ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়ত ভৱন নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ভবেশ কলিতাৰ

ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়তত ভৱন নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ভবেশ কলিতাৰ
ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়তত ভৱন নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ভবেশ কলিতাৰ

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়তত আজি ভৱন নিৰ্মাণৰ শুভাৰম্ভ হয়। ভৱনটো শুভাৰম্ভ কৰে বিধায়ক ভবেশ কলিতাই। উল্লেখ্য যে ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান আচঁনিৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অনুমোদিত ভৱনৰ শুভাৰম্ভ কাৰ্যসূচীত হিৰেণ কলিতাই উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ভবেশ কলিতাই সমবেত ৰাইজক উদ্দেশ্যি কয় যে, আজিৰ দিনটো সমগ্ৰ ৰঙিয়া সমষ্টিৰ ৮ খন পঞ্চায়তৰ ৰাইজৰ বাবে এক সুখবৰ তথা আনন্দৰ দিন। কিয়নো ৮ খন পঞ্চায়তৰ ৰাইজে এটা দিনত ১ কোটি ৬০ লাখ টকা ব্যয়ৰে ৮ টাকৈ নতুন পঞ্চায়ত ভৱন পাবলৈ সক্ষম হৈছে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাসী আচঁনিৰ মুঠ ১ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মাণ হ'বলগীয়া আটকধুনীয়া সর্বাংগ সুন্দৰ পঞ্চায়ত ভৱনসমূহৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সমষ্টিৰ ৮ খনকৈ পঞ্চায়তত ৰাইজৰ সুবিধাৰ্থে নৱ নিৰ্মাণ হ'বলগীয়া পঞ্চায়ত ভৱনসমূহ হৈছে ক্ৰমে পদুম কুঁৱৰী গাঁও পঞ্চায়ত ভৱন, ডিমু ডোৱক গাঁও পঞ্চায়ত ভৱন, বড়িগোগ গাঁও পঞ্চায়ত ভৱন, জয়ন্তীপুৰ গাঁও পঞ্চায়ত ভৱন, মধ্য পাণ্ডুৰী গাঁও পঞ্চায়ত ভৱন, মৰাণজানা গাঁও পঞ্চায়ত ভৱন, কয়া-বাৰপুল্লা গাঁও পঞ্চায়ত ভৱন,বৰদল গাঁও পঞ্চায়ত ভৱন।

ইফালে এই নতুনকৈ নিৰ্মাণ হ'বলগীয়া পঞ্চায়ত ভৱন কেইটাৰ জৰিয়তে আগন্তুক দিনবোৰত পঞ্চায়তৰ উন্নয়নমূলক কাম কাজসমূহ সুন্দৰভাৱে আৰু অধিক সুচাৰুভাৱে পৰিচালিত কৰি তুলিবলৈ সহায়ক হ'ব । লগতে আগন্তুক দিনবোৰত পঞ্চায়তবাসী ৰাইজৰ বিভিন্ন কামকাজ তথা অভাৱ অভিযোগ আৰু সমস্যাসমূহ সমাধান কৰিবলৈ সুবিধা হ'ব বুলিও কলিতাই আশা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত পঞ্চায়তখনৰ সচিব প্ৰাণজিৎ ভূঞাৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত স্থানীয় সমাজকৰ্মী ভবেশ কলিতা, সভানেত্ৰী শিপ্ৰা দাস, বড়িগোগ পঞ্চায়তৰ বিজেপিৰ কৰ্মী মানৱেন্দ্ৰ কলিতাকে প্ৰমুখ্যে কৰি ভালেসংখ্যক ৰাইজ, বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়তত ভৱন নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ভবেশ কলিতাৰ
নগাঁৱৰ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in