ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...

ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...
ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...

মৃদুল কুমাৰ সন্দিকৈ

আমাৰ লোক সাহিত্য, লোক সংগীতত সেই সময়ৰ পৰিৱেশ পৰিস্থিতি, সামাজিক জীৱন প্ৰতিফলিত হয়। এনে কিছু লোক সংগীত বা লোক সাহিত্য সেই সময়ত প্ৰাসংগিক হ'লেও সময় অতিবাহিত কৰাৰ লগে লগে ইয়াৰ প্ৰাসংগিকতাক নতুন ধৰণে বিচাৰ কৰিবলগীয়া হয়।

এফালে লোক সংগীত বুলি সেইবোৰৰ গ্ৰহণযোগ্যতা, আনফালে কোনো নিৰ্দিষ্ট পক্ষ বা জাতিক কৰা ভেঙুচালি, অপমান আদি বিষয়ত সচেতন নহ'লে এইবোৰে আমাৰ মাজত থকা সম্প্ৰীতিক বিনিষ্ট কৰাৰ সম্ভাৱনা থাকে। সৰুসজাইত বিহুৰ বিশ্ব অভিলেখৰ পৰৱৰ্তী সময়ত গোৱা এটা বিশেষ বিহু গীতে বিতৰ্কৰ সূচনা কৰিছিল।

সেই জাতিৰ সৈতে আহোমসকলৰ এক নিবিড় সম্পৰ্ক আছে। আহোম ৰাজত্বকালৰ বুৰঞ্জীত তেওঁলোকৰ কথা উল্লেখ আছে সগৌৰৱে। সেই সময়ত তেওঁলোকৰ সামাজিক অৱস্থা, তেওঁলোকৰ প্ৰতি দৃষ্টি ভংগী যিধৰণে প্ৰকাশ পাইছিল, সেই সৰলতাৰে বিহুগীততো কোনো অচিন লিখকে বা গায়কে একেধৰণে তুলি ধৰিছিল।

অসমীয়া লোক সাহিত্যতো তেনে বহু উদাহৰণ আছে। বিশেষকৈ ডাকৰ বচন, গাঁৱৰ বুঢ়া-মেথাৰ মুখে মুখে চলি অহা ঘটনা আদিয়ে কিছু কিছু লোকক আজিৰ প্ৰেক্ষাপটত নিচাত্মক ভাৱত তুলি ধৰা যেন অনুভৱ হয়।

সৰুসজাইৰ বিশ্ব অভিলেখকেন্দ্ৰিক এই বিতৰ্ক আৰু অসন্তুষ্টিৰ ইতিমধ্যে অন্ত পৰিছে। এই অনুষ্ঠানত সেই বিহুগীত পৰিৱেশ কৰা বৰ বিহুৱা ৰঞ্জিত গগৈয়ে বিনম্ৰতাৰে তেনে ভুল ইচ্ছাকৃত ভাৱে উল্লেখ কৰি যদি এই বিহুগীতে কাৰোবাৰ মনত আঘাত দিছে তেনে তাৰবাবে তেওঁ ক্ষমা বিচাৰিলে।

সেই বিতৰ্কৰ অন্ত পৰিল যদিও আমাৰ ককা, আজুককাসকলে গাই অহা এই বিহু কিন্ত থাকি যাব। আন অনুষ্ঠানত সেয়া আকৌ কোনোবাই পৰিৱেশন কৰিব। তেতিয়া পুনৰ এই ধৰণৰ বিতৰ্কই জানো সৃষ্টি নহ'ব?

