সংস্কৃতি ৰক্ষাৰে গঢ়িছে ক্ষুদ্ৰ গ্ৰাম্য অৰ্থনীতিঃ নিৰ্বাচনেহে লগালে খেলিমেলি...

বহুজাতিক প্ৰতিষ্ঠানৰ হাজাৰ কোটি টকীয়া বজাৰ 'বিহু'ৰ সৈতে ফেৰ মাৰিছে ক্ষুদ্ৰ ব্যৱসায়ীয়ে
সংস্কৃতি ৰক্ষাৰে গঢ়িছে ক্ষুদ্ৰ গ্ৰাম্য অৰ্থনীতিঃ নিৰ্বাচনেহে লগালে খেলিমেলি...
সংস্কৃতি ৰক্ষাৰে গঢ়িছে ক্ষুদ্ৰ গ্ৰাম্য অৰ্থনীতিঃ নিৰ্বাচনেহে লগালে খেলিমেলি...

ৰঙালী বিহুক কেন্দ্ৰ কৰি গঢ়ি উঠিছে পিঠা, লাড় আদি জলপানৰ লগতে গামোচাৰ এখন অসংগঠিত বজাৰ।এই বজাৰে ফেৰ মাৰিছে বহুজাতিক প্ৰতিষ্ঠানৰ হেজাৰ কোটী টকীয়া 'বিহু'ৰ সৈতে। গ্ৰাম্য অৰ্থনীতিক টনকীয়াল কৰাৰ সুযোগ থকা এই ক্ষুদ্ৰ অসংগঠিত বজাৰখনৰ সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

এয়া বসন্ত ঋতুৰ সময়। গছ-গছনিৰ কুঁহিপাতে হালি-জালি নাচিছে। কুলি, কেতিকী আদি বনৰীয়া চৰাইৰ সুললিত কণ্ঠই অসমৰ সকলোৰে মন জুৰাইছে। এতিয়া ঢোলৰ চেওত গছকত যতৰ ভাঙি নাচনিৰ ঢুলীয়াৰ কাষলৈ ঢাপলি মৰাৰ বতৰ।পেপা, গগনাৰ লহৰত টাকুৰী ঘূৰাই কঁকাল ভাঙি এপাক নচাৰ বতৰ। এয়া ব’হাগক আদৰাৰ সময়। হেঁপাহৰ ৰঙালীক উদযান কৰাৰ সময়।

অসমীয়া জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহু। এই ৰঙালীৰ বতৰতে মানুহৰ হিয়াই হিয়াই সঞ্জীৱিত হয় নতুন আশা, নতুন কল্পনা। এই কল্পনা নতুনক আদৰাৰ। এই আশা হৃদয়ৰ পৰা হৃদয়লৈ প্ৰেম, ভালপোৱা বিয়পি পৰাৰ। ধৰণীক শস্যেৰে সেউজ কৰাৰ।

বিহু অসমীয়াৰ প্ৰাণ। বিহুতেই জড়িত হৈ আছে কৃষকৰ মান। কৃষি অবিহনে বিহু অসম্ভৱ। বিহুৰ আধাৰ কৃষি। কৃষিক কেন্দ্ৰ কৰিয়েই তিনিওটা বিহু। এই বিহুৰ সৈতে এতিয়া জড়িত হৈ পৰিছে বাণিজ্যও।

বিহু নামতে আছে, গৰু চালে মাত লগালে আহে বিহু। কুলিয়েও দিয়ে বিহু অহাৰ খবৰ। কিন্তু এতিয়া সময় সলনি হ'ল। কুলি অহাৰ পূৰ্বেই আহে বহুজাতিক প্ৰতিষ্ঠানৰ বিজ্ঞাপন। গৰু চালৰ মাত লগাবলৈ আহৰি অসমীয়াই নাপাওঁতেই বিজ্ঞাপনৰে আহে বিহু।

অসমীয়াতকৈ পূৰ্বেই বিহুৰ প্ৰস্তুতি চলে বহুজাতিক প্ৰতিষ্ঠানত। সাজ, পোচাকৰ পৰা আৰম্ভ কৰি গৃহ নিৰ্মাণত জড়িত সা-সামগ্ৰীৰলৈকে সকলো কোম্পানীয়ে অসমীয়াতকৈ আগতেই বিহুৰ প্ৰস্তুতি চলায়। শ্বপিং মলত লাগে আকৰ্ষণীয় অফাৰৰ বেনাৰ। হৰ্ডিঙত লাগে বলিউডী চেলিব্ৰেটিৰ বিহুৰ সাজ পৰিধান কৰা ৰড, চিমেণ্টৰ বিজ্ঞাপন।

এনে বহুজাতিক প্ৰতিষ্ঠানৰ হাজাৰ কোটি টকীয়া অৰ্থনীতিৰ বিপৰীতে বিহুক কেন্দ্ৰ কৰি শেহতীয়াকৈ অসমৰ গ্ৰামাঞ্চলতো অসংগঠিত এক ক্ষুদ্ৰ উদ্যোগে গঢ় লৈ উঠিছে। এই উদ্যোগে এতিয়াও ঠন ধৰি উঠা নাই যদিও আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বহু পৰিয়াললৈ।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন নগৰাঞ্চলত গঢ়ি উঠিছে এখন বজাৰ। বিহুৰ সময়ছোৱাত গঢ়ি উঠা এই বজাৰখন নহ'লেই নহয় বহুতৰ বিহু। এই বজাৰখনত পোৱা যায় বিহুৰ পিঠা, জলপানৰ সকলো উপকৰণ।

তিল পিঠা, তেল পিঠা, লাড়ু, খান্দহ, চিৰা, দৈ, ক্ৰীম, গুড় কি নাই এই বজাৰত? সকলো থাকে। থাকে বৰা চাউল, জহা চাউল, কোমল চাউল, তিল, নাৰিকল আদিও। এই বজাৰখনৰ পৰাই বিহুৰ জলপানৰ সামগ্ৰী ক্ৰয় কৰে চহৰ, নগৰৰ বহু লোকে।

গুৱাহাটী মহানগৰীৰো বিভিন্ন প্ৰান্তত এতিয়া দেখা গৈছে এনে বজাৰ। এই বজাৰৰ খবৰ ল'বলৈকে গৈছিলোঁ গণেশগুৰিলৈ। গণেশগুৰিত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি বিহুৰ জলপানৰ বজাৰ পাতিছে।

৪ টা আত্মসহায়ক গোটৰ পিঠা, জলপান আদিৰে ৬ সতীৰ্থৰ সৈতে দোকান দিয়া নিতুল তালুকাদাৰ
৪ টা আত্মসহায়ক গোটৰ পিঠা, জলপান আদিৰে ৬ সতীৰ্থৰ সৈতে দোকান দিয়া নিতুল তালুকাদাৰUser

তেওঁলোকৰ বিভিন্ন জনৰ সৈতে কথা পাতি গম পালোঁ এইবাৰ হেনো তেওঁলোকৰ বজাৰ বৰ ভাল। গ্ৰাহক পূৰ্বতকৈ বহু বেছি আহিছে। বিহুৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী তেওঁলোকে ৰাখিছে।

পাঠশালাৰ পৰা ইয়াত বিহুৰ জলপানৰ দোকান দিবলৈ অহা নিতুল তালুকাদাৰ নামৰ যুৱকজনে ক'লে তেওঁলোকে ভোগালী বিহুতো ইয়াত দোকান দিয়ে। এইবাৰ ৰঙালীৰ বজাৰ বৰ ভাল। তেওঁলোক ৬ জন লোক আছে দোকানখনত।

দোকানখনত থকা পিঠা, লাড়ু, দৈ, খান্দহ, চিৰা আদি সকলো তেওঁলোকে আত্মসহায়ক গোটক প্ৰস্তুত কৰিবলৈ অৰ্ডাৰ দিয়ে। তাৰপাছত তেওঁলোকে সেইবোৰ বিক্ৰীৰ বাবে আনে। তেওঁ জনোৱামতে ৪ টা আত্মসহায়ক গোটৰ পৰা আনিছে জলপানৰ এই সামগ্ৰীবোৰ। এই ৪ টা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আহিছে প্ৰায় ৫০ গৰাকী মহিলা। অৰ্থাৎ তেওঁলোকৰ দোকানখৰ সৈতে জড়িত হৈ আছে ৫৬ গৰাকী লোক।

