পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...

পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...
পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...

নাই খবৰটো তেওঁ দিয়া নাই। প্ৰায় প্ৰতিটো কথাতে, প্ৰতিটো বিতৰ্কতে অপ্ৰয়োজনীয় বষয়টো মুখ মেলি বিতৰ্কত অংশগ্ৰহণ কৰা জয়ন্ত মল্লবৰুৱা নামৰ মন্ত্ৰীজনে এটা গুৰুত্বপূৰ্ণ খবৰ লুকুৱাই ৰাখিলে।

ৰাজনীতিৰ লগতে সামাজিক মাধ্যমতো অতি সক্ৰিয় এই মন্ত্ৰীজনে এই কেইদিন ফেচবুকত নলবাৰীৰ ৰাস, বিজেপিৰ জনসভা, বাইকৰ ৰেলী, পুৱাই গীতাৰ বাণী, তেওঁৰ দিনলিপী সকলো ঠিকেই প্ৰচাৰ কৰি আহিছে। তেওঁ অংশগ্ৰহ কৰা প্ৰতিখন সভা, প্ৰতিটো কাৰ্যসূচী, কেবিনেটৰ সিদ্ধান্ত, তেওঁৰ বিভাগীয় সিদ্ধান্তসমূহৰ বিষয়ে প্ৰচাৰ কৰাত কেতিয়াও কৃপনালী কৰা নাই।

ঠিক এইদৰেই ১ মে’ ২০২৩ তো তেওঁ সামাজিক মাধ্যত প্ৰচাৰ কৰিছিল তেওঁৰ ভিন্ন কাৰ্যসূচীৰ খবৰ। এই দিনটোত তেওঁ ফেচবুকত কেইবা বাৰো দিছিল এটা ডাঙৰ খবৰ। আত্মগৌৰৱেৰে শ্বেয়াৰ কৰা সেই খবৰটো আছিল পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজৰ এক চুক্তি।

এই চুক্তিৰ মৰ্মে সেই দিনাই তেওঁ ৭২ জন যাত্ৰীৰ ক্ষমতাযুক্ত বিমানত ৬৫ গৰাকী যাত্ৰীৰে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত বিমান সেৱাৰ ফ্লেগ অফ কৰিছিল। এই কথা জনাই ফেচবুকত লিখিছিল ইয়াৰ বাবে তেওঁ গৌৰৱান্বিত হৈছে।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গৌৰৱেৰে শুভাৰম্ভ কৰা এই বিমান সেৱা পিছে বৰ বেছিদিন নচলিল। ৬ মাহ শেষ নৌহওঁতেই যোৱা ৭ নৱেম্বৰৰ পৰা বন্ধ হ'ল এই সেৱা। এই খবৰ পিছে তেওঁ অসমৰ ৰাইজক নিদিলে। তেওঁ শুভাৰম্ভ কৰা বিমান সেৱা কেতিয়া বন্ধ হ'ল, কি কাৰণত বন্ধ হ'ল তাৰ কোনো কথাই তেওঁ এতিয়ালৈকে জানিবলৈ দিয়া নাই অসমৰ ৰাইজক।

ফ্লাই বিগৰে অসম পৰ্যটন উন্নয়ন নিগমৰ বুজাবুজিৰ চুক্তিৰ পাছত গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত বিমান সেৱাৰ ফ্লেগ অফ কৰি গৌৰৱান্বিত হৈ এইদৰেই তেওঁ ফেচবুকত কৰিছিল প্ৰচাৰ
ফ্লাই বিগৰে অসম পৰ্যটন উন্নয়ন নিগমৰ বুজাবুজিৰ চুক্তিৰ পাছত গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত বিমান সেৱাৰ ফ্লেগ অফ কৰি গৌৰৱান্বিত হৈ এইদৰেই তেওঁ ফেচবুকত কৰিছিল প্ৰচাৰUser

কেন্দ্ৰীয় চৰকাৰ 'উড়ান' আঁচনিৰ অধীনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ১০ বিমান বন্দৰক সামৰি ফ্লাই বিগ নামৰ এটা বিমান পৰিবাহী সেৱা প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল এই বিমান সেৱা। এই ফ্লাই বিগৰে অসম চৰকাৰৰ পৰ্যটন আৰু উন্নয়ন নিগমৰ হৈছিল চুক্তি। সেই চুক্তিৰ আধাৰতে এই বিমান পৰিবহন সেৱা সংস্থাটোৱে আৰম্ভ কৰিছিল অসমত সেৱা।

ফ্লাই বিগ নামৰ এই বিমান পৰিবহণ সেৱা প্ৰতিষ্ঠানটোৰ অৱশ্যে নাই কোনো নিজা বিমান। ভাড়ালৈ বিমান লৈ এই প্ৰতিষ্ঠানটোৱে চলাই আছিল এই সেৱা। কেন্দ্ৰীয় চৰকাৰে 'উড়ান' আঁচনি গ্ৰহণ কৰাৰ পাছতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই প্ৰতিষ্ঠানটোৱে বিমান সেৱা আৰম্ভ কৰে।

