চলাবনে ফেন, জ্বলাবনে লাইট- চাই ল'ব 'দিন' নে 'ৰাতি'

চলাবনে ফেন, জ্বলাবনে লাইট- চাই ল'ব 'দিন' নে 'ৰাতি'
চলাবনে ফেন, জ্বলাবনে লাইট- চাই ল'ব 'দিন' নে 'ৰাতি'

মৃদুল কুমাৰ সন্দিকৈ

আপোনাৰ ঘৰত বাৰু বিদ্যুতৰ ব্যৱহাৰ কেতিয়া বেছি হয়? দিনত লাইট জ্বলাই নে ৰাতি জ্বলাই আপুনি? এইবোৰ বাৰু সুধিবলগীয়া প্ৰশ্ন নে? প্ৰায় ভাগ লোকেই দিনত বিদ্যুৎৰ ব্যৱহাৰ নকৰে।

কৰ্মসূত্ৰে তেওঁলোক থাকে কাৰ্যালয়ত বা কৰ্মক্ষেত্ৰত। কিন্তু নিশাৰ ভাগত ঘৰলৈ উভতাৰ পাছত বিদ্যুতৰ ব্যৱহাৰ বাঢ়ে। ঘৰুৱা বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেখা পোৱা যায় এজন গ্ৰাহকে গড়ে তেওঁৰ বিদ্যুৎ বিলৰ ৭০ ৰ পৰা ৮৫ শতাংশ ৰাতি বিদ্যুৎ ব্যয় কৰাৰ বাবে আহে।

গৰম দিন হলেতো কথাই নাই। এতিয়া বাতানুকুল যন্ত্ৰৰ ব্যৱহাৰ সাধাৰণ ঘটনা। উৎকট গৰমত নহ'লে মানুহৰ জীয়াই জীয়াই মৰা অৱস্থা হয়। ছাত্ৰ-ছাত্ৰীসকলেও দিনতকৈ ৰাতি অধ্যয়ন কৰি ভাল পায়।

নিৰিবলি পৰিৱেশত পঢ়াৰ মাদকতাই সুকীয়া। পৰীক্ষাৰ বতৰত ৰাতিপুৱালৈকে পঢ়াও ছাত্ৰ-ছাত্ৰী আছে। ঘৰৰ চৌহদত চোৰ, ডকাইতৰ পৰা ৰক্ষা পাবলৈ নিশাৰ ভাগত জ্বলাই থোৱা হয় বিজুলীবাতি।

এইবোৰ এজন বিদ্যুৎ গ্ৰাহকৰ বাবে সাধাৰণ কথা আছিল । কিন্তু বৰ বছিদিন আৰু নিশা বিদ্যুৎ ব্যৱহাৰ এতিয়াৰ দৰে কৰাৰ কথা ভাবিব নোৱাৰিব। এনেও বৰ্ধিত বিদ্যুৎ মাচুলে গ্ৰাহকক মাধমাৰ সোধাইছে।

অসমতো গৰম দিনত বিদ্যুতৰ সংকতে মানুহক ত্ৰাহি মধুসূধন দেখুৱাই আহিছে। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আন এক কৌশলেৰে দেশবাসীক ৰাম টাঙোন দিবলৈ সাজু হৈছে।

২০২০ চনৰ বিদ্যুৎ উপভোক্তাৰ অধিকাৰ বিধি সংশোধন আনিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় শক্তিমন্ত্ৰণালয়ে সেই সংশোধনৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এই সংশোধনৰ মতে বিদ্যুতৰ বিল দিনত ২০ শতাংশ হ্ৰাস পাব। আৰু ৰাতি ২০ শতাংশ বৃদ্ধি কৰা হ'ব।

ধৰা হওক আপোনাৰ বিদ্যুতৰ বিল ১০০০ হাজাৰ টকা। যদি সেই ১০০০ টকীয়া বিদ্যুৎ বিলৰ ১৫ শতাংশ আপুনি দিনত বিদ্যুৎ খৰচ কৰাৰ বাবে আহে, তেনে আপোনাৰ বিদ্যুৎ বিল পূৰ্বতে ১৫০ টকা হৈছিল। নতুন নিৰিখত ২০ শতাংশ হাৰত হ্ৰাস পালে সেই বিল হ'ব ১৫০-৩০= ১২০ টকা।

