/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bde9afdc-adce-4ee7-b8eb-6990ede5ce31/AP_FOR_WEB_mukul_roy.jpg)
'মানিসিকভাৱে অসুস্থ' মুকুল ৰয় পুনৰ ঘূৰি আহিব বিচাৰে বিজেপিলৈ...
ডিজিটেল ডেস্কঃ যিসময়ত দেশত বিৰোধী ঐক্যৰ কথা কোৱা হৈছে, বিজেপিক ৰোধিবলৈ সকলো বিৰোধী একত্