প্ৰিয় নদী সোৱণশিৰি

প্ৰিয় নদী সোৱণশিৰি
প্ৰিয় নদী সোৱণশিৰি

সোণ পোৱা নদী সোৱণশিৰি। ক'ত শৈশৱ আৰু জীৱনৰ প্ৰাণস্পন্দন এইখন নদী। কোনে বাৰু ভাবিছিল এই নদীলৈ আহিব এনে দুৰ্ভাগ্য নামি। মৃত্যুৰ সৈতে যুঁজিব প্ৰিয় নদী সোৱণশিৰিয়ে।

এই নদীৰ বক্ষত নিৰ্মাণ কৰা নদী বান্ধেই কাল হ'ব এদিন। সেই সতৰ্কবাণীকো আওকান কৰাৰ পৰিণাম সকলোৱে দেখিছে আজি।ইতিহাস জৰ্জিৰত এই নদীতেইটো এদিন সোণ বুটলিবলৈ সোণোৱালক নিয়োগ কৰিছিল আহোম ৰজাই।

জৈৱ্য বৈচিত্ৰতাৰে ভৰপূৰ এই নদীৰ শিহুবোৰে উমলিছিল নিচিন্ত মনে। মাছে-কাছই ভৰপূৰ সোৱণশিৰিত এতিয়া মৰুভূমিৰ আগ্ৰাসন। নামনি সোৱণশিৰিত নিৰ্মাণ হোৱা নদী বান্ধত আৱদ্ধ কৰি থোৱা পানীয়ে তলৰ অংশলৈ মাতিছে ভয়ানক বিপদ।

ব্ৰহ্মপুত্ৰৰ প্ৰধান নদী সোৱণশিৰি। ২৭৫ মাইল ইয়াৰ দৈৰ্ঘ্য। তিব্বতৰ পৰা আৰম্ভ হোৱা এই নদী ব্ৰহ্মপুত্ৰৰে ডাঙৰ উপনৈ। যিখন নদীৰ অববাহিকাৰ কালি ১২,৬০০ বৰ্গ মাইল। চীন, অৰুণাচল আৰু অসমৰ মাজেৰে বৈ অহা এই নদী পৰিছেগৈ ব্ৰহ্মপুত্ৰত।

১৯৫০ চনৰ বৰ ভূঁইকপৰ সময়ত প্ৰকৃতিৰ বাবে সৃষ্টি হৈছিল অনুৰূপ পৰিস্থিতি। কোমল পাহাৰৰ মাটি খহি বন্ধ হৈছিল নদীৰ গতি। চাৰি দিনৰ পাছত কোবাল সোঁতে ভাঙি পেলাইছিল সেই বান্ধ। তচনছ কৰিছিল বহু গাওঁ, মৃত্যু হৈছিল হাজাৰ জন লোকৰ।

একেই দশা হ'ব নেকি আকৌ এবাৰ। এইবাৰ কাৰণ ভূমিকম্প নহয়। এইবাৰ গেৰুকামুখত নিৰ্মাণ কৰি থকা নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ কুপ্ৰভাৱ পৰিছে সোৱণশিৰিত।

আশংকা কৰাৰ দৰেই এই নদী বান্ধৰ বিদ্যুত উৎপাদন নৌহওঁতেই ঘটিছে অঘটন। পাহাৰৰ ভয়াৱহ ভূমিস্খলনৰ ডাইভাৰ্ছন টানেল বন্ধ হৈ পৰাত এই নদীখনৰ পানীৰ প্ৰবাহ ১৬০ কিলোমিটাৰলৈ বন্ধ হৈ পৰিল। যিখন নদীয়ে প্ৰতি ছেকেণ্ডত ১১ হাজাৰ ঘন মিটাৰ পানী কঢ়িয়াইছিল সেইখন নদীয়ে মাত্ৰ ১০ ঘন মিটাৰ পানী কঢ়িয়াই অস্তিত্ব ৰক্ষা কৰিবলগীয়া হৈছে।

চকুৰ সন্মুখতে এখন নৈৰ অকাল মৃত্যু সোৱণশিৰিৰ পাৰত থকা ৰাইজে দেখিলে। আৰু সেইখন নদীৰেই ভয়াবহ ৰূপ দেখিবলৈ হয়তো পাব সোৱণশিৰিপৰীয়া আৰু উপকণ্ঠ ৰাইজে। খলাৰিতে এই অৱস্থা। বাৰিষাৰ কালত অতিৰিক্ত পানী এই নদী বান্ধত জমা হোৱাৰ পাছত কেনে পৰিস্থিতি হ'ব পাৰে সেয়া কল্পনাৰো অগোচৰ।

মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে পানী উদং হ'ল। কিছু সময় আগলৈকে সাতুৰি থকা মাছ-কাছ আৰু আন জৈৱ বৈচিত্ৰবোৰেৰে ভৰা নদীখন অস্বাভাৱিক হৈ পৰিল। এইখন এখন নদীয়েই নহয়। এইখন জীৱন, জীৱিকাৰ সম্বল আছিল বহুতৰ।

বাৰে বাৰে কৈ থকা হৈছিল ইয়াত নদীবান্ধ নবনাব। কোমল মাটিৰে গঢ়া পাহাৰে সেই ভৰ ল'ব নোৱাৰিব। ভূমিকম্প প্ৰবণ এই অঞ্চলটোত এই বান্ধ জলবোমা হ'ব। কিন্তু কোনে শুনে এই চিৰ সত্যবোৰ?

আজি তাৰেই প্ৰতিফলন ঘটিছে প্ৰতিটো খোজত। লখিমপুৰ, ধেমাজি, মাজুলীৰ মানুহৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে । মূল নদীবান্ধৰ নিৰ্মাণৰ বাবে নদীখনৰ বাওঁফালৰ পাহাৰত পানী নিৰ্গমণৰ বাবে ৫ টা ডাইভাৰ্ছন টানেল নিৰ্মাণ কৰা হৈছিল।

সেই ৫ টা টানেলৰ ভিতৰত এটাহে কাৰ্যক্ষম হৈ আছিল। ২৭ অক্টোবৰ ২০২৩ ত পুৱা প্ৰায় ১১ বজাত খহি পৰে পাহাৰৰ মাটি। বন্ধ হৈ গ'ল সেই টানেলৰে পানীৰ নিৰ্গমণ। তাৰ দুঘণ্টাৰ পাছতে এই গতি হ'ল সোৱণশিৰিৰ।

নদীয়ে সভ্যতা গঢ়ে। সেই সভ্যতাক এতিয়া যান্ত্ৰিকতাই ধ্বংস কৰে। ৭৩ বছৰৰ পাছত সোৱণশিৰি দ্বিতীয়বাৰৰ বাবে শুকাল। দায়ি কোন ইয়াৰ বাবে? কোৱা হয় নদী নিৰবধি। শুকাই যোৱা নদীখন দেখি মানুহৰ বুকু হাহাকাৰ কৰি উঠিছে।

এন এইছ পি চিয়ে এটা বিবৃতি দিয়েই দায়িত্ব সামৰিছে। মূল বান্ধৰ স্পিল ৱে'ৰ স্তৰ সমুদ্ৰ পৃষ্ঠৰ পৰা ১৪৫ মিটাৰ। ৯৯৭ ঘন মিটাৰ প্ৰতি ছেকেণ্ডৰ পানী সেই স্থানত প্ৰবাহিত হৈ আছিল। কিন্তু সেই স্পীল ৱে'ৰ মাজেৰে নামনিলৈ পানী আহিবলৈ অপেক্ষা কৰিবলগীয়া হ'ল কেইবা ঘণ্টা সময়।

পানীৰ স্তৰ ১৪৫ মিটাৰলৈ বৃদ্ধি হ'লেহে বান্ধৰ স্পীল ৱে'ৰ মাজেৰে নামনিলৈ ব'ব পানী। সকলোবোৰ দেখিও এতিয়া কাৰো মুখত মাত নাই। এসময়ত প্ৰতিবাদ কৰাসকল এতিয়া ঘোৰ নিদ্ৰাত। নদীবান্ধৰ হৈ উকালতি কৰাসকলে আশা পালি আছে কেতিয়ালৈ সম্পূৰ্ণৰূপে আৰম্ভ হ'ব এই বিদ্যুত উৎপাদনৰ কাম।

এখন নদী এনেকৈয়ে হৈ পৰিছে এতিয়া মৰুভূমি। সেইখন নদীয়েই সোৱণশিৰি। প্ৰকৃতিৰ সৈতে মানুহে খেলা কৰা প্ৰাথমিক ফলহে এয়া। আৰু বা কি হয়? সেয়া সময়ে ক'ব। ভৱিষ্যতে জানে। প্ৰিয় নদী সোৱণশিৰিৰ এতিয়া এই গতি।

প্ৰিয় নদী সোৱণশিৰি
অখিলে এৰিব, লুৰিণে খেলিব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in