উশৃংখল 'শৃংখল' !

উশৃংখল 'শৃংখল' !
উশৃংখল 'শৃংখল' !

মৃদুল কুমাৰ সন্দিকৈ

শৃংখল চলিহাই ভুল কৰিছিল। অসমীয়া মানুহৰ সংস্কাৰত, আচৰণত এইবোৰ দুষ্কাৰ্য বা দুৰ্ব্যৱহাৰৰ স্থান নাই। কোনো সভ্য মানুহে আন কাৰো মুখলৈ থু নিক্ষেপ নকৰে। সেই কথা ক'বলৈ কুণ্ঠাবোধ নকৰিও এই কথা ক'বলৈ অসমীয়া মানুহৰ নিশ্চয় সাহস হ'ব যে, শৃংখল চলিহা সন্ত্ৰাসবাদী নহয়।

দেশৰ নিৰাপত্তাৰ বাবে জাতি আৰু মাটিক প্ৰাণ ভৰি ভাল পোৱা এই যুৱ নেতাজন ভাবুকিৰ কাৰণ হ'ব নোৱাৰে। এটা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শৃংখল চলিহাৰ ওপৰত পুলিচ চৰকাৰে তাৰা গোচৰৰ সংখ্যাৰ সীমা নাই।

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক গৰাকীক ২ মে'ৰ পুৱা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ব্যৱসায়ী আংকুশ কাডিয়াই অভিযোগ তুলিছিল চলিহাই লগত কেইবাগৰাকী সংগী লৈ ৰঙালী বিহুৰ চান্দা বিচাৰি গৈছিল।

শিৱসাগৰ ষ্টেচন চাৰিআলিত থকা কাডিয়াৰ দোকানত ৩৮ সংখ্যক ৰঙালী বিহুৰ বাবে এখন নিমন্ত্ৰণী পত্ৰ দি ১০০০ টকাৰ এখন বৰঙণি পত্ৰ দি গৈছিল ২৬ এপ্ৰিলত। শিৱসাগৰৰ সেই ব্যৱসায়ীজনৰ মতে ২৮ এপ্ৰিলত তেওঁলোকে সেই বৰঙণি নিবলৈ আহিছিল আৰু সেই বৰঙণি দিব নোৱাৰো বুলি কোৱাত দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিল।

আৰক্ষীক ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে বৰঙণি নিদিয়াত শৃংখল চলিহাই উত্তেজিত হৈ তেওঁৰ মুখলৈ থু পেলোৱাৰ লগতে আশ্ৰাৱ্য ভাষাত গালি-গালাজ পাৰিছিল। সেই অভিযোগ অনুসৰি আৰক্ষীয়ে ৰুজু কৰা গোচৰত ভাৰতীয় দণ্ড বিধিৰ ৪৪৭/৩৮৪/৩৫২/৪২৬/২৭০/২৯৬/৫০৫/৩৪০ ধাৰা সন্নিৱিষ্টৰে ৰুজু কৰিছিল ৬৩/২৩ নম্বৰৰ এটা গোচৰ।

এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চিলাহক। কিন্তু স্বাস্থ্য পৰীক্ষাৰ অন্তত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে জামিন মঞ্জুৰ কৰাত শৃংখল চলিহাৰ মুকলিৰ বাট প্ৰশস্ত হৈছিল। কিন্তু ২ মে'ৰ দিনা সময় পাৰ হৈ যোৱাত ৩ মে'ৰ দিনা জামিনৰ সকলো কাম-কাজ হৈ যোৱাৰ পাছত কাৰাগাৰৰ পৰা বাহিৰলৈ ওলোনা শৃংখল চলিহাক শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে।

পুৰণি গোচৰত আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বুলি জনোৱাৰ লগতে এই খবৰো বিয়পি পৰিল যে, নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে অৱশ্যে বহু দেৰিলৈকে কোনো কথাই আনুষ্ঠানিক ভাৱে প্ৰকাশ নকৰিলে।

