
ডিজিটেল সংবাদ নগাওঁঃ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো অব্যাহত আছে এই নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ। প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত জব্দ হৈছে ড্ৰাগছকে ধৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী।
ইয়াৰ মাজতে শুকুৰবাৰে নিশা নগাওঁ জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কচুৱাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১২.৬৫ গ্ৰাম হেৰ'ইন আৰু ৭০ টা খালী কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।
ইয়াৰোপৰি আৰক্ষীৰ দলটোৱে ৪ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ পৰা জব্দ কৰিছে এ এছ ০২ এ জে ৮৪৪৯ আৰু এ এছ ০৯ জি ৯৬০৪ নম্বৰৰ দুখনকৈ মটৰ চাইকেলো জব্দ কৰে।
আটকাধীন লোক কেইজন ক্ৰমে আমিৰ হাজমা(৩৫), চাজিদা বেগম( ৩২),ছিৰাজুল ইছলাম (৪৪), ছহিদুলাহ (৪৫)। আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে।