ইডি, ইনকাম টেক্সৰ অভিযানৰ পিছত কিয় ক্ৰয় কৰে বণ্ড? কোনে পাই এই চান্দা?

ইলেক্ট্ৰৰেল বণ্ডৰ ক'লা অধ্যায়
ইডি, ইনকাম টেক্সৰ অভিযানৰ পিছত কিয় ক্ৰয় কৰে বণ্ড? কোনে পাই এই চান্দা?
ইডি, ইনকাম টেক্সৰ অভিযানৰ পিছত কিয় ক্ৰয় কৰে বণ্ড? কোনে পাই এই চান্দা?

এষাৰ কথা আছে- এখন হাতেৰে দিয়া আৰু আনখন হাতেৰে লোৱা। ইলেক্ট্ৰৰেল বণ্ডৰ আঁৰৰ মূল কাহিনী যেন এয়াই। ভাৰতৰ ৰাজনৈতিক দলসমূহক চান্দা দিয়াৰ গোটেই ব্যৱস্থাটোলৈ স্বচ্ছতা আনিবৰ উদ্দেশ্যৰে এই ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থা ২০১৮ চনৰ ২৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। কিন্তু যোৱা ৬ টা বছৰত ইলেক্ট্ৰৰেল বণ্ডৰ নামত যিবোৰ হৈ আছিল সিয়েই প্ৰমাণ কৰিলে গোটেই ব্যৱস্থাটো শাসকীয় বিজেপি দলৰ সুবিধাৰ বাবেহে যেন কৰি লোৱা হৈছিল।

ইলেক্ট্ৰৰেল বণ্ডৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতেই এতিয়া দেশজুৰি ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বিশেষকৈ যিসমূহ প্ৰতিষ্ঠানে ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক ধন যোগান ধৰিছে সেইসমূহৰ নাম আৰু তেওঁলোকে দিয়া ধনৰ পৰিমাণ, ৰাজনৈতিক দলে লাভ কৰা ধনৰ পৰিমাণ দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে।

দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ সপোন দেখুৱাই শাসনলৈ অহা, দেশপ্ৰেমৰ ডাঙৰ ডাঙৰ কথা কোৱা ভাৰতীয় জনতা পাৰ্টীয়ে যিসমূহ সংস্থাৰ পৰা ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে চান্দা লাভ কৰিছে সেই সংস্থাৰ তালিকাই এতিয়া এই দলটোৰ দেশপ্ৰেম, আদৰ্শক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ মানি ভাৰতীয় ষ্টেট বেংকে ১২ মাৰ্চত নিৰ্বাচন আয়োগক ইলেক্ট্ৰৰেল বণ্ডৰ সকলো তথ্য দাখিল কৰিলে।

১৪ মাৰ্চত সেই সকলো তথ্য নিৰ্বাচন আয়োগে তেওঁলোকৰ ৱেবচাইটত আপলোড কৰিছে। তাৰ পাছৰে পৰা এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থাৰ জৰিয়তে ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২৪ ৰ ১৫ ফেব্ৰুৱাৰীলৈ সৰ্বাধিক ধন লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। দলটোৱে লাভ কৰিছে ৬ হাজাৰ ৬০ কোটি টকা। এয়া হৈছে মুঠ ইলেক্ট্ৰৰেল বণ্ডৰ ৪৭.৪৬ শতাংশ।

সেইদৰে তৃণমূল কংগ্ৰেছে লাভ কৰিছে ১ হাজাৰ ৬০৯ কোটি টকা। কংগ্ৰেছে লাভ কৰিছে ১ হাজাৰ ৪২১ কোটি টকা। চতুৰ্থস্থানত আছে ভাৰত ৰাষ্ট্ৰ সমিতি। তেওঁলোকে লাভ কৰিছে ১ হাজাৰ ২১৪.৭০ কোটি টকা।

ইয়াৰ পিছত আছে একাদিক্ৰমে বিজু জনতা দল, ডি এম কে, ৱাই এছ আৰ কংগ্ৰেছ, তেলেগু দেশম, শিৱসেনা, ৰাষ্ট্ৰীয় জনতা দল, আম আদমি পাৰ্টি, জনতা দল (চেকুলাৰ) ছিকিম ক্ৰান্তিকাৰী মৰ্চা, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি, জনসেনা পাৰ্টি, সমাজবাদী পাৰ্টি, বিহাৰ প্ৰদেশ জনতা দল (সংযুক্ত),ঝাৰখণ্ড মুক্তি মৰ্চা, শিৰোমণি আকালি দল, এ আই এ ডি এম কে আদি। তালিকাত একেবাৰে কম ধন লাভ কৰা ৰাজনৈতিক দলটো গোৱা ফৰৱাৰ্ড পাৰ্টি। এই দলটোৱে লাভ কৰিছে ৪০ লাখ টকা।

