কিহলৈ অপেক্ষা? ৰাতি এপৰলৈ নালাগে সংগীতৰ অনুষ্ঠান...

কিহলৈ অপেক্ষা? ৰাতি এপৰলৈ নালাগে সংগীতৰ অনুষ্ঠান...
কিহলৈ অপেক্ষা? ৰাতি এপৰলৈ নালাগে সংগীতৰ অনুষ্ঠান...

অসমীয়াত বহুল চৰ্চিত এষাৰ কথা আছে-'বৰষুণ গ'লে জাপি, চোৰ গ'লে বুদ্ধি'। অসমীয়া সমাজখনত এই বাক্যশাৰীৰ গুৰুত্ব আছে। বিশেষকৈ ৰাজ্যৰ প্ৰশাসনৰ কেতবোৰ পদক্ষেপে এই কথাষাৰৰ প্ৰাসংগিকতাক বাৰে বাৰে তুলি ধৰি আহিছে।

১৩ এপ্ৰিলত ৰাজ্যজুৰি গৰু বিহু পালন কৰাৰ দিনাৰ পৰাই আৰম্ভ হৈছে ৰঙালীৰ পাৰভঙা উছাহৰ এক পৰিৱেশ। বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুকলি বিহু, মঞ্চ বিহুৰ অনুষ্ঠান।

ক'ৰবাত ক'ৰবাত বিহু কোঁৱৰী, বিহু ৰাণী আদি প্ৰতিযোগিতাৰ সমান্তৰালকৈ বিহুৰ সৈতে জড়িত আন কিছু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিহু মঞ্চসমূহো খ্যাত অখ্যাত গায়ক, গায়িকাসকলে সুৰৰ মূৰ্ছনাৰে জীপাল কৰি তুলিছে।

অৱশ্যে সৌভাগ্যক্ৰমে এইবাৰ এতিয়ালৈকে বিহুক কেন্দ্ৰ কৰি বৰ বিশেষ বিতৰ্কৰ সৃষ্টি হোৱা নাই। তাৰ মাজতো সংবাদ মাধ্যমত দুই এটা অপ্ৰীতিকৰ ঘটনাৰ দৃশ্য পোহৰলৈ আহিছে। তাৰে এক দৃশ্য জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ অনুষ্ঠানৰ।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ'ত দেখা পোৱা গৈছে বিহু সমিতিৰ একাংশ বিষয়ববীয়াই পদ্মনাভ বৰদলৈ আৰু তেওঁৰ সতীৰ্থ গায়িকাক মঞ্চৰ তলৰা পৰাই খেদি অহাৰ দৰে আহি বিভিন্ন অশ্লীল গালি গালাজ কৰিছে।

তাৰে কেইবাজনৰো মুখৰ মাত আৰু শাৰীৰিৰ অভিব্যক্তিয়ে প্ৰমাণ কৰিছে তেওঁলোকে সুৰা সেৱন কৰিয়েই এই আচৰণ কৰিছে। গায়ক পদ্মনাভ বৰদলৈয়ে মাইক্ৰ'ফোনতো কোৱা শুনিবলৈ পোৱা গৈছে এই বিষয়ে।

অতি বিনয়ৰে পদ্মনাভ আৰু তেওঁৰ সতীৰ্থই সেই লোক কেইজনক উদ্দেশ্যি কিয় তেওঁলোকৰ সৈতে তেনে আচৰণ কৰিছে বুলি প্ৰশ্ন কৰাৰ লগতে তেনে আচৰণ নকৰিবলৈও অনুৰোধ কৰিছে। তাৰ পাছতো অৱশ্যে সেই লোক কেইজন শান্ত হোৱা নাই।

এই ঘটনা ভাইৰেল হৈ পৰাৰ পাছতে হাজোৰ অভয়পুৰৰ সেই নিৰ্দিষ্ট বিহু সমিতিখনে নিজৰ চাফাই গালে। তেওঁলোকে অনুষ্ঠানৰ শেষত পদ্মানাভে বিহু সমিতিৰ সভাপতি অতুল দাসক আলিংগন কৰি বিদায় লোৱাৰো এক ভিডিঅ' প্ৰচাৰ কৰিছে।

কিন্তু ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅ'ত দেখা পৰিস্থিতি যে কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে সেয়া সংস্কৃতিবান সকলো লোকেই স্বীকাৰ কৰিব।মঞ্চ বিহুৰ বিতৰ্ক পুৰণি।

পথাৰৰ বিহুক মঞ্চলৈ অনাক লৈ এতিয়াও বিতৰ্ক শেষ হোৱা নাই। কিন্তু এই বিতৰ্কই কিবা সমাধান সূত্ৰ দিছে বুলিও ক'ব পৰা নাযায়। বিহু অসমীয়া জাতিৰ প্ৰাণ। সেয়ে বিহুক লৈ সৃষ্টি হোৱা কিছু কথা বতৰাই সচেতন মানুহখিনিক কষ্ট দিয়ে।

এই মানুহখিনিয়ে সংস্কৃতি নষ্ট হৈ যোৱা কোনো বিষয়ক সহ্য কৰিব নোৱাৰে। সংস্কৃতিৰ ৰূপান্তৰ নিশ্চয় হ'ব। সময়ৰ সৈতে পৰিৱৰ্তন আহিবই। কিন্তু সেই পৰিৱৰ্তনে শিপাক ধৰি ৰাখিব পাৰিব লাগিব। মঞ্চ বিহুৱে শিপাক ধৰি ৰাখিব পাৰিছেনে? এয়াও এক নিশ্চয় বিতৰ্কৰ বিষয়।

এতিয়া বিহু মানেই কেৱল হৈ পৰিছে নৃত্য আৰু গীত। বিহুৰ সৈতে জড়িত হৈ থকা পৰম্পৰা, ঐতিহ্য, ৰীতি, নীতিক পাহৰি গৈছে গৰিষ্ঠ সংখ্যকেই। বিহুত কনিষ্ঠই জ্যেষ্ঠজনক সেৱা কৰে, জ্যেষ্ঠই কনিষ্ঠক আশীৰ্বাদ দিয়ে। ৰীতি, নীতি, পৰম্পৰাৰ মাজেৰে গৰু বিহুকে ধৰি সাত বিহু উদযাপন হয়।

যিহেতু বিহু এক লোক উৎসৱ সেয়েহে ইয়াক কোনো এক নিৰ্দিষ্ট ব্যাকৰণৰ মাজত আৱদ্ধ কৰি ৰাখিব নোৱাৰি। সকলোৱে নিজৰ আনন্দ উল্লাসৰ মাজেৰে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু এতিয়া বিহু নৃত্যক লৈয়ো বিভিন্ন প্ৰশ্নৰ উত্থাপন হয়। বিহুৰ ব্যাকৰণক লৈ প্ৰশ্ন হয়।

পথাৰৰ বিহু মঞ্চলৈ অহাৰ পাছৰে পৰা, বিহুৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছৰে পৰা এইধৰণৰ বিতৰ্ক চলি আহিছে। এনে বিতৰ্কৰ পৰা পৰিত্ৰাণ নাপাওঁতেই মঞ্চ বিহুক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াসমূহ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে।

বিহু উদযাপনৰ নামত চলিছে কেৱল সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। ৰাতি এপৰলৈ চলা এই অনুষ্ঠানে সংস্কৃতিক যে বিকৃত কৰাত হাত উজান দিছে তাত কাৰো সন্দেহ নাই। এই অনুষ্ঠানত একাংশ শিল্পীৰ আচৰনো হৈ পৰিছে চিন্তাৰ বিষয়।

এইসকলোবোৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই লেখাৰ মূল বিষয়টোৱেই হ'ল নিশাৰ মঞ্চ বিহু বা সাংস্কৃতিক অনুষ্ঠানৰ সময়। কিছু বছৰৰ আগতে এনে মঞ্চ বিহু বা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ বাবে ৰাজ্যৰ প্ৰশাসনে নিৰ্দিষ্ট সময় বান্ধি দিছিল।

পুৱতি নিশালৈকে গীত পৰিৱেশন কৰি, অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পথত বহু সময়ত বহু শিল্পী, বাদ্যযন্ত্ৰী অসমে হেৰুৱালে। জনপ্ৰিয় শিল্পীৰ পৰা অখ্যাত শিল্পীলৈ এক দীঘলীয়া তালিকা। অকালতে হেৰাই যোৱা এনে প্ৰতিভাসমূহে অসমীয়া সংস্কৃতিৰ জগতখনক ক্ষতি কৰিলে।

প্ৰশাসনে প্ৰতিবাৰেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতেই সাংস্কৃতিক অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰি দিয়ে আৰু তাৰ পাছত সকলো পাহৰি যায়। আকৌ তেনে এক অনুৰূপ দুৰ্ঘটনা সংঘটিত নোহোৱালৈকে অপেক্ষা কৰে।

এইবাৰ আন নালাগে গুৱাহাটীৰ মাজ মজিয়াতে নিশা ১ বজালৈকে মঞ্চত গায়ক, গায়িকা উঠিবলৈ সুযোগ নোপোৱাৰ উদাহৰণ আছে। নিশা ১ বজাৰ পাছত মঞ্চত উঠা এই সংগীত শিল্পীসকলে অতি কমেও ২ ঘণ্টা অনুষ্ঠান পৰিৱেশন কৰিলে ৩ বাজি পাৰ হয়। গতিকে মহানগৰীতে পুৱতি নিশালৈকে অনুষ্ঠিত হৈছে বিহুৰ অনুষ্ঠান।

ব'হাগৰ এই মাহটোত গায়ক, গায়িকাসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান পৰিবেশন কৰিছে বা কৰিব। এখন মঞ্চত পুৱতি নিশালৈকে অনুষ্ঠান পৰিবেশন কৰি পুনৰ আন এখন মঞ্চত অনুষ্ঠান পৰিবেশন কৰিবলৈ যোৱাৰ এই সময়খিনি অতি সংবেদনশীল।

একেদৰেই বিহু দলসমূহেও এতিয়া একে নিশাই কেইবাখনো মঞ্চত অনুষ্ঠান পৰিবেশন কৰে। একো একোখন বাছত ঘূৰি ফুৰা এই বিহু দলসমূহেও পুৱতি নিশালৈকে বিহু পৰিবেশন কৰিছে। তাৰ পাছত পুনৰ পাছ নিশা অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ দিশে যাত্ৰা কৰিছে।

প্ৰশাসনে এইবোৰ দিশ এতিয়াও লক্ষ্য কৰা নাই কিয়? পুনৰ এক দুৰ্ঘটনা সংঘটিত হোৱালৈ অপেক্ষা কৰিছে নেকি? কিয় নিশা ১২ বজাৰ পাছত সকলোধৰণৰ অনুষ্ঠান নিষিদ্ধ কৰা হোৱা নাই?

শেষ নিশা বিহুতলীৰ পৰিবেশ কিমান ভয়ংকৰ আৰু অনিয়ন্ত্ৰিত হৈ পৰে সেয়া অসম আৰক্ষীয়ে ভালকৈয়ে জানে। তাৰ পাছতো কিয় এইবাৰ গ্ৰহণ কৰা নাই কঠোৰ পদক্ষেপ? নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত হৈ থকা প্ৰশাসনে এই গুৰুত্বপূৰ্ণ দিশটোৰ ওপৰত শীঘ্ৰেই নজৰ দিয়ক আৰু এক এছ অ' পি প্ৰকাশ কৰক।

কিহলৈ অপেক্ষা? ৰাতি এপৰলৈ নালাগে সংগীতৰ অনুষ্ঠান...
সংস্কৃতি ৰক্ষাৰে গঢ়িছে ক্ষুদ্ৰ গ্ৰাম্য অৰ্থনীতিঃ নিৰ্বাচনেহে লগালে খেলিমেলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in