৯০ বছৰীয়া ককাকে সুধিছে- 'আমাৰ এই কেতিয়া খেলিব...'

৯০ বছৰীয়া ককাকে সুধিছে- 'আমাৰ এই কেতিয়া খেলিব...'
৯০ বছৰীয়া ককাকে সুধিছে- 'আমাৰ এই কেতিয়া খেলিব...'

মৃদুল কুমাৰ সন্দিকৈ

জীৱনত প্ৰথমবাৰৰ তেওঁলোকে ক্ৰিকেট খেল চাইছে। এই খেল কেনেকৈ খেলে সেয়া তেওঁলোকে নাজানে। নাজানে ক্ৰিকেট খেলৰ নিয়ম। তথাপিও তেওঁলোকে টিভিৰ আগত বহি খেল উপভোগ কৰিছে।

৯০ বছৰীয়া ককাক আৰু ৮০ বছৰীয়া আইতাকৰ এটাই আগ্ৰহ, এটাই হেঁপাহ টিভিত দেখা পাব নাতিনীয়েকক। মঙ্লদৰৈ শান্তিপুৰৰ এই ঘৰখনত দৰ্শকৰ ৰূপত ঘৰৰ সদস্যৰ উপৰিও ওচৰ-চুবুৰীয়া আহি ভিৰ কৰিছেহি।

নিৰ্ধাৰিত সময়ত খেল আৰম্ভ হ'ল। দেউতাক, মাক, মাকৰ ফালৰ ককাক, আইতাক, দেউতাকৰ পিতৃ,মাতৃ, বৰদেউতা, মোমায়েক সকলোৰে চকু টিভিত নিবদ্ধ হৈছে। খবৰটো আহিছিল ১৩ ফেব্ৰুৱাৰীতেই।

আই পি এলৰ আৰ্হিত বি চি চি আইয়ে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে ডব্লিউ পি এল। ইয়াৰ বাবে মহিলা ক্ৰিকেটাৰসকলৰ নিলাম হৈছিল। কোনেও ভবা নাছিল ডব্লিউ পি এলত মুম্বাই ইণ্ডিয়ানছৰ দৰে এটা দলক প্ৰতিনিধিত্ব কৰিব মঙ্লদৈ শান্তিপুৰৰ ৪ নং ৱাৰ্ডৰ এগৰাকী খেলুৱৈয়ে।

নকুল কলিতা আৰু শেৱালী কলিতাৰ একমাত্ৰ কন্যা জিণ্টিমণি কলিতা। ক্লাছ ছিক্সৰ পৰাই জিণ্টিয়ে ক্ৰিকেট খেলা আৰম্ভ কৰিছিল। ক্ৰিকেটৰ প্ৰতি আছিল তীব্ৰ আগ্ৰহ। ভীষণ কষ্ট কৰিব পাৰে জিণ্টিমণিয়ে।

সুযোগ পালেই অনুশীলন কৰা জিণ্টিমণিয়ে প্ৰথমে বলিঙত মনোনিৱেশ কৰিছিল। লাহে লাহে বেটিঙটো মনোনিৱেশ কৰি দেশৰে এগৰাকী প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ ৰূপে প্ৰতিষ্ঠা কৰিলে।

২০১৭ চনত জিণ্টিমণিয়ে প্ৰথম মহিলা ৰাজ্যিক ক্ৰিকেট দললৈ নিৰ্বাচিত হৈছিল। ভাৰতীয় এ দলৰ হৈ আণ্ডাৰ-১৯, আণ্ডাৰ-২৩ আৰু চেলেঞ্জাৰ্ছ ট্ৰফীটো অংশ লৈছে জিণ্টিমণিয়ে।

ভাৰতৰ এ মহিলা দলৰ হৈ শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও জিণ্টিমণিৰ খেলাৰ অভিজ্ঞতা আছে। ডব্লিউ পি এললৈ যে নিৰ্বাচিত হ'ব সেই কথা জিণ্টিমণিয়ে ভবা নাছিল। প্ৰেক্টিছ কৰি আহি সেই দিনা ঘৰতেই আছিল জিণ্টিমণি।

মাক শেৱালী কলিতাই কৈ গৈছিল সেই সময়ৰ কথা। অসমৰ পৰা দুজনী ছোৱালীৰ নাম নিলাম হ'বলগীয়া খেলুৱৈৰ তালিকাত থকাৰ কথা জানিছিল। নিলামত তেওঁক কোনোবাই ক্ৰয় কৰে, নকৰে তাক লৈ চিন্তিত হোৱা নাছিল জিণ্টিমণি।

মাকে কৈছিল তোৰ অকণো চিন্তা লগা নাই নে? নিলাম হৈ গ'ল জিণ্টিমণিলৈ এটা ফোন আহিছিল। কোনোবাই খবৰ দিছিল জিণ্টিমণিক। তাইকে মুম্বাই ইণ্ডিয়ানছে ১০ লাখ টকাত ক্ৰয় কৰা বুলি। জিণ্টিমণিয়ে চিঞ্চৰি দিছিল আৰু নিলাম কৰা তালিকাখন বিচাৰিছিল।

তাৰ পাছত প্ৰেক্টিছ, কঠোৰ অনুশীলন। গুছৈ গৈছিল জিণ্টিমণি মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত যোগদান কৰিবলৈ। মাক- দেউতাকৰ চিন্তা হৈছিল। ফোন কৰি জিণ্টিমণিয়ে জনাইছিল চিন্তা কৰিব নালাগে। সকলো ঠিকেই আছে।

৪ মাৰ্চ, ২০২৩। শনিবাৰে আছিল ডব্লিউ পি এলৰ প্ৰথমখন মেচ। পুৱা জিণ্টিমণিয়ে আইতাকলৈ ফোন কৰিছিল। কৈছিল আজি মোৰ খেল আছে এগছি চাকি জ্বলাবা। মাকেও জিণ্টিমণিয়ে ভাল খেলক বুলি চাকি, বন্তী জ্বলাইছিল।

মাকলৈ মেচেজ দিছিল জিণ্টিমণিয়ে। তাইৰ নাম মূল একাদশত থকা বুলি জানিব দিছিল। মুম্বাই ইণ্ডিয়ানছ ৱ'মেনছ টীমত হেলি মেথিউজ, য়াষ্টিকা ভাটিয়া, হৰমনপ্ৰীত কৌৰ, নাট চিভিয়াৰ ব্ৰাউণ্ট, এমেলিয়া কেৰ, আমনজিত কৌৰ, পূজা ভাষ্টাকাৰ, হুমাইৰা কাজি, ইজি ৱং, ছাইকা ইছাকি আদি তাৰকাৰ খেলুৱৈৰ সৈতে মূল একাদশত স্থান পাইছে জিণ্টিমণিয়ে।

টছত হাৰি ডব্লিউ পি এলৰ প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰিবলগীয়া হ'ল। তেতিয়াও ক্ৰীজলৈ আহিবলৈ বাকী বহুকেইগৰাকী খেলুৱৈ। গুজৰাট জেইণ্টছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা সেই খেলখনৰ লাইভ টেলিকাষ্ট চাই আছে জিণ্টিমণিৰ পৰিয়ালেয

৯০ বছৰীয়া ককাক মহেশ্বৰ কলিতাই সুধি আছে আমাৰ এই কেতিয়া আহিব? কোন গৈছে আহিছে তালৈ তেওঁৰ ভ্ৰুক্ষেপ নাই। তেওঁ জানে কেৱল নাতিয়েকক দেখিব লাগে। জিণ্টিমণিৰ মাতৃৰ আশা তাই ভাল খেলক। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনক।

জিণ্টিমণিয়ে আকৌ এবাৰ প্ৰমাণ কৰি দিলে ক্ৰীড়া ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ মহিলাই দেশৰ আন প্ৰান্তৰ সমানেই আগবাঢ়িব পাৰে। আন্তঃগাঁথনিৰ অভাৱ। তথাপিও নিজৰ একাগ্ৰতা, দৃঢ়তাৰে জিণ্টিমণি আগুৱাই গৈছে। এয়া আমাৰ বাবে সুখবৰ। ৰাজ্যৰ বাবে সুখবৰ। উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাল খবৰ।

৯০ বছৰীয়া ককাকে সুধিছে- 'আমাৰ এই কেতিয়া খেলিব...'
সন্মুখত ফাকুৱাঃ অসম আৰক্ষীয়ে বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in