ধুনীয়া গুৱাহাটীক কোনে কৰিলে ঘূণীয়া ?

ধুনীয়া গুৱাহাটীক কোনে কৰিলে ঘূণীয়া ?
ধুনীয়া গুৱাহাটীক কোনে কৰিলে ঘূণীয়া ?

তুষাৰ প্ৰতিম

বসবাসৰ উপযোগী হৈ থকা নাই গুৱাহাটী ! প্ৰয়োজন নহ'লে গুৱাহাটীলৈ নাহিব। আহিলেও হাতত লৈ আহিব বহু সময়। প্ৰতি মুহূৰ্ততে অৱলম্বন কৰিব সাৱধানতা। অন্যথা আপুনি পৰিব পাৰে মহা বিপদত।

এইবাৰ বাৰিষা কিছু পলম হৈছে। জেঠৰ শেষৰ ফালেহে ৰাজ্যত আৰম্ভ হৈছে বৰষুণ। আজিৰ পৰা প্ৰায় এটা সপ্তাহ আগলৈকে বৰষুণৰ অপেক্ষাত থকা ৰাজ্যবাসীয়ে বিজ্ঞানক একাষৰীয়া কৰি জনবিশ্বাস অনুসৰিয়েই ভেকুলীৰ বিয়া পাতিছিল।

জলসিঞ্চনহীন অসমৰ খেতি পথাৰত সময়মতে কৃষি কৰ্ম কৰিবলৈ অসমৰ্থ। বতৰৰ ওপৰতে সকলো নিৰ্ভৰশীল। বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে এইবাৰ চাটক চৰাইৰ দৰে বৰষুণলৈ অপেক্ষা কৰি আকাশালৈ চাই ৰৈছিল।

প্ৰকৃতিৰ আশীৰ্বাদত কৃষক ৰাইজৰ বাবে যেনিবা জেঠৰ শেষৰ ফালে আহিল বৰষুণ। এই বৰষুণ কৃষকৰ বাবে আশীৰ্বাদ হিচাপে বিবেচিত হোৱাৰ সময়তে আকৌ গুৱাহাটীৰ বাবে যেন অভিশাপহে হৈ পৰিল।

মাত্ৰ ৫ মিনিট সময় বৰষুণ দিলেই পানী জমা হ'বলৈ আৰম্ভ হয় গুৱাহাটীত। উফাইদাং কথাৰে গুৱাহাটীক বানমুক্ত কৰাৰ পণ লোৱা মন্ত্ৰীৰ অৱশ্যে এতিয়া মুখৰ মাত নাই। মাতিবই বা কেনেকৈ? বাস্তৱসন্মত ব্যৱস্থা ল'বলৈ অসমৰ্থ মন্ত্ৰীয়ে হয়তো বুজি পাইছে কথাৰে গুৱাহাটীক বান মুক্ত কৰিব নোৱাৰি।

গুৱাহাটীৰ চৌদিশে এতিয়া নিৰ্মাণ কাৰ্য চলিছে। বাহিৰৰ পৰা আহি গুৱাহাটীৰ মাজলৈ সোমাই গ'লে এনে লাগে যেন নিৰ্মাণৰ নামত গুৱাহাটীক এফালৰ পৰা ক্ষত বিক্ষত কৰি তোলা হৈছে।

লুইতৰ পাৰত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত, গুৱাহাটীৰ বুকুৰ মাজলৈ সোমাই যোৱা মালিগাঁৱত, জু-ৰোডত এতিয়া চলি আছে সেতু, উৰণীয়া সেতুৰ নিৰ্মাণ। কাষে কাষে ব্যক্তিগত, চৰকাৰী শ শ অট্টালিকা। প্ৰস্তাৱ কৰা হৈছে আন কেইবাখনো উৰণীয়া সেতুৰ।

এনে নিৰ্মাণ কাৰ্যৰ মাজতে আকৌ খোৱা পানীৰ যোগানৰ নামত চলি থকা নাটকখনৰ বাবেই এফালৰ পৰা খান্দি যোৱা হৈছে পথ। লোক নিৰ্মাণ বিভাগে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ এটা বছৰ সম্পূৰ্ণ নহওতেই আকৌ জাইকাৰ পানী যোগানৰ পাইপ মেৰামতিৰ নামত খান্দি পেলোৱা হৈছে এই পথবোৰ।

সকলোতে একেই দৃশ্য। ক'তো শান্তি নাই। পৰিকল্পনাবিহীন ভাৱে নিৰ্মাণ কৰা মালিগাওঁ উৰণীয়া সেতুৰ নামত এই পথছোৱাত সৰ্বসাধাৰণে এতিয়া ভূগিবলগীয়া হৈছে যমৰ যাতনা। আদাবাৰী পাৰ হৈ মালিগাঁৱৰ মাজেৰে আহি গুৱাহাটী ক্লাৱ পাবলৈ সময়ে সময়ে এতিয়া ৩ ঘণ্টাৰো অধিক সময়ৰ প্ৰয়োজন।

একেই অৱস্থা এতিয়া জুৰোডত। চানমাৰিৰ পৰা গণেশগুৰিলৈ এই পথছোৱা বাছত যাবলৈ প্ৰয়োজন হয় অতি কমেও ৪০ ৰ পৰা ৪৫ মিনিট সময়। কেতিয়াবা আকৌ লাগে ১ ঘণ্টা। গুৱাহাটীৰ যানজঁট হ্ৰাস কৰিবলৈ পৰিবহণ বিভাগে দৈনিক ১০৯ খন চিটি বাছ চলাচলত বাধা দিছে যদিও যানজঁট হ্ৰাস কৰিব পৰা নাই।

গণেশগুৰিৰ পৰা আকৌ হাতীগাওঁ হৈ ভেটাপাৰাৰ এই গোটেই পথছোৱাত পথৰ মাজত গাঁত বুলি নকৈ, গাঁতৰ মাজে মাজে পথৰ ভঙা অংশ আছে বুলি ক'লেহে সঠিক কৈ কোৱা হ'ব। অতি গুৰুত্বপূৰ্ণ এই পথছোৱাত এতিয়া পদে পদে বিপদ নিশ্চিত।

এই পথটোৰ মাজত ভঙা অংশত এতিয়া ঠায়ে ঠায়ে জমা হৈ আছে পানী। সময়ে সময়ে হোৱা কৃত্ৰিম বানত আকৌ সেই ভঙা অংশবোৰ বুৰি থকাত পানীৰ তলৰ পথৰ অৱস্থা সম্পৰ্কে কোনো ধাৰণা নাথাকে পথাছাৰীৰ। ফলত এই পথটোত কোন সময়ত আপুনি বিপদত পৰিব সেয়া তলকিবই নোৱাৰিব।

এই পথটোৰ গাতে লাগি থকা লিটিল ফ্লাৱাৰ নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী আজিৰ পৰা কিছুদিন পূৰ্বে গণেশগুৰিত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। সেই একেখন শিক্ষানুষ্ঠানৰ সন্মুখত আকৌ এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কিয়নো এই বিদ্যালয়খনৰ সন্মুখৰ পথটোৰ ভাঙি চিঙি অৱস্থা নাই। স্কুল আৰম্ভণিৰ আগৰ সময়ছোৱাত আৰু ছুটিৰ সময়ছোৱাত অভাৱনীয় যানজঁট। পথটোৰ কাষতে আকৌ বিভিন্ন নিৰ্মাণকাৰ্যৰ বাবে দ'মাই ৰখা হৈছে শিল, বালি, ব্লক ইটা আদি। এই পথছোৱা দেখিলে স্মাৰ্ট গুৱাহাটীৰ প্ৰকৃত দৃশ্য স্পষ্ট হ'ব।

গুৱাহাটীত পানীয়ে মানুহ মাৰে আৰু পানীৰ বাবেই মানুহে হাহাকাৰ কৰি মৰে। এজাক বৰষুণত সৃষ্টি হোৱা কৃত্ৰিম বানত যিদৰে ইয়াত মানুহ মৰে, ঠিক তেনেকৈয়ে খোৱা পানীৰ পাইপ বিস্ফোৰণ হৈয়ো ইয়াত মানুহ মৰে।

গুৱাহাটীৰ বাবে অভিশাপ হৈ পৰা পানী বিচাৰিয়েই এতিয়া আকৌ গুৱাহাটীত লাগিছে হাহাকাৰ। এজাক বৰষুণত বানত ডুবা গুৱাহাটীত নাই খোৱাপানী। মাত্ৰ ৩ দিন খোৱা পানী নাপাব বুলি জাননী জাৰি কৰা গুৱাহাটীত আজি এটা সপ্তাহ পাৰ হোৱাৰ পাছতো নাই খোৱা পানী।

এইদৰেই এতিয়া গুৱাহাটীৰ আভিজাত্যৰ ফুপুলা স্বৰূপবোৰ উন্মোচিত হৈছে। অপৰিকল্পিত ভাৱে কৰা নিৰ্মাণ কাৰ্য, নিম্ন মানৰ কাম, নিৰ্মাণ কাৰ্যত হোৱা দুৰ্নীতিয়ে যিদৰে মানুহক বিপদৰ মাজলৈ ঠেলি পঠিয়াইছে ঠিক তেনেকৈ একাংশ দাম্ভিক, আকাশত চাং পতা মন্ত্ৰী, ৰাজনৈতিক নেতাৰ বাবেই গুৱাহাটীবাসী পণবন্দী হ'বলগীয়া হৈছে।

গুৱাহাটীখন ধুনীয়া আছিল। ইয়াৰ চৌপাশৰ সৌন্দৰ্যই অসমৰ বাহিৰৰ পৰা আহি গুৱাহাটীত ভৰি থোৱা মানুহক হিয়া শাত পৰি গৈছিল। এফালে সেউজীয়া পাহাৰ, তাৰ কাষেৰে বৈ যোৱা বুঢ়া লুইতে গুৱাহাটীক সোণত সুৱগা চৰাইছিল।

ইচ্ছা কৰা হ'লে গুৱাহাটীক সেউজীয়া চহৰ হিচাপে গঢ়ি তুলিব পাৰিলে হয়। প্ৰদূষণমুক্ত গুৱহাটী হোৱাৰ গৌৰৱ আৰ্জিৱ পাৰিলে হয়। কিন্তু পৰিকল্পনাবিহীন ভাৱে গুৱাহাটীৰ বুকু খান্দি খান্দি গুৱাহাটীক শেষ কৰি পেলোৱা হ'ল।

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা শেষ হোৱাৰ কোনো লক্ষ্যণ নাই। একেদৰে গুৱাহাটীত খোৱা পানীৰ নিয়মীয়া যোগান লাভৰো কোনো লক্ষ্যণ নাই। পানী গুৱাহাটীৰ বাবে অভিশাপ। আৰু ইয়াৰ লগত এতিয়া নতুনকৈ সংযোজিত হৈছে তথাকথিত উন্নয়ন।

তলত শ্লাইড শ্ব'ত চাওক ঘূণীয়া গুৱাহাটীৰ দৃশ্য সমূহ

ধুনীয়া গুৱাহাটীক কোনে কৰিলে ঘূণীয়া ?
ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীলৈ বিষ্ণু ৰাভা বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in