শৃংখল চলিহাৰ উশৃংখল কাম-কাজ বহু সময়ত জাতিটোৰ বাবে হানিকাৰক হৈ পৰে। উগ্ৰ জাতীয়তাবাদৰ এইবোৰ কৰ্মকাণ্ডই জাতিটোকেই বদনাম কৰে। কিন্তু একেই আৰক্ষীয়ে থলুৱা যুৱক তথা জাতীয় সংগঠনৰ নেতাৰ ওপৰত আক্ৰমণ চলোৱা, গালত প্ৰচণ্ড চৰ সোধোৱা বিতৰ্কিত ঠিকাদাৰক ঠিকেই জামিনত মুকলিৰ ব্যৱস্থা কৰি দিলে।

শৃংখল চলিহা সন্দৰ্ভত বা তেওঁৰ সমৰ্থনত লিখাৰ প্ৰয়োজন নাথাকিলে হেতেন যদিহে আৰক্ষী বা চৰকাৰে এই দুই অপৰাধীৰ ক্ষেত্ৰত পৃথক ভূমিকা পালন নকৰিলেহেতেন। কৰিবনলগা আচৰণ শৃংখল চলিহাই কৰিছে।

কোনোবাই তেওঁক সমৰ্থন কৰিছে, কোনোবাই তেওঁ সমালোচনা কৰিছে। কিন্তু শৃংখল নামৰ এই যুৱ নেতাজনৰ যি জাতীয় সত্বা সেই সত্বাক বিস্ফোৰণ ঘটিব পৰা পৰিৱেশ কোনে সৃষ্টি কৰিছে সেয়াও ভাবিবলগীয়া।

মুকলিকৈ কথা ক'ব পৰা সাহস, প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ মানসিক প্ৰস্তুতি শৃংখল চলিহাৰ আছে। এই কথা কোনোবাই অভিযোগ কৰিলেও মানি ল'ব নোৱাৰি যে, শৃংখল চলিহাক কাৰাগাৰত ভৰাই থলেই সকলো সমস্যাৰ সমাধান হ'ব।

তেওঁ কৰা আচৰণৰ বাবে তীব্ৰ সমালোচনা আৰু গৰিহণা দিও থলগীৰি অসমীয়া মানুহৰ আৱেগ, অনুভূতিক কোনোবাই ভৰিৰে লাট মাৰিলে ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদী কণ্ঠ বা প্ৰতিবাদ অনুৰূপ ধৰণে হ'বই। ই স্বাভাৱিক।

থলুৱাৰ ওপৰত ৰাজনৈতিক, সামাজিক অৰ্থৈনিতিক আগ্ৰাসন আৰু আক্ৰমণে জাতিটোক নিশকটীয়া কৰাৰ সময়ত আৱাজ দিবলৈ আমাক মানুহ লাগিব। এইটো হয় যে, জাতিৰ প্ৰতি থকা অত্যাধিক আৱেগৰ ফলত শৃংখল চলিহাই বহু বিতৰ্কৰ সৃষ্টিৰ অৱকাশ দিছে।

অৱশ্য তেওঁ সেই আৱেগক মূলধন হিচাপে লৈ সঠিক আৰু সৱল বুনিয়াদেৰে জাতীয় ঐক্য আৰু সমৃদ্ধিৰ বাবে জাতীয় কণ্ঠ হোৱাৰ সুযোগ আছে। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিবলৈ এখন এজাহাৰেই যথেষ্ট হ'ল।

কোনো ধৰ্ণা,আন্দোলন কৰিবলগীয়া নহ'ল। কিন্তু এজন থলুৱা খিলঞ্জীয়া যুৱকক দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই প্ৰচণ্ড চৰ সোধোৱা সেই ব্যৱসায়ীজনক গ্ৰেপ্তাৰৰ বাবে কিমান প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল ৰাইজে দেখিলে।

চৰকাৰ কৈছে চান্দা সংস্কৃতি বেয়া। ৰাইজেও সেয়া অনুভৱ কৰিছে। জাতীয় সংগঠনসমূহেও ইয়াক স্বীকাৰ কৰি সেই অভ্যাস পৰিত্যাগ কৰা উচিত। এই বৰঙণি সংস্কৃতি কিন্তু ৰাজনৈতিক দলবোৰেও ত্যাগ কৰাৰ প্ৰয়োজন।

