উচ্চ সদনত মোডীৰ ভাষণঃ গণতন্ত্ৰ ৰক্ষা কৰিলে মনমোহন সিঙে

উচ্চ সদনত মোডীৰ ভাষণঃ গণতন্ত্ৰ ৰক্ষা কৰিলে মনমোহন সিঙে
উচ্চ সদনত মোডীৰ ভাষণঃ গণতন্ত্ৰ ৰক্ষা কৰিলে মনমোহন সিঙে

দেশত এতিয়া মূল্যবোধহীন, ক্ষমতাকেন্দ্ৰিক আৰু আক্ৰোশমূলক ৰাজনৈতিক পৰিৱেশৰ মাজত উশাহ ল'ব নোৱাৰা এক পৰিস্থিতি। এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে দেশৰ উচ্চ সদনত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ।

অন্তৰ্নিহিত উদ্দেশ্য যিয়েই নহওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি যিদৰে উচ্চ সদনত ভাষণ ৰাখিলে সেই ভাষণে এতিয়া ৰাজনীতিৰ পুতিগন্ধময় পৰিৱেশক কিছু পৰিমাণে নিকা কৰাৰ এক বাট মুকলি কৰি দিলে। অৱশ্যে এই বাটেৰে তেওঁৰ অনুগতসকল আগবাঢ়িব নে নাই অথবা তেওঁ নিজেই এই পৰিৱেশ ধৰি ৰাখিব পাৰিবনে নাই সেয়াও সময়ে ক'ব।

ৰাজ্যসভাৰ বহুসংখ্যক সাংসদক আজি বিদায় জনাবলৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী। তেওঁলোকক বিদায় জনাবলৈ গৈ তেওঁ যি ভাষণ দিলে সেই ভাষণ ৰাজনীতিৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে এবাৰ শুনা উচিত।

প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা নৰেন্দ্ৰ মোডীয়ে আজি বাৰে বাৰে প্ৰশংসা কৰিলে তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক। কেৱল প্ৰশংসা কৰাই নহয়, সাংসদসকলক উদ্দেশ্যি তেওঁ ক'লে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং তেওঁলোকৰ বাবে আদৰ্শ।

মণিপুৰ প্ৰসংগক কেন্দ্ৰ কৰি সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন শাসকীয় বিজেপি চৰকাৰ ৮ আগষ্ট ২০২৩ ত আস্থাভোটৰ সন্মুখীন হৈছিল। এই আস্থাভোটৰ সন্মুখীন হৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদলৈ আহি মণিপুৰ প্ৰসংগত ভাষণ দিবলৈ বাধ্য হৈছিল।

আস্থাভোটত বিৰোধী জয়ী হ'ব নোৱাৰিব বুলি জানিও প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং অসুস্থ অৱস্থাৰে সংসদলৈ আহি ভোটদান সাব্যস্ত কৰিছিল। সেই সময়ত কংগ্ৰেছক বিজেপিয়ে ইয়াৰ বাবে তীক্ষ্ণ সমালোচনাও কৰিছিল।

কিন্তু আজি প্ৰধানমন্ত্ৰী মোডীয়ে সেই কাৰ্যৰ বাবে মনমোহন সিঙক প্ৰশংসা কৰিলে। ড০ মনমোহন সিঙে দেখুওৱা সেই আদৰ্শক প্ৰশংসাৰে উপচাই দিলে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ ক'লে- মনমোহন সিঙে প্ৰেৰণা যুগাইছে। অসুস্থ শৰীৰেৰে হুইল চেয়াৰত আহি ভোট দিলে। তেওঁ শক্তিশালী কৰিছে দেশৰ গণতন্ত্ৰক।

আজি প্ৰধানমন্ত্ৰী মোডীয়ে যি ভাষণ দিলে সেই ভাষণৰ অধিকাংশ সময়ে তেওঁ কেৱল মনমোহন সিঙক প্ৰশংসা কৰিলে। বুধবাৰেও তেওঁ বাজেট বিতৰ্কত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মনমোহন সিঙৰ নাম বাৰে বাৰে উচ্চাৰণ কৰিছিল। দেশৰ অৰ্থনৈতিক অৱস্থাৰ সন্দৰ্ভত কংগ্ৰেছক প্ৰত্যুত্তৰ দিবলৈ গৈ মনমোহন সিঙৰ বক্তব্যৰ উদ্ধৃতি দিছিল।