৪০ বছৰ ধৰি ইয়াত দোকান দি থকা বীৰেন কলিতা। তেওঁ ক'লে বৰ লাভজনক ব্যৱসায় এয়া।
৪০ বছৰ ধৰি ইয়াত দোকান দি থকা বীৰেন কলিতা। তেওঁ ক'লে বৰ লাভজনক ব্যৱসায় এয়া।User

সেইদৰে নলবাৰীৰ ঘগড়াপাৰৰ বীৰেন কলিতা নামৰ লোকজনে বি কে টাৱাৰৰ সন্মুখত ৪০ বছৰ ধৰি দোকান দি আহিছে। অন্য সময়ত ফল-মূলৰ দোকান দিয়া বীৰেন কলিতাই বিহুৰ সময়ছোৱাত দিয়ে পিঠা, লাড়ু আদি জলপানৰ দোকান।

তেওঁ কয়, এই ব্যৱসায়ত যথেষ্ট লাভ আছে। সেয়ে তেওঁ এই দোকান দি আহিছে। বিহু গ'লে আকৌ ফল-মূলৰ দোকান দিব। তেওঁৰ এই জলপানৰ সামগ্ৰীৰ দোকানখনৰ সৈকে জড়িত হৈ আছে ২৭ জন ব্যক্তি। যেতিয়ালৈকে তেওঁ পাৰে এই দাকোনেই দি যাব।

পিঠা, লাড়ু, চিৰা, দৈৰ এনে ভাল ব্যৱসায় চলিছে যদিও অৱশ্যে গামোচাৰ বজাৰ হেনো এইবাৰ ভাল নহয়। বীৰেন কলিতাৰ পিঠা, লাড়ুৰ দোকানৰ সৈতেই লাগি আছে জ্যোতিষ বৈশ্য নামৰ যুৱকজনৰ পদপথৰ অস্থায়ী দোকানখন।

তেওঁৰ দোকানত আছে গামোচা। বিভিন্ন প্ৰকাৰৰ এই গামোচা বোৰৰ ভিতৰত সৰ্বনিম্ন মূল্য ২০০ টকা। শুৱালকুছিৰ পৰা অনা এই গামোচাৰ লগতে তেওঁ ৰাখিছে জাপি, ঢোল, গগনা আৰু গাম সাৰু।

এজন সতীৰ্থৰ সৈতে মন মাৰি গ্ৰাহকলৈ অপেক্ষা কৰি থকা জ্যোতিষে ক'লে এইবাৰ বজাৰ হেনো বেয়া। গামোচা ক্ৰয় কৰা মানুহ নাই। যোৱাবাৰ বজাৰ ভাল আছিল। এইবাৰ নিৰ্বাচনৰ প্ৰভাৱ বেয়াকৈ পৰিছে। লোকসভা নিৰ্বাচনৰ বাবেই গামোচাৰ বজাৰ পৰিছে।

তেওঁৰ এই দোকানখনৰ সৈতে মুঠ ৯ জন লোক জড়িত হৈ আছে। শুৱালকুছিৰ পৰা গামোচা অনা, নলবাৰীৰ পৰা জাপি অনাকে ধৰি বিভিন্ন পৰ্যায়ত কাম কৰে এই লোকসকলে। কিন্তু এইবাৰ লাভ দূৰৰে কথা মূলধনো হেনো ঘূৰাই পোৱাৰ আশা ক্ষীণ।

জ্যোতিষ বৈশ্যয় ক'লে নিৰ্বাচনে বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে তেওঁৰ ব্যৱসায়ত। তেওঁৰ কপালত চিন্তাৰ ৰেখা।
জ্যোতিষ বৈশ্যয় ক'লে নিৰ্বাচনে বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে তেওঁৰ ব্যৱসায়ত। তেওঁৰ কপালত চিন্তাৰ ৰেখা।User

জ্যোতিষৰ দোকানৰ পৰা কিছু দূৰত থকা আন কেইবাখনো পদপথৰ দোকানৰ মাজলৈ সোমাই গ'লো। পদপথেৰে মানুহৰ সমাগম আছে, গ্ৰাহক হে নাই দোকানত। তাৰে এজন ব্যৱসায়ী ৰাজেশ বৰ্মনে ক'লে তেওঁ বিহুৰ উপলক্ষতে এই গামোচাৰ দোকানখন দিছে তেওঁ। লগত ৰাখিছে চাদৰ, মেখেলা আৰু জনগোষ্ঠীয় কিছু সাজপাৰ।

তেওঁ ক'লে, ঈদৰ বাবে মানুহবোৰ ঘৰলৈ গৈছে। নিৰ্বাচনে বহু প্ৰভাৱ পেলাইছে। নিৰ্বাচনী প্ৰচাৰত মানুহবোৰ ব্যস্ত হৈ থকাৰ বাবে এইবাৰ গামোচা কিনা মানুহ নাই। তেওঁ হাজোৰ ৰামদিয়াৰ পৰা আনিছে এই গামোচাবোৰ। উৰুকালৈকে যিহেতু গামোচাৰ বজাৰখন বেয়া হ'ল, বিহুৰ বাকী কেইটা দিনতো বজাৰ ভাল হোৱাৰ কোনো সম্ভাৱনা নাই। তেওঁ এইবাৰ ১ লাখ টকা বিনিয়োগ কৰিছিল এই দোকানখনত।

এয়াই বিহুৰ বজাৰ। পিঠা, লাড়ুৰ বজাৰৰ লগতে গামোচাৰ বজাৰখনৰ সৈতে জড়িত হৈ আছে থলুৱা অসমীয়া। এতিয়াও বহিৰাগতৰ হাতলৈ সম্পূৰ্ণকৈ যোৱা নাই এই বজাৰখন। অৱশ্যে গামোচাৰ বজাৰখন বহিৰাগতই দখল কৰিছিলেই।

পাৱাৰলুমৰ গামোচা যিহেতু নিষিদ্ধ কৰা হৈছে সেয়ে থলুৱা এই ব্যৱসায়ীসকলে বিক্ৰীৰ বাবে অনা গামোচাৰ চাহিদা বিগত বছৰত বৃদ্ধি পাইছিল। এইবাৰো বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক আছিল। কিন্তু লোকসভা নিৰ্বাচনে তেওঁলোকৰ বজাৰত প্ৰভাৱ পেলালে।

১ লাখ টকা বিনিয়োগ কৰা ৰাজেশ বৰ্মনৰ চিন্তা এইবাৰ বিনিয়োগ কৰা টকাখিনিও উভতি নাহিব।
১ লাখ টকা বিনিয়োগ কৰা ৰাজেশ বৰ্মনৰ চিন্তা এইবাৰ বিনিয়োগ কৰা টকাখিনিও উভতি নাহিব।User

লাড়ু, পিঠা আদি জলপানৰ এই বজাৰখন পূৰ্বতকৈ ডাঙৰ হৈছে। মাত্ৰ ৪ জন এনে দোকানিৰ সৈতে ১০০ জনৰো অধিক লোক কিদৰে জড়িত হৈ আছে তাৰ উমান লাভ কৰিব পৰা গ'ল।

এই ক্ষুদ্ৰ আৰু অসংগঠিত বজাৰখনক প্ৰণালিবদ্ধভাবে আৰু অধিক বিস্তাৰিত কৰাৰ সুযোগ আছে। ইয়াৰ বাবে প্ৰয়োজন হ'ব কিছু বাস্তৱিক আৰু সুপৰিকল্পিত পৰিকল্পনা।

সংস্কৃতি ৰক্ষাৰ সমান্তৰালকৈ অৰ্থনৈতিক স্বাৱলম্বীতাৰ দিশেও অগ্ৰসৰ হ'বলৈ পাৰিলে জাতিৰ অৰ্থীনৈতিক বুনিয়াদ শক্তিশালী হৈ উঠিব। সংস্কৃতিৰ সৈতে জড়িত হৈ থকা আনুসাংগিক দিশসমূহক যোগাত্মক পদ্ধতিৰে এইধৰণে মাৰ্কেটিং কৰিব পাৰিলে নিশ্চয়কৈ সংস্কৃতি আৰু অৰ্থনীতি দুয়োটা সমান্তৰালকৈ আগুৱাই যাব।

সংস্কৃতি ৰক্ষাৰে গঢ়িছে ক্ষুদ্ৰ গ্ৰাম্য অৰ্থনীতিঃ নিৰ্বাচনেহে লগালে খেলিমেলি...
মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in