শিপা অবিহনে জীয়াই থাকিবনে জাতি ?

শিপা অবিহনে জীয়াই থাকিবনে জাতি ?
শিপা অবিহনে জীয়াই থাকিবনে জাতি ?

বিজ্ঞানৰ চমকপ্ৰদ উত্থানৰ পাছতে সমগ্ৰ পৃথিৱীখন গোলকীয় গাঁৱলৈ পৰিণত হোৱাত সাধাৰণতে আমি পশ্চিমীয়া সমাজ ব্যৱস্থ তথা পশ্চিমীয়া দেশবোৰৰ জীৱন ধাৰণৰ পদ্ধতিৰ প্ৰতি আকৃষ্ট হৈছোঁ। নিজৰ সভ্যতা, সংস্কৃতি, সমাজ ব্যৱস্থালৈ পিঠি দি এইদৰে তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতিক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত আমি হেৰুৱাই পেলাইছো নিজক।

এইদৰে আমি তেওঁলোকৰ মুক্ত জীৱন ধাৰণৰ ব্যৱস্থা তথা মুক্তি চিন্তাক অনুসৰণ ঠিকেই কৰিছো। কিন্তু তেওঁলোকৰ দৰে সংস্কৃতিবান কিমান হৈছোঁ? তেওঁলোকে যিদৰে আধুনিক চিন্তাৰ সমান্তৰালকৈ নিজৰ অতীতক গৌৰৱেৰে সোঁৱৰণ কৰিছে আমি তেনেকৈ সোঁৱৰণ কৰিব পাৰিছোনে?

২ নে ৩ বছৰৰ আগৰ কথা। তেজপুৰৰ ক'ৰ্টলৈ ব্ৰিটেইনৰ পৰা এখন পত্ৰ আহিছিল। এই পত্ৰখনৰ জৰিয়তে খবৰ লৈছিল কেইজোপামান গছৰ। তেজপুৰ ক'ৰ্টত ব্ৰিটিছসকলে ৰোপণ কৰি থৈ যোৱা গছবোৰ বৰ্তমান কি অৱস্থাত আছে তাৰ খবৰ লৈছিল। এতিয়া সেই গছবোৰ তেজপুৰ ক'ৰ্টৰ পৰিচয়। শতিকা পূৰ্বে ৰোপণ কৰা সাধাৰণ গছ পুলিৰো খবৰ ল'বলৈ নাপাহৰা ব্ৰিটিছৰ এই গুণ আমি কিমানে ল'বলৈ পাৰিলো?

এই কেইদিন সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এটা ভিডিঅ'। এগৰাকী যুৱতী আৰু এজন যুৱকৰ কথোপকথনৰ এই ভিডিঅ' দেখা মাত্ৰকে বহুতৰে গা পুৰিছে। বহুতেই তেওঁলোকক সামাজিক মাধ্যমত ট্ৰ'ল কৰিছে। নিজৰ শিপাৰ বিষয়ে নজনা এই দুই যুৱক-যুৱতী প্ৰকৃততে এটা প্ৰজন্মৰ প্ৰতিনিধি। প্ৰায়ে এনে কিছুমান ভিডিঅ' ভাইৰেল হয়।

এই প্ৰজন্মৰ এনে দুৰৱস্থাৰ বাবে কেৱল তেওঁলোক নিজেই দোষী নহয়। ইয়াৰ বাবে সমানেই জগৰীয়া তেওঁলোকৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষা ব্যৱস্থা। শিপা অবিহনে কোনো থিয় হৈ থাকিব নোৱাৰে; এই কথা তেওঁলোকক বুজাই কোনে।

ভাষা, সংস্কৃতি, ইতিহাস, ঐতিহ্য অবিহনে এটা জাতি কেনেকৈ জীয়াই থাকিব? আজিৰ প্ৰজন্মই যিমানেই নিজকে 'কুল' দেখাবলৈ নিজৰ ভাষা, সংস্কৃতি, ঐতিহ্যক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব সিমানেই যে তেওঁলোক অস্তিত্বহীন হৈ পৰিব সেই কথা আজি উপলব্ধি কৰিব নোৱাৰিলেও সময়ত ভালকৈয়ে কৰিব। কিন্তু সেই অৱস্থাত তেওঁলোকে প্ৰতিনিধিত্ব কৰা জাতিটোৰ কি অৱস্থা হ'ব? এই প্ৰশ্নই কিন্তু এতিয়া বহুতকে আমনি নকৰা নহয়।

আজি সমগ্ৰ অসমতে চৰকাৰীভাৱে, বিভিন্ন দল সংগঠনে অসম দিৱস পালন কৰিছে। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতিবছৰে ২ ডিচেম্বৰৰ দিনটোক অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি অহা হৈছে।

কিন্তু পৰিতাপৰ কথা হ'ল এই চুকাফাকে নাজানে আজিৰ প্ৰজন্মই। সৌ সিদিনা সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাওঁ অধিৱেশনত বাহিৰ কৰা বৰ্ণাঢ্য সাংস্কৃতিক শুভাযাত্ৰাত চাওলুং চুকাফাক চিনি নাপালে এগৰাকী ইউটিউবাৰ ৰূপী শিক্ষকে।

তাৰ কেইটামান দিন পিছতে আদিদ ৰহমান আৰু চাৰা চাংমা নামৰ দুই যুৱক যুৱতীয়ে এটা প’ডকাষ্টত আহোম জাতিক অপমানিত কৰিলে। কেৱল এয়াই নহয়, ইয়াৰ আগেয়েও চুকাফাক আক্ৰমণকাৰী আখ্যা দি আহোমসকলক বিদেশী আখ্যা দিয়াৰো উদাহৰণ নোহোৱা নহয়। ৰাজনৈতিক নেতায়ো বহু বিতৰ্কিত মন্তব্য কৰাৰ উদাহৰণ আছে।

প্ৰখ্যাত লেখক পদ্ম বৰকটকীৰ মতে চাওলুং চুকাফাই আছিল বৃহত্তৰ অসমীয়া জাতিৰ জনক তথা প্ৰথম অসমীয়া। ৯ হাজাৰ সেনা, তিনি হাজাৰ ঘোঁৰা, সম পৰিমাণৰ ঘোঁৰাচোৱা, এটাকৈ দতাঁল হাতী আৰু মাখুন্দী, ছোমদেওৰ মূৰ্তি আৰু চাৰিজন পূজাৰীক লৈ মাওলুং এৰি পাটকাই পৰ্বত পাৰহৈ চাওলুং চুকাফাই মৰান, বৰাহী, চুতীয়া আদিক থলগিৰী আখ্যাৰে নিজকে আলহী বিবেচনা কৰি ভাতৃত্ববোধেৰে নিজৰ বাবে এডুখৰ ভূমি আদায় কৰি লৈ প্ৰতিষ্ঠা কৰিলে ৰাজ্য। তাৰ পৰাই ক্ৰমান্বয়ে গঢ়লৈ উঠিল আহোম সাম্ৰাজ্য তথা বৰ অসম। গঢ়িলে অসমীয়া জাতি।

এই অসমীয়া জাতিয়েই এতিয়া অস্তিত্বৰ সংকটত ভূগিবলৈ আৰম্ভ কৰিছে। বিদেশী, বহি ৰাজ্যৰ লোকৰ কথ নকলোৱেই যেনিবা, জাতিটোৰ ভিতৰতে থকা এচামে নিজস্বতা ত্যাগ কৰি জাতিটোক ক্ষতি কৰাত জপিয়াই পৰিছে। ক্ষমতাৰ ৰাগীত যদি এচামে উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক লাভালাভৰ আশাত জাতিটোক বাৰে বাৰে আঘাত কৰিছে আন এচামে আকৌ হিন্দীবলয়ৰ পাকচক্ৰত পৰি ত্যাগ কৰিছে নিজস্বতা।

