সন্মুখত ফাকুৱাঃ অসম আৰক্ষীয়ে বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা...

সন্মুখত ফাকুৱাঃ অসম আৰক্ষীয়ে বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা...
সন্মুখত ফাকুৱাঃ অসম আৰক্ষীয়ে বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা...

ডিজিটেল ডেস্কঃ সন্মুখত ফাকুৱা। এই ফাকুৱাত যাতে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে অসম আৰক্ষীয়ে অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে।

অসম আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰিছে যে, উৎসৱৰ গইনাৰে অত্যাধিক আনন্দত মতলীয়া হৈ অথবা নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱত পৰি এই সময়ছোৱাত পথ দুৰ্ঘটনাকে ধৰি অন্যান্য বহু ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়।

এনে অনাকাংক্ষিত ঘটনাবোৰে উৎসৱৰ আনন্দ ম্লান কৰাৰ লগতে জন-ধনৰ হানিৰে বহুতো পৰিয়াললৈ অন্ধকাৰ নমাই আনে। সেয়ে আগন্তুক ফাকুৱা বা দৌল উৎসৱ গাড়ী চালক আৰু দুচকীয়া বাহনৰ চালকসকলক নিচাযুক্ত দ্ৰব্য সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ লগতে অসাৱধানতাৰে আৰু দ্ৰুত বেগত বাহন নচলাবলৈ অনুৰোধ জনোৱা হৈছে।

তদুপৰি, গাড়ীৰ চালক আৰু আৰোহী সকলোৱে চিট বেল্ট ব্যৱহাৰ কৰাৰ লগতে দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে যাতে নিশ্চিতভাৱে হেলমেট পৰিধান কৰে তাৰ বাবে সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনোৱা হৈছে।

বিবৃতিটোত যান-বাহন আইন সম্পূৰ্ণৰূপে মানি চলাৰ লগতে উৎসৱৰ সময়ছোৱাত নিজৰ উপৰি চৌপাশৰ সকলোৰে সুৰক্ষা নিশ্চিত কৰিবলৈও ৰাইজৰ প্ৰতি অনুৰোধ জনায়।

সন্মুখত ফাকুৱাঃ অসম আৰক্ষীয়ে বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা...
১ এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষৰ পাঠদানঃ প্ৰকাশ পালে নতুন পাঠ্যক্ৰম...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in