আলু, পিঁয়াজৰ বেপাৰী নে হত্যাকাৰী?

আলু, পিঁয়াজৰ বেপাৰী নে হত্যাকাৰী?
আলু, পিঁয়াজৰ বেপাৰী নে হত্যাকাৰী?

মানুহ চিনা বৰ টান। কোনে, কাক, কেতিয়া বিপদত পেলাই অথবা প্ৰৱঞ্চনা কৰে তাৰো কোনো ঠিকনা নাই। মুখাৰ আঁৰত থকা প্ৰকৃত ছবিখন পোহৰলৈ নহালৈকে কোনো মানুহকেই বিশ্বাস নকৰাটোৱেই ভাল।

সামাজিক মাধ্যমত সক্ৰিয় মানুহবোৰে কি কৰে? কোনোবাই ভাল লগা ফটো এখন শ্বেয়াৰ কৰে, কোনোবাই আনৰ ফটো, ভিডিঅ' বোৰ চাই থাকে, কোনোবাই মনোৰঞ্জনৰ লয় আন কোনোবাই আকৌ শিল্প, সাহিত্যৰ চৰ্চা কৰে।

তাৰ মাজতে এচামে ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, সংস্কৃতি, ভাষা, সাহিত্য আদি সকলো দিশতে সংঘটিত ঘটনাৰাজিৰ ওপৰত নিজা চিন্তা ধাৰাবোৰ লিখে বা আলোচনা কৰে। কোনোবাই আকৌ তাতে সুস্থ অথবা অসুস্থ বিতৰ্কৰ সৃষ্টি কৰে।

ইমানলৈকে সকলো ঠিকেই থাকে। কিন্তু এই মানুহবোৰৰ মাজতে কিছুমান এনে মানুহ সোমাই থাকে যিয়ে বিভিন্ন অচিলাৰে মানুহৰ সংস্পৰ্শলৈ আহি নিজকে অন্য অক পৰিচয়েৰে চিনাকী দি প্ৰৱঞ্চনাৰ এখন জাল পাতে। তেওঁলোকৰ এই প্ৰৱঞ্চনাৰ জালত সহজ-সৰল প্ৰতিজন লোকেই ভৰি দিয়ে।

কোনে জানিছিল আলু-পিঁয়াজ, মাছ, মাংসৰ ব্যৱসায়ৰে অসমীয়া ল'ৰাক সংস্থাপনৰ বাট মুকলি কৰিবলৈ আদৰ্শ দেখুৱাই অহা যুৱকজন এটা মহা প্ৰৱঞ্চক হিচাপে ধৰা দিব? কোনে ভাবিছিল 'অৰ্গেনিক মাজুলী' ফাৰ্মৰ জৰিয়তে অৰ্গেনিক শাক-পাচলীৰ বজাৰ মেলা যুৱকজনৰ আচল চৰিত্ৰ ভেজাল হ'ব?

ফেচবুকত ব্যৱসায়ৰ কথা লিখি, ব্যৱসায়ৰ জৰিয়তে ১০ জনক সংস্থাপিত কৰাৰ কথা প্ৰচাৰ কৰি, অসহায় যুৱকক ক্ষুদ্ৰ ব্যৱসায়ৰ সুবিধা কৰি দিয়াৰ কথা কৈ থকা মানুহজন আচলতে নিজেই আচিল চৰম সুবিধাবাদী। মাহেকত ৬ টা সংখ্যাৰ দৰমহা পোৱা বহু জাতিক প্ৰতিষ্ঠানৰ চাকৰি এৰি ব্যৱসায়, খেতি কৰিবলৈ অহা বুলি কোৱা যুৱকজনে ৬ ৬ নহয় ৭ টা সংখ্যাৰ ঘৰত টকা বেপাৰ কৰিবলৈ লৈ প্ৰৱঞ্চনাৰে হজম কৰিলে।

মানস চলিহা। সামাজিক মাধ্যমত সক্ৰিয় বহুতেই এই নামটোক বহু আগৰে পৰা জানে। আলফা (স্বাধীন) ৰ শিবিৰত গুপ্তচৰ কৰিবলৈ গৈ ধৰা পৰা মানস বৰগোঁহাইৰ কেইবাটাও ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাৰ পিছতে পুনৰ চৰ্চালৈ আহিছিল মানস চলিহাৰ প্ৰসংগ।

কিছু দিনৰ আগলৈকে আলু, পিঁয়াজৰ ব্যৱসায়ৰ কথা কৈ অহা মানস চলিহাৰ আন এক পৰিচয় যে এছ বিৰ জ'নেল হেড সেয়া প্ৰথমবাৰৰ বাবে মানুহে জানিলে। কিন্তু প্ৰকৃততে তেওঁ এছ বিৰ জ'নেল হেড হয়নে?