সকলোকে আচৰিত কৰিছে ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থাৰ জৰিয়তে বণ্ড ক্ৰয় কৰা প্ৰতিষ্ঠানসমূহৰ তালিকাই। আয়োগৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি সৰ্বাধিক বণ্ড ক্ৰয় কৰিছে ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ। এই প্ৰতিষ্ঠানটোৱে এই ব্যৱস্থাৰ জৰিয়তে চান্দা দিছে ১ হাজাৰ ৩৬৮ কোটি টকা।

এই প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন ৰাজ্যত চলাই আহিছে জুৱাৰ বেপাৰ। এক কথাত দেশৰ জুৱাৰ একছত্ৰী সম্ৰাট এই প্ৰতিষ্ঠানটোৰ গৰাকী ছাণ্টিয়াগো মাৰ্টিন। তাতোকৈ ডাঙৰ কথাটো হৈছে ছাণ্টিয়াগো মাৰ্টিনে ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে যি ধন দিলে সেই ধন দিয়াৰ মাত্ৰ কিছুদিনৰ পূৰ্বে বিজেপি চৰকাৰৰ ব্ৰহ্মাস্ত্ৰ স্বৰূপ হৈ পৰা ইডিয়ে চলাইছিল অভিযান।

ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক ধন আদায় দিয়া প্ৰতিষ্ঠানৰ তালিকাৰ দ্বিতীয় স্থানত আছে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড। এই প্ৰতিষ্ঠানটোৱে চান্দা দিছে ৯৬৬ কোটি টকা। উল্লেখযোগ্য যে, এই মেঘা ইঞ্জিনিয়াৰিঙে গৌতম আদানীৰ প্ৰতিষ্ঠানৰ সৈতে মিলি ব্যৱসায় চলাই আহিছে।

মেঘা ইঞ্জিনিয়াৰিঙে ২০২৩ ৰ ১১ এপ্ৰিলত ক্ৰয় কৰিছিল ১০০ কোটিৰ বণ্ড। ইয়াৰ এটা মাহৰ পাছতেই মহাৰাষ্ট্ৰৰ বিজেপি, শিৱসেনা (একনাথ সিন্দে গোট) চৰকাৰৰ পৰা ১৪ হাজাৰ ৪০০ কোটিৰ ঠিকা লাভ কৰিলে। একেদৰে গুজৰাটকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যত এই প্ৰতিষ্ঠানটোৱে কাম লাভ কৰিছে। এয়া কেৱল এটা উদাহৰণ হে। ইতিমধ্যে এক্স হেণ্ডেলত এইবোৰ বিষয় উত্থাপনেৰে প্ৰশ্ন আৰম্ভ হৈছে।

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে এক্সত লিখিছে, ''মেঘা ইঞ্জিনিয়াৰিঙে ১১ এপ্ৰিল, ২০২৩ ত কাক ১০০ কোটি টকাৰ নিৰ্বাচনী বণ্ড দিছিল? কিন্তু এমাহৰ ভিতৰত তেওঁলোকে বিজেপিৰ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ১৪,৪০০ কোটি টকাৰ চুক্তি লাভ কৰিছে। যদিও এছ বি আইয়ে এই তথ্যত বণ্ডৰ সংখ্য লুকুৱাই ৰাখিছে তথাপিও কিছুমান দাতা আৰু পাৰ্টিৰ সৈতে মিলাই এটা অনুমান কৰিব পাৰি। বেছিভাগ দানেই এখন হাতেৰে দিয়ক আৰু আনখন হাতেৰে লওক যেন লাগে।''

২০১৯ চনৰ পৰা বিশ্বৰ লগতে ভাৰততো আৰম্ভ হৈছিল কোভিড মহামাৰীৰ এক ভয়াৱহ পৰিৱেশ। এই মহামাৰীৰ পৰা মানৱ সমাজক উদ্ধাৰৰ বাবে বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰতীয় বিজ্ঞানীসকলো ব্যস্ত হৈ পৰিছিল ভেকচিন আৱিষ্কাৰত।

সেই অনুসৰিয়েই ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল কোভিড মহামাৰীৰ ভেকচিন। ভাৰতত তৈয়াৰ কৰা তেনে এবিধ কোভিড ভেকচিন আছিল কোভিশ্বিল্ড। এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ অৱশ্যে শেহতীয়াকৈ প্ৰশ্ন উত্থাপন হৈছে।

