খুচ ?

খুচ ?
খুচ ?

মৃদুল কুমাৰ সন্দিকৈ

২ বছৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ। এই দুটা বছৰৰ মূল্যায়ন ভাল বা বেয়া কোনো এটা শব্দৰে নিৰ্দিষ্টকৈ দিব পৰা সময় এতিয়াও অহা নাই। বহু ভাল প্ৰয়াসৰ মাজত এই চৰকাৰখনৰ আন কিছু নীতি, পদক্ষেপক সমালোচনা কৰাৰ অৱকাশ থাকি যায়।

৫ বছৰীয়া কাৰ্যকালৰ দুটা বছৰ বৰ কম সময়ো নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আন্তৰিক লক্ষ্য আৰু উদ্দেশ্য লৈ কাম কৰাৰ যি পৰিৱেশ গঢ়ি তুলিছে ইয়াক সমৰ্থন কৰিলেও বহু দিশত এই চৰকাৰে সফলতা দাবী কৰিব নোৱাৰে।

কৌশল পূৰ্ণ নীতিৰে মানুহক প্ৰলোভিত কৰিব পৰা বহু কাম কৰিব পাৰে শাসক পক্ষই।সেই নীতিত এই চৰকাৰ সফল। এনে কিছু পদক্ষেপ বা সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে যে, সেই জনমুখী সিদ্ধান্তবোৰে সৰ্বসাধাৰণক সন্মোহিত কৰি ৰাখিছে।

বহু অভিযোগ, প্ৰতি অভিযোগৰ সন্মুখীন হ'ব লাগে এখন চৰকাৰ। চৰকাৰখনেই এজন মানুহ কেতিয়াও নহয়। চৰকাৰখনত থকা আন মন্ত্ৰীসকলৰো কৰ্মদক্ষতা যদি মূল্যায়ন কৰা যায় তেনেহ'লে আজিৰ তাৰিখত এই খেলত মুখ্যমন্ত্ৰীয়েই কেৱল নায়ক আৰু বাকী মন্ত্ৰীসকলৰ দুই একক বাদ দি তেওঁলোক নিস্তেজ।

বিজেপিৰ দ্বাৰা গঠিক এই চৰকাৰৰ জনকল্যাণ নীতি উৎপাদনক্ষম, কৰ্মসংস্কৃতিৰ বিপৰীতে হিতাধিকাৰী মুখী হোৱা যেন বোধ হয়। ইটোৰ পাছত সিটো ঘোষণা আৰু মানুহক ভাল লগাবলৈ কৰা ঘোষণাই এখন ৰাজ্যৰ আৰ্থিক আৰু উন্নয়নৰ পৰিকাঠামোক স্থায়ী ৰূপত গঢ়ি তুলিব নোৱাৰে।

হয় তেওঁ দক্ষ, তেওঁ অভিজ্ঞ, কষ্ট কৰিব পৰাকৈ তেওঁ সক্ষম। সিদ্ধান্ত ল'ব পৰাকৈ তেওঁ আত্মবিশ্বাসী। এইসকলোবোৰ গুণৰ অধিকাৰী হোৱাৰ উপৰিও যিকোনো পৰিৱেশ পৰিস্থিতি চম্ভালিব পৰাকৈ তেওঁৰ থকা বিশেষ গুণৰ বাবে আজি বিৰোধী নিস্তেজ।

তেওঁ যি কয়, সেয়াই হয়। তেওঁ মুখৰ ভাষাই আইন, সিদ্ধান্ত হৈ পৰাৰ বাবে গণতান্ত্ৰিক মৰ্যাদাবোধক ক'ৰবাত আঘাত হনাৰ দৰে বোধ হয়। সকলোবোৰ ঠিকেই চলি আছে বুলি প্ৰতিষ্ঠা কৰিব পাৰিলেও বাস্তৱত সেই আত্ম প্ৰত্যয়ে ভৱিষ্যতৰ আত্মপ্ৰত্যয়ক প্ৰতিষ্ঠা কৰিব নোৱাৰে।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত এই চৰকাৰ কিমান সফল? সেই প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে আনক নুশুধিলেও নিজক এবাৰ সোধাৰ প্ৰয়োজন আছে। এতিয়া মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ বাবেই নহয় মধ্যবিত্ত লোককো এতিয়া কোঙা কৰি পেলাইছে।

