গৌৰৱ !

গৌৰৱ !

মতা মাছ,মাইকী মাছ মন্তব্যৰ বাবে এদিন খুব সমালোচিত হৈছিল এজন যুৱক। যুৱকজনৰ নিজা পৰিচয় নাছিল যদিও; তেওঁৰ পিতৃৰ পৰিচয়ৰে মানুহে এই যুৱকজনক চিনিবলৈ অসুবিধা নহৈছিল। কাৰণ তেওঁ আছিল তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ।

উচ্চ শিক্ষিত এই যুৱকজনে ৰাজনীতিত প্ৰৱেশ কৰাটো সেই সময়ৰ বহু প্ৰভাৱশালী লোকে বিচৰা নাছিল। কিন্তু পিতৃয়ে তেওঁক ৰাজনীতিলৈ অনাত সেয়া এক দলীয় অন্তঃকন্দলৰো বিষয় হৈ পৰিছিল।

অসমৰ সমাজ জীৱনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নথকা বুলি তেওঁক নস্যাৎ কৰি দিব বিচৰা হৈছিল। পিতৃয়ে ঘৰত তেওঁক ‘ধাম্পা’ বুলি মাতিছিল। মেধাৱী এই যুৱকজনে ৰাজনীতিত প্ৰৱেশ কৰি সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে নিজৰ প্ৰতিভাৰে।

এতিয়া তেওঁ দেশৰে এজন আগশাৰীৰ সাংসদ। সদনত সততে সৰৱ এই সাংসদগৰাকীক অসমৰ এজন যোগ্য প্ৰতিনিধি হিচাপে শাসক-বিৰোধী সকলোৱে স্বীকাৰ কৰে। তেওঁৰ বাকপটুততা আৰু সৰলতাই মানুহৰ মন জয় কৰা গৌৰৱ গগৈ পিতৃ তৰুণ গগৈৰ যোগ্য ৰাজনীতি উত্তৰাসূৰী।

শেহতীয়াকৈ তেওঁ ২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। এই সপ্তাদশ লোকসভা গঠন হৈছিল ২০১৯ৰ ২৩মে’ত। ২০২৪ত অন্ত পৰিব বৰ্তমানৰ লোকসভাৰ কাৰ্যকাল। ১২ফেব্ৰুৱাৰী ২০২৪ত এই লোকসভা শেষৰখন অধিৱেশন অন্ত পৰিল। এই ৫বছৰত সদনত গৌৰৱ গগৈৰ উপস্থিতিৰ শতকৰা হাৰ আছিল ৭৬শতাংশ।

ৰাষ্ট্ৰীয় পেক্ষাপটত এগৰাকী সাংসদৰ উপস্থিতিৰ হাৰতকৈ গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ কম যদিও উক্ত সময়চোৱাত গৌৰৱ গগৈয়ে মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল।

সদনৰ শেষৰটো বিৰ্তকত গৌৰৱ গগৈয়ে অংশ লৈছিল ১০ফেব্ৰুৱাৰী ২০২৪ত। ৰাম মন্দিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে এই বিৰ্তকত অংশ লৈ মন্তব্য আগবঢ়াইছিল। ৯ফেব্ৰুৱাৰীতো  ভাৰতীয় অৰ্থনীতিৰ ওপৰত হোৱাইট পেপাৰ শীৰ্ষক বিৰ্তকত অংশ লৈছিল গগৈয়ে।

ইয়াৰ উপৰিও সদনত গৌৰৱ গগৈয়ে অংশ লোৱা উল্লেখযোগ্য বিৰ্তকসমূহ হ’ল- ২০২৪ৰ ৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত হোৱা বিৰ্তক, ২০২৩ৰ ৩আগষ্টত ডিজিটেল পাৰ্চনেল ডাটা পটেকশ্যন এক্টক লৈ হোৱা বিৰ্তক, ২০২২ৰ ৩১মাৰ্চত জলবায়ু পৰিৱৰ্তন শীৰ্ষক আলোচনা আদি।

২০২২ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ২৫মাৰ্চত আন এক বিৰ্তকত সবল বক্তব্য আগবঢ়াইছিল গৌৰৱ গগৈয়ে। সদনত অসমৰ নিবনুৱা সমস্যা আৰু ৰাজ্যখনৰ বহু যুৱকে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত গৌৰৱ গগৈয়ে ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, ‘কা’ আন্দোলনত মৃত্যু হোৱা সকলৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগটো সদনত সৰৱ আছিল গৌৰৱ গগৈ।

২০১৯ৰ ১১ডিচেম্বৰত গৌৰৱ গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। একেদৰে সদনত ২৪৫টা প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে সদনত প্ৰদান কৰা বক্তব্য দেশবাসীয়ে শুনে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ অৰ্থনীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে যুক্তিনিষ্ঠ বক্তব্যই ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

এনে এজন সাংসদ বিৰোধী পক্ষত থকাতো বিৰোধীয়ে কেতিয়াও নিবিচাৰে। কিন্তু সচেতন লোকে অসমক এনে সাংসদৰ প্ৰয়োজনীয়তাৰ কথা বুজে। হেম বৰুৱা, দীনেশ গোস্বামী আদিৰ পাছত গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত যি পৰিচয় দাঙি ধৰিছে সেই ধাৰাবাহিকতা অটুট থকাতো অতিকৈ প্ৰয়োজন।

সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত ভোটৰ জনবিন্যাস সলনি হ’ল। সেই ৰাজনৈতিক অংকৰ বাবেই পূৰ্বৰ কলিয়াবৰ সমষ্টি লুপ্ত হ’ল। নতুনকৈ সৃষ্টি হ’ল কাজিৰঙা লোকসভা সমষ্টি। সেয়ে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ।

এই নিৰ্বাচনী যুঁজ গৌৰৱ গগৈৰ বাবে বৰ মসৃণ নহ’ব। তথাপিও সকলোৱে আশা কৰে- এজন যোগ্য প্ৰতিনিধি সদনলৈ যাব লাগে অসমৰ পৰা। তেওঁ কোন দলৰ,সেইটোতকৈ তেওঁৰ প্ৰতিভা আৰু দক্ষতা বিচাৰ কৰি সিদ্ধান্ত লোৱাৰ দায়িত্ব সংশ্লিষ্ট ভোটাৰ সমাজৰ।

গৌৰৱ !
এয়াই নেকি মিত্ৰতা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in