/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e4155e77-6849-41f9-ae47-bf4a291d2465/AP_FOR_WEB_dhubri.jpg)
ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীলৈ বিষ্ণু ৰাভা বঁটা...
ডিজিটেল ডেস্কঃ এইবাৰ ধুবুৰীত কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে উদযাপন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস। ধুবুৰীৰ ঝাঘৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে।
ইফালে এই অনুষ্ঠানৰ পূৰ্বে ১৬ জুনত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিলে এইবাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপকৰ নাম। এইবাৰ ২ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে বিষ্ণু ৰাভা বঁটা।
জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি এই বঁটাসমূহ ঘোষণা কৰে। ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীলৈ আগবঢ়োৱা হৈছে এইবাৰৰ বিষ্ণু ৰাভা বঁটা।
আনহাতে এই অনুষ্ঠানতে প্ৰদান কৰা হ’ব আন ৩ টা ৰাষ্ট্ৰীয় বঁটা। ২০২২বৰ্ষৰ বাবে শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তলৈ। একেটা বৰ্ষৰ বাবে বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাৱে আগবঢ়োৱা হৈছে ছহিদ ভাস্কৰ কলিতালৈ আৰু কালিচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছে ড০ টিয়াতশি জমিৰলৈ।
আনহাতে ৰাজ্যিক পৰ্যায়ৰ ৩ টা বঁটা ক্ৰমে শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা লোক শিল্পী নকুল দাসক, সতী সাধনী বঁটা বিশিষ্ট বিজ্ঞানী ড০ জয়ন্তী চুতীয়াক আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হৈছে সমাজ সেৱী বলৰাম ফাংচক। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বঁটা প্ৰাপকসকলক ঘোষিত বঁটাসমূহ প্ৰদান কৰিব।
Also Read: বিশিষ্ট লেখক, লোক সংস্কৃতিৰ সাধক গণেশ পেগু আৰু নাই...