কাম হৈছে। সেই কামৰ বিপৰীতে প্ৰচাৰৰ জোৰ বেছি হৈছেনেকি? আগতে এইবোৰ কাম আন চৰকাৰে কৰা নাছিল নেকি? হয়তো কৰিছিল। কিন্তু কামবোৰ সুসংগঠিত ভাৱে কৰি ইয়াক সফলতা মাইলখুঁটি ৰূপত তুলি ধৰিব পৰা নাছিল। প্ৰাথক্য এইখিনিতেই।

অসমৰ ৰাজনৈতিক সামাজিক পৰিৱেশ এতিয়া এনে এক পৰ্যায়ত আছে যে, কোনো লোকে মুকলিকৈ সঁচা কথা হ'লেও ক'বলৈ সাহস নকৰে। সেই ৰাজনৈতিক ভাষ্য বা মতামত দিয়াটো এতিয়া কঠিন সময়।

মানুহৰ আশা সদায় থাকে। সেই আশা অত্যাধিক হ'লে তাক নিৰাশালৈ ৰূপান্তৰ হ'বলৈ বৰ বেছি সময় নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো এই কথা ১০০ শতাংশই খাতে। চৰকাৰক আলোচনা , সমালোচনা কৰাটো অতিকৈ প্ৰয়োজন।

দুটা বছৰত চৰকাৰে কি কি কাম কৰিলে বা কি নকৰিলে তাৰ তালিকা প্ৰস্তুত কৰিলে যথেষ্ট দীঘলীয়া হ'ব। সেই তালিকা প্ৰতিজন লোকৰ বাবে পৃথক পৃথক হ'ব। ৰাজ্যৰ আৰ্থনৈতিক অৱস্থা কিমান টনকিয়াল? ঋণ লোৱাৰ সপক্ষে যুক্তি দৰ্শালেও সেই ঋণৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈ আছে।

অনাগত দিনবোৰত এনে দিন আহিব নেকি যে, ধাৰৰ বোজাত ককবকাই থাকিবলগীয়া অৱস্থা হ'ব আমাৰ । আজিৰ ঋণ লোৱাৰ সপক্ষে যুক্তি দৰ্শোৱাসকলে বা ঋণ লৈ চমকৰ মায়াজাল ৰচা সকলে সেই সময়ত শাসনত নাথাকিলে ইয়াক লৈ তেওঁলোকৰ কোনো ভাবিবলগীয়া নাথাকে।

ঋণ লৈ সেই ঋণৰ বোজা বা ধাৰ মাৰিব পৰাকৈ আমাৰ আয়াৰ উৎস কি আছে? সেয়াও ভাবিবলগীয়া। শ শ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা আঁচনিবোৰৰ কেৱল ব্যয়ৰ বাট খোলা আছে। আয়ৰ জানো কিবা পথ কোনোবাই ক'ৰবাত দেখিছে?

মানুহ হিচাপে তেওঁ কৰ্মদক্ষ। তাত সন্দেহ কাৰো নাই। কিন্তু গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্ত ব্যক্তিকেন্দ্ৰিক চিন্তা চেতনা আৰু মই সৰ্বস্ব প্ৰতিফলন ঘটিলে ৰাজনীতি বা গণতন্ত্ৰৰ বাবে শুভ দায়ক নহয়। বহুতে ভাবে তেওঁ সমালোচনাৰ উৰ্ধত।

তেওঁ যি ভাৱে সেয়াই কৰি যাব সেয়াও হ'ব নোৱাৰে। সকলোতে লক্ষ্মণ ৰেখা থাকে আৰু থাকিব। যদি সেই সীমাবদ্ধতাৰ অবিহনে কোনো লোকক ক্ষমতাৰ সৰ্বস্ব উজাৰি দিয়া হয় তেনেহ'লে তাত একনায়কত্ববাদৰ অভ্যুত্থান ঘটাৰ সম্পূৰ্ণ আশংকা থাকে।