নিজৰ জাতিটোৰেই হ'ব নোৱাৰা এচাম আকৌ ওলাইছে বিশ্ব নাগৰিক হ'বলৈ। এনে দুৰৱস্থাৰ মাজতো চুকাফাক স্মৰণ কৰি জাকত জিলিকাকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম দিৱস বা চুকাফা দিৱস আয়োজন কৰা বিষয়টো অৱশ্যে যোগাত্মক চিন্তা বুলিবই পাৰি।

অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে টিংখাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম দিৱস পালন কৰিছে।

ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে সোণাৰিত আয়োজন কৰা হৈছে চুকাফা দিৱস। বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা চুকাফা দিৱসত চাওলুং চুকাফাৰ প্ৰতি সন্মান জনাই তেওঁৰ চিন্তা-চেতনাৰে বৰ অসমৰ এক চিত্ৰ দেখুওৱা হৈছে। যি চিত্ৰই প্ৰত্যক্ষদৰ্শীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

এই অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিলে এই বৰ্ষৰ চুকাফা সমন্বয় সাংস্কৃতিক বঁটা। ২০২৩ বৰ্ষৰ চুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান কৰা হৈছে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক।

বঁটা গ্ৰহণ কৰি তেওঁ চাওলুং চুকাফাৰ নাম জড়িত হৈ থকা এই বঁটাক বঁটা হিচাপে নলৈ চুকাফাৰ আশীৰ্বাদ হিচাপে লৈছোঁ বুলি কয়। ইয়াৰোপৰি তেওঁ আহোম যুগৰ আৰম্ভণি আৰু অসমীয়া জাতিগঠনৰ আৰম্ভণি চুকাফাৰ আগমণৰ পাছৰে পৰা আৰম্ভ হৈছিল বুলিও কয়।

অসম চৰকাৰৰ চৰকাৰী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি ৰাজ্যবাসীৰ মঙ্গল কামনাৰে ধৰ্মীয় পূজাতো অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চুকাফা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক,সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক। ইয়াৰোপৰি পদ্মশ্ৰী প্ৰহ্লাদ তাছা, লেখক তথা গৱেষক পুষ্প গগৈকে ধৰি অসমৰ সমাজ জীৱনলৈ বিভিন্ন অৱদান আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰৰ কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই দুই অনুষ্ঠানৰ উপৰিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৰু বৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসম দিৱস। চৰকাৰেই হওক বা আন সংগঠনেই হওক এনে কাৰ্যসূচী কেৱল অনুষ্ঠিত কৰিয়ে দায়িত্ব সামৰিলেই নহ'ব।

ইয়াৰ তাৎপৰ্যও ব্যাখ্যা কৰিব লাগিব। শৈক্ষিক বিষয়ত চুকাফা, বীৰ লাচিত, বীৰ চিলাৰায়, সতী সাধিনী, মূলা গাভৰু আদি বীৰ, বীৰাংগণাৰ বিষেয় অন্তৰ্ভুক্ত কৰিব লাগিব। চি বি এছ ইৰ পাঠ্যক্ৰমত এলাগী এই বিষয়বোৰ শীঘ্ৰেই সন্নিবিষ্ট কৰিবলৈ সৰ্বস্তৰতে দাবী উত্থাপন হোৱাটো অতি জৰুৰী। অন্যথা শিপা হেৰুওৱা আজিৰ প্ৰজন্ম যে এসময়ত জাতিৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিব সেয়া ধূৰুপ।

শিপা অবিহনে জীয়াই থাকিবনে জাতি ?
সোণাৰিত আয়োজিত চুকাফা দিৱসত উপস্থিত জয়ন্ত বৰুৱা : যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিব চুকাফা সমন্বয় সাংস্কৃতিক বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in