নীতিশৰ কূটনীতিত বিফল INDIA ৰ ৰাজনীতি !

নীতিশৰ কূটনীতিত বিফল INDIA ৰ ৰাজনীতি !
নীতিশৰ কূটনীতিত বিফল INDIA ৰ ৰাজনীতি !

ভংগ হ'ব ইণ্ডিয়া গোট ! দেশৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটে এতিয়া এই সন্দেহক অধিক গাঢ় কৰি তুলিছে। নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী থকাৰ অৱস্থাত এতিয়াও ইণ্ডিয়া গোটৰ নিৰ্বাচনী প্ৰস্তুতি ধূসৰ। এতিয়াও অংশীদাৰী দলসমূহৰ মাজত ভাগ কৰা হোৱা নাই আসন।

নিৰ্বাচনলৈ মাজত মাত্ৰ ২ টা মাহ বাকী থকাৰ সময়তে এতিয়া ইণ্ডিয়া গোট ত্যাগ কৰাৰ কথা চিন্তা কৰিছে এই গোটৰ অন্যতম এগৰাকী শক্তিশালী নেতাই। ইণ্ডিয়া গোটৰ পৃষ্ঠপোষক এই নেতাই ইণ্ডিয়া গোট এৰি এন ডি এত চামিল হোৱাৰ প্ৰায় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া গোটে বিজেপিক পৰাভূত কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰাটো দূৰৰে কথা এই নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীৰ দখলত থকা ৰাজ্যও পুনৰ এন ডি এৰ দখললৈ যোৱাটো প্ৰায় নিশ্চিত হৈছে। বিৰোধী গোটৰ প্ৰধানমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ তথা ইণ্ডিয়া গোটৰ অন্যতম পৃষ্ঠপোষক এগৰাকী নেতাই এতিয়া পুনৰ ৰাজনৈতিক শিবিৰ সলনি কৰিবলৈ সাজু হৈছে।

ইণ্ডিয়া গোট এৰি বিজেপিৰে চামিল হ’বলৈ সাজু হোৱা এই নেতাগৰাকী আন কোনো নহয়, তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। চৰ্চা অনুসৰি নীতিশ কুমাৰে পুনৰ বিহাৰত বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। যদি সেয়াই হয় তেন্তে এটা দশকত এয়া নীতিশ কুমাৰৰ হ’ব চতুৰ্থবাৰৰ বাবে মিত্ৰ দল সলনি।

জল্পনা কল্পনা অনুসৰি অহা ২৮ জানুৱাৰীত বিহাৰত এন ডি এৰ নেতা হিচাপে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শপত ল’ব। আনহাতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে বিজেপিৰ নেতা সুশীল মোডী। এইগৰাকী সুশীল মোডী বিহাৰত নীতিশ কুমাৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত।

জে ডি ইউৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিজেপি নেতৃত্বৰ সেউজ সংকেত পালেই বিহাৰত আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ মহাগঠবন্ধন ভংগ কৰি এন ডি এত পুনৰ নীতিশ কুমাৰৰ জে ডি ইউ চামিল হ'ব। ইয়াৰোপৰি এন ডি এত চামিল হৈ বিহাৰৰ নতুন চৰকাৰৰ অংশীদাৰ হ'বলৈ সাজু হৈছে ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টী, লোক জনশক্তি পাৰ্টী, জিতাৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চাও।  

অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই নীতিশ কুমাৰে। অৱশ্যে চিৰাগ পাচোৱান নীতিশ কুমাৰৰ কট্টৰ সমালোচক হিচাপে পৰিচিত। ৰাষ্ট্ৰীয় লোক জনতা দলৰ নেতা উপেন্দ্ৰ কুশৱহাৰাৰ সৈতেও নীতিশৰ সম্পৰ্ক ভাল নহয়।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নীতিশ কুমাৰৰ এই নতুন চৰকাৰত চামিল হ'ব কংগ্ৰেছৰ ১২ জনকৈ বিধায়ক।চৰ্চা অনুসৰি ইণ্ডিয়া গোটত ক্ৰমশঃ গুৰুত্বহীন হৈছে নীতিশ কুমাৰ। সেয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নীতিশ কুমাৰে তলে তলে বিজেপিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। জে ডি ইউৰ আন একাংশ নেতাই দীৰ্ঘদিন ধৰি বিজেপিৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰিবলৈও হেঁচা প্ৰয়োগ কৰি আহিছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক।

