ৰাহুল নহয়, মমতা-নীতিশৰ ওপৰতেই কেচিআৰৰ ভৰসা...

ৰাহুল নহয়, মমতা-নীতিশৰ ওপৰতেই কেচিআৰৰ ভৰসা...
ৰাহুল নহয়, মমতা-নীতিশৰ ওপৰতেই কেচিআৰৰ ভৰসা...

তুষাৰ প্ৰতিম

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে শাসক, বিৰোধী সকলো। ২০২৪ ত অনুষ্ঠিত হ'ব অষ্টাদশ লোকসভাৰ নিৰ্বাচন। তাৰ পূৰ্বে আছে কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন।

১০ মে'ত অনুষ্ঠিত হ'ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। তাৰ পৰৱৰ্তী পৰ্যায়ত চলিত বৰ্ষতে শেষৰ ফালে আছে ছত্তিশগড়, মধ্যপ্ৰদেশ, মিজোৰাম, ৰাজস্থান, তেলেংগানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচন।

এই ৰাজ্য কেইখনৰ বিধানসভাৰ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল বুলি ধৰিব পাৰি। এই ৰাজ্য কেইখনৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰতেই বহুখিনি নিৰ্ভৰ কৰিব লোকসভাৰ নিৰ্বাচন।

বৰ্তমান কৰ্ণাটক আৰু মধ্যপ্ৰদেশত শাসনত আছে বিজেপি। ছত্তিশগড় আৰু ৰাজস্থানত শাসনত আছে কংগ্ৰেছ। মিজোৰামত আছে মিজো নেশ্যনেল ফ্ৰণ্টৰ চৰকাৰ। এই চৰকাৰ এন ডি এৰ অংশীদাৰ। আনহাতে তেলেংগানাত আছে ভাৰত নিৰ্মাণ সমিতিৰ চৰকাৰ।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য তীব্ৰত্তৰ হৈছে। শাসনাধিস্ত বিজেপি তথা বিৰোধীয়ে ৰাজ্যখনত প্ৰচাৰ কাৰ্যত নামি পৰাৰ লগতে ৰেলী বাহিৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী সকলোৱে ইয়াত প্ৰচাৰ চলাইছে।

সেইদৰে মধ্যপ্ৰদেশতো আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। একেই কুচকাৱাজ চলিছে তেলেংগানাকে ধৰি আন আন ৰাজ্য কেইখনত। ৰাজস্থানত শাসনাধিস্ত কংগ্ৰেছৰ মাজতেই চলি আছে খোৱা-কামোৰা।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ৰাজ্য কেইখনৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিত গ্ৰহণ কৰিছে এক মুখ্য ভূমিকা।

তেওঁ বিজেপি বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে তৎপৰ হৈ পৰিছে। কেৱল সেয়াই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকল্পৰ সন্ধানতো নামি পৰিছে। তেওঁ বিচাৰি উলিয়াইছে নৰেন্দ্ৰ মোডীৰ বিকল্প।

তেলেংগানাত শাসনত থকা ভাৰত নিৰ্মাণ সমিতি চমুকৈ বি আৰ এছৰ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও বিৰোধী মিত্ৰজোঁট গঠনত গুৰুত্ব প্ৰদান কৰিছিল। অৱশ্যে তেতিয়াৰ মিত্ৰজোঁট আৰু এতিয়া গঠন কৰিবলগীয়া ঐক্যবদ্ধ মিত্ৰজোঁটৰ মাজত আছে বহু প্ৰাৰ্থক্য ।

২০১৯ ত কে চি আৰে অবিজেপি আৰু অকংগ্ৰেছী মিত্ৰজোঁট গঠনৰ পোষকতা কৰিছিল। কিন্তু বিজেপিৰ উত্থান আৰু কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত ত্ৰস্তমান কে চি আৰে এইবাৰ মিত্ৰজোঁট গঠনৰ স্বাৰ্থত ত্যাগ কৰিবলৈ উলাইছে তেওঁৰ পূৰ্বৰ ৰাজনৈতিক স্থিতি।

তেলেংগানাত বি আৰ এছ চৰকাৰৰ প্ৰধান শত্ৰু কংগ্ৰেছ। ২০১৯ ত বিৰোধী মিত্ৰজোঁট গঠনত কে চি আৰে কংগ্ৰেছৰ অংশগ্ৰহণৰ বিৰোধিতা কৰিছিল। কিন্তু এইবাৰ তেওঁ কংগ্ৰেছৰ অংশগ্ৰহণৰ বিৰোধিতা কৰা নাই। বৰঞ্চ কংগ্ৰেছক এই মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ হে আহ্বান জনাইছে।

অৱশ্যে কংগ্ৰেছ ঐক্যবদ্ধ বিৰোধীৰ অংশীদাৰ হ'লেও ইয়াৰ নেতৃত্বত গান্ধী পৰিয়াল থকাটো বিচৰা নাই। তেওঁ বিচাৰিছে অকংগ্ৰেছী কোনো এজন শক্তিশালী নেতা হওক এই ঐক্যবদ্ধ বিৰোধীৰ নেতা।

তেওঁৰ মতে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে। ৰাহুল গান্ধী ইতিমধ্যে পৰাজিত নেতা হিচাপে প্ৰতিষ্ঠিত হৈছে। ৰাহুল গান্ধীক দেশবাসীয়ে নেতা হিচাপে মানি লোৱা নাই। আনকি তেওঁ কংগ্ৰেছ দলৰ কোনো শীৰ্ষ পদতো নাই।