অসম আৰক্ষীয়ে তেওঁৰ এই পৰিচয়ক নস্যাত কৰিছে। এই পৰিচয়ৰ উপৰিও মানস চলিহা সম্পৰ্কে মানস বৰগোঁহাইয়ে পোহৰলৈ অনা আন এক পৰিচয় কিন্তু সত্য প্ৰমাণিত হৈছে।

সেই পৰিচয় হৈছে মহা প্ৰৱঞ্চক মানস চলিহা। আলু, পিঁয়াজ, মাছ, 'হিন্দু পদ্ধতি'ৰে কটা ছাগলীৰ মাংস (তেওঁ ফেচবুকত প্ৰচাৰ কৰা মতে) আদি ব্যৱাসায়ৰ নামত বহু ব্যক্তিক লুণ্ঠন কৰিলে মানস চলিহাই। এই মহাপ্ৰৱঞ্চকটোৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে হত্যাৰো অভিযোগ।

৩ জানুৱাৰী ২০২৩। সেইদিনা পুৱাই খবৰ আহিছিল পথ দুৰ্ঘটনাত মৃত্যু হ'ল প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বুঢ়াগোঁহাইৰ। সেই দুৰ্ঘটনাত একেখন বাহনতে আছিল আন এজন যুৱক। পুলকেশ গগৈ নামৰ সেই যুৱকজন সামান্য পৰিমাণে আহত হৈছিল।

অতি ভয়ংকৰ সেই দুৰ্ঘটনাৰ এটা বছৰ অতিক্ৰম কৰিলে। সাধাৰণ দুৰ্ঘটনা যেন লগা সেই ঘটনাই এতিয়া লৈছে নতুন মোৰ। অভিযোগ উঠিছে সেয়া দুৰ্ঘটনা নাছিল, আছিল পৰিকল্পিত এক হত্যাকাণ্ড। এই হত্যাকাণ্ডৰে জড়িত আছিল হেনো প্ৰৱঞ্চক মানস চলিহা।

এই অভিযোগ উত্থাপন প্ৰথমে কৰিছিল আলফা (স্বাধীন)ৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোঁহাইয়ে। তাৰ পিছত সিদ্ধাৰ্থ বুঢ়াগোঁহাইৰ পিতৃ-মাতৃয়েও সংবাদ মাধ্যমৰ আগত মানস চলিহা সন্দৰ্ভত ক'লে কেতবোৰ গুৰুত্বপূৰ্ণ কথা।

আলু, পিঁয়াজৰ ব্যৱসায় কৰা যুৱক হিচাপে তেওঁলোকে জানিছিল মানসক। সিদ্ধাৰ্থই শৰীৰ চৰ্চাৰ সমান্তৰালকৈ ধেমাজিত আৰম্ভ কৰিছিল আলু, পিঁয়াজৰ ব্যৱসায়। এই ব্যৱসায়ৰ নামতে সিদ্ধাৰ্থৰ পৰা প্ৰায় ৩০ ৰ পৰা ৪০ লাখ টকা লৈছিল মানসে।

অৱশ্যে এই বিষয়ে নিজ পিতৃক কেতিয়াও ভালকৈ একো কথা কোৱা নাছিল সিদ্ধাৰ্থই। কেৱল ফোনত সিদ্ধাৰ্থই মানসক কোৱা শুনিছিল- কিমানদিন পইচা মাৰি হাইদৰাবাদত থাকিবা? এনে কথা-বতৰা চলি থকাৰ মাজতে হঠাৎ ২০২৩ ৰ ৩ জানুৱাৰীত ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাতে পুৱা নাৰায়ণপুৰত দুৰ্ঘটনাৰ সন্মুখীন হয় সিদ্ধাৰ্থ বৰগোহাঁইৰ বাহনখন। সেই দুৰ্ঘটনাতে মৃত্যু হয় তেওঁৰ।

যোৱা এটা বছৰে এয়া এক দুৰ্ঘটনা বুলিয়েই সকলোৱে বিশ্বাস কৰি আহিছিল যদিও মানস চলিহাৰ প্ৰসংগ চৰ্চালৈ অহাৰ পাছতে এতিয়া সেই দুৰ্ঘটনা হত্যাকাণ্ড বুলিহে চৰ্চা চলিছে। এই অভিযোগৰ সত্যতা কিমান সেয়া আৰক্ষীৰ সঠিক তদন্ততহে জানিব পৰা যাব।

ইফালে আলু, পিঁয়াজৰ ব্যৱাসয়ৰ বাবেই প্ৰদীপ কুমাৰ মেধি নামৰ আন এজন ব্যক্তিৰ পৰাও ৮ লাখ টকা লৈছিল মানস চলিহাই। এই সমুদায় ধন উদৰস্থ কৰি প্ৰদীপ কুমাৰ মেধিক প্ৰৱঞ্চনা কৰা মানস চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যদিও কোনো অজ্ঞাত কাৰণত তেওঁৰ বিৰুদ্ধে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাছিল।

শেহতীয়াকৈ আলফা (স্বাধীন)-এ এটাৰ পিছত এটাকৈ মানস চলিহাৰ কু-কাণ্ডৰ বিষয়ে প্ৰকাশ কৰাৰ পাছতে আৰক্ষী তেওঁৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে। সেই তৎপৰতাৰে তেওঁক পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত অসম আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

আৰক্ষীয়ে এতিয়া বিচাৰিছে মানস চলিহাৰ হাতত থকা সেই পিষ্টল দুটা। প্ৰকৃততে কাৰ আছিল সেই পিষ্টল দুটা। ইফালে মানস চলিহাৰ শেহতীয়াকৈ শান্তি আলোচনা সম্পন্ন কৰা আলফাৰ নেতা অনুপ চেতিয়াৰ সৈতে ঘনিষ্ঠতাৰ ফটো প্ৰকাশ পাইছে।

একেদৰে চৰ্চালৈ আহিছে জিতেন দত্তৰো নাম। জিতেন দত্তৰ সৈতে একেখন গাড়ীত উঠি মানস চলিহাই কৰিছিল নাগৰিকত্ব সংশোধনী বিল আন্দোলন। আন্দোলনকাৰী অসমীয়া যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জিতেন দত্ত বাহিনীৰ সৈতে গৈ মুকলি কৰি আনিছিল আন্দোলনকাৰীক।

ইয়াৰোপৰি মানস চলিহাৰ আছে বহু বাঘা বাঘা নেতা, পালিনেতা, বিষয়াৰে ঘনিষ্ঠতা। ৰে'লৰ জৰিয়তে আলু, পিঁয়াজ আনি গুৱাহাটী, দেৰগাওঁ, গোলাঘাটকে ধৰি বিভিন্ন ঠাইত বেপাৰ কৰাৰ কথা বৰ বৰকৈ প্ৰচাৰ কৰাৰ বাবেই তেওঁ শুৱনি কৰিছিল সভা। উদ্যোগী হিচাপে গ্ৰহণ কৰিছিল সম্বৰ্ধনা আৰু দিছিল ডাঙৰ ডাঙৰ ভাষণ।

সেই মানস চলিহাৰ আচল স্বৰূপ এতিয়া উন্মোচিত হৈছে। অৱশ্যে কাৰ আশীৰ্বাদত ইমানদিনে তেওঁ এইদৰে মুকলিকৈ প্ৰৱঞ্চনাৰ জাল পাতিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই। কাৰ আশীৰ্বাদত মানস চলিহাৰ এটা ফোনত আলু, পিঁয়াজ কঢ়িয়াই নিয়া বাহন আৰক্ষীয়ে মুহূৰ্ততে এৰি দিছিল সেয়াও জনা নাযায়। কেৱল জানিব পৰা গৈছে মানস চলিহা এটা মহা প্ৰৱঞ্চক। প্ৰৱঞ্চনাই আছিল তেওঁৰ ব্যৱসায়ৰ একমাত্ৰ কলা।

আলু, পিঁয়াজৰ বেপাৰী নে হত্যাকাৰী?
ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়ত ভৱন নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ভবেশ কলিতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in