/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ff95bed5-e1db-419f-a363-b19a0c681512/289.jpg)
ডিজিটেল ডেস্ক : আজি চুকাফা তথা অসম দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে অসম দিৱসৰ বিভিন্ন কাৰ্য্যসূচী। ডিব্ৰুগড়ৰ টিংখাঙত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম দিৱস।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন,তৰংগ গগৈ,তেৰছ গোৱালা,বিনোদ হজৰিকাকে ধৰি ভালেকেইগৰাকী ব্যক্তি।
অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰঅসমৰ ভেটি গঢ়োতা,বীৰত্ব আৰু সাহসৰ দুৰ্জেয় প্ৰতীক স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণাম জনায়। লগতে চুকাফাৰ সন্দৰ্ভত ড০ শৰ্মাই বিস্তৃত বিৱৰণ দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dd789ba4-a34e-40f5-a2f4-def61b05120b/3d326200_df6d_4d91_8a1b_56422f603f87.jpg)
ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে সোণাৰিত আয়োজন কৰা হৈছে চুকাফা দিৱস। বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা চুকাফা দিৱসত চাওলুং চুকাফাৰ প্ৰতি সন্মান জনাই তেওঁৰ চিন্তা-চেতনাৰে বৰঅসমৰ এক চিত্ৰ দেখুওৱা হৈছে। যি চিত্ৰই প্ৰত্যক্ষদৰ্শীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/513454d5-f26e-45de-919a-0401b5f809fe/fd33265d_f600_44ad_a9d6_20753b8839c4.jpg)
আনহাতে এই অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিব এই বৰ্ষৰ চুকাফা সমন্বয় সাংস্কৃতিক বঁটা। ২০২৩ বৰ্ষৰ চুকাফা সমন্বয় সাংস্কৃতিক বঁটাৰ বাবে মনোনীত কৰিছে সাদিন-প্ৰতিদিনৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3eb2ef51-f205-436f-987e-d8655d2a4190/d8394434_6365_4e83_afa2_78582bf023a5.jpg)
ইতিমধ্যে সভাস্থলীত উপস্থিত হৈছেগৈ অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা অনুষ্ঠানৰ মধ্যমণি জয়ন্ত বৰুৱা। আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰিব গৌহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই বঁটাৰে সন্মানিত কৰা হৈছিল জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গক।
Also Read: ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