মিটিঙলৈ যাব, নগ'লে চাব মাৰ খাব !

মিটিঙলৈ যাব, নগ'লে চাব মাৰ খাব !
মিটিঙলৈ যাব, নগ'লে চাব মাৰ খাব !

মৃদুল কুমাৰ সন্দিকৈ

মোৰ পুতৌ হয় মুক্তিকামী হেজাৰ মানুহৰ জীয়াই থকাৰ স্পৃহাক এচাম দানৱৰূপী শাসকে ভৰিৰে চেপি তিল তিল মুক্তিৰ মুখলৈ থেলি দিয়া দেখি। তেতিয়া মোৰ মুখেৰে ওলাই- ৰাইজ যদি ৰজা হয়, নৃপতিনো কোন? দেশখন বেচোঁতা, এই বদনটিনো কোন? তেজ শোহা জোক জানো, মহাপুৰুষ হয়? নিস্বঃ মানুহক পুতলা সাজি ধুৰন্ধৰ শাসকৰ মাজত ৰাজপাট খোৱাৰ প্ৰতিযোগিতা দেখি মই গানেৰে কৈছো-

''ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ/ কোনে কি ভাও ল'বা .. আহা সময় যে তাকৰ !/ আখৰা নেলাগে ! নেলাগে পোচাক !/ নঙঠা হৈ আহা../ ভোকাতুৰ পেটতে গামোচা বান্ধি/ উন্মাদ হৈ আহা../ তেহে ৰহণ চৰিব নাটৰ.. !/ কোনে কি ভাও লবা আহা সময় যে তাকৰ/ ''

এবাৰ কল্পনা কৰকচোন- সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কণ্ঠত এই কথাখিনি। সাধাৰণতে তেওঁ ৰাইজ আজি ভাৱৰীয়া শীৰ্ষক গীতটো গোৱাৰ পূৰ্বেই কৈ লয় এই মনৰ ভাববোৰ। তাৰ পাছত গাই যায় সেই গীত- ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ।

তাৰ পাছত আপুনি মেলি লওক হেমকোষ। বিচাৰক অতপালি শব্দৰ অৰ্থ। দেখা পাব তাত লিখা আছে - অতপালি মানে বৰ দুষ্টালি, উদ্ভণ্ডালি। ইংৰাজীত যাক কোৱা হয় Naughtiness, Mischief, Wickedness ।

ইয়াৰ পাছত পুৰণি কাকতবোৰ এখন এখনকৈ মেলক। সকলো খবৰকে গুৰুত্ব দিব নালাগে। কেইটামান নিৰ্দিষ্ট খবৰ পঢ়ক। যেনে- ১.৩৫ লাখ কোটি ঋণৰ বোজা, বিধ্বস্থ বাট-পথৰ পাছতো চৰকাৰ ব্যস্ত নিত্য নতুন ভঙা গঢ়াৰ কৰ্মসূচীত। সচিবালয়ত হেনো হাতুৰীৰ কোব পৰিব।

১২৫ কোটি টকাৰে সচিবালয়ৰ ৯ টা ব্লকৰ ভিতৰভাগ কৰ্প'ৰেট হাউচৰ দৰে বনাই পেলাব। কেৱল এয়াই নে, মন্ত্ৰীৰ কলনীৰ পৰা জনতা ভৱনৰ বাট চমুৱাবলৈ উদ্বোধনৰ পূৰ্বেই ভাঙি পেলাইছে ৩ কোটি টকীয়া আটকধুনীয়া ভৱন।

এই ভৱনটো নিৰ্মাণ সম্পূৰ্ণ হ'ল কিন্তু উদ্বোধন নহ'ল। ২০১৮-১৯ বৰ্ষত নিৰ্মাণ কৰা দুমহলীয়া ভৱনটো বিধানসভা চৌহদত মহিলা প্ৰতিনিধি, বিষয়া, কৰ্মচাৰীৰ সুবিধাৰ্থে সন্তানক যতন লোৱা তথা দুগ্ধ পানৰ ব্যৱস্থা কৰিবলৈ সজা হৈছিল যদিও সেয়া ব্যৱহাৰ নহ'ল।

সঘনাই বিদ্যুৎ কৰ্তন, স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন এইবোৰ খবৰটো আছেই। গতানুতিক খবৰ বুলি এইবোৰ খবৰক বাৰু উপেক্ষাই কৰিলে। কিন্তু এটা খবৰক উপেক্ষা বা সৰু খবৰ বুলি নাভাবিব। জে পি নড্ডা আহিছিল শিৱসাগৰলৈ। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ এই অসম ভ্ৰমণ আছিল।

সভালৈ মানুহ গ'ল, নগ'ল, কিমান মানুহ হ'ল সেই হিচাপ আমি দিবলৈ নাযাও। কিন্তু সভাখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন এক খবৰহে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ সকলোৰে বাবে। এই মহা জনসম্পৰ্ক সভালৈ যোৱা নাছিল শিৱসাগৰৰ চাৰিঙৰ এটা পৰিয়াল।

দিন হাজিৰা কৰি কোনোমতে পেট প্ৰৱৰ্তাই থকা এই পৰিয়ালটোৱে ভবা নাছিল বিজেপিৰ সেই সভালৈ নোযাৱাৰ পৰিণাম ভয়াৱহ হ'ব। শিৱসাগৰৰ গৌৰীসাগৰ থানাৰ চাৰিং কাকতি গাঁৱৰ টমাছ চাংমাই আৰু পূৰ্ণিমা চাংমাই নামৰ দম্পত্তিদ্বয়ক জবাবদিহি কৰিলে স্থানীয় বিজেপি নেতাই।

কেৱল জবাবদিহি কৰাই নহয়, দুয়োকে চৰ, ঘোচাৰে উপচাই দি অংশুমান বৰা নামৰ বিজেপি নেতাজনে সভালৈ নোযোৱাৰ পুৰস্কাৰ দিলে ! ১৮ জুন ২০২৩ ৰ নিশা ৮ বজাত আহি পূৰ্ণিমা চাংমাইক ঘৰলৈ আহি প্ৰশ্ন কৰিলে অংশুমান বৰাই- তই সভালৈ কিয় নগলি?

মহিলাগৰাকীয়ে কেনেকৈ খাম বুলি উত্তৰ দিয়াত চুলিত ধৰি বাটলৈ চোচৰাই আনি হাতেৰে মাৰপিট কৰাই নহয়, তেওঁৰ কাপোৰ ফালি পেলালে। আনকি কাঠৰ বাটামেৰে গুৰুলা গুৰুলৈ প্ৰহাৰ কৰিলে স্থানীয় বিজেপি নেতাগৰাকীয়ে।

মহিলাগৰাকীৰ দেহৰ পৰা তেজ নিৰ্গত হ'ল যদিও এই আক্ৰমণ মহিলাগৰাকীক বচাবলৈ অহা স্বামী টমাছ চাংমাইৰ ওপৰতো চলিল। চিকিৎসালয়ত দুয়ো ভৰ্তি হোৱাৰ লগতে গৌৰীপুৰ থানাত গোচৰ তৰাত আৰক্ষীয়ে অংশুমান বৰাক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল।

বিজেপিৰ নেতাজনৰ যুক্তি আছিল যদি বিজেপি চৰকাৰে ঘোষণা কৰা আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে তেনে বিজেপিৰ মিটিঙলৈ নাযাব কিয়? এইদৰে আৰম্ভ হোৱা যুক্তি হয়তো এদিন এঠাইৰ পৰা আনঠাইলৈ বিয়পি পৰিব।

হিতাধিকাৰী মানে এতিয়া কোনো শাসনত থকা দলৰ গোলাম নেকি? ৰাজ্যত অৰুণোদয় আঁচনিৰ অধীনতে প্ৰায় ৩০ লাখ হিতাধিকাৰী আছে। এইদিন সেই হিতাধিকাৰীসকলৰ ক্ষেত্ৰতো বিজেপি নেতাসকলে এই আচৰণেই কৰিব নেকি?

এনেদিন আহিব পাৰে, স্থানীয় বিজেপি নেতাসকলে একপ্ৰকাৰৰ পাৰোৱানা জাৰি কৰিব যে, হিতাধিকাৰী হ'লে বিজেপিৰ মিটিঙলৈ যাবই লাগিব। নহ'লে শিৱসাগৰত টমাছ চাংমাই আৰু পূৰ্ণিমা চাংমাইৰ দৰে দশা হ'ব। মিটিঙলৈ নগলে মৰিয়াই মূৰ ফালিব।

হিতাধিকাৰী হোৱাৰ বাবে তেওঁলোকৰ ৰাজনীতিক অধিকাৰো নাথাকিব নেকি? মুঠতে দৰিদ্ৰৰ ওপৰত এতিয়া সকলো ৰজা। কিন্তু এই অতপালিৰ পৰিণাম ভাবিব নোৱাৰা ধৰণে ভয়াৱহ হ'ব পাৰে শাসনত থকাসকলৰ কাৰণে।

মিটিঙলৈ যাব, নগ'লে চাব মাৰ খাব !
গুৱাহাটী কমাৰ্চ কলেজত নামভৰ্তি কৰিবলৈ ক্ৰয় কৰিব লাগিব নামঘোষা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in