শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক...

শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক...
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক...

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহা। শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীৰ মুখত থুওৱাৰ অভিযোগ উত্থাপন হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ বিৰুদ্ধে।

সেই অভিযোগৰ ভিত্তিতে তেওঁক শিৱসাগৰল আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল আৰু তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙ্গলবাৰে শিৱসাগৰত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ খবৰ অনুসৰি শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে আন কেইবাজনো সতীৰ্থৰ সৈতে বিহুৰ চান্দা তুলিবলৈ গৈছিল।

তাৰ মাজতে শৃংখল আৰু ব্যৱসায়ীগৰাকীৰ মাজত কথাৰ কটাকটি আৰম্ভ হয়। ইয়াৰ মাজতেই অনা-অসমীয়া ব্যৱসায়ীগৰাকীৰ মুখত থুৱাই দিয়াৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে।

অভিযোগ উত্থাপন কৰা এই ব্যৱসায়গৰাকী অংকুশ কেডিয়া। ব্যৱসায়ী অংকুশ কেডিয়াৰ অভিযোগৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক প্ৰথমে আটক আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তেও প্ৰকাশ কৰিছে।

শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক...
বিহুৰ চান্দা তুলিবলৈ গৈ ব্যৱসায়ীৰ মুখত থুৱালে শৃংখলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in