
ডিজি়টেল ডেস্কঃ
আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু ।
কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ ।
সৰুভগীয়াৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ।
নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল উপ-পৰিদৰ্শক ৰাভা ।
সোমবাৰে নিশা এখন তীব্র বেগী কণ্টেইনাৰ ট্রাকত খুন্দা উপ-পৰিদৰ্শক গৰাকীৰ বাহনৰ ।
দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে থিতাতে নিহত জোনমণি ৰাভা ।
ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ।
পুৱতি নিশাই ঘটনাস্থলীত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে ।
জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ ।