পৰা বৰ্তমানেও চলচ্চিত্ৰই এক জণসাধাৰণৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰি আহিছে। মনোৰঞ্জনৰ ক্ষেত্ৰখনত এক বিশাল সাম্ৰাজ্য়ৰ আধিপত্য় দখল কৰি আহিছে । সেয়া প্ৰতিজন লোকেই মানি লবলৈ বাধ্য় ।

এই চিনেমা আজিৰ তাৰিখত এক শক্তিশালী গণ মাধ্যমৰ আহিলা হোৱাৰ উপৰিও এক গুৰুত্বপূৰ্ণ উদ্যোগিক ক্ষেত্ৰ। বিশ্বৰ প্ৰতিখন দেশতে চলচ্চিত্ৰৰ ক্ষেত্ৰখন একোটা বৃহৎ উদ্য়োগলৈ ৰূপান্তৰ হৈছে। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ভাৰতীয় চলচ্চিত্ৰ উদ্য়োগ 'বলিউড'।

কোটি কোটি ধন ব্য়য়ৰে নিৰ্মাণ হৈ আহিছে বিশ্বত বিভিন্ন ছবি । ছবিৰ নামত শ শ কোটি টকা ব্যয় কৰিবলৈ কুন্ঠাবোধ নকৰে প্ৰযোজকে। হাজাৰ কোটি টকা ব্যয়ৰে চিনেমা নিৰ্মাণ কৰাটো আজিৰ তাৰিখত তেনেই সাধাৰণ কথা হৈ পৰিছে। বলিউডতে নিতৌ নিৰ্মাণ হৈ আহিছে শ শ কোটিৰ চিনেমা।

চলচ্চিত্ৰই প্ৰতিখন দেশৰ প্ৰতিটো প্ৰজন্মৰ বিভিন্ন সময়ৰ সাক্ষ্য বহন কৰি আহিছে । লগতে কঢ়িয়াই লৈ ফুৰিছে ইতিহাস। অৰ্থনীতিত আছে ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা। চলচ্চিত্ৰক মাধ্যম হিচাপে লৈ সমাজলৈ এক বাৰ্তা লৈ যোৱাটো বা এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পৰাটো পৰিচালক, কলা-কুশলীৰ দক্ষতাৰ পৰিচায়ক।

সেয়ে চলচ্চিত্ৰ সমাজৰ দাপোনৰ উপৰিও পৰিৱৰ্তনৰ বাৰ্তাবাহক হিচাপে বিবেচিত হৈ আহিছে। আজিৰ তাৰিখত বিশ্বৰ চলচ্চিত্ৰ ক্ষেত্ৰখনৰ সৈতে সমানেই আগবাঢ়ি গৈছে ভাৰতীয় চলচ্চিত্ৰ।

সৌ সিদিনা অস্কাৰৰ মঞ্চত ভাৰতীয় চলচ্চিত্ৰই শ্ৰেষ্ঠত্ব অৰ্জন কৰাই নহয় বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালকক এক নতুন সুৱাদ দিবলৈ সক্ষম হ'ল। অস্কাৰৰ বেষ্ট অৰিজিনেল ছং শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰা 'আৰ আৰ আৰ' চিনেমাখনৰ নাটু নাটু গানটোত নাচি উঠিল হলিউডৰ বহু নামি দামি তৰকা। একেই গৌৰৱ অৰ্জন কৰিলে তথ্য চিত্ৰ The Elephant Whisperers -এ।

এতিয়া বলিউডৰ চিনেমাই হলিউডক প্ৰত্যাহ্বান জনাব পৰা হ'ল। দক্ষিণ ভাৰতীয় চিনেমায়ো বিশ্বজুৰি নিজা পৰিচয় সৃষ্টি কৰি বলিউডৰ চিনেমাকো চেৰ পেলাইছে। দক্ষিণৰ ছবিয়ে আজিৰ তাৰিখত হাজাৰ কোটিৰ ব্যৱসায় কৰে।

দক্ষিণৰ দৰেই বংগটো চিনেমাৰ উদ্যোগটো যথেষ্ট শক্তিশালী। ভোজপুৰী চিনেমাৰো এতিয়া ভাল দিন। অৱশ্যে অসমত এতিয়াও চিনেমা উদ্যোগলৈ ৰূপান্তৰ হোৱা নাই। তথাপিও সকলোৱে মুখে মুখে কৈ আহিছে অসমীয়া চিনেমা উদ্যোগৰ কথা।

