/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d04add96-c192-453e-b423-a2b6542d22aa/AP_FOR_WEB_NEW____bikhekh_lekha__3_.jpg)
ৰংঘৰহে 'ৰাজনীতিৰ ঘৰ' নহয়...
মৃদুল কুমাৰ সন্দিকৈ
সকলোতে জানো ৰাজনীতি কৰাৰ প্ৰয়োজন আছে? ৰাজনীতিৰ উৰ্ধ্বলৈ গৈয়ো কিছু কাম কৰিব পাৰিব। তেনে পদক্ষেপে এক সুস্থ জাতি আৰু এখন সৱল দেশৰ পৰিচয় দাঙি ধৰে। ধৰ্মীয় চেতনাৰে সাধাৰণ লোকক ৰাজনীতিৰ মেৰপাকত বন্দী কৰিবলৈ আৰু কিমান দিনলৈ আমি এইবোৰ কাম কৰি যাম?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশেষ অনুষ্ঠান 'মন কি বাত'। ইয়াত কেৱল ৰাজনীতি নাথাকে। এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰমূল্যবোধৰ আধাৰত দেশবাসীক অনুপ্ৰাণিত কৰিব পৰা বহু কথা থাকে। এই কথাবোৰ ৰাজনীতিৰ বা ক্ষমতাকেন্দ্ৰিক প্ৰৱণতাৰ পৰা মুক্ত।
প্ৰায় ৫০০ লোকক মন কি বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীৰ আদৰ্শ হ'ব পৰাকৈ তুলি ধৰিছে। ২০১৪ চনৰ ৩ অক্টোবৰত প্ৰথমবাৰৰ বাবে মন কি বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিছিল। প্ৰতি মাহৰ শেষৰটো ৰবিবাৰে আকাশবাণীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে মন কি বাতত যিবোৰ কথা কৈছিল সেইবোৰ প্ৰাসংগিক, উৎসাহ পূৰ্ণ আৰু প্ৰেৰণামূলক।
৩০ এপ্ৰিল ২০২৩। ১০০ টা খণ্ডৰ মন কি বাতত দেশবাসীক সম্বোধন কৰিবলৈ সাজু হৈছিল প্ৰধানমন্ত্ৰী। প্ৰায় ৪ লাখ কেন্দ্ৰত দেশজুৰি দেশবাসীয়ে তেওঁৰ কথা শুনিব। এটা ঐতিহাসিক ক্ষণ ৰূপে ইয়াক প্ৰতিষ্ঠা কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
মন কি বাত এটা জনপ্ৰিয় অনুষ্ঠান। দেশৰ ৯৬ শতাংশ লোকে মন কি বাত অনুষ্ঠান শুনিছে বা শুনে। প্ৰবাসী ভাৰতীয় সকলেও ১০০ খণ্ডৰ মন কি বাত শুনিবৰ বাবে অপেক্ষা কৰিছে। আহোম শাসনকালৰ ঐতিহ্যৰ প্ৰতীক ৰংঘৰ চৌহদতো হেনো বিজেপি নেতা, কৰ্মীয়ে মন কি বাত অনুষ্ঠান শুনিবলৈ সমবেত হ'ব।
সজাই পৰাই তোলা হ'ল ৰংঘৰ চৌহদ। শুকুৰবাৰৰ নিশা উজলি উঠিল ৰংঘৰ। ৰংঘৰ নহয় যে, ব্ৰুজ খালিফাহে। পোহৰৰ মায়াজালে ৰংঘৰৰ চৌপাশ আলোকিত কৰি তোলা হ'ল। আৰম্ভ হ'ল লেজাৰ লাইট শ্ব'। কিন্তু এয়া কি?
ৰংঘৰত ৰংঘৰকেই এয়া কি ৰূপত প্ৰদৰ্শিত কৰা হ'ল, তাক লৈ মানুহ অবাক হৈ পৰিল। আহোম ঐতিহ্যত সনাতনি চেতনাৰে ইমান আঘাত হনাৰ সাহস কেনেকৈ হ'ল। ৬০০ বছৰ ৰাজত্ব কৰা আহোমসকলৰ এই ঐতিহ্য চিহ্নবোৰত ধৰ্মীয় প্ৰলেপ সানি এইসকলে কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিলে সমাজলৈ?
এছিয়াৰ প্ৰথমটো পেভিলয়ন ৰংঘৰ। এই ৰংঘৰক লৈ বহু ইতিহাস আছে। ১৭৪৪ চনত প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে বাঁহ আৰু কাঠেৰে ৰুদ্ৰসিংহই ৰূপহী পথাৰত ৰংঘৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাৰ্য সম্পাদন কৰাৰ কথা বুৰঞ্জীত আছে।
হাঁহ, কণী আকৃতিৰ এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে ৰূপহী পথাৰত অনুষ্ঠিত বিভিন্ন খেল, ধেমালী উপভোগ কৰিছিল। প্ৰায় ৫০০ বছৰৰো পূৰণি এই ৰংঘৰৰ নাম উচ্চাৰণ হ'লেই মনলৈ ভাহি আহে ইটা বৰণৰ সেই দুমহলীয়া ঘৰটো।
যাৰ দৈৰ্ঘ্য ৮৮ ফুট আৰু বহল ৩৬.৫ ফুট। আহোম যুগৰ এই নিৰ্মাণ কৌশল এক কীৰ্তিস্তম্ভ। বহু ভূমিকম্প, প্ৰাকৃতিক দুৰ্যোগৰ পাছতো ৰংঘৰ আজি থিয় হৈ আছে সগৌৰৱে। সেই ৰংঘৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন থকাৰ সময়ত ৰংঘৰক এনে ৰূপত কিয় প্ৰক্ষেপ কৰা হ'ল?
