/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ebbfd5b8-bd77-44ff-8574-5c4ee8ba13fa/Amit_pal.jpg)
অমৃত পাল সিঙক জেৰা চলাবলৈ ডিব্ৰুগড় কাৰাগাৰত NSA ৰ দল...
ডিজিটেল ডেস্কঃ খালিস্তানপন্থী সংগঠন ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙক জেৰা চলাবলৈ ডিব্ৰুগড়ত আহি উপস্থিত হৈছেহি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ উপদেষ্টা দল। এই ৩ জনীয়া এন এছ এ দলটোৰ নেতৃত্বত আছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্বাবিহুল হাস্নেই।
আনহাতে তেওঁৰ লগত অহা এই দলটোৰ সদস্য দুজন ক্ৰমে সুভীৰ চেওঁখান্দ আৰু ডিভানশু জৈন। উল্লেখ্য যে, ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃত পাল সিঙৰ সৈতে ১০ গৰাকীকৈ বিভিন্ন পৰ্যায়ৰ নেতাক ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।
যোৱা ২৩ এপ্ৰিলত অমৃত পাল সিঙক ডিব্ৰুগড় কাৰগাৰলৈ অনা হৈছিল। আনহাতে ডিব্ৰুগড় কাৰাগাৰলৈ ১৯ মাৰ্চত অনা হৈছিল খালিস্তানীৰ প্ৰথমটো দল।
অমৃত পাল সিঙৰ আগমণৰ লগে লগে কাৰাগাৰখনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছিল। পূৰ্বে ৫৭ টা চি চি টিভি কেমেৰা সংস্থাপন কৰা জিলা কাৰাগাৰখনত পুনৰ ১২ টাকৈ চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছে।
Also Read: মণিপুৰক পুনৰ অগ্নিগৰ্ভা কৰাৰ চেষ্টা প্ৰাক্তন বিজেপি বিধায়কৰ ! অস্ত্ৰসহ ৩ জনক গ্ৰেপ্তাৰ...