শিলসাকোত বস্ত্ৰহৰণ...

মহাভাৰতত ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ, ৰামায়নত ৰাৱনৰ সীতা হৰণ ইয়াৰ শ্বাস্ৱত প্ৰমাণ। শিলসাকোত সেই মহিলাৰ ওপৰতে চলা নিৰ্যাতন আৰু বস্ত্ৰহৰণৰ পুনৰাবৃত্তি ঘটিল।

author-image
Asomiya Pratidin
New Update
শিলসাকোত বস্ত্ৰহৰণ...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

স্তম্ভিত! সমালোচনাৰ ভাষা হেৰাই যোৱাৰ সময় এয়া। অতি কঠোৰ ভাষাত সমালোচনা কৰিলেও এই চৰকাৰৰ বাবে সেয়া কম হ'ব। অসমৰ সংগ্ৰাম আৰু প্ৰতিবাদৰ ইতিহাসত কেতিয়াও এনে ঘটনা ঘটা নাছিল।

চুবুৰীয়া ৰাজ্য মণিপুৰত সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে মহিলাই কৰা প্ৰতিবাদৰ পুনৰাবৃত্তি ঘটিল মহানগৰীৰ শিলসাকোত। প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰক অসমৰ খিলঞ্জীয়া মহিলাই গাৰ কাপোৰ খুলি কব লগা হ'ল আৰু কি নিব লগা আছে লৈ যা।

শিলসাকোৰ উচ্ছেদক লৈ বিভিন্ন সময়ত বিভিন্ন খবৰ আহে। মুখ্যমন্ত্ৰীয়ে প্ৰায়েই কয় তাত থকা মানুহবোৰৰ সৈতে আলোচনা চলি আছে আৰু সেই আলোচনা মৰ্মে উচ্ছেদ চলিছে।

তাত থকা মানুহবোৰে কয়, উন্নয়ন সমিতিৰ নামত এচাম চৰকাৰী পক্ষৰ মানুহক তেওঁলোকৰ প্ৰতিনিধি কৰি আলোচনাৰ নাটক চৰকাৰে চলাই গৈছে। জংগী আন্দোলনৰ পৰিণতিতো কোনো সমাধান সূত্ৰ ইমানদিনে বাহিৰ কৰিবলৈ বিচৰা নাই চৰকাৰে।

ইয়াৰে অন্তত ১ ছেপ্টেম্বৰ ২০২৩ ত প্ৰায় ১৫০ বিঘা মাটিত সূৰ্যোদয়ৰ লগে লগে উচ্ছেদ চলাবলৈ যোৱা চৰকাৰী বাহিনীক বাধা দিওতে এই কাণ্ড সংঘটিত হৈ গ'ল। নিজৰ ঘৰখন, মাটি টুকুৰা হেৰুৱাই ক্ষোভত ফাটি পৰা অসমৰ খিলঞ্জীয়া মহিলাই গাৰ কাপোৰ খুলি দলিয়াই দিলে।

সেই দৃশ্যৰ সাক্ষী হৈ ৰ'ল মানৱতাৰ ভাষা নুবুজা চৰকাৰী পক্ষ। প্ৰশ্ন হয়, ১৮০০ বিঘা শিলসাকোৰ মাটি উচ্ছেদ চলাবলৈ যোৱা চৰকাৰী পক্ষই কিয় টাটাৰ জিঞ্জাৰ হোটেল, হিম্মত সিংকাৰ অট্টালিকা, বদৰুদ্দিন আজমলৰ বিলাসী ভৱনৰ চৌহদত বুলডজাৰ চলাবলৈ সাহস কৰা নাই।

সাধাৰণলোকক সহজ লক্ষ্য কৰি লৈ এই উচ্ছেদ অভিযানৰ অন্তত সেই ভূমিত কি কৰিব সেয়াও এক ডাঙৰ প্ৰশ্ন। তাত মাটি ক্ৰয় কৰি ঘৰ বনোৱা লোকসকলক যিসকল দালালে মাটি বিক্ৰী কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কিয় ইমানদিনে ব্যৱস্থা গ্ৰহণ নহ'ল।

