আদানীৰ শৰনাপন্ন নহয় ৰবিশ কুমাৰ

আদানীৰ শৰনাপন্ন নহয় ৰবিশ কুমাৰ
আদানীৰ শৰনাপন্ন নহয় ৰবিশ কুমাৰ

তুষাৰ প্ৰতিম

ৰবিশ কুমাৰ, বিশেষ পৰিচয়ৰ প্ৰয়োজন নাই। দেশৰ খবৰ ৰখাসকলৰ বাবে নামেই পৰিচয়। এই ৰবিশ কুমাৰক লৈয়ে ৩০ নৱেম্বৰৰ সন্ধিয়া ভাগৰ পৰা আৰম্ভ হৈছে দেশজুৰি চৰ্চা।

দেশৰ জনতাৰ কণ্ঠ হিচাপে পৰিচয় লাভ কৰা ৰবিশ কুমাৰে বুধবাৰে সন্ধিয়া এন ডি টি ভিৰ মুখ্য সম্পাদক পদৰ পৰা পদত্যাগ কৰিলে। লগে লগে দেশজুৰি আৰম্ভ হ'ল বিতৰ্ক। বহুতেই মন্তব্য কৰিলে ভাৰতৰ সংবাদ ক্ষেত্ৰখনত এটা যুগৰ অৱসান ঘটিল। গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ খহি পৰিল।

ৰবিশ কুমাৰেই যে ভাৰতীয় সংবাদ জগতখনক প্ৰতিনিধিত্ব কৰে তেনে নহয়। ৰবিশ কুমাৰেই যে ভাৰতৰ সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা ধৰি ৰাখিছে সেয়াও সত্য নহয়। অথচ ৰবিশ কুমাৰকলৈ সকলোৰে ইমান ব্যস্ততা !

ভাৰতীয় সংবাদ ক্ষেত্ৰ বিভিন্ন অভিযোগত অভিযুক্ত। ৰাজনৈতিক নেতা, দলৰ অঘোষিত মুখপাত্ৰলৈ ভাৰতীয় সংবাদ মাধ্যম পৰিণত হৈছে বুলিও অভিযোগ উত্থাপন হৈছে। এই অভিযোগ সম্পূৰ্ণ সত্য নহয় যদিও সম্পূৰ্ণ অসত্যও নহয়।

একাংশ সংবাদ মাধ্যম আৰু সাংবাদিক তথা এংকৰৰ ভূমিকা টেলিভিশ্যনত প্ৰত্যক্ষ কৰি দেশবাসীৰ এনে অভিযোগ অমূলক নহয়। কিন্তু ইয়াৰ মাজতে আছে ব্যতিক্ৰম।

ৰাজনৈতিক দলৰ মুখপাত্ৰলৈ ৰূপান্তৰ হোৱা দেশৰ অধিকাংশ সংবাদগোষ্ঠীৰ মাজতে যিবোৰ সৰু-বৰ সংবাদ গোষ্ঠী এই অভিযোগৰ পৰা মুক্ত আছিল সেইবোৰৰ ভিতৰত এন ডি টি ভি আছিল অন্যতম। চৰকাৰৰ সমালোচকসকলৰ ভিতৰত আগস্থানত থকা সাংবাদিক ৰবিশ কুমাৰৰ নিৰপেক্ষ বুলি এক স্বীকৃতি আছে।

নিৰ্ভিক, নিৰপেক্ষ বুলি পৰিচিত ৰবিশ কুমাৰে নিজেই সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত থাকিও প্ৰতিদিনেই সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীক কৰি আহিছিল তীক্ষ্ণ সমালোচনা। সেই বাবেই তেওঁ হৈ পৰিছিল ব্যতিক্ৰম।

এই ৰবিশ কুমাৰে পদত্যাগ কৰিলে এন ডি টি ভিৰ পৰা। খবৰ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ ব্যৱসায়ী, তথা বিশ্বৰে শীৰ্ষ ৫ জন ধনী ব্যক্তিৰ এজন গৌতম আদানীৰ প্ৰতিষ্ঠানৰ অধিনলৈ গ'ল এন ডি টি ভি।

