কোন আছিল দ্বায়িত্বত ?

কোন আছিল দ্বায়িত্বত ?
Summary

-লশ্মিতা শইকীয়া

অসম আৰু অসমীয়াৰ বাবে বিহু কি সেয়া জানো ভাষাৰে বুজাব পাৰি ? বিহু অসমীয়াৰ প্ৰাণ, বিহু অসমীয়া মান। ৰাজ্যখনৰ জাতীয় উৎসৱ বিহু। আৰু এই জাতীয় উৎসৱৰ মূলমন্ত্ৰ বা উশাহটোৱেই হৈছে বিহুনাচ।

সময়ে সময়ে এই বিহুনাচকলৈ সৃষ্টি হৈ আহিছে বিতৰ্ক। অসমীয়া সংস্কৃতিৰ বাহক হিচাপে প্ৰতিজন অসমীয়াই বুকুত অনবৰতে কঢ়িয়াই ফুৰা এক স্বতঃস্ফূৰ্ত গৌৰৱক বিভিন্ন সময়ত অপমানিত কৰি আহিছে বিভিন্নজনে।

কিছুদিন আগৰ কথা। সামাজিক মাধ্যমত ব্যাপকভাবে চৰ্চা চলিল বিহুনাচকলৈ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অনুষ্ঠানত বিকৃতভাবে উপস্থাপন কৰা হ'ল বিহুক। খুব সম্ভৱ সেয়া ২০২২ চনৰ আগষ্ট মাহৰ কথা। মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানৰ আগত বিকৃতভাবে উপস্থাপন কৰা হ'ল বিহুনাচ। লগে লগে জাঙুৰ খাই উঠিল অসমৰ প্ৰতিটো শ্ৰেণীৰ লোক। তীক্ষ্ণ বাক্যবাণৰ সন্মুখীন হ'ল আয়োজক।

পিছে সময়ৰ ঢৌত সকলো পাহৰিল। ফুটুকাৰ ফেনলৈ পৰিণত হ'ল সেই তীক্ষ্ণ বাক্যবাণ। চূড়ান্ত ভেঙুচালিৰ সীমা হেৰাই পুনৰবাৰ বিকৃত ৰূপত উপস্থাপন হ'ল বিহু। এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিহুনাচক অপমানিত কৰাই নহয়, এক প্ৰকাৰে বিশ্বৰ আগতেই বহুনাচক ভুলভাবে উপস্থাপন কৰিলে।

ঘটনা শুকুৰবাৰৰ। দেশৰ অধ্যক্ষতাত ৰাজধানীত মহাআয়োজনেৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে জি-২০ৰ শীৰ্ষ সন্মিলন। প্ৰায় ৯ মহীয়া প্ৰস্তুতিৰ অন্তত দেশত সমবেত হৈছে ৩০ দেশৰ তথা ১৪ আন্তজাৰ্তিক সংস্থাৰ প্ৰতিনিধি। এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে ৰাজধানীত। বিশ্বনেতাসকলৰ থকা-খোৱাৰ পৰা আৰম্ভ কৰি সুৰক্ষা পৰ্যন্ত নিশ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰে। সজাই তোলা হৈছে বাট-পথ, স্মৃতিস্তম্ভ।

বিশ্বনেতাসকলক বিমান বন্দৰতেই আদৰিবৰ বাবেও বিশেষ আদৰণি কাৰ্যসূচী হাতত লৈছিল আয়োজকে। এই আদৰণিৰ অংশস্বৰূপে বিট্ৰেইনৰ প্ৰধান-বিশ্বনেতা সপত্নীক ঋষি চুনাকক আদৰণি জনাইছিল অসমৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰি এটা বিহুনাচৰ দলে। বিশ্বনেতা বা বিদেশীৰ আগত বিহুক চিনাকী কৰাই দিয়াটো গৌৰৱৰ বিষয় হ'লেও সেই বিহুনাচৰ দলটিয়ে পৰিবেশন কৰা বিহুনাচে অসমৰ বিহুনাচক গৌৰাম্বিত কৰাৰ সলনি চৰমভাবে লজ্জাতহে পেলালে।