বিহুগীতৰ উপৰিও আন অসমৰ জাতি, জনগোষ্ঠীসকলৰ কথা চোৱা যায় তেনেহ'লে বহু উদাহৰণ ওলাব যিবোৰে সেই নিৰ্দিষ্ট জনগোষ্ঠীসকলৰ মনত আঘাত হানিব পাৰে। মৎস্যজীৱি সম্প্ৰদায়ৰ সকলক লৈ তেনে বহু মন্তব্য বা লোক কথা আছে যিবোৰ এতিয়া সাধাৰনীকৰণ কৰি ব্যৱহাৰ কৰাটো কিমান যুক্তিসংগত সেয়া বিচাৰ্য কৰা বিষয় হৈ পৰিছে।

একেদৰে জনগোষ্ঠীয় লোকসকলকো পুতৌজনক, ঠাট্টাসূচক আদি মন্তব্যৰে আন কিছু লোক কথা বা লোক সংগীতত তুচ্ছ, তাৎচিল্য কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। সেই দিশত আজি সচেতন সমাজে সৰ্বগ্ৰহণযোগ্য এক সিদ্ধান্তৰে ইয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত সজাগ হ'বলগীয়া সময় এয়া।

কাৰোবাৰ সংবেদনশীলতাত আঘাত কৰি লোকগীত, লোক সংগীতৰ নামত এই আধুনিক সময়ত তেনে কৰিলে ইয়াৰ প্ৰতিবাদ নিঃসন্দেহে হ'ব। বিহুৱে বিশ্ব অভিলেখ গঢ়িলে। দুটাকৈ অভিলেখৰ গৰাকী হ'ল বিহু।

সেয়া অতি সুখৰ বিষয়। কিন্তু বিহু গীতক লৈ এনে বিতৰ্কৰ সলনি এই সময়ত আমি চৰ্চা কৰিবলগীয়া আন এক বিষয় আছিল। অসম আন্দোলনৰ পাছত সংস্কৃতিয়ে আমাৰ জাতীয়তাবাদক উজ্জিৱীত কৰি তুলিলে।

জাতীয়তাবাদৰ প্ৰতি এই আৱেগ আৰু একাত্ম দেখিবলৈ পোৱা গৈছিল অসম আন্দোলনত। বৃদ্ধা-বণিতা, ডেকা-বুঢ়া, সৰু-ডাঙৰ সকলো একাকাৰ হৈ জাতীয়তাবাদৰ স্বাৰ্থত সকলো ওলাই আহিছিল ৰাজপথলৈ। এইবাৰ খালী আন্দোলন নহয়, কিন্তু একেই জাতীয় স্বাৰ্থত বিহুত মছগুল হৈ পৰিল সকলো ৰাইজ।

অভিলেখ গঢ়িলে, তাৰ পাছত কি হ'ব? বিহু কৃষি ভিত্তিক উৎসৱ। এয়া মুলতঃ যৌৱনৰ উৎসৱ হলেও ই এক সৃষ্টি আৰু উৎপাদনশীলতাৰ বাবে পৰস্পৰে পৰস্পৰক দিয়া প্ৰেৰণা।

এই পৰিৱেশকে আধাৰ কৰি আমি জাতীয় উৎপাদনশীলতাক কৰ্মৰ আধাৰত এক পৰিকল্পিত ৰূপত তুলি ধৰাৰ কথা ভাবিব নোৱাৰিম নে? ৰাজনীতিৰ কব্জাত পৰি বিহু নীলম হ'ব নালাগে। ই এক জাতীয় সাংস্কৃতিক অনুষ্ঠান হৈয়ে থাকক।

স্পনছৰশ্বিপ লৈ বিহু পাতি জানো বিহুক ৰক্ষা কৰিব পাৰি? এনেকৈ বিহু কিমান দিনলৈ ৰক্ষা পৰিব? আমাক খেতি লাগে। শস্য আৰু আন উৎপাদনশীল কৰ্মৰে জাতীয় বুনিয়াদ গঢ়িবলৈ বিহুতকৈ ভাল আধাৰ আৰু কি আছে?

বিহুৰ বতৰত কোটি কোটি গামোচা বাহিৰৰ বজাৰৰ পৰা অসম ভৰি পৰে। সেই গামোচা অসমৰ শিপিনী গাভৰুৱে নিসন্দেহে প্ৰস্তুত কৰিব পাৰে। বিভিন্ন আঁচনিৰ হিতাধিকাৰী হৈ বিনামূলীয়া চাউল, ধন লৈ আমি নিজেই নিজৰ পংগুত্বক আঁকোৱালি ল'বলৈ আমাৰ বিহুৱেটো আমাক নকয় !

