বক্সিং ডে' টেষ্ট...

বক্সিং ডে' টেষ্ট...
বক্সিং ডে' টেষ্ট...

২৬ ডিচেম্বৰ মঙ্গলবাৰৰ পৰা ভাৰতীয় টেষ্ট দলটোৱে দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত খেলিছে বক্সিং ডে' টেষ্ট। এই বক্সিং ডে' টেষ্ট শব্দটো নিশ্চয় আপোনাৰ অপৰিচিত নহয়। কিন্তু আপুনি জানেনে কি এই বক্সিং ডে' টেষ্ট?

কিয় এই টেষ্টক বক্সিং ডে' টেষ্ট বুলি কোৱা হয়? কিয় বছৰত মাত্ৰ এখনেই বক্সিং ডে' টেষ্ট খেলা হয়? কিয় বিশেষ এখন টেষ্টতকেই বক্সিং ডে' টেষ্ট বুলি কোৱা হয়?

ক্ৰিকেট বলিয়া বহুতেই ক্ৰিকেটৰ প্ৰতিটো সৰু বৰ খবৰ ৰাখে যদিও সেইসকলৰো বহুতেই নাজানে এই বক্সিং ডে' টেষ্ট আচলতে কি? বহুতেই হয়তো ভাবিব পাৰে বক্সিঙৰ লগত সম্পৰ্ক আছে এই টেষ্টৰ। কিন্তু তেনে নহয়। এই টেষ্টৰ বক্সিং খেলৰ লগত কোনো সম্পৰ্ক নাই।

২৫ ডিচেম্বৰত উদযাপন কৰা হয় খ্ৰীষ্টমাছ। খ্ৰীষ্টধৰ্ম লোকসকলৰ পবিত্ৰ উৎসৱ খ্ৰীষ্টমাছ। প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। খ্ৰীষ্টমাছ বা বৰদিনৰ পিছৰ দিনটোকেই বিশ্বৰ বহুকেইখন দেশত বক্সিং দিৱস হিচাপে পালন কৰা হয়।

এই বক্সিং ডে'ত বহুকেইখন দেশত চৰকাৰী বন্ধও পালন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আফ্ৰিকা, কানাডা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, হংকং আদি ৰাষ্ট্ৰসমূহত বৰদিনৰ পিছৰ দিনটোক বক্সিং দিৱস পালন কৰাৰ উপৰিও চৰকাৰী বন্ধ ঘোষণা কৰা হয়।

এই বক্সিং দিৱসক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ তত্ত্ব প্ৰচলিত আছে। কিন্তু প্ৰতিটো তত্ত্বৰে মূল আধাৰ একেটাই। উপহাৰ বিতৰণ। তাৰে এটা প্ৰাচীন তত্ত্ব অনুসৰি বৰদিনৰ পিছৰ দিনটোত এজনে আনজনক উপহাৰ প্ৰদান কৰে।

পূৰ্বতে বৰদিনৰ দিনটোতো বহু শ্ৰমিকে কামলৈ যাবলগীয়া হৈছিল। বৰদিন বুলি তেওঁলোকে কাম ক্ষতি কৰিব পৰা নাছিল। বৰদনিৰ উৎসৱ তেওঁলোকে পালন কৰিব পৰা নাছিল।

সয়েহে এই শ্ৰমিকসকলক বৰদিনৰ পিছৰ দিনটোত বহু মালিকে উপহাৰ প্ৰদান কৰিছিল। একো একোটা বক্সৰ ভিতৰত বিভিন্ন ধৰণৰ উপহাৰ ৰখা হৈছিল। এই উপহাৰসমূহ লাভ কৰাৰ পিছত স্বাভাৱিকতেই শ্ৰমিকসকলৰ মাজত আনন্দৰ হাঁহি বিৰিঙিছিল। গতিকে এই দিনটো বক্সিং দিৱস হিচাপে পৰিগণিত হৈ পৰিছিল।

একেদৰে বক্সিং ডে'ক কেন্দ্ৰ কৰি আন এক কাহিনীও প্ৰচলিত হৈ আহিছে। এই কাহিনী অনুসৰি বৰদিনৰ সময়ত গীৰ্জাসমূহত একোটাকৈ বক্স ৰখা হৈছিল। এই বক্সত বিভিন্ন লোকে দৰিদ্ৰ লোকসকলৰ বাবে উপহাৰ ৰাখিছিল।

খ্ৰীষ্টমাছৰ পৰৱৰ্তী দিনটোত এই বক্সবোৰ খোলা হৈছিল আৰু তাত থকা বিভিন্ন উপহাৰ বোৰ দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰা হৈছিল। এইদৰেই বক্সিং দিৱস প্ৰচলিত হৈ আহিছিল।

