প্ৰশ্ন কাকত লাগে ? প্ৰসন্ন, কুমুদ, প্ৰণৱ ছাৰে ফোন কৰি সোধে বাৰে বাৰে

প্ৰশ্ন কাকত লাগে ? প্ৰসন্ন, কুমুদ, প্ৰণৱ ছাৰে ফোন কৰি সোধে বাৰে বাৰে
প্ৰশ্ন কাকত লাগে ? প্ৰসন্ন, কুমুদ, প্ৰণৱ ছাৰে ফোন কৰি সোধে বাৰে বাৰে

মৃদুল কুমাৰ সন্দিকৈ

আমাৰেই দুৰ্ভাগ্য আমি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তো এক শৈক্ষিক পৰিৱেশ দিয়াত বিফল হ'লো । প্ৰশ্ন কাকত ফাদিল, কোন জগৰীয়া এইবোৰ চিঞৰ বাখৰৰ পাছত ইখনৰ পাছত সিখন প্ৰশ্ন কাকত ফাদিলৰ ন ন খবৰ আহিয়ে আছে ।

মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো দুখ ব্যক্ত কৰি ক্ষমা বিচাৰিলে । ইমান পৰিতাপৰ কথা যে যিজন প্ৰধান শিক্ষকক এটা পৰীক্ষা কেন্দ্ৰৰ তত্বৱধায়কৰ দায়িত্ব দিয়া হৈছিল তেৱেয়েই এই কেলেংকাৰীৰ খলনায়ক হিচাপে চিহ্নিত হৈছে ।

লোহিত খাবলু কেন্দ্ৰৰ পৰীক্ষাৰ তত্বৱধায়ক প্ৰণৱ দত্তই প্ৰশ্ন কাকত ফাদিল কৰাতো এক বেপাৰ হিচাপে লৈছিল । অভিযোগ আহিছে ২০২২ বৰ্ষতো তেওঁ এনে এখন প্ৰশ্নকাকতৰ বজাৰ মেলিছিল ।

ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কাকত লাগিব নেকি বুলি সুধি ফুৰিছিল । মাজুলীৰ এগৰাকী ছাত্ৰীয়ে সেই অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত মুখ খুলিছে । ছাত্ৰীগৰাকীৰ মতে একোখন প্ৰশ্ন কাকতৰ বাবদ ৫০০ টকাকৈ বিচাৰিছিল । বৰ্তমান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীৰ এই অভিযোগ সমগ্ৰ ঘটনা তদন্ত কৰি থকা চি আই ডিৰ বাবে গুৰুত্বপূৰ্ণ ।

প্ৰণৱ দত্ত নামৰ শিক্ষক গৰাকীয়ে কেনেকৈ থানাৰ পৰা প্ৰশ্ন কাকতৰ টোপোলা অনীতিগতভাৱে লৈ আহিছিল সেয়াও এক ডাঙৰ ৰহস্য । ইংৰাজীৰ পৰীক্ষা থকাৰ দিনা ইংৰাজীৰ প্ৰশ্নকাকতৰ সৈতে গণিতৰ প্ৰশ্নকাকতৰ টোপোলা, গণিতৰ প্ৰশ্নকাকতৰ সৈতে বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা, বিজ্ঞানৰ সৈতে অসমীয়া প্ৰশ্ন কাকতৰ টোপোলা তেওঁ লৈ আহিছিল বুলি চৰ্চা হৈছে ।

আৰক্ষী বা চি আই ডি য়ে তদন্তত কি পাই সেইয়া সময়ে ক'ব । কিন্তু কেচুঁ খান্দোতে সাপ ওলাইছে । ডফলা কটা জনজাতি হাইস্কুলৰ আন দুজন শিক্ষককো এই কাণ্ডৰে জড়িত থকা বুলি চিহ্নিত কৰা হৈছে ।

প্ৰসন্ন দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আত্মগোপন কৰি আছে কুমুদ ৰাজখোৱা । ইখনৰ পাছত সিখন প্ৰশ্নকাকত এই চক্ৰটোৱে ফাদিল কৰিছে । যদি সচাকৈয়ে গণিত, বিজ্ঞান, ইংৰাজী আৰু অসমীয়াৰ প্ৰশ্নকাকত ফাদিল হৈছে তেন্তে এইবাৰৰ মেট্ৰিক পৰীক্ষা পতাৰ কি মূল্য থাকিলে ?

এদিন শিক্ষামন্ত্ৰীৰ খং উঠিছিল, মেট্ৰিক পৰীক্ষাত বেমেজালি হোৱা বুলি সাংবাদিকে প্ৰশ্ন কৰোতে তেওঁ গেঙেৰী মাৰি উঠিছিল । সন্দেহৰ ওপৰত সকলো কথা নক'ব বুলি সাংবাদিককে নীতিশিক্ষা পঢ়াইছিল ।

শিক্ষামন্ত্ৰীয়ে এতিয়া কি ক'ব ? এইবোৰ বেমেজালি, খেলি-মেলি বুলি ক'ব পাৰি নে নোৱাৰি ? ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ এটা আছে, ছেবা আছে, আৰক্ষী প্ৰশাসন আছে । তাৰ প‍াছতো মেট্ৰিকৰ দৰে পৰীক্ষা এটা সুকলমে অনুষ্ঠিত কৰিব পৰাকৈ কোনো ফাঁক নথকা ব্যৱস্থা এটা কিয় গঢ়ি তুলিব পৰা নাই ।