তথাপিও এই ভেকচিন তৈয়াৰৰ বাবে একছত্ৰী ঠিকা লাভ কৰিছিল ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই। এই প্ৰতিষ্ঠানৰ গৰাকী আদাৰ পুনেৱালা। এই পুনেৱালাই ২০২২ চনত মুঠ ৩ বাৰ- ১ আগষ্ট, ২ আগষ্ট আৰু ১৭ আগষ্টত ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থাৰে ৫০০ কোটিৰো অধিক ধন চান্দা হিচাপে দিছে। ১৮ আগষ্টত এই বণ্ডক ধনলৈ ৰূপান্তৰ কৰা হৈছিল।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে আন এক বিষয়। ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থাৰে হাব পাৱাৰ কোম্পানীয়ে বিজেপিক চান্দা দিছে ৯৫ লাখ টকা। ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিক চান্দা দিছিল এই প্ৰতিষ্ঠানটোৱে। চৰ্চা অনুসৰি এই হাব পাৱাৰ কোম্পানী পাকিস্তানৰ।

তাৎপৰ্যপূৰ্ণভাৱে এই চান্দা দিয়াৰ ৬০ দিনৰ পূৰ্বে সংঘটিত হৈছিল পুলৱামা কাণ্ড। য'ত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণত নিহত হৈছিল ৪০ জনকৈ সেনা জোৱান। সমাজবাদী পাৰ্টিয়ে ইতিমধ্যে তেওঁলোকৰ এক্স হেণ্ডেলত এই বিষয়টো উল্লেখ কৰিছে।

এইদৰেই এতিয়া ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থাৰ তথ্য উন্মোচিত হোৱাত দেশজুৰি তীব্ৰ আলোড়ণৰ সৃষ্টি হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে যদিও বিজেপি শিবিৰে কিন্তু মৌনতা অৱলম্বন কৰিছে। উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশৰ পিছতো এছ বি আইয়ে বিজেপিক ৰক্ষা কৰিবলে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই।

উচ্চতম ন্যায়ালয়ে ইলেক্ট্ৰৰেল বণ্ডক বেআইনী আখ্যাৰে এছ বি আইক ইয়াৰ সকলো তথ্য নিৰ্বাচন আয়োগৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু নিৰ্বাচনৰ পূৰ্বে এই তথ্য ৰাজহুৱা হ'লে শাসকীয় বিজেপি বিপদত পৰাৰ পূৰ্বানুমান কৰিয়েই এছ বি আইয়ে এই সকলো তথ্য দাখিল কৰিবলৈ ৩০ জুনলৈকে সময়ৰ প্ৰয়োজন বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে।

১১ মাৰ্চত এছ বি আইৰ এই উত্তৰত খৰ্গহস্ত হৈ পৰে উচ্চতম ন্যায়ালয়। ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে নিৰ্দেশ দিয়ে যদিহে ১২ মাৰ্চৰ ভিতৰত এইসকলো তথ্য দাখিল নকৰে তেন্তে এছ বি আইৰ বিৰুদ্ধে ন্যায়ালয়ক অৱমাননা কৰা গোচৰ চলোৱা হ'ব।

ইয়াৰ পিছতেই নেগুৰ পেলাবলৈ বাধ্য হ'ল এছ বি আই। ১২ মাৰ্চৰ বিয়লি নিৰ্বাচন আয়োগক এটা পেনড্ৰাইভত দুটা পাছৱৰ্ডযুক্ত পিডিএফ ফাইলত সকলো তথ্য দাখিল কৰে এছ বি আইয়ে। কিন্তু ইয়াতো এছ বি আইয়ে খেলে আন এখন খেল।

এছ বি আইয়ে দাখিল কৰা তথ্যত কেৱল কোন প্ৰতিষ্ঠানে কিমান বণ্ড ক্ৰয় কৰি, কিমান টকা দিছে আৰু কোন ৰাজনৈতিক দলে কিমান ধন পাইছে সেই তথ্যহে দাখিল কৰিছে। ইয়াৰ বিপৰীতে বণ্ডৰ ক্ৰমিক নং আৰু কোন প্ৰতিষ্ঠানৰ পৰা কোন ৰাজনৈতিক দলে কিমান ধন লাভ কৰিলে সেই তথ্য লুকুৱাই ৰাখিলে।