চিনেমা জগতখনৰ এনে সফলতা আৰু ইয়াৰ সৈতে প্ৰত্যক্ষ ভাৱে জনসাধাৰণ জড়িত হৈ থকাৰ বাবেই এতিয়া ৰাজনৈতিক দল, নেতা তথা ৰাজনৈতিক আশীষ পুষ্ট একাংশ লোকৰ বাবে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক মাধ্যমলৈ যেন ৰূপান্তৰ হৈ পৰিছে চিনেমা।

অন্ততঃ শেহতীয়াকৈ সংঘটিত হোৱা কিছু ঘটনাৰাজীয়ে তাকেই প্ৰমাণ কৰে। বহুতেই মুকলিকৈয়ে এই অভিযোগ উত্থাপন কৰিছে। চিনেমাক লৈ আৰম্ভ হৈছে শাসকীয় আৰু বিৰোধী ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ।

ক'ৰবাত যদি এখন চিনেমাক টেক্স ফ্ৰী ঘোষণা কৰা হৈছে ক'ৰবাত আকৌ সেই একেখন চিনেমাকেই নিষিদ্ধ কৰা হৈছে। শেহতীয়াকৈ বিতৰ্কৰ শীৰ্ষত উপনীত হোৱা তেনে দুখন চিনেমা হৈছে 'দ্য়া কাশ্মীৰ ফাইলছ' আৰু 'দ্য়া কেৰেলা ষ্ট'ৰী' ।

কাশ্মীৰি পণ্ডিতে এসময়ত কাশ্মীৰত যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই পৰিস্থিতিক জীৱন্ত ৰূপ দি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল ছবিখনৰ নিৰ্মাতা, পৰিচালকে।

এই চিনেমাখন চাবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহু কেইখন ৰাজ্যৰ মুখ্য়মন্ত্ৰীয়ে ৰাইজক মুকলিকৈয়ে জনাইছিল। চৰকাৰী বহু অনুষ্ঠান, প্ৰতিষ্ঠানেও এই আহ্বানৰ প্ৰতি সহাৰি জনাই দ্যা কাশ্মীৰ ফাইলছ চাবলৈ গৈছিল।

তেনে এক শৈক্ষিক প্ৰতিষ্ঠান আছিল গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ শিক্ষক গোটে পাঠদান এৰি চিনেমা চাবলৈ গৈছিল। 'দ্যা কাশ্মীৰ ফাইলছ'ৰ দৰেই এইবাৰ 'দ্যা কেৰেলা ষ্ট'ৰী' চিনেমাখনৰ সপক্ষে প্ৰচাৰ আৰম্ভ হৈছে। শাসকীয় বিজেপি দলে এই চিনেমাখনৰ মুকলিকৈয়ে প্ৰচাৰ কৰাৰ বিপৰীতে বিৰোধী পক্ষই এই চিনেমাখন নিষিদ্ধ কৰাৰো দাবী তুলিছে।

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিনেমাখন ৰাজ্যখনত নিষিদ্ধ কৰিছে। একেদৰে নিষিদ্ধ তামিলনাডুত। ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশত কৰমুক্ত কৰা হৈছে এই চিনেমাখন।

কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হয়, কিয় এইদৰে নিৰ্দিষ্ট এখন, দুখন চিনেমা চাবলৈ এইদৰে ৰাজনৈতিক দল তথা নেতাৰ উপৰিও স্বয়ং প্ৰধানমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলায়? ইয়াৰ আঁৰত থাকে নেকি ৰাজনৈতিক উদ্দেশ্য?

কিয়নো চিনেমা চাব যোৱা নোজোৱা বিষয়টো প্ৰতিজন নাগৰিকৰ সম্পূৰ্ণ ব্য়ক্তিগত বিষয়। তদুপৰি দেশৰ ৰাজনৈতিক নেতাই এইদৰে নিজৰ গুৰুত্বপূৰ্ণ কাম-কাজ এৰি ৰাইজৰ মনোৰঞ্জনৰ বিষয়ত মনোনিৱেশ কৰাটোও কিমান যুক্তিসংগত?