২০২০ ত বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি জে ডি ইউয়ে প্ৰতিদ্বন্দিতা কৰি চৰকাৰ গঠন কৰিলেও পৰৱৰ্তী সময়ত এন ডি এ ত্যাগ কৰি আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁদলৰ সমৰ্থনত মহাগঠন্ধন গঠন কৰি চৰকাৰ গঠন কৰিছিল। এই চৰকাৰত আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

কিন্তু এই মহাগঠবন্ধন এৰি পুনৰ এন ডি এলৈ ঘূৰি আহিব বিচাৰিছে নীতিশ। ৰাজনীতিৰ বতাহ বলাৰ পূৰ্বেই বতাহে কোন দিশে গতি কৰিব সেই বিষয়ে সঠিক অনুমান কৰিব পৰা নীতিশ কুমাৰক লৈ এই চৰ্চাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। চৰ্চা অনুসৰি মূলতঃ ৩ টা কাৰণত নীতিশ কুমাৰে মহাগঠবন্ধন এৰি এন ডি এত যোগদান কৰিব বিচাৰিছে।

ইয়াৰে প্ৰথম কাৰণটো হৈছে ইণ্ডিয়া গোটত তেওঁৰ গুৰুত্বহীনতা। প্ৰথমে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি ইণ্ডিয়া গোটৰ পটভূমি তৈয়াৰ কৰিছিল নীতিশ কুমাৰে। এই গোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল বিহাৰত। ইয়াৰ পাছত এই গোটৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হয় ক্ৰমে বেংগালুৰু, মুম্বাই আৰু দিল্লীত।

এই বৈঠকসমূহত নীতিশ কুমাৰে পাবলগীয়া মৰ্যাদা সঠিকভাৱে নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। চৰ্চা অনুসৰি বিৰোধী গোটৰ নাম ইণ্ডিয়া ৰখাক লৈও নীতিশ কুমাৰৰ আপত্তি আছিল। কিন্তু তেওঁৰ আপত্তিক গুৰুত্বহীন কৰি ইণ্ডিয়া ৰখা হ'ল। ইয়াক লৈ নাৰাজ নীতিশ।

দ্বিতীয় কাৰণ তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ হেঁচা। জানিব পৰা মতে লালু যাদৱে তেওঁৰ পুত্ৰ তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব এৰি দিবলৈ নীতিশ কুমাৰক হেঁচা প্ৰয়োগ কৰিছে। বিহাৰত চৰকাৰ গঠন কৰাৰ সময়তে জে ডি ইউ আৰু আৰ জে ডিৰ মাজত এইধৰণৰ এক বুজাপৰা হৈছিল। য'ত চৰ্ত আছিল প্ৰথমে নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিব আৰু পৰৱৰ্তী সময়ত তেজস্বী যাদৱক মুখ্যমন্ত্ৰীৰ আসন এৰি দিব লাগিব নীতিশ কুমাৰে।

কিন্তু এতিয়া সেই চৰ্ত অনুসৰি নীতিশ কুমাৰে তেজস্বীক মুখ্যমন্ত্ৰীৰ আসন এৰি দিবলৈ সাজু নহয়। ২৪৩ খন আসনৰ বিহাৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১২২ জন বিধায়কৰ। নীতিশ কুমাৰে মাত্ৰ ৪৫ জন বিধায়ক লৈয়ে আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁদলৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ আসন দখল কৰি আছে।

