জোনমণিঃ এখন এজাহাৰেই কাল হ'ল নেকি?

জোনমণিঃ এখন এজাহাৰেই কাল হ'ল নেকি?
জোনমণিঃ এখন এজাহাৰেই কাল হ'ল নেকি?

মৃদুল কুমাৰ সন্দিকৈ

প্ৰশ্ন তিনিটা। হত্যা, আত্মহত্যা নে দুৰ্ঘটনা? সংবাদ মাধ্যমত সততে চৰ্চাত থকা এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক পৰ্যায়ৰ বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পাাছত এই প্ৰশ্ন উত্থাপন হৈছে। মাজনিশা জখলাবন্ধাৰ সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল এই আৰক্ষী বিষয়াগৰাকীয়ে।

প্ৰথমবাৰ জোনমণি ৰাভা চৰ্চালৈ আহিছিল এগৰাকী জনপ্ৰতিনিধিক প্ৰত্যাহ্বান জনোৱা এক ঘটনাক লৈ। জোনমণি ৰাভাক অনীতিগত ভাৱে এই কাম জনপ্ৰতিনিধিজনে কৰিবলৈ দিছিল। মোবাইল যোগে জোনমণি ৰাভাক বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় ভূূঞাই কৰা এই অনুৰোধ প্ৰত্যাখ্যান কৰি জোনমণি ৰাভাই বলিষ্ঠ ভাৱে উত্তৰ দিছিল- আপোনালোক মন্ত্ৰী, বিধায়কেই নিয়ম বনাই আৰু আমাক ভাঙিব কয়।

জোনমণি ৰাভাৰ এনে সাহসী উত্তৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাটো আচৰিত নাছিল। ''লেডি সিংঘম'' নামেৰেই কোনো কোনোৱে তেওঁক আখ্যা দিছিল। এক সাহস আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰতীক হিচাপে জোনমণি ৰাভাই পৰিচিত লাভ কৰিছিল।

কিন্তু সেই পৰিচিতি জোনমণি ৰাভাৰ বেছি দিনলৈ নাথাকিল। প্ৰেমিক ৰাণা পগাগৰ সৈতে মিলি মাজুলীত একাংশ লোকৰ ধন আত্মসাত কৰাৰ গোচৰত জোনমণি ৰাভাৰ নাম সাঙোৰ খাই পৰাত তেওঁ কাৰাগাৰলৈও যাবলগীয়া হয়।

অৱশ্যে জোনমণি ৰাভাই সেই অভিযোগ অস্বীকাৰ কৰি প্ৰেমিকে তেওঁৰ সুযোগ লৈ এই নেক্সাচৰ সৈতে জড়িত কৰা বুলি আত্মপক্ষক সমৰ্থন কৰিছিল। সময় অতিবাহিত হোৱাৰ লগে লগে মানুহেও জোনমণি ৰাভাক পুনৰ আগৰ দৰেই গ্ৰহণ কৰিলে।

জোনমণি ৰাভাৰ আছিল কামৰ প্ৰতি অত্যন্ত নিষ্ঠা, একে লেঠাৰিয়ে কাম কৰি যাব পৰা সাহসী এগৰাকী আৰক্ষী বিষয়া। সামাজিক, সাংস্কৃতিক দিশতো জোনমণি ৰাভৰ অংশগ্ৰহণ মন কৰিবলগীয়া।

অতি শেহতীয়াকৈ তেওঁ নগাওঁ জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰপ্ত বিষয়াৰ দায়িত্বত আছিল। জোনমণি ৰাভাৰ আছিল এটা শক্তিশালী নেটৱৰ্ক । সেই সূত্ৰে তেওঁ অপৰাধীক কৰায়ত্ব, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পুনৰ নিজৰ সাহসীকতাৰ পৰিচয় দিবলৈ আৰম্ভ কৰিছিল।

সাংবাদিকতাৰ পাঠ্যক্ৰম সাং কৰি আৰক্ষীত যোগদান কৰা জোনমণি ৰাভাই ১৫ মে' ২০২৩ ৰ নিশা তেওঁৰ এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ মাৰুতী এলট' বাহনখনেৰে নগাঁৱৰ দিশৰ পৰা জখলাবন্ধাৰ ফালে গৈ আছিল। নিশা প্ৰায় ডেৰ বজাত ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ কণ্টেইনাৰখনৰ সৈতে জোনমণি ৰাভাৰ বাহনখনৰ সংঘৰ্ষ হৈছিল।