সেই প্ৰশ্ন এতিয়া অসমীয়াৰ মনত উত্থাপন হৈছে। তেওঁলোকে নাজানে ৰাজনীতিৰ সমীকৰণৰ কথা। কিন্তু এই কথা বুজিছে যে, আমাৰ ইতিহাস বিকৃত কৰি কোনোৱে ৰাজনীতিৰ মুনাফা লাভৰ চেষ্টা চলাইছে।
সেয়েহে প্ৰতিবাদৰ জোৱাৰ উঠিছে। এই কথা মানি ল'ব নোৱাৰি যে, চৰকাৰী পক্ষৰ সেউজ সংকেতৰ অবিহনে ৰংঘৰত এনে কৰিবলৈ সাহস কৰিছে। কথা আছিল ৰংঘৰত ছাঁ, পোহৰ আৰু শব্দৰ সমাহাৰেৰে আহোম ৰাজত্ব কালৰ ঐতিহ্যক প্ৰদৰ্শন কৰা হ'ব।
তাৰ নমুনা এয়া নেকি? সাধাৰণ মানুহৰ এনে প্ৰতিবাদৰ পাছত অন্ততঃ চৰকাৰে উপলব্ধি কৰক ৰংঘৰত এইবোৰ কামে শুভা নাপায়। ব্ৰুজ খালিফাত এনে কাৰবাৰ হয়। লেজাৰ ৰে'ৰ আলোকসজ্জাই সেই সময়ৰ প্ৰাসংগিক বিষয়বোৰ উত্থাপন কৰে। তাত ঐতিহ্য নাই, আছে আধুনিকতা।
কিন্তু ৰংঘৰটো একেই নহয়। বুৰঞ্জীক আৰু কিমান বিকৃত কৰা হ'ব? এনেদৰে ইটোৰ পিছত সিটোত আঘাত হানি গ'লে এদিনচোন জাতি বুলিবলৈ একোৱেই নাথাকিব। ৰংঘৰকো গেৰুৱা কৰাৰ লক্ষ্য যদি চৰকাৰে লৈছে আৰু তাৰ আখৰা যদি এইদৰে কৰিছে তেনেহ'লে ইয়াতকৈ পৰিতাপৰ কথা ইয়াতকৈ পৰিতাপৰ কথা আমাৰ বাবে কি হ'ব পাৰে?
এই সম্পদসমূহৰ উপযুক্ত সংৰক্ষণৰ প্ৰয়োজন আছে। আলোকসজ্জাৰে সজ্জিত ৰংঘৰ হওক। কাৰণ এয়া ঐতিহাসিক ঐতিহ্য থকা ক্ৰীড়াংগন। সেই স্থানত ধৰ্মীয় পৰিচয়ৰ প্ৰয়োজন নাই।
তাকেই নকৰি অতি কৌশলেৰে আলোকসজ্জাৰ নামত ধৰ্মীয় চেতনাক প্ৰক্ষেপ কৰিলে ইয়াৰ নেতিবাচক চিন্তাই মানুহৰ মনত খুন্দা মাৰিব। প্ৰতিবাদৰ পাছত শিৱসাগৰ উপায়ুক্তৰ মধ্যস্থতাত ভাৰতৰ পূৰাতত্ত্ব বিভাগৰ সৈতে দল সংগঠনৰ আলোচনা হৈছে।
পূৰাতত্ত্ব বিভাগৰ যুটীয়া সঞ্চালক প্ৰধান টি আৰ শৰ্মা, জ্যেষ্ঠ সংৰক্ষক গুণাংগু কলিতাৰ সৈতে হোৱা আলোচনাত লেজাৰ শ্ব'ৰ পৰা ধৰ্মীয় অংশ আঁতৰাই পেলাইছে বুলি নশ্চিত কৰা হৈছে। ইয়াৰ পৰা প্ৰমাণ কৰা হয় যে, সেই কাম তেওঁলোকে কৰাৰ চেষ্টা চলাইছিল।
ৰংঘৰৰ এই লেজাৰ শ্ব'ত আহোম আৰু অসমীয়াৰ বীৰত্বৰ কাহিনী কিয় প্ৰচাৰ হ'ব নোৱাৰে? সেই বীৰগাঠা প্ৰচাৰ কৰাৰ সলনি ধৰ্মীয় ৰং সানি ৰংঘৰক বিতৰ্কৰ মাজলৈ থেলি দিবলৈ প্ৰয়াস কৰা হৈছে।
ঐতিহ্যক ম্লান কৰি, ধৰ্মীয় প্ৰলেপ সানি আমাৰ ৰংঘৰটোকো ৰাজনীতিৰ বেপাৰীসকলে নিজৰ কৰাৰ চেষ্টা কৰিছিল। সৌভাগ্য যে, ইয়াৰ বিৰুদ্ধে দল, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিবাদ হ'ল। অসমীয়া জাতিৰ স্বাভিমানত কোনোবাই এনেদৰে আঘাত কৰিব খোজাটো অত্যন্ত লজ্জাজনক।
Also Read: প্ৰধানমন্ত্ৰী মোডীয়ে দেশক নৱজীৱন দিছে ! শিৱৰাজ সিং চৌহানে কৰিলে গুণানুকীৰ্তন...