উক্ত দলটিৱে পৰিবেশন কৰা বিহুনাচ দেখি হতভম্ব হৈ পৰিল প্ৰতিজন অসমীয়া। ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা যায় যে, বিহুগীতৰ সুৰত অদ্ভুদ শৰীৰ সঞ্চালনেৰে জঁপিয়াই জঁপিয়াই প্ৰতিনিধি কেইগৰাকীয়ে প্ৰদৰ্শন কৰিলে বিহুনাচ। বিহুনাচৰ ভংগীমা-শৈলীৰ সকলো বিকৃত ৰূপত উপস্থাপন কৰিলে তথাকথিত শিল্পীকেইগৰাকীয়ে। সেই ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে জাতিৰ মান স্বভিমানক অপমান কৰাত জাঙুৰ খাই উঠিছে জাতিপ্ৰেমী অসমীয়া।

কথা হ'ল বাৰে বাৰে কিয় ? কিয় বাৰে বাৰে অসমীয়াৰ মান সন্মান সম্বলিত, জাতিৰ স্বভিমান, চিনাকি, ধ্বজাবাহক বিহুক-বিহুনাচক অপমানিত কৰি আহিছে একাংশই। প্ৰশ্ন হয় এই অনুষ্ঠান পৰিচালনাৰ আঁৰত কোন আছিল ? অনুষ্ঠান পৰিবেশন কৰিবলৈ অনুমতি দিয়া বা অনুষ্ঠানটিৰ বাবে নিৰ্বাচন কৰাৰ সময়ত কোন আছিল দ্বায়িত্বত ? নে সেই একেই মনেজমেণ্ট প্ৰতিষ্ঠানকেই এই দ্বায়িত্ব দিছিল বিভাগে; যিয়ে পূৰ্বতেও বিকৃত ৰূপত উপস্থাপন কৰিছিল বিহুনাচ।

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে সেই সময়ৰ ২০২২চনৰ আগষ্ট মাহত বিকৃতভাবে উপস্থাপন কৰা বিহুনাচৰ সৈতে মিল আছে এইবাৰৰ বিকৃত বিহুনাচৰ। সেইবাৰো এতিয়াৰ দৰে একে সুৰ-তালেৰে নতুন দিল্লীত মালদ্বীপ প্ৰধানৰ আগত উপস্থাপন কৰা হৈছিল বিকৃত বিহুনাচ। গতিকে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে একেটা মেনেজমেণ্ট টীমকেই এইবাৰো দায়িত্ব দিয়া হৈছিল নেকি ? লগতে তেতিয়াৰ তীক্ষ্ণ বাক্যবাণক যে তেওঁলোকে ভক্ষেপ নকৰে তাকেই যেন প্ৰমাণ কৰিলে।

সমান্তৰালভাবে অতি শেহতীয়াকৈ অসম চৰকাৰে শ-শ কোটি টকা ব্যয় কৰি বিহুনাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসকো যেন ইতিকিং কৰিলে। বিশ্ব ৰেৰ্কড গঢ়া বিহুনাচক বিশ্বনেতাৰ আগত বিকৃতভাবে উপস্থাপন কৰি চৰকাৰকো যেন ভেঙুচালি কৰিলে এইসকল তথাকথিত শিল্পীয়ে।

বিহুনাচকলৈ কৰা এনে কাণ্ডৰ পাছত স্বাভাৱিকতেই এতিয়া জাতিপ্ৰেমী অসমীয়াই কবলৈ বাধ্য হৈছে- আমি অসমতেই বিহু নাচিম, বিশ্ব দৰবাৰত বিকৃত ৰূপত বিহুক পৰিচয় কৰাব নালাগে।

কোন আছিল দ্বায়িত্বত ?
শিলসাকোত বস্ত্ৰহৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in