আজিৰ তাৰিখত কোন ৰাজনৈতিক দলে শ-শ, হাজাৰ-হাজাৰ কোটি টকা বৰঙণি আদায় লয় সেয়াও তাৎপৰ্য আৰু বিচাৰ্য বিষয় নহয় নে? শৃংখল চলিহাক সমালোচনা কৰাসকলে নিশ্চয় এই কথাও ভাবিব বা প্ৰতিবাদ কৰিব যে, ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰা চান্দা বা বৰঙণিও তুলসী পানীত ধোৱা নহয়।

শৃংখল চলিহাই ঘৰত এক পৰিৱেশ পাইছে। তেওঁৰ পিতৃ প্ৰণৱজিৎ চলিহা। অসম আন্দোলনৰ এজন অগ্ৰণী নেতা। বহুতৰ বাবে তেওঁ ৰমুদা। এইজন মানুহে অসম আন্দোলনৰ সময়ত কাৰাগাৰতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল।

কেৱল অসমতেই নহয়, ৰাজ্যৰ বাহিৰৰৰ কাৰাগাৰতো তেওঁক বন্দী কৰি থোৱা হৈছিল। অসম আন্দোলনৰ অন্তত আছুৰ বহু নেতা মন্ত্ৰী, বিধায়ক হ'ল। আছুৰ নেতৃত্বই চৰকাৰ গঠন কৰাৰ পাছত সা-সুবিধা লৈ বিলাসী জীৱনৰ গৰাকী হৈ পৰিল।

জাতি আৰু মাটিৰ প্ৰতি তীব্ৰ দায়িত্ববোধ থকা মানুহজন তেনেকৈয়ে থাকি গ'ল। সা-সুবিধা দিবলৈ বিচাৰিলেও সেই সুবিধা তেওঁ কোনো দিনেই গ্ৰহণ নকৰিলে। ঔষধ খাবলৈও কেতিয়াবা ধনৰ অভাৱ হয়। কিন্তু তেওঁ স্বাভিমান নেৰিলে।

কিবা সুবিধা পাম বুলি তেওঁ অসম আন্দোলন কৰা নাছিল। এয়াই আছিল তেওঁৰ জীৱনৰ অন্যতম মূল মন্ত্ৰ। পৰিয়াল পোহপাল দিবলৈ গেৰেজ খুলিলে। জাতিক বিশ্বাসঘাটক নকৰিলে। কাৰোৰে ওচৰত তেওঁ হাত নাপাতিলে। সেই আদৰ্শ শৃংখল চলিহাই ওচৰৰ পৰাই দেখিছিল আৰু পাইছিল।

জাতিৰ প্ৰতি সেই তীব্ৰ দায়িত্ববোধ লৈ থকা শৃংখল চলিহাক গালি পাৰক। তেওঁৰ ভুলবোৰ আঙুলিয়াই দিয়ক। কিন্তু তেওঁক সন্ত্ৰাসবাদীৰ দৰে কোনোবাই আচৰণ কৰাৰ কাৰবাৰৰো বিৰোধিতা কৰাৰ প্ৰয়োজন আছে।

শৃংখল চলিহাক লৈ বহু কথাই আলোচনা হয়। আৱেগক শৃংখল চলিহাই ধৰি ৰাখিব নোৱাৰে। বহুতেই কৈছে, তেওঁৰ এই জাতীয় স্বাভিমানে আমাৰ বিপদত পেলাব। কিন্তু এইটোও সত্য যে, জাতিৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে কোনোবাইতো মাত মাতিব লাগিব।

অৱশ্যে সেয়া হ'ব লাগিব ৰুচি সন্মত। ষড়যন্ত্ৰৰ জালেৰে শৃংখল চলিহাক কাৰাগাৰত বন্দী কৰাৰ বহু অৱকাশ আৰু সূত্ৰ আৰক্ষীৰ ওচৰত নিশ্চয় আছে। আইনৰ দোহাই দি সেইবোৰৰ ব্যৱহাৰেৰে কাৰাগাৰত শৃংখল চলিহাক ভৰাই এজন অসমীয়াৰ কণ্ঠস্বৰ আৰু বাকস্বাধীনতাক আৰক্ষী, চৰকাৰে জানো চিৰ দিনৰ বাবে লেকাম লগাই বন্ধ কৰি দিব পাৰিব? সেই কথাও ভবাৰ সময় এতিয়া।

উশৃংখল 'শৃংখল' !
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in