সাধাৰণ ভূমিপুত্ৰ সকলক নিৰ্বাচনৰ বতৰত দিয়া আশ্বাস এই ৰাক্ষসৰূপী চৰকাৰে পাহৰি পেলালে। ঘৰ-বাৰী হেৰুৱাই চকুলো টোকা লোকসকল প্ৰত্যক্ষ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ প্ৰতি- ৰামদেৱক হাজাৰ হাজাৰ মাটি দিব পৰা চৰকাৰে কিয় তেওঁলোকক সামান্য মাটি দিয়াত কৃপনালী কৰিছে।

চাহ বাগানৰ হাজাৰ হাজাৰ বিঘা মাটি হস্তগত কৰা লোকসকলে এইদৰে শিলসাকোত উচ্ছেদ চলাই অমৃত কালৰ নমুনা দেখুৱাইছে। স্ব-ইচ্ছাই গাৰ বস্ত্ৰ খুলি প্ৰতিবাদ সাব্যস্ত কৰাতো কোনোবা শাসকীয় নেতাই কাৰোবাৰ প্ৰৰোচনাত কৰা প্ৰতিবাদ আখ্যা দিলেও আন এক দৃশ্য কিন্তু অতি লক্ষণীয়।

মাটি এৰি নিদিও বুলি প্ৰতিবাদত নমা এগৰাকী খিলঞ্জীয়া মহিলাক এইদৰে সকলোৰে সন্মুখত এক অৰ্থত বস্ত্ৰ হৰণ কৰা হ'ল।এই উচ্ছেদৰ বাবে চৰাকৰে প্ৰস্তুতি চলোৱাৰ পূৰ্বতে কৰা এক ডাঙৰ ভুল হ'ল পূঁজিপতি গোষ্ঠীত আওকান কৰি কেৱল সাধাৰণ লোকসকলৰ ঘৰত হাতুৰীৰ কোব সোধালে।

উচ্ছেদ বিৰোধী নহ'লেও নিজ জনতাৰ প্ৰতি এখন গণতান্ত্ৰিক চৰকাৰৰ এই মানসিকতা কোনো কাৰণতেই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিকোনো প্ৰকাৰে শিলসাকোত ভূমিপুত্ৰসকলৰ মাটি কাঢ়ি লোৱাৰ প্ৰৱণতাৰে সৰ্বাতোপ্ৰকাৰৰ শক্তি প্ৰয়োগৰ কুফল এয়া।

অসমৰ ইতিহাসত সংঘটিত নোহোৱা এনে কাণ্ড দেখি এতিয়া হয়তো চৰকাৰে নেদেখাৰ ভাও জুৰিব। অন্যায় অত্যাচাৰৰ পৰ্যায় ইমান তললৈ গুচি যোৱাৰ পাছত এনেবোৰ কাৰ্যই শাসকপক্ষৰ পতনৰ বাৰ্তা দি যায়।

মহাভাৰতত ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ, ৰামায়নত ৰাৱনৰ সীতা হৰণ ইয়াৰ শ্বাস্ৱত প্ৰমাণ। শিলসাকোত সেই মহিলাৰ ওপৰতে চলা নিৰ্যাতন আৰু বস্ত্ৰহৰণৰ পুনৰাবৃত্তি ঘটিল। ইয়াৰ ফল ৰজাঘৰীয়াই অৱশ্যেই লাভ কৰিব।

মহিলাক নিৰ্যাতন আৰু বস্ত্ৰহৰণ কৰি কোনো শাসক সাৰি যাব নোৱাৰে। আনকি দেৱতাইও ইয়াৰ পৰিণাম ভোগ কৰি গৈছে। আমাৰ আধুনিক ৰজাই নাৰীক নাঙঠ হ'বলৈ বাধ্য কৰি নিজকে নাঙঠ কৰিলে। দেখুৱাই দিলে কেনেকৈ চলিছে ৰাজ্য।

Also Read: দ্বিতীয় বিভাগ !

himanta biswa sarma silsako protest