বাটে পথে ঘূৰি ফুৰা যুৱকসকলক পথাৰলৈ ঘূৰাই নিবৰ বাবে আমি এই বিহুৰ বতৰতে পণ ল'ব লাগিব। জাতীয় স্থবিৰতাক এইবাৰ সৰুসজাইৰ বিহুৱে জগাই তুলিলে। সেই জাগৰণক ইচ্ছা কৰিলে ৰজাঘৰীয়াই এক কৰ্মমুখী জাতীয় আন্দোলনলৈ পৰিণত কৰিব পাৰে।

ব'হাগ বিহুৰ সৈতে ব্যৱহৃত সামগ্ৰী, খাদ্যভ্যাসৰ এখন ভাল বজাৰ আছে। সেই বজাৰখন এতিয়া অসমতে নহয় বিশ্বজুৰি হৈছে। বিহু নাচিবলৈ ব্যৱহাৰ কৰা মুগা কাপোৰৰ কথা বিশ্বই জানে।

বিশুদ্ধ মুগা কাপোৰ উৎপাদন আৰু বিপণনৰ পূৰ্ণ সম্ভাৱনা এতিয়াও আছে। ইয়াক আমি কিয় বিশ্বমুখী কৰি অসমক সেই উৎপাদনৰ কেন্দ্ৰবিন্দু ৰূপত বিহুৰ মাধ্যমেৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব পাৰো।

বিহুক লৈ বহু দিশ উন্মোচন কৰিবলৈ এতিয়াও বাকী আছে। তাৰ প্ৰণালীবদ্ধ গৱেষণা কৰাৰ বাবে এক উদ্যোগ ল'ব লাগে। ব'হাগ বিহুত কিয় ১০১ বিধ শাক খায়? সেই শাকবোৰৰ ঔষধি গুণাগুণ কি?

এনেকৈয়ে আমি বিহুৰ সৈতে জড়িত সকলো দিশ গৱেষণা কৰিবলৈ বিহুৰ এক গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰাৰ প্ৰয়োজন নিশ্চয় আছে। ই বহু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। অভিলেখ হ'ল ভাল হ'ল। ইয়াৰ বাবে যিসকলে চিন্তা,পৰিশ্ৰম আৰু ইয়াক কাৰ্যত ৰূপায়ণ কৰিলে তেওঁলোকৰ ওচৰত অসমীয়া জাতি কৃতজ্ঞ।

সেই কৃতিত্ব সকলোৱে ভগাই লওক। কিন্তু তাৰ মাজত বিহুক লৈ এনে নতুন চিন্তা,চৰ্চাও হওক। ২৫ হাজাৰ, ৩০ হাজাৰ বিহুৱা, বিহুৱতীয়ে নাচক। হাজাৰ হাজাৰ মানুহ বিহুৰ সৈতে জড়িত হৈ পৰক। পৰ্যটনৰ নতুন বাট মুকলি হওক।

অসমীয়াৰ স্বাভিমানৰ সৈতে কৰ্মস্পৃহাও প্ৰয়োজন আছে। বহুদিনৰ পাছত বিহুক লৈ সৃষ্টি হোৱা এই বাতাবৰণৰ মাজেৰে এইবোৰ কথাও চৰকাৰে ভাৱক। বিহু মানে কেৱল নাচ-গান নহয়। বিহু মানেই কেৱল অভিলেখ নহয়। আনন্দ মেলা আৰু জাতীয় উৎসৱৰ মাজত বহু পাৰ্থক্য থাকে।

ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...
'মানিসিকভাৱে অসুস্থ' মুকুল ৰয় পুনৰ ঘূৰি আহিব বিচাৰে বিজেপিলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in