/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b7dfb874-251c-4bc1-891a-d9b54d5d06f6/TARANGA_GOGOI_04.jpg)
অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বিধায়ক তৰংগ গগৈৰ বিশেষ উপহাৰ...
ডিজিটেল ডেস্কঃ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বিশেষ উপহাৰ আগবঢ়ালে নাহৰকটীয়াৰ বিধায়ক তথা অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। বৰ্ষীয়ান ক্ৰীড়াবিদগৰাকীলৈ তেওঁ আগবঢ়াইছে এখন অট’মেটেড হুইল চেয়াৰ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে ক্ৰীড়াবিদগৰাকী। ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল অৰ্জুন ভোগেশ্বৰ বৰুৱা। এই কথা অৱগত হোৱাৰ পিছতে তেখেতৰ গুৱাহাটীৰ বেলতলাস্থিত বাসগৃহত উপস্থিত হৈ অট’মেটেড হুইল চেয়াৰখন প্ৰদান কৰে বিধায়ক তৰংগ গগৈয়ে।
অসম য়ুথ কমিচনাৰৰ অধ্যক্ষ তথা বিধায়ক তৰংগ গগৈয়ে লোৱা এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে বিধায়কগৰাকীক ধন্যবাদ জনায় অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ইয়াৰোপৰি বিধায়কগৰাকীয়ে বৰুৱাক আন কিবা সামগ্ৰীৰ প্ৰয়োজন হ'লেও সেয়াও প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়ক তৰংগ গগৈয়ে। তেওঁ অসুস্থ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ দ্ৰুত আশু-আৰোগ্য কামনা কৰিছে।
Also Read: ৰাজ্যৰ কেইবাজনো বিষয়ালৈ মুখ্যমন্ত্ৰীৰ 'কৰ্মশ্ৰী' সন্মান...