আন্নাৰ পৰা ৰেখালৈ! ৰূপান্তৰৰ সাক্ষী হৈ...

ৰামলীলা ময়দান সাক্ষী হ'ল বহু সূৰ্য্যোদয় আৰু সূৰ্য্যাস্তৰৰ। আজিও সূৰ্য্যোদয়ৰ লগে লগে আৰম্ভ হ'ল এটা নতুন দিন। ৰামলীলাৰ বুকুত আকৌ এবাৰ গোট খালে দেশৰ লগতে বিশ্বৰ বহু প্ৰভাৱশালী ব্যক্তি।

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
fhfh

চয়নিকা শইকীয়া

"ৰামলীল ময়দান"
- দিল্লীৰ প্ৰতিটো ৰূপান্তৰণৰ সাক্ষী এইখন ৰামলীলা ময়দান।  আজিও সাক্ষী হৈ ৰ'ল এক চমকপ্ৰদ আয়োজনৰ। সাক্ষী হ'ল ২৭ বছৰৰ পিছত ৰাজধানীত চৰকাৰ গঠন,পতন,বিভাজনৰ। কোনো কোনোৱে ইয়াক দ্বিতীয়টো বনবাসৰ সামৰণি বুলিও কয়।

Advertisment

ৰামলীলা ময়দানত চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান এয়া প্ৰথমবাৰৰ বাবে নহয়। ৰামলীলাৰ বুকুত বহু কেইখন চৰকাৰ গঠন আৰু পতিত হ'ল। সেয়া আছিল ১৮৭৬ চনৰ কথা। ইতিহাসবিদ নাৰায়ন গুপ্তাই প্ৰকাশ কৰা তথ্য অনুসৰি সেই সময়ত আজমেৰী গেটৰ সমীপৰ খেলপথাৰত ৰামলীলা মঞ্চায়ন কৰাটো এটা বাৰ্ষিক পৰম্পৰাত পৰিণত হৈছিল।

ৰামলীলাৰ শোভাযাত্ৰা আজমেৰী গেট আৰু চান্দনী চ'কৰ মাজেৰে পাৰ হৈছিল। ব্ৰিটিছ শাসনৰ পাছতো এই সাংস্কৃতিক পৰম্পৰা দিল্লীৰ কেলেণ্ডাৰৰ এক উল্লেখযোগ্য অংশ আছিল। সময় সলনিৰ লগে লগে এই খেলপথাৰখন ৰামলীলা উৎসৱস্থলীৰ পৰা ৰামলীলা ময়দান ঐতিহাসিক অনুষ্ঠানৰ কেন্দ্ৰীয় স্থানলৈ পৰিৱৰ্তন হৈছিল। লগতে ভাৰতৰ ৰাজনৈতিক আখ্যানৰ অংশ হৈ পৰিছিল।

ৰামলীলা সাক্ষী হ'ল বহু সূৰ্য্যোদয় আৰু সূৰ্য্যাস্তৰৰ। আজিও সূৰ্য্যোদয়ৰ লগে লগে আৰম্ভ হ'ল এটা নতুন দিন। ৰামলীলাৰ বুকুত আকৌ এবাৰ গোট খালে দেশৰ লগতে বিশ্বৰ বহু প্ৰভাৱশালী ব্যক্তি। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকে ধৰি সকলো ডাঙৰ ডাঙৰ নেতা, বৃহৎ উদ্যোগপতি, আন দেশৰ কূটনীতিবিদ আৰু হাজাৰ হাজাৰ সাধাৰণ মানুহ আহিল ৰামলীলা ময়দানলৈ।

আজি ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰী, আজিৰ দৰেই বিশেষ আছিল ২০১১ চনৰ ২০ আগষ্ট। নতুন ভাৰতৰ সপোন দেখা এজন নেতাৰ নাম প্ৰতিগৰাকী দিল্লীবাসীৰ মুখে মুখে আছিল।  ৰালেগান সিদ্ধিৰ পৰা আৰম্ভ কৰি দুৰ্নীতি বিৰোধী আন্দোলনৰ বাবে ৰাইজৰ নেতা হৈ পৰিছিল তেওঁ। তেওঁৰ আঁৰত আছিল সামাজিক পৰিৱৰ্তন বিচৰা হাজাৰ হাজাৰ যুৱক। তেওঁ আছিল আন্না হাজাৰে।