বক্সিং দিৱস ক্ৰিকেটত প্ৰৱেশ হৈছিল ১৮৯২ চনত। ১৮৯২ চনত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত খ্ৰীষ্টমাছৰ সময়ত ভিক্টোৰিয়া আৰু নিউ চাউথ ৱেলছৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল। তাৰ পিছত, প্ৰতি বছৰে দুয়োটা দলে খ্ৰীষ্টমাছৰ সময়ত খেল আৰম্ভ কৰে আৰু ই এক পৰম্পৰালৈ পৰিণত হয়।

বক্সিং দিৱসত অৰ্থাৎ খ্ৰীষ্টমাছৰ পৰৱৰ্তী দিনটোত অনুষ্ঠিত হোৱা টেষ্টকেই বক্সিং ডে' টেষ্ট বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে বক্সিং ডে' টেষ্ট অনুষ্ঠিত হৈছিল ১৯৫০-৫১ চনত।

মেলবৰ্ণত অনুষ্ঠিত হৈছিল এই টেষ্টখন। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এছেজৰ সময়ত অনুষ্ঠিত হৈছিল এই বক্সিং ডে' টেষ্ট।

এই বক্সিং ডে' টেষ্ট খেলখন ২২ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু খেলখনৰ ৫ম দিনৰ খেল বক্সিং দিৱসত অনুষ্ঠিত হৈছিল। ১৯৫৩ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত ২৬ ডিচেম্বৰ বক্সিং দিৱসত কোনো খেল খেলা হোৱা নাছিল।

১৯৭৪-৭৫ চনৰ এছেজ শৃংখলাৰ তৃতীয়খন খেল মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত বক্সিং দিৱসত আৰম্ভ হৈছিল। দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকাৰ লগত মুঠ ৬ খন বক্সিং ডে' টেষ্ট খেলিছে।

আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছে সৰ্বাধিক ১০ খন বক্সিং ডে' টেষ্ট। দক্ষণি আফ্ৰিকাৰ লগত বক্সিং ডে' টেষ্টৰ ৰেকৰ্ড ভাৰতৰ সুখকৰ নহয়। ৬ খন বক্সিং ডে' টেষ্টৰ মাত্ৰ ১ খনতহে ভাৰতে জয় লাভ কৰিছে।

দক্ষিণ আফ্ৰিকাৰ লগত ভাৰতে ১৯৯২, ১৯৯৬, ২০০৬, ২০১০, ২০১৩ আৰু ২০২২ চনত মুঠ ৬ খন বক্সিং ডে' টেষ্ট খেলিছে। ইয়াৰ ভিতৰত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ২০১০ চনত একমাত্ৰ বক্সিং ডে' টেষ্টখন জয় কৰিছিল। বাকী ৫ খনতে ভাৰত পৰাজিত হৈছিল।

আনহাতে ভাৰতে অষ্ট্ৰেলিয়াৰ লগত ১৯৮৫, ১৯৯১, ১৯৯৯, ২০০৩, ২০০৭, ২০১১, ২০১৪, ২০১৮ আৰু ২০২০ চনত মুঠ ৯ খন বক্সিং ডে' টেষ্ট খেলিছে আৰু ইয়াৰ ৫ খন মেচতে পৰাস্ত হৈছে। ইয়াৰে ২ খন মেচত ভাৰতে বিজয় সাব্যস্ত কৰাৰ লগতে ২ খনত ড্ৰ' খলিছে।

আনহাতে নিউজিলেণ্ডৰ লগত ভাৰতে একমাত্ৰ বক্সিং ডে' টেষ্টখন খেলিছিল ১৯৯৮ চনত। ৱেলিংটনত খেলা সেই টেষ্টখনত নিউজিলেণ্ডে ভাৰতীয় দলটোক ৪ উইকেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিছিল। বক্সিং ডে' টেষ্টত ভাৰতৰ এইয়াই ইতিহাস।

২৬ ডিচেম্বৰ, ২০২৩ দেওবাৰৰ পৰা ভাৰতে পুনৰ দক্ষিণ আফ্ৰিকাৰ লগত বক্সিং ডে' টেষ্ট খলিছে। এইখন হ'ব বক্সিং ডে' টেষ্টৰ ইতিহাসত ভাৰতৰ দক্ষিণ আফ্ৰিকাৰ লগত সপ্তমখন বক্সি ডে' টেষ্ট। এই টেষ্টখনত বিজয় সাব্যস্ত কৰি ভাৰতে বিজয়ৰ ৰেকৰ্ড সুদৃঢ় কৰে নে পৰাজিত হোৱাৰ আন এক নতুন ইতিহাস গঢ়ে সেয়া সময়ে ক'ব।

বক্সিং ডে' টেষ্ট...
অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ 'অৰুণোদয়' সন্মান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in