হে ভগৱান !এচাম নেতা, অভিনেতা-অভিনেত্ৰীৰ হৈছে কি? নিজস্বতাক পাহৰি তৈলমৰ্দন কৰিবলৈ যাওঁতে ক'ত, কি কৈ দিয়ে তাৰ কোনো নিশ্চয়তা নাইকিয়া হৈছে। ইমান স্থুল কৰ্ম-কাণ্ডবোৰ চৌদিশে সংঘটিত হ'বলৈ ধৰিছে যে মৰ্যাদাবোধৰ নূন্যতম মান নাইকিয়া হৈ পৰিছে।
আকৌ চৰ্চাত কংগণা ৰাণাৱত। এইবাৰ কংগণাৰ প্ৰত্যক্ষ ৰাজনীতি ভৰি দিয়াৰ কুচকাৱাজ। তাৰ বাবে কাক বন্দনা কৰিব লাগে সেয়া কংগণাই ইতিমধ্যে বুজি উঠিছে। তাৰেই বৰ্হিপ্ৰকাশ ঘটিল গুজৰাটত।
'তেজস্ব' চিনেমাখন দৰ্শকে প্ৰত্যাখান কৰিলে। দেশপ্ৰেম আৰু আৱেগে কংগণাক ৰক্ষা কৰিব নোৱাৰিলে। মন্দিৰে মন্দিৰে ঘূৰিছে কংগণা। গৈছিল দ্বৰাকাধীশ আৰু সোমনাথ মন্দিৰলৈ।
মন্দিৰ দৰ্শন কৰি কংগণাৰ নতুন উপলব্ধি হ'ল। হে' ভগৱান নহয়, হে' মোডী ধ্বনি কংগণাৰ বক্তব্যৰ সুৰত ফুটি উঠিল। কংগণাই ক'লে প্ৰধানমন্ত্ৰী মোডী কৃষ্ণৰ অৱতাৰ। ভাৰত আৰু বিশ্বৰ কল্যাণৰ বাবে মোডীৰ অৱতাৰ হৈছে। সনাতন ধৰ্ম সমগ্ৰ বিশ্বত প্ৰতিষ্ঠাৰ বাবে মোডীৰ ৰূপত এই অৱতাৰ ভগৱানৰ !
কাৰোবাক কোনোবাই প্ৰশংসা কৰক, কোনোবাই সমালোচনা কৰক সেয়া ব্যক্তিগত বিষয়। কিন্তু সেই প্ৰশংসা বা সমালোচনা অদ্ভুত আৰু ৰাজনৈতিক স্বাৰ্থন্বেষী হ'লে ইয়াৰ প্ৰভাৱ কওঁতাজনৰ লগতে আন সাধাৰণ লোকৰ ওপৰতো পৰে।
কংগণাৰ দৰে এগৰাকী অভিনেত্ৰীয়ে এই কথা ভালকৈয়ে বুজি পাইছে বলিউড এতিয়া তেওঁৰ বাবে সহজ হৈ থকা নাই। অদৃশ্য গেৰুৱা সাজ পিন্ধি ৰাজনৈতিক প্ৰবক্তাৰ দৰেই হৈ পৰিছে তেওঁ।
এইবাৰ লক্ষ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচন। সেই ইংগিত কংগণাৰ আচৰণতেই স্পষ্ট। সেয়েহে মোডীক শিখণ্ডি কৰি লৈ ধৰ্মীয় আৱেগৰ এই কাৰ্ডখন আগতেই খেলি দিলে অভিনেত্ৰীগৰাকীয়ে।
এটা মন্তব্যৰে কংগণাই দুটা কাম কৰিলে। মোডীৰ প্ৰশংসা আৰু ধৰ্মীয় আৱেগ, অনুভূতিক ৰাজনীতিত কেন্দ্ৰীভূত কৰা কংগণাই ভালদৰে জানে সাম্প্ৰদায়িক ৰাজনীতিত এনেবোৰ মন্তব্যৰ প্ৰভাৱ কিমান।
এইবাৰ কংগণাই বিজেপিৰ পৰা টিকট পালে সংসদত সোমাবগৈ বুলি মানসিক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কংগণাই এই বেয়া দিনত এনেই মোডীক ভগৱান সজোৱা নাই। কংগণাক এতিয়া যদি কোনোবাই ৰক্ষা কৰিব পাৰে সেয়া মোডীৰ বাদে আন কোনো হ'ব নোৱাৰে।
ভগৱানৰ শাৰীত কাৰোবাক থোৱাৰ সাধাৰণ প্ৰৱণতাৰ সৈতে এই প্ৰৱণতাৰ পাৰ্থক্য আছে। হিন্দুত্বক সমল কৰি ৰাজনৈতিক লাভালাভ আৰু ক্ষমতাৰ সোৱাদ পোৱা সকলে এনে কাৰ্যক উৎসাহিত কৰিব।
মোডী, কংগণাৰ কৃপাত ভগৱান হ'ল। অৱতাৰী পুৰুষ মোডীক পূজা- অৰ্চনা কৰা ৰাজনৈতিক পৰিৱেশে দেশৰ কল্যাণ সাধন নকৰিলেও কংগণাহঁতৰ দৰে অভিনেত্ৰীৰ মনোকামনা পূৰণ কৰিব।
সভ্যতা আৰু আধুনিকতাৰ বিৰুদ্ধে ৰাজনীতিৰ এই সংকীৰ্নতা দুখনজনক। এইবোৰ গণতান্ত্ৰিক প্ৰমূল্যবোধত চৰম আঘাত। কংগণা ৰণাৱটৰ দৰে মানুহেও সাধাৰণ লোকক মুৰ্খ সজোৱাত নামি গ'ল নেতা-মন্ত্ৰীৰ দৰে।
মনৰ ভিতৰত পুহি ৰখা হাবিয়াস পূৰণৰ বাবে এনেবোৰ চল চাতুৰি কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকে। মোডীক সফল প্ৰধান-মন্ত্ৰী, সফল ৰাজনীতিবিদ বুলি কওঁক তাত আপত্তি নাই। কিন্তু মোডীক ভগৱানৰ অৱতাৰ বুলি প্ৰতিষ্ঠা কৰিবলৈ কংগণাই চলোৱা এইবোৰ ৰাজনৈতিক কুচকাৱাজে আমাক অবাক কৰে, চকু কপালত তুলে।