ৰাজ্যসভাৰ সাংসদ হিচাপে মনমোহন সিঙৰ কৰ্তব্যপৰায়ণতা আৰু প্ৰধানমন্ত্ৰী হিচাপে তেওঁ যিদৰে দেশ আৰু সংসদক নেতৃত্ব প্ৰদান কৰিলে সেয়া সকলো সময়তে দেশে মনত ৰাখিব। তেওঁ সদায়েই প্ৰেৰণা জুগাই যাব।- এই মন্তব্য নৰেন্দ্ৰ মোডীৰ।

যোৱা প্ৰায় এটা দশকত এনে পৰিৱেশ সংসদত দেখা মনত নপৰে। সংসদৰ অধিৱেশনৰ নামত কেৱল হুলুস্থুলীয়া পৰিৱেশ আৰু এজনে আনজনক সমালোচনাৰ নামত কৰা ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণহে দেখিবলৈ পোৱা গৈছিল।

নেহৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিঙলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলক কেৱল আক্ৰমণ আৰু সমালোচনাহে কৰি অহা হৈছিল। তেওঁলোকৰ কোনো কামকে স্বীকৃতি প্ৰদান কৰা হোৱা নাছিল।

প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিং কিমান সফল সেয়া জনতাই বিচাৰ কৰিছে। কিন্তু তেওঁৰ দক্ষতা আৰু তেওঁ যিধৰণে ৰাজনীতি কৰিছিল সেই ৰাজনীতিত প্ৰশ্ন নুঠে। প্ৰধানমন্ত্ৰী হিচাপে ড০ মনমোহন সিঙেও তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলক দিবলগীয়া মৰ্যাদা দিছিল।

আজিৰ উচ্চ সদনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ শুনি মনত পৰিল অটল বিহাৰী বাজপেয়ীলৈ। সংসদত অটল বিহাৰী বাজপেয়ীয়েও কৈছিল জৱহৰলাল নেহৰুৰ সন্দৰ্ভত বহু কথা।

তেওঁ কৈছিল যেতিয়া প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল তেতিয়া তেওঁ পিছফালৰ আসনত বহিছিল। তাৰ মাজতে এদিন নেহৰুক সমালোচনা কৰি তেওঁ কৈছিল আপোনাৰ ব্যক্তিত্বত চাৰ্চিলো আছে আৰু চেম্বাৰলিনো আছে।

অটল বিহাৰী বাজপেয়ীৰ এই মন্তব্যত নেহৰুৱে তেওঁৰ প্ৰতি কোনো আক্ৰোশ প্ৰদৰ্শন কৰা নাছিল। একেদৰে অটল বিহাৰী বাজপেয়ী বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সময়ত মন্ত্ৰণালয়ত পূৰ্বে থকা নেহৰুৰ প্ৰতিচ্ছবি কোনোবাই আঁতৰাই দিছিল। কিন্তু বাজপেয়ীয়ে সেই প্ৰতিচ্ছবি পুনৰ সেই স্থানত লগাবলৈ নিৰ্দেশ দিছিল।

এয়া আছিল আদৰ্শ, মূল্যবোধৰ ৰাজনীতি। তেনে ৰাজনীতি আজিৰ তাৰিখত দেখিবলৈ নাই। তথাপিও প্ৰধানমন্ত্ৰী মোডীয়ে আজি যিদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক উদ্দেশ্য কৰি ভাষণ ৰাখিলে সেই ভাষণে ৰাজনৈতিক এক সুস্থ পৰিৱেশৰ সূচনা কৰাৰ বাট মুকলি কৰিলে।

অৱশ্যে এই বাটেৰে স্বয়ং বিজেপি দলৰেই নেতাই অনুসৰণ কৰিব যে তাত সন্দেহ আছে। বিৰোধী, কংগ্ৰেছেও এনে আদৰ্শ প্ৰদৰ্শন কৰিব নে নোই সেয়াও সন্দেহৰ বিষয়। আনকি প্ৰধানমন্ত্ৰী মোডীয়েই তেওঁ নিজেই আজি কোৱা এই কথবোৰ নিৰ্বাচনী সভাত কিমানলৈ মনত ৰাখে সেয়াও হ'ব লক্ষ্যণীয়।

উচ্চ সদনত মোডীৰ ভাষণঃ গণতন্ত্ৰ ৰক্ষা কৰিলে মনমোহন সিঙে
আলু, পিঁয়াজৰ বেপাৰী নে হত্যাকাৰী?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in