এইটো ঠিক যে হিমন্ত বিশ্ব শৰ্মাই যোৱা দুটা বছৰত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক এক বিশেষ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হ'ল।ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, ৰাষ্ট্ৰীয় ৰাজনীতিৰ ধাৰাত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে অসমক নতুন পৰিচয় যোৱা দুটা বছৰে দিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কয় তাক আগ্ৰহেৰে লক্ষ্য কৰে। বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ মাতি নি দেশৰ আন ৰাজনৈতিক নেতাসকলৰ সৈতে সন্মান পূৰ্বক আসন প্ৰদান কৰিছে।

একেদৰে নিৰ্বাচনী ৰাজনীতিত দেশৰ আন ৰাজ্যৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই মুখ্য ভূমিকা পালন কৰাৰ সুযোগ পাইছে। ষ্টাৰ কেম্পেইনাৰ হিচাপে দেশে তেওঁক স্বীকাৰ কৰি লৈছে। সেয়া তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ ফল।

আৰু ৩ বছৰ আছে এই কাৰ্যকাল শেষ কৰিবলৈ। চৰকাৰে লোৱা আঁচনি আৰু নীতিৰ শেষ ফলাফল কি হয় তাৰ বাবে সেই সময় অন্ত পৰালৈ অপেক্ষা কৰিব লাগিব। এটা শব্দৰে হিমন্ত বিশ্ব শৰ্মাৰ ২ বছৰীয়া কাৰ্যকালক ভাল বুলি প্ৰশংসাৰে উপচাই পেলাব যেনেকৈ নোৱাৰি বেয়া বুলি দলিয়াই দিয়াৰ সাহসো কাৰোৰে নাই।

মানুহে এই কাৰ্যকাল পৃথক পৃথক কাৰণত পৃথক পৃথক ভাৱে মূল্যায়ণ কৰি থ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁক শাসনক নিজস্ব ধৰণে নিশ্চয় মূল্যায়ণ কৰি লৈছে। চাকৰি, উন্নয়নৰ আঁচনি, মেডিকেল কলেজ, উৰণীয়া সেতু, দলং কেৱল এইবোৰৰ আধাৰতে এখন চৰকাৰৰ সফলতা নিৰ্ভৰ নকৰে।

শাসনত থকাৰ সময়ত সকলোৱে ভাল ভাল বুলি শলাগে। সেই ভাল বোৰলৈ চকু বেছিকৈ দিয়াতকৈ মুখ্যমন্ত্ৰীয়ে আন্তৰিক উপলব্ধিৰে তেওঁক সমালোচনা কৰাসকলৰ প্ৰতিহে দৃষ্টি দিয়া উচিত। এনে কৰিলে তেওঁৰ বোধগম্য হ'ব ক'ত, কি বিসংগতি ৰৈ গৈছে।

সেইবোৰৰ সংশোধনৰে আৰু অধিক আত্মপ্ৰত্যয়ৰে ৰাইজৰ সেৱাৰ মনোভাৱেৰে এজন সেৱকৰ ৰূপত এই ক্ষমতা চলাই নিলে মানুহে স্বত্বঃস্ফুটঃ ভাৱে জয়গান গাব। ইয়াৰ বাবে কৰিব নালাগে নাটক, নালাগে দিব ডাঙৰ ডাঙৰ আখৰেৰে বিজ্ঞাপন। সৰ্বসাধাৰণে অন্তৰৰ পৰা তেওঁৰ শাসনকালক ভাল বুলি শলাগিলে তাতকৈ আৰু বেলেগ স্বীকৃতি নালাগে। এতিয়া এইবোৰ ভাল বেয়াৰ মাজত ফিভটি-ফিভটি (50-50)।

খুচ ?
হিমন্ত চৰকাৰৰ দুবছৰত বিজেপিতো সৃষ্টি হৈছে নেকি দুই শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in