কিন্তু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে অবৈধ আখ্যা দিয়া এই ইলেক্ট্ৰৰেল বণ্ডৰ এই সকলো তথ্যও এছ বি আইয়ে দাখিল কৰিব লাগিব বুলি আজি পুনৰ কাঢ়া নিৰ্দেশ দিছে। এছ বি আইয়ে এই সকলো তথ্য অহা সোমবাৰৰ ভিতৰত দাখিল কৰিব লাগিব। ন'কলেও বুজিব পাৰি এছ বি আইয়ে এই তথ্য লুকুৱাবলৈ চেষ্টা কৰাৰ আঁৰৰ কাৰণ কি।

ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থাৰ যিসমূহ তথ্য ইতিমধ্যে পোহৰলৈ আহিল সেই তথ্যত সকলোতকৈ আচৰিত হ'বলগীয়া আন এক তথ্য হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমোলতে বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিৰ শাৰীলৈও উন্নিত হোৱা আৰু বৰ্তমান শীৰ্ষ ১৫ জনৰ অন্যতম গৌতম আদানী আৰু বিশ্বৰ নৱম স্থানৰ ধনী ব্যক্তি মুকেশ আম্বানীৰ প্ৰতিষ্ঠানে দিয়া নাই চান্দা।

ইলেক্ট্ৰৰেল বণ্ড ক্ৰয় কৰা নাই আদানী আৰু আম্বানীৰ প্ৰতিষ্ঠানে। কিন্তু শাসনলৈ অহাৰ পিছৰে পৰা বেজেপি চৰকাৰে এটাৰ পিছত এটাকৈ দেশৰ সকলো সম্পদ গতাই আছে গৌতম আদানীক। বিমান বন্দৰ, সাগৰীয় বন্দৰ, ৰে'ল ষ্টেচন, পথ, কয়লাখনিকে ধৰি দেশবোৰ প্ৰায়বোৰ সম্পদৰে গৰাকী গৌতম আদানী। কিন্তু এই আদানীয়ে ক্ৰয় কৰা নাই এটাও বণ্ড। এই বিষয়টোৱেও এতিয়া চৰ্চা লাভ কৰিছে।

স্মৰ্তব্য যে, ইলেক্ট্ৰৰেল বণ্ড ক্ৰয় কৰা দেশৰ একাধিক প্ৰতিষ্ঠান তথা প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে চলিছিল ইডি, আয়কৰ বিভাগ আদিৰ অভিযান। এনে অভিযানৰ পিছতেই বহু কেইটা প্ৰতিষ্ঠানে ক্ৰয় কৰিছিল ইলেক্ট্ৰৰেল বণ্ড। এনে প্ৰতিষ্ঠানৰ তালিকাত আছে ফিউচাৰ গেমিং, ছিৰ্দি ছাই ইলেক্ট্ৰিকেলছ, ড০ ৰেড্ডীছ, অৰবিন্দ ফাৰ্মা, কালাপাট্টৰু প্ৰজেক্ট, মাইক্ৰ লেব, যশোদা হাস্পতাল আদি।

পোহৰলৈ অহা এইবোৰ তথ্যই বহু কথাই স্পষ্ট কৰিছে। ইলেক্ট্ৰৰেল বণ্ড ব্যৱস্থা কিমান স্বচ্ছ আৰু নিকা সেয়া প্ৰমাণ হৈছে। একাংশই ক'বলৈ আৰম্ভ কৰিছে শাসকীয় দলে ইডি, আয়কৰ বিভাগ আদিক চান্দা তোলাৰ কামত ব্যৱহাৰ কৰিছে। এই সংস্থাসমূহে অভিযান চলাই ভাবুকি দিয়াৰ পিছতে চান্দা জমা কৰিছে।

সোমবাৰে বণ্ডৰ ক্ৰমিক নং আৰু কোন প্ৰতিষ্ঠানে কোন ৰাজনৈতিক দলক কিমান চান্দা দিছে সেই তথ্য দাখিল হোৱাৰ পিছতেই সকলো স্পষ্ট হৈ পৰিব। এতিয়ালৈকে প্ৰকাশিত এইবোৰ তথ্যই কিন্তু প্ৰখ্যাত অধিবক্তা প্ৰশান্ত কিশোৰৰ সেই বক্তব্যকে প্ৰমাণ কৰিছে। এহাতে দিয়া আৰু আনখন হাতেৰে লোৱা।

ইডি, ইনকাম টেক্সৰ অভিযানৰ পিছত কিয় ক্ৰয় কৰে বণ্ড? কোনে পাই এই চান্দা?
গৌৰৱ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in