ৰামলীলা সাক্ষী হৈছিল আন এক ঐতিহাসিক ক্ষণৰ। সেইদিনা আছিল ২০২৩ চনৰ ২৮ ডিচেম্বৰ। সেইদিনা দিল্লীৰ ৰাজপাট দখল কৰিছিল মাত্ৰ এবছৰ পুৰণি এটা দল "আম আদমী পাৰ্টীয়ে"। সেইদিনা দিল্লীৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণৰ সাক্ষী হৈছিল ৰামলীলা ময়দান।  

কিন্তু ২০২০ চনৰ পৰা আধোগামী যাত্ৰা আৰম্ভ হৈছিল আপৰ। বিভিন্ন দুৰ্নীতিৰ অভিযোগত জেললৈ গৈছিল দলটোৰ নেতৃত্ব। ফলস্বৰূপে ২০২৫ চনৰ বিধানসভাৰ নিৰ্বাচনত দিল্লীত ধৰাশায়ী হ'ল আম আদমী পাৰ্টী আৰু ৰাজধানী দখললৈ আহিল বিজেপিৰ।

আজি ৰামলীলা ময়দান সাক্ষী হ'ল ৰেখা গুপ্তাৰ শপতগ্ৰহণ অনুষ্ঠানৰ। ২০ফেব্ৰুৱাৰীত দিল্লীত অস্তিত্বলৈ আহিল শতিকাটোৰ প্ৰথমখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। দিল্লীৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ৰেখা গুপ্তাই।
ইয়াৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । দিল্লীৰ মুখ্যমন্ত্ৰীৰ হিচাপে অতিশীৰ স্থলাভিষিক্ত ৰেখা গুপ্তা ৷ তেওঁ বৰ্তমান বিজেপি শাসিত প্ৰদেশৰ একমাত্ৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পাছত দেশৰ দ্বিতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ লগতে বিজেপি আৰু কংগ্ৰেছে নিৰ্বাচনী প্ৰতিশ্ৰুতিত মহিলাক অগ্ৰাধিকাৰ দিছিল। নিৰ্বাচনত জয় লাভ কৰিলে মহিলাক প্ৰতিমাহে ২৫০০ টকাকৈ দিব বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল বিজেপিয়ে। 

ৰেখা গুপ্তাই নিজৰ ৰাজনৈতিক যাত্ৰাত নাৰীৰ কল্যাণ, শিক্ষাৰ সংস্কাৰ আৰু সামূহিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ নিজৰ অঞ্চলত ছুইমিং পুল, জিম, পুথিভঁৰাল আৰু সামূহিক প্ৰেক্ষাগৃহৰ দৰে সুবিধা স্থাপন কৰিছে । ইয়াৰ উপৰি তেওঁ মহিলা আৰু শিশুসকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰিছে আৰু কন্যা ভ্ৰূণ হত্যা আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা অভিযান চলাই আহিছে ।

এনে পৰিস্থিতিত বিজেপিয়ে ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী পদৰ বাবে বাছনি কৰাতো দলটোৰ ৰাজনীতিৰে এটা অংশ। বৰ্তমান বিজেপি শাসিত কোনো এখন ৰাজ্যতে মহিলা মুখ্যমন্ত্ৰী নাই। গতিকে ক’ব পাৰি দেশৰ বিজেপি শাসিত ৰাজ্যৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছে ৰেখা গুপ্তা। দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৌৰত আছিল বহু কেইজন নেতা। কিন্তু অন্তিম হাঁহি মাৰিলে ৰেখা গুপ্তাই। ইয়াৰ সাক্ষী হৈ ৰ’ল ৰামলীলা ময়দান...

 

ৰামলীলা ময়দান