দেখাত এয়া ভাল লগা কথা। নিশাৰ ভাগত আপোনাৰ বাকী বিদ্যুৎ বিল পূৰ্বতে হৈছিল ১০০০-১৫০= ৮৫০ টকা। ৰাতি যিহেতু ব্যৱহাৰ কৰা বিদ্যুতৰ বাবে ২০ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধি পাব সেয়েহে আপুনি অতিৰিক্ত ভাৱে ১৭০ টকা বেছিকৈ বিদ্যুৎ বিল আদায় দিব লাগিব।

এই হাৰত আপোনাৰ পূৰ্বৰ ১০০০ টকাৰ বিদ্যুৎ বিলৰ ঠাইত আপুনি নতুন নিয়ম অনুসৰি দিবলগীয়া বিদ্যুৎ বিলৰ মুঠ পৰিমাণ হ'ব ১২০+১০২০=১১৪০ টকা। এনেকৈয়ে গ্ৰাহকক লুণ্ঠন কৰিবৰ বাবে এই মাচুল ব্যৱস্থা বলৱৎ কৰিবলৈ দেশৰ শক্তিমন্ত্ৰণালয় সাজু হৈ উঠিছে।

২০২৪ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বাণিজ্যি, উদ্যোগিক, উপভোক্তাৰ বাবে এই নতুন নিৰিখ প্ৰযোজ্য হ'ব। সাধাৰণ গ্ৰাহকৰ ক্ষেত্ৰত এই নতুন নিৰিখত দিন, ৰাতিৰ পাৰ্থক্যৰে বিদ্যুৎ বিল আদায় ল'বলৈ চৰকাৰে লক্ষ্য লৈছে ২০২৫ চনৰ ১ এপ্ৰিল।

কেন্দ্ৰীয় চৰকাৰৰ দাবী এই বিধি সংশোধনীৰে সাধাৰণ গ্ৰাহকক লাভাম্বিত কৰিব। কিন্তু এয়া জানো বাস্তৱত সত্য হ'ব? নিশাৰ ভাগত নে দিনৰ ভাগত সাধাৰণ গ্ৰাহকৰ বাবে বিদ্যুৎ বেছি প্ৰয়োজন সেই কথা চৰকাৰে নজনা নহয়।

চৰকাৰৰ আন এক যুক্তি নবীকৰণ যোগ্য শক্তিৰ সঠিক ব্যৱহাৰৰ বৃদ্ধিৰ উদ্দেশ্য দিন-ৰাতি বিদ্যুৎ মাচুলৰ এই তাৰাতম্য অনা হৈছে। এই নতুন বিদ্যুৎ মাচুল প্ৰৱৰ্তনৰ বাবে আৰম্ভ কৰিছে টাইম অফ ডে' টিঅ'ডি ব্যৱস্থা।

সেই অনুসৰি দিনৰ সময় হ'ব ৮ ঘণ্টা। আৰু সৰ্বাধিক বিদ্যুৎ ব্যৱহাৰ ঘণ্টাত বিদ্যুৎ মাচুল ১০ ৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব। চৰকাৰৰ এই নীতিবোৰ জনমুখী নে? চৰকাৰে এনেকৈয়ে সাধাৰণ জনতাক বুৰ্বক সজাই লুণ্ঠন চলায়।

এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পাছত বিদ্যুৎ বিতাৰক কোম্পানীবোৰৰ মুনাফা লাভত সহায়ক হ'ব। কিন্তু সাধাৰণ গ্ৰাহকৰ বাবে নিশা বিজুলীবাতি জ্বলোৱা, ফেনখন চলোৱা বা ঘৰৰ চৌহদত লাইটতো জ্বলাই থোৱাতো ভাৰি হৈ পৰিব।

চলাবনে ফেন, জ্বলাবনে লাইট- চাই ল'ব 'দিন' নে 'ৰাতি'
ইতিহাসৰ পাতত গুৱাহাটী উচ্চ ন্যায়ালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in