স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্ন উঠিছে, মোবাইল ফোনটো ফ্লাইট মোডত থৈ এই মাজ নিশা ক'লৈ গৈ আছিল? কোনো কোনোৱে সন্দেহ কৰিছিল মাজুলী আদালতত চলি থকা গোচৰৰ সাক্ষদান আছিল ১৬ মে'ত? কিন্তু জানিব পৰা মতে এই মাজুলীত চলি থকা গোচৰৰ তাৰিখ আছিল ২৩ মে' ২০২৩ ত।

জোনমণিৰ মৰিকলঙৰ চৰকাৰী কোৱাৰ্টাৰত থকা মাকৰ মতে জোনমণি ৰাভাক নগাওঁ আৰক্ষী অধীক্ষকে তলৱ কৰিছিল। নিশা জোনমণিয়ে আন এগৰাকী বিষয়াৰ সৈতে কিবা এক গুৰুত্বপূৰ্ণ কামত ওলাই যাম বুলি কৈ থৈ গৈছিল।

কিন্তু যিগৰাকী আৰক্ষী বিষয়াৰ সৈতে যোৱাৰ কথা কৈছিল সেইগৰাকী আৰক্ষী বিষয়া জোনমণিৰ সৈতে নাছিল। জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা কিছু ফলমূলহে উদ্ধাৰ হৈছিল। কেনেকৈ জোনমণিৰ মৃত্যু হ'ল তাৰ উচিত আৰু সঠিক তদন্ত পৰিয়ালে বিচাৰিছে।

মুখ্যমন্ত্ৰীকো এই ঘটনাৰ উপযুক্ত তদন্তৰ বাবে জোনমণিৰ জ্যেষ্ঠ ভাতৃয়ে আহ্বান জনাইছে। তাৰ মাজতে চৰ্চালৈ আহিছে এটা ফেচবুক পোষ্ট। জোনমণিৰ কৰ্মৰত জিলাখনৰে এজন সাংবাদিকে জোনমণিৰ মৃত্যুৰ পূৰ্বে এই পোষ্ট দিছিল।

নিলোৎপল জেড বৰা নামৰ জ্যেষ্ঠ সাংবাদিকজনে এই পোষ্টটোক লিখিছিল- ''ভুলৰ পৰা তেওঁ শিক্ষা নল'লে। জে'লৰ পৰা ওলাই চাকৰিটো ঘূৰাই পায়েই আকৌ ঘোচ খোৱাত লাগিল। ঘোচ খাই আচামী এৰি আকৌ জে'ললৈ যোৱাৰ পথত। ভগৱানে দিয়া সুযোগৰ অপব্যৱহাৰ। সন্মুখত গোটেই জীৱনটো পৰি আছে। এটি সুন্দৰ কেৰিয়াৰ আছে। কিন্তু কেইটামান টকাৰ লোভত এইটো ভুল কৰিব নালাগিছিল। সামাজিক মাধ্যম, সংবাদ মাধ্যমত সকলোতে সমালোচিত হোৱাৰ পিছতো, জে'ললৈ যোৱাৰ পিছতো পুনৰ চাকৰি ঘূৰাই দিয়াৰ লগতে ভাল স্থানত নিযুক্তি দি কেৰিয়াৰ গঢ়াৰ সুযোগ দিছিল উচ্চ পদস্থ বিষয়াগৰাকীয়ে। পিছে টকাৰ লোভত সকলো পাহৰি আকৌ দুৰ্নীতিত নিমৰ্জ্জিত হ'ল। এনেকুৱা বিষয়াক লৈ দুৰ্নীতিগ্ৰস্ত অসম আৰক্ষী গঢ়া জানো সম্ভৱ? অতি সোনকালে বাতৰি সম্প্ৰচাৰ কৰিম। আনুষ্ঠানিক ঘোষণাৰ অপেক্ষাত আমি। ''

জোনমণিৰ বিৰুদ্ধে কি অভিযোগৰ সন্দৰ্ভত আৰু কোন উচ্চ পদস্থ বিষয়াই তেওঁক সুযোগ প্ৰদান কৰিছিল সেয়া সাংবাদিকগৰাকীয়ে জানিব। কিন্তু এইটো কথা পোহৰলৈ আহিছে যে মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হ'লেও জোনমণি ৰাভাক যিকোনো স্থানত অভিযান চলাবলৈ এক অলিখিত ক্ষমতা আৰক্ষী উচ্চতম মহলে তেওঁক দি থৈছে।

এতিয়া কেৱল এই কথা আগতীয়াকৈ উল্লেখ কৰা সাংবাদিকজনক বহুতে ইয়াৰ বাবে দায়ী কৰিব খুজিলেও সাংবাদিকজনে প্ৰকাশ কৰা তথ্য যে শুদ্ধ সেয়া পোহৰলৈ আহিছে। কিয়নো জোনমণি ৰাভা আৰু আন কেইবাজনৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত ১৫ মে', ২০২৩ ত গোচৰ ৰুজু হৈছিল।

এইবোৰ কথাৰ সৈতে জোনমণিৰ এই মৃত্যুৰ সম্পৰ্ক আছে নাই সেয়া তদন্তৰ বিষয়। কিছু দিনৰ পূৰ্বে জোনমণি ৰাভাই লখিমপুৰলৈ কাৰ নিৰ্দেশত অভিযান চলাবলৈ গৈছিল সেয়াও এক বিচাৰ্য বিষয়। কিয়নো নগাওঁ জিলাৰ এজন উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশতে জনৈক আজগৰ আলী নামৰ লোকজনক আটক কৰিবলৈ গৈছিল জোনমণি ৰাভাৰ নেতৃত্বত এটা দল।

কিন্তু অভিযোগ উঠিছিল সেই আজগৰ আলীক ৰহস্যজনক কাৰণত এৰি দিয়া হৈছিল। নকল সোণ, নকল টকা আদি সংক্ৰান্তীয় এক গোচৰত এই অভিযান চলাইছিল জোনমণি ৰাভাই। তাৰ পাছতে জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল।

আমিনা খাাটুনে দাখিল কৰা এই এজাহাৰখনত ৮ জনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এজাহাৰকাৰীয়ে। এজাহাৰত উল্লেখ কৰা মতে ৬ মে' ২০২৩ ত ৰাতি ২ বজাত তেওঁলোকৰ ঘৰলৈ আহিছিল জোনমণি ৰাভা।

কোনো কথা নোহোৱাকৈয়ে বিনা কাৰণত তেওঁৰ পুত্ৰ আজগৰ আলীক প্ৰহাৰ কৰিছিল সেই দলটোৱে। অভিযোগ কৰা মতে আজগৰ আলীৰ পত্নীৰ পৰা নগদ ৮০ হাজাৰ টকা, পান কাৰ্ড, ভোটাৰ আই ডি, সোণৰ কাণফুলি আদি সেই দলটোৱে কাঢ়ি নিছিল। লগতে আজগৰ আলীক তেওঁলোকে ঘৰৰ আটক কৰি লৈ গৈছিল।

এজাহাৰৰ অভিযোগ মতে এজাহাৰকাৰীৰ আন এজন পুত্ৰ আহমদ আলীৰ ব্যক্তিগত মাৰুতী ব্ৰীজা গাড়ীখনো তেওঁলোকে লৈ গৈছিল। পিছদিনা পুৱা ৬ লাখ টকালৈ গহপুৰস্থিত অৰুণাচল বাই পাছলৈ তেওঁলোকক যাবলৈ কোৱা হৈছিল। সেই মতে পিছদিনা জোনমণি ৰাভাক ৬ লাখ টকা দিয়াত মাৰুতী ব্ৰীজা আৰু তেওঁৰ পুত্ৰ আজগৰ আলীক এই দলটোৱে এৰি দিয়ে।

সেই ধনৰ ভিতৰত ৮০ হাজাৰ টকা ইউ পি আই যোগে ৮৬৩৮৫৩৭৫২০ নম্বৰত আদায় দিয়া বুলি উল্লেখ কৰা হৈছে এজাহাৰত। লগতে জোনমণি ৰাভাই এই বিষয়ে কোনো কথা আনৰ সৈতে আলোচনা কৰিলে মিছা গোচৰত ভৰিত গুলী মাৰি দিম বুলি ভাবুকি দি আহিছিল।