সেয়ে তেওঁ বিচাৰিছে এই ঐক্যবদ্ধ বিৰোধীৰ নেতৃত্ব এনে এজন নেতাৰ হাতত অৰ্পণ কৰা হওক যি ৰাজনীতিত সফলতা লাভেই নহয়, দেশবাসীৰ সন্মুখত এক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হিচাপে পৰিচিত। আৰু সেই গুণ বিচাৰি পাইছে দুগৰাকী মুখ্যমন্ত্ৰীৰ ওচৰত।

কে চি আৰৰ প্ৰথম পচন্দৰ মুখ হৈছে মমতা বেনাৰ্জী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওচৰত বিজেপি ধাৰাসায়ী হৈছে। বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও বংগত মমতা বেনাৰ্জীক পৰাভূত কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ ধাৰাবাহিক ভাৱে বংগ নিজৰ দখলত ৰাখিছে।

আনহাতে কে চি আৰৰ দ্বিতীয় পচন্দৰ ব্যক্তি হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। নীতিশ কুমাৰৰ ৰাজনৈতিক দক্ষতা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ বাবেই এন ডি এ ত্যাগ কৰি নিশাটোৰ ভিতৰতে বিহাৰত অবিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকল্প হিচাৰে তেওঁ অন্যতম এজন উপযুক্ত ব্যক্তি।

নিজৰ ৰাজনৈতিক স্থিতি সলনি কৰি হ'লেও ঐক্যবদ্ধ মিত্ৰজোঁট গঠনত গুৰুত্ব দিয়া কে চি আৰৰ কন্যা তথা প্ৰাক্তন সাংসদ কে কবিতা দিল্লী সুৰা কেলেংকাৰীত জড়িত হৈ পৰিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে তদন্তকাৰী সংস্থাসমূহক এইদৰেই বিজেপি বিৰোধী ৰাজনৈতিক দলৰ শক্তিশালী নেতা তথা দল-সংগঠনৰ নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সেয়ে বিজেপি আৰু বিজেপি চৰকাৰৰ এনে হেঁচাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া এইসকল বিৰোধী নেতাৰ বাবে বিজেপিক পৰাভূত কৰাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ পৰিছে। সেয়ে আঞ্চলিক ৰাজনীতিৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ৰাজধানীত অধিক মনোনিৱেশ কৰিছে এইসকল ৰাজনীতিবিদে।

এতিয়া সময়েহে ক'ব বিজেপি বিৰোধী এই মিত্ৰজোঁটে কি ফালফল দেখুৱাই ২০২৪ৰ লোকসভা নিৰ্বাচন। অৱশ্যে তাৰো পূৰ্বে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিধানসভা নিৰ্বাচন সমূহক এইসকল ৰাজনৈতিক দলে ছেমি ফাইনেল হিচাপে লৈ বিজেপিক পৰাভূত কৰিবলৈ পৰীক্ষামূলক ভাৱে এক কাৰ্যপন্থা হাতত ল'ব পাৰে।

অৱশ্যে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ মাজত তেনে কোনো বিশেষ কাৰ্যপন্থা পৰিলক্ষিত হোৱা নাই। বহু বিৰোধী ৰাজনৈতিক দলে পোষকতা কৰিছে ঐক্যবদ্ধ বিৰোধী শিবিৰত কংগ্ৰেছে নিজৰ শক্তি অনুসৰি ঠাই দখল কৰক তাত কাৰো আপত্তি নাই।

কিন্তু আন শক্তিশালী ৰাজনৈতিক দলবোৰকো তেওঁলোকৰ শক্তি অনুসৰি স্থান মুকলি কৰি দিয়ক। তেতিয়াহে সকলোৰে লগত ন্যায় কৰা হ'ব আৰু যিবোৰ কাৰ্যব্যৱস্থা হাতত ল'ব সেয়া ফলপ্ৰসু হ'ব। বিজেপিৰ শাসনৰ প্ৰতি মোহভংগ হোৱা ৰাইজৰো হয়তো সেই কথাই হ'ব।

আজিৰ তাৰিখত কংগ্ৰেছৰ শক্তি পূৰ্বৰ তুলনাত বহু হ্ৰাস পালে। কংগ্ৰেছে হেৰুওৱা বিশ্বাসযোগ্যতা এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। দলটোৱে মুখামুখী হৈ অহা বিপৰ্যয়ৰ পাছতো নিজ দলৰেই একাংশই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ দলটোৰ অধিক ক্ষতি কৰাতহে লিপ্ত হৈছে।

কংগ্ৰেছৰ ভাল দিনত দলটোৰ পৰা সকলোখিনি আদায় কৰা এই নেতাবোৰে দলটোৰ বিপদত দলত্যাগ কৰি শাসক পক্ষৰ ভৰিত পৰিছে অথবা শাসকীয় বিজেপিৰ এজেণ্ট হিচাপে থাকি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এইসকল বিশ্বাসঘাটকৰ বাবেই শতিকা প্ৰাচীন দলটোৱে এতিয়া যেনেতেনে উশাহ লৈ জীয়াই থকাৰ দৰে পৰিস্থিতিৰ সূচনা হৈছে।

গতিকে স্বাভাৱিকতে কংগ্ৰেছে কিছু ত্যাগ কৰি অথবা বিৰোধী ৰাজনৈতিক দলবোৰে ঐক্যবদ্ধ মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ বাবে কিছু এৰাধৰা কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। অন্যথা শক্তিশালী বিজেপিক ৰোধ কৰাৰ যি পৰিকল্পনা সেয়া সাৰ্থক নহ'ব সেয়া নিশ্চিত।

ৰাহুল নহয়, মমতা-নীতিশৰ ওপৰতেই কেচিআৰৰ ভৰসা...
৫০০ টকা উৎকোচ লোৱা আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জি পি সিঙৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in