তৃতীয় কাৰণ হৈছে ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতাত নিৰ্বাচন খেলি নীতিশৰ দলে ১৭ খন আসনৰ ১৬ খনেই দখল কৰিছিল। একেদৰে বিজেপিয়ে ১৭ খনৰ ভিতৰত ১৭ খনেই আৰু লোক জনশক্তি পাৰ্টীয়ে ৬ খন আসনত নিৰ্বাচন খেলি ৬ খনতে বিজয় সাব্যস্ত কৰিছিল। ৰাজ্যখনত এন ডি এৰ আছিল এয়া চমকপ্ৰদ ফলাফল।

ৰাজ্যখনৰ মুঠ ৪০ খন আসনৰ ভিতৰত বিৰোধী গোটৰ কংগ্ৰেছে মাত্ৰ এখন আসন দখল কৰিবলৈ সক্ষম হৈছিল। আৰ জে ডিয়ে নাপালে এখনো আসন। ২০২৪ ৰ নিৰ্বাচনত নিজৰ দখলত থকা ১৬ খন আসনৰ এখন আসনো এৰিবলৈ সাজু নহয় নীতিশ। কিন্তু সেই ১৬ খন আসনৰ ৪ ৰ পৰা ৫ খন এতিয়া ইণ্ডিয়া গোটৰ অংশ আৰ জে ডি আৰু বাওঁ দলক এৰি দিয়াৰ বাবে হেঁচা দিয়া হৈছে। মূলতঃ এই তিনিটা কাৰণৰ বাবেই নীতিশে ইণ্ডিয়া গোট এৰাৰ সিদ্ধান্ত লৈছে বুলি চৰ্চা চলিছে।

কিন্তু প্ৰশ্ন হয়, নীতিশ কুমাৰক সঁচাকৈয়ে পুনৰ এন ডি এত চামিল কৰিবনে? নীতিশ কুমাৰক পুনৰ এন ডি এত চামিল কৰাত কেন্দ্ৰীয় নেতৃত্বৰ কোনো আপত্তি নাই। নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু জে পি নড্ডাৰ অংকত নীতিশৰ অন্তৰ্ভুক্তিত আছে কেৱল লাভ। তেওঁলোকৰ মতে নীতিশক এন ডি এত পুনৰ চামিল কৰিলে বিহাৰত তেওঁলোকৰ কোনো ক্ষতি নহয়। বৰঞ্চ লাভহে হ'ব।

কিন্তু বিহাৰৰ বিজেপি নেতা সম্ৰাট চৌধুৰী, গীৰিৰাজ সিঙৰ দৰে নেতাই নীতিশে পূৰ্বে কৰা বিশ্বাসঘাটকতাক সহজভাৱে লোৱা নাই। তেওঁলোকে বিচৰা নাই পুনৰ বিশ্বাসঘাটক নীতিশক এন ডি এত চামিল কৰাটো। কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰো বিৰোধিতা কৰিবলৈ তেওঁলোকৰ সাহস নাই। তথাপিও তেওঁলোকৰ সমস্যাৰ বিষয়ে কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছে। অৱশ্যে কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তক মানি ল'বলৈ সাজু এইসকল নেতা।

নীতিশ কুমাৰৰ ৰাজনৈতিক ইতিহাসত বিশ্বাসঘাটকতাৰ অধ্যায়ৰ সংখ্যা একাধিক। তাৰ পাছতো ক্ষমতা দখলৰ আশাত নীতিশক বিশ্বাস কৰি বিহাৰত আৰ জে ডি, কংগ্ৰেছ আদিয়ে আকোৱালি লৈছিল। একেদৰে তেওঁৰ ওপৰত ভৰসা কৰিয়েই ইণ্ডিয়া গোট গঠনৰ আগভাগ লৈছিল।