এই অভিযোগ কিমান সঁচা সেই সত্যতা আৰক্ষীৰ তদন্তত পোহৰৈ আহিব। কিন্তু এইটো ঠিক যে, লখিমপুৰ আৰক্ষীয়ে এই বিষয়টো সম্ভৱতঃ নগাওঁ আৰক্ষী অধীক্ষকক অৱগত কৰিছিল। লখিমপুৰ সদৰ থানাত ১৫ মে'ত ৰুজু কৰা গোচৰ নম্বৰ আছিল ১৮৩/২০২৩। ভাৰতীয় দণ্ডবিধিৰ 120 B, 395, 397, 342 আৰু 387 ধাৰাত ৰুজু হৈছিল গোচৰ।

জোনমণি ৰাভাক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে নগাওঁ আৰক্ষী প্ৰায় সাজু আছিল নগাওঁ আৰক্ষীৰে এক ভিতৰুৱা সূত্ৰত প্ৰকাশ। জোনমণি ৰাভাক কোনোবাই ব্যৱহাৰ কৰিছিল নেকি? আৰু আজি জোনমণি ৰাভা সেই শক্তিশালী চক্ৰটোৰ বলি হ'ল নেকি? মানসিক হেঁচা আৰু নিৰ্যাতন লগতে কাৰোবাক সন্তুষ্ট কৰিবৰ বাবে জোনমণি ৰাভাই এনে কিছু কাম কৰাৰ প্ৰয়োজন হৈছিল সেয়াও আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে পোহৰলৈ আহিব।

জোনমণি ৰাভাৰ মাহিয়েক সুৱৰ্ণ বড়োৱে অভিযোগ কৰিছে যে জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত তেওঁৰ মৰিকলঙৰ চৰকাৰী বাসগৃহত নগাওঁ আৰক্ষীৰ দলে অভিযান চলাইছিল। প্ৰশ্ন হয় কিয় এই অভিযান চলোৱা হৈছিল?

আত্মীয়ই লগতে দাবী কৰিছে, তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ১ লাখ টকা জব্দ কৰি নিছে। আৰক্ষীৰ এই পৰিকল্পিত অভিযান কিহৰ বাবে? নগাওঁ আৰক্ষীয়ে সেই অভিযানৰ কথা স্বীকাৰ কৰা নাই।

বহু প্ৰশ্ন ৰৈ গ'ল জোনমণিৰ মৃত্যুৰ পাছত। জোনমণিক কোনোবাই আত্মহননৰ বাবে বাধ্য কৰিলে নেকি? ব্যৱহাৰৰ পাছত বিপদৰ মুহূৰ্তত জোনমণিক এনেদৰে এই পথলৈ ঠেলি দিয়াৰ আঁৰত কোন কোন?

সেই প্ৰশ্নৰ উত্তৰহে এতিয়া প্ৰয়োজন। জোনমণি আৰু ঘূৰি নাহে। এগৰাকী সাহসী বিষয়াৰ অপমৃত্যু ঘটিল। ''লেডী সিংঘম'' বুলি পৰিচিতি লাভ কৰা জোনমণিৰ খাকী পোচাকত কোনে লগালে ক'লা দাগ? মৃত্যুৰ পাছতো জোনমণিক লৈ এতিয়া সৰৱ চৰ্চা। পুনৰ বিতৰ্ক, সঁচাই জানো জোনমণি এনে আছিল?

মৃত্যুৰ পূৰ্বে জোনণি ৰাভাই তেওঁৰ হোৱাটছএপৰ ডিপি ক'লা কৰিছিল। কিন্তু কিয়? সেয়া জোনমণিৰ হতাশাৰ বৰ্হিপ্ৰকাশ নে কাৰোবাৰ প্ৰতি চূড়ান্ত ক্ষোভৰ প্ৰতিফলন আছিল?

জোনমণিঃ এখন এজাহাৰেই কাল হ'ল নেকি?
দুঃসংবাদ, পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in