বিশেষকৈ স্পৰ্শকাতৰ কিছুমান বিষয়ত নিৰ্মাণ কৰা এনেধৰণৰ চিনেমাৰ বিষয়ত এনেদৰে মনোনিৱেশ কৰা বিষয়টোৱে ইয়াৰ আঁৰত সেই ৰাজনৈতিক দল, নেতাৰ কিবা অন্তৰ্নিহিত লাভালাভ লুকাই থাকে নেকি বুলিও প্ৰশ্ন উদয় হৈছে।

পূৰ্বে এইদৰে বিতৰ্কিত বিষয়ত চিনেমাৰ হৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ নজিৰ নাই বুলিবই পাৰি। মনোৰঞ্জনৰ বাবে অৱশ্যে একাংশ ৰাজনৈতিক নেতাই মাজে সময়ে চিনেমা চাবলৈ যায়। সেয়া তেওঁলোকৰ একান্তই ব্যক্তিগত। সেইবুলি এইদৰে মুকলিকৈ প্ৰচাৰ চলোৱা নাছিল।

এনেবোৰ কথা, কামৰ বাবেই এতিয়া একাংশ চিনেমা নিৰ্মাতা, পৰিচালকে ৰাজনৈতিক দলৰ হিডেন এজেণ্ডা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে স্পৰ্শকাতৰ বিষয়ত চিনেমা নিৰ্মাণ কৰাৰ পন্থ হাতত লৈছে বুলি চৰ্চা চলিছে।

বছৰত ভাৰতত ১০০ খনৰো অধিক চিনেমাই মুক্তি লাভ কৰে। কিন্তু মাত্ৰ নিৰ্বাচিত ২ খন চিনেমাৰ বাবে শাসকীয় পক্ষৰ ইমান দৰদ কিয়? এই লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো আজি তেওঁৰ কেবিনেট সতীৰ্থ আৰু দলীয় বিধায়ক, কৰ্মীৰ সৈতে পি ভি আৰ চিনেমা হলত দ্যা কেৰালা ষ্টৰী উপভোগ কৰিলে।

তেওঁ মুকলিকৈয়ে এই চিনেমাখন সকলোৱে চাব লাগে বুলি মন্তব্য কৰি বিশেষকৈ অভিভাৱকে নিজৰ ছোৱালীক লৈ এই চিনেমাখন চাব লাগে বুলি ক'লে।

এই চিনেমাখন নিৰ্মাণ কৰাৰ বাবে তেওঁ প্ৰযোজক, পৰিচালক, কলা-কুশলীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। কিন্তু এই একেগৰাকী মুখ্যমন্ত্ৰী কিন্তু অসমীয়া চিনেমাৰ দুৰ্যোগ আৰু সমস্যাৰ ক্ষেত্ৰত নীৰৱ।

আজিলৈকে তেওঁক অসমীয়া চিনেমাৰ হৈ এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই। সৌ সিদিনা মুক্তি লাভ কৰিছিল বলিউডৰ বাদশ্বাহ হিচাপে খ্যাত শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত চিনেমা 'পাঠান'।

এই চিনেমাখনৰ বিৰুদ্ধে হিন্দুত্ববাদী দল, সংগঠন গৰজি উঠিছিল। ইয়াৰ কাৰণ আছিল দিপীকাই এটা গানত গেৰুৱা ৰঙৰ বিকিনী পৰিধান কৰাটো। কিন্তু এই চিনেমাখনে ভংগ কৰিছিল সৰ্ব কালৰ ৰেকৰ্ড।

কিন্তু এইদৰে বাৰে বাৰে চিনেমাক লৈ ৰাজনৈতিক দল, ৰাজনৈতিক বৰণধাৰি ব্যক্তি, সংগঠনে সৃষ্টি কৰি অহা পৰিস্থিতিয়ে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰিছে, মনোৰঞ্জনৰ মাধ্যম চিনেমাও হৈ পৰিল নেকি ৰাজনীতিৰ প্ৰচাৰ চোলাৱা এক মঞ্চ?

মনোৰঞ্জন নহয়, ৰাজনীতিৰ বাবে চিনেমা...
খুচ ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in