যাৰ বাবে ৰবিশ কুমাৰে পদত্যাগ কৰিলে এন ডি টি ভিৰ পৰা। অৱশ্য আদানী গ্ৰুপৰা পৰা এই পৰ্যন্ত এই বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। অৱশ্যে ৰবিশ কুমাৰক এন ডি টি ভিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ আঁৰত আছিল সুপৰিকল্পিত আঁচনি।

এন ডি টি ভিৰ পৰিচালন গোষ্ঠী আৰ আৰ পি আৰ এইছ। এই আৰ আৰ পি আৰ এইছে নিজৰ ৯৯.৫ শতাংশ অংশীদাৰীত্ব বিক্ৰী কৰিলে বিশ্বপ্ৰধান কৰ্মাচিয়েল প্ৰাইভেট লিমিটেডক। এই বিশ্বপ্ৰধান কৰ্মাচিয়েল প্ৰাইভেট লিমিটেড আকৌ চলিত বৰ্ষৰ আগষ্ট মাহত ক্ৰয় কৰিলে আদানি গ্ৰুপে। এইদৰেই এন ডি টি ভি চলিত বছৰত আৰ আৰ পি আৰ এইছৰ পৰা আদানিৰ হাতলৈ যায়।

এন ডি টি ভিৰ স্বত্বাধিকাৰী প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ সন্মতি অবিহনেই আদানি গ্ৰুপে এন ডি টি ভি নিজৰ অধীনলৈ নিছে। আৰ আৰ পি আৰ প্ৰতিষ্ঠানে ২০০৯ চনত ভি চি পি এল নামৰ এটা প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰিছিল। এই ভি চি পি এল প্ৰতিষ্ঠানটো সেই সময়ত আছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহায়ক প্ৰতিষ্ঠান।

আৰ আৰ পি আৰে ২০০৯ চনত লোৱা ঋণৰ পৰিমাণ আছিল ৪০৩৪ কোটি। এই ঋণ আহিছিল আম্বানিৰ পৰা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আম্বানিৰ প্ৰতিষ্ঠান। কিন্তু সেই ঋণ আদায় কৰাৰ সময়ত এতিয়া আদানিৰ পৰিৱৰ্তে এ ডি টি ভিৰ সন্মুখলৈ আহিছে আম্বানি। ইয়াৰ আঁৰত আছে আন এক কাহিনী।

২০০৯ চনত আৰ আৰ পি আৰে ভি চি পি এলৰ পৰা ঋণ লোৱাৰ সময়ক এখন চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তিৰ আধাৰত ভি চি পিএলে ঋণৰ বিনিময়ত আৰ আৰ পি আৰৰ ৯৯.৯৯ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হৈছিল।

যি সময়ত এই চুক্তি স্বাক্ষৰ কৰা হৈছিল সেই সময়মত এন ডি টি ভিৰ স্বত্বাধিকাৰ প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ হাতত আছিল প্ৰতিষ্ঠানটোৰ সৰ্বাধিক শ্বেয়াৰ। এন ডি টি ভিত আৰ আৰ পি আৰৰ শ্বেয়াৰ ২৯.১৮ শতাংশ ।

এন ডি টি ভিয়ে যি ভি চি পি এল প্ৰতিষ্ঠানটোৰ পৰা ঋণ লৈছিল সেই প্ৰতিষ্ঠানটো আছিল ৰিলায়েঞ্চৰ সহায়ক প্ৰতিষ্ঠান। কিন্তু ৰিলায়েন্সৰ এই সহায়ক প্ৰতিষ্ঠানটো ক্ৰয় কৰি লয় আদানি গ্ৰুপে। যাৰ বাবে ভি চি পি এল আদানি গ্ৰুপৰ অধীনলৈ যায় আৰু এন ডি টি ভি তেনেদৰেই আদানীৰ হাতলৈ যায়। খবৰ অনুসৰি ১১৩ কৌটি টকাৰ বিনিময়ত ৰিলায়েন্সৰ সহয়াক প্ৰতিষ্ঠান ভি চি পি এল ক্ৰয় কৰে আদানি গ্ৰুপে।

পূৰ্বতে উল্লেখ কৰা হৈছে আৰ আৰ পি আৰে ঋণ লোৱাৰ সময়ত ভি চি পি এলৰ সৈতে যি চুক্তিত স্বাক্ষৰ কৰিছিল সেই চুক্তিত স্পষ্টকৈ লিখা আছিল আৰ আৰ পি আৰৰ ৯৯.৯৯ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰিব পাৰিব। সেই চুক্তিৰ আধাৰতেই ভি চি পি এলে ঋণৰ বিনিময়ত আৰ আৰ পি আৰ অধিগ্ৰহণ কৰিলে।

ভি চি পি এলে অধিগ্ৰহণ কৰা আৰ আৰ পি আৰৰ ২৯.১৮ শতাংশ শ্বেয়াৰ আছে এন ডি টি ভিত ৷ এয়া হ’ল এন ডি টি ভিত থকা একক সৰ্বাধিক শ্বেয়াৰ ৷ এতিয়া আৰ আৰ পি আৰ আদানি গ্ৰুপে অধিগ্ৰহণ কৰাৰ পিছতে এন ডি টি ভিত আদানি গ্ৰুপেই হৈ পৰে একক সৰ্বাধিক শ্বেয়াৰৰ গৰাকী। এইদৰেই এন ডি টি ভি যায় আদানি গ্ৰুপৰ হাতলৈ।

এন ডি টি ভি আদানি গ্ৰুপৰ হাতলৈ যোৱাৰ লগে লগে পূৰ্বে ইংগিত দি থোৱাৰ দৰেই এন ডি টি ভি ত্যাগ কৰিলে। তেওঁ এতিয়াৰে পৰা নিজাকৈ সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ কৰিব নতুন যাত্ৰা। ইতিমধ্যে তেওঁ ঘোষণা কৰিছে নিজৰ অফিচিয়েল ইউটিউব চেনেল। Ravish Kumar Official নামেৰে আৰম্ভ কৰিছে তেওঁৰ ইউটিউব চেনেল।

ভাৰতৰ ব্যক্তিগত চেটেলাইট চেনেলৰ বাটকটীয়া আছিল এন ডি টি ভি। ১৯৯৮ চনত আত্মপ্ৰকাশ কৰিছিল এন ডি টি ভিয়ে। এন ডি টি ভিয়ে ভাৰতত আৰম্ভ কৰিছিল নিৰ্বাচনৰ এক্সিট পল। এই এন ডি টি ভি ভাৰতৰ ৰাজনীতিৰ বহু উত্থাপন, পতনৰ সাক্ষী। ৰবিশ কুমাৰ আছিল ইয়াৰ অন্যতম হোতা।

নিৰ্ভিকতাৰ বাবেই ৰমন মেগছেছে বঁটা লাভ কৰা ৰবিশ কুমাৰে গ্ৰহণ কৰা সিদ্ধান্তক বহুতেই সমৰ্থন জনাইছে। বহুতেই তেওঁৰ এই সিদ্ধান্তক লৈ আচৰিতো হৈছে। সমালোচিতও হৈছে আদানি গ্ৰুপ।

সেয়া যিয়েই নহকও ৰবিশ কুমাৰৰ এন ডি টি ভি ত্যাগ আৰু স্বতন্ত্ৰ সাংবাদিকতাত খোজ দিয়াৰ এই কাৰ্যই পুনৰ সংবাদ মাধ্যমৰ গুৰুত্বৰ কথা সোঁৱৰাই দিলে। ডিজিটেল প্লেট ফৰ্মৰ গুৰুত্ব কিমান বাঢ়িছে সেয়াও প্ৰমাণ কৰিছে।

৩০ নৱেম্বৰত এন ডি টি ভিৰ পৰা পদত্যাগ কৰাৰ পিছত নিজৰ ইউটিউব চেনেলত, মই কিয় এন ডি টি ভি এৰিলো বুলি যি ভিডিঅ' আপলোড কৰিলে, সেই ভিডিঅ' বৰ্তমানলৈকে ২,১৬৬,৯৪৭ গৰাকী দৰ্শকে চাইছে। এয়াই ৰবিশ কুমাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in