'উড়ান' আঁচনিয়ে আকাশী পথেৰে সংযোগ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ১০ টা বিমানবন্দৰ আছিল ক্ৰমে যোৰহাট, লীলাবাৰী, ৰূপসী, তেজপুৰ, শিলচৰ (বৰাপানী) পাছিঘাট, তেজু, ইটানগৰ (হোলংগী), ডিমাপুৰ আৰু পাকয়ং ৷ আনহাতে অসম চৰকাৰ পৰ্যটন উন্নয়ন নিগমৰে হোৱা চুক্তিৰ আধাৰত ফ্লাই বিগে গুৱাহাটীৰ সৈতে শিলচৰ, ধুবুৰী, ডিব্ৰুগড়কো সংযোগ কৰাৰ লগতে চুবুৰীয়া মেঘালয়, ত্ৰিপুৰা, অৰুণাচল আদিকো সংযোগ কৰিছিল।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে এই সেৱাৰ বাবে বিমান পৰিবাহী প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল প্ৰায় ৫০০ কোটি টকাৰ ৰাজসাহায্য। কিন্তু লোকচনাৰ সন্মুখীন হোৱাৰ অচিলাৰে এই প্ৰতিষ্ঠানটোৱে বন্ধ কৰি দিলে তেওঁলোকৰ বিমান সেৱা।

এই ক্ষেত্ৰত আগতীয়াকৈ কোনো জাননীও জাৰি নকৰিলে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিমান সেৱা বন্ধ হৈ থকাৰ পাছতো টিকটৰ বুকিং খোলা ৰাখিলে প্ৰতিষ্ঠানটোৱে।

সেই মহেন্দ্ৰক্ষণৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল তেওঁ, যি ভিডিঅ' এতিয়াও উপলব্ধ তেওঁৰ ফেচবুক প্ৰফাইলত
সেই মহেন্দ্ৰক্ষণৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল তেওঁ, যি ভিডিঅ' এতিয়াও উপলব্ধ তেওঁৰ ফেচবুক প্ৰফাইলতUser

কেৱল কেন্দ্ৰীয় চৰকাৰৰ পৰাই নহয় এই ফ্লাই বিগ বিমান পৰিবাহী সংস্থাটোৱে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰাও লাভ কৰিছিল ৰাজ সাহায্য। তথ্য অনুসৰি বিমান পৰিবাহী সংস্থাটোক প্ৰতিবাৰে যাত্ৰাৰ সময়ত মুঠ আসনৰ বিপৰীতে যাত্ৰী নাথাকিলে খালী হৈ থকা আসনৰ বাবে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছিল।

'উড়ান' আঁচনিৰ জৰিয়তে এই ক্ষতিপূৰণ প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ইয়াৰোপৰি অসম পৰ্যটন নিগমৰ সৈতে হোৱা বুজাবুজিৰ চুক্তি অনুসৰি এই প্ৰতিষ্ঠানটোক অসম চৰকাৰেও প্ৰদান কৰিছিল বৃহৎ পৰিমাণৰ ৰাজ সাহায্য।

তাৰ পাছতো লোকচনাৰ অচিলাৰে এই প্ৰতিষ্ঠানটোৱে কোনো জাননী জাৰি নকৰাকৈ যাত্ৰীক বিপদত পেলাই অসমত সেৱা সামৰিলে। অৱশ্যে প্ৰকৃততে এই সংস্থাটোৱে কিমান ৰাজ সাহায্য লাভ কৰিলে সেই তথ্য প্ৰকাশৰ পৰা বিৰত আছে।

উল্লেখ্য, ১ মে' ফ্লাই বিগে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত সেৱা আগবঢ়োৱাৰ পাছত ১৫ মে'ত গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত সেৱা আৰম্ভ কৰিছিল। এই সেৱা চলিছিল অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ ভাইবিলিটি গেপ ফাণ্ডিঙৰ অধীনত। খবৰ অনুসৰি এই সেৱা বাতিলৰ কাৰণ অসম পৰ্যটন উন্নয়ন নিগমক জনাইছে প্ৰতিষ্ঠানটোৱে।

তাতোকৈ ডাঙৰ কথা একাংশ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত খবৰ অনুসৰি এই বিমান পৰিবাহী প্ৰতিষ্ঠানটোৱে অসমৰ ৰাইজৰ অতি আদৰৰ নিজা বিত্তীয় প্ৰতিষ্ঠান এপেক্স বেংকৰ পৰাও হেনো আমানত অবিহনেই লৈছিল ৩০ কোটিৰ ঋণ। এই সন্দৰ্ভত ফ্লাই বিগ, এপেক্স বেংক কৰ্তৃপক্ষ সকলো নিমাত।

যিদৰে নিমাত ফ্লাই বিগৰ ফ্লেগ অফ কৰি গৌৰৱান্বিত হোৱা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। কেৱল বিতৰ্ক আৰু চৰ্চাৰ বাবেই মুখ মেলা বুলি অভিযোগ থকা এই বহুবল্কী মন্ত্ৰীজনে কি কাৰণত এতিয়ালৈকে এই খবৰ ৰাজহুৱা কৰা নাই সেয়া অৱশ্যে কোনেও নুবুজাকৈ থকা নাই।

মুখ মেলিলেই হোৱাই নোহোৱাই কেৱল আনক তাচ্ছিল্য কৰাত পাৰ্গত এই মন্ত্ৰীয়ে বিফলতাৰ কথা স্বীকাৰ কৰে কেনেকৈ? অহংকাৰ, আত্মগৌৰৱ আৰু ক্ষমতাৰ ৰাগীত মাতাল এই মন্ত্ৰীৰ পৰা বিফলতাৰ খবৰ আশা কৰাটোও পৰ্বতত কাছ কণী বিচৰাৰ লেখিয়া।

পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...
ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in