অৱশ্যে কংগ্ৰেছে নীতিশ কুমাৰৰ পৰা শেষ মুহূৰ্তত এনে এক সিদ্ধান্ত আহিব পাৰে বুলি পূৰ্বৰে পৰা সাজু আছিল। সেয়ে হয়তো ইণ্ডিয়া গোটৰ আহ্বায়ক হিচাপে নীতিশ কুমাৰৰ নামেই প্ৰক্ষেপ কৰিছিল ৰাহুল গান্ধীয়ে। কিন্তু সেই বৈঠকত মমতা বেনাৰ্জীৰ অনুপস্থিতিৰ সুযোগ বুজি নিজেই সেই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল নীতিশে।

ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড় ন্যায় যাত্ৰাই পশ্চিমবংগৰ মাজেৰে আগবাঢ়ি বিহাৰত প্ৰৱেশ কৰিব। ৩০ জানুৱাৰীত বিহাৰত এই যাত্ৰাৰ মাজতে এক বিশাল জনসভাও সম্বোধন কৰিব। এই জনসভালৈ নীতিশ কুমাৰক কংগ্ৰেছে নিমন্ত্ৰণ কৰিছিল যদিও নীতিশ কুমাৰে এই সভাত অংশগ্ৰহণ নকৰে বুলি স্পষ্টকৈ জনাই দিছে।

তেওঁ সেইদিনা পাটনাত আন এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কিন্তু ৩ ফেব্ৰুৱাৰীত বিহাৰৰ অনুষ্ঠিত হ'বলগীয়া নৰেন্দ্ৰ মোডীৰ জনসভাত নীতিশ কুমাৰৰ উপস্থিতি প্ৰায় নিশ্চিত বুলি খবৰ আহিছে। ২৮ জানুৱাৰীত বিহাৰত পুনৰ এন ডি এৰ চৰকাৰ গঠন কৰি এই বৈঠকত এন ডি এৰ নেতা হিচাপে উপস্থিত থাকিব নীতিশ কুমাৰ।

একেদৰে মমতা বেনাৰ্জীয়েও বংগত কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নাই বুলি স্পষ্ট কৰিছে। ৰাজ্যখনত তেওঁৰ দলে অকলেই নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে। যদিও মমতা বেনাৰ্জী বংগৰ মুখ্যমন্ত্ৰী তথাপিও তেওঁ ইণ্ডিয়া গোটৰ অন্যতম শক্তিশালী নেত্ৰী। বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও বংগত তেওঁক পৰাস্ত কৰিবলৈ সক্ষম নহ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূৰৰ কামোৰণি হৈ আছে এইগৰাকী নেত্ৰী।

একেদৰে আম আদমী পাৰ্টীয়েও নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছৰ পৰা এক দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰিছে। কেজৰিৱালে দিল্লাত এখনো আসন এৰি দিব নিবিচাৰে কংগ্ৰেছক। একেই সিদ্ধান্ত পঞ্জাৱৰ ক্ষেত্ৰতো। এনে প্ৰেক্ষাপটত ইণ্ডিয়া গোটৰ ভৱিষ্যতক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

যিসময়ত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি আছে, কংগ্ৰেছৰ সৰ্ব শক্তি এই যাত্ৰাত প্ৰয়োগ কৰা হৈছে সেই সময়তে ইণ্ডিয়া গোটৰ পৰা এটা এটাকৈ ৰাজনৈতিক দলে দূৰত্ব আৰম্ভ কৰিছে। নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী থকা অৱস্থাত বিৰোধীৰ এই অৱস্থাই এতিয়া স্বাভাৱিকতে শাসকীয় বিজেপিকযে লাভাম্বিত কৰিছে সেয়া ৰাজনীতিৰ জটিল অংক নুবুজা মানুহেও অতি সহজে বুজি পাইছে।  

নীতিশৰ কূটনীতিত বিফল INDIA ৰ ৰাজনীতি !
কংগ্ৰেছৰ আশাত যৱনিকা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in