এইয়া কি শিক্ষামন্ত্ৰীৰ ব্যৰ্থতা নহয় ? এইয়া কি ছেবাৰ ব্যৰ্থতা নহয় ? ইয়াৰ দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব নালাগিব ? কম দুখৰ কথা নে ! ইমান দিনৰ প্ৰস্তুতি পানী হৈ গ'ল এইসকল শিক্ষকৰ নামত কলংক সনা লোকৰ বাবে ।

শিক্ষাবৃত্তিত জড়িত এনে শিক্ষক সকলে লাখ লাখ ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে হত্যা কৰিলে । এইবাৰ অন্তত: তদন্ত নিয়াৰিকৈ হওক । কি আৰু ক'ত ভুল আছে বিচাৰি ইয়াক সংশোধন কৰক । এনেকৈ আৰু কিমান দিন মেট্ৰিক পৰীক্ষাৰ নামত ল'ৰা-ধেমালি চলিব ?

প্ৰণৱ দত্তই আৰক্ষীৰ জেৰাত বহু বিষ্ফোৰক স্বীকাৰোক্তি দিছে । এই সমগ্ৰ চক্ৰটোৰ সৈতে কোন কোন জড়িত, ছেবাৰ বিষয়া-কৰ্মচাৰীৰ ভূমিকা নিশ্চয় তদন্তৰ আওতালৈ আহিব । কেইবাজনো ছাত্ৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । হেণ্ডকাফ লগাই তেনে কিছু ছাত্ৰক আৰক্ষীয়ে টানি টানি থানালৈ আনিছে ।

এইসকল ছাত্ৰৰ অপৰাধ হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন কাকত ভাইৰেল কৰিছিল । ইজনৰ পৰা সিজনলৈ দিছিল । শিক্ষক, ছাত্ৰই মিলি সংঘটিত প্ৰশ্ন কাকত কেলেংকাৰীয়ে মেট্ৰিক পৰীক্ষাৰ প্ৰতি আৰু সন্দেহ তীব্ৰতৰ কৰি তুলিলে ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অন্ততঃ এতিয়া বুজি পাইছে যে যি সন্দেহ হৈছিল সেইয়া অমূলক নাছিল । পুতলাসদৃশ শিক্ষামন্ত্ৰী হৈ থকাতকৈ ৰণোজ পেগুৰ দৰে এজন ৰাজনীতিবিদে এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি কি কৰিব লাগে সেইয়া নিশ্চয় জানে ?

নহ'লেনো অসমীয়া পৰীক্ষা বাতিল কৰা খবৰো মুখ্যমন্ত্ৰীৰ টুইটৰ ওপৰত ভিত্তি কৰি তেওঁ দিব লাগে নে ? যদি মুখ্যমন্ত্ৰীয়ে সকলো চাব লাগে তেনেহ'লে তেওঁলোকৰ দৰে আন মন্ত্ৰীসকলৰ প্ৰয়োজনেই বা ক'ত?

ছেবা এইবাৰেই কলংকিত হোৱা নাই । ছেবাৰ গাত বহু এনে দাগ আছে, ছেবাৰ সংস্কাৰ সাধনৰ বাবে দিয়া পৰামৰ্শৱ লানী কিয় কাৰ্যকৰী কৰা নহ'ল ? ছেবাৰ বৰ্তমানৰ অধ্যক্ষ গৰাকীৰ প্ৰতি কাৰ, কিয় ইমান দৰদ ?

চূড়ান্ত বিশৃংখলতা আৰু আন্তৰিকতাহীনতাৰে ছেবা পৰিচালনা কৰা হয় নেকি ? ইমানৰ পাছতো যদি ছেবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয়, ছেবাৰ অধ্যক্ষ জনক বিদায় দি আন এজন উপযুক্ত মানুহক সেই দায়িত্ব দিয়া নাযায় তেনেহ'লে এইবোৰ ঘটনা ঘটিয়েই থাকিব ।

মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ব নালাগিছিল বুলি বিধানসভাত কৈ এইয়া আমাৰ ব্যৰ্থতা বুলি স্বীকাৰ কৰাৰ পাছত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে  বুজি পাব লাগিছিল শিক্ষামন্ত্ৰী হিচাপে তেওঁ যে ব্যৰ্থ সেই কথা আৰু চিধাকৈ ক'ব নালাগে ।

ছেবাৰ অধ্যক্ষ ৰমেশ জৈনেও গোজ পুতি বহি থকাতকৈ সামগ্ৰিকভাৱে মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে নিজৰ সিদ্ধান্ত নিজেই ল'ব লাগিছিল । যিসকল অপৰাধীয়ে এই কাম কৰিলে তেওঁলোকক এই সুযোগ দিয়াৰ বাবে এওঁলোকো দায়ী নহয়নে ? মুঠৰ ওপৰত এতিয়া সকলো সহ্য কৰিব লগীয়া হৈছে মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীয়ে আৰু অভিভাৱকে ।

প্ৰশ্ন কাকত লাগে ? প্ৰসন্ন, কুমুদ, প্ৰণৱ ছাৰে ফোন কৰি সোধে বাৰে বাৰে
মোডীয়ে লাভ কৰিব শান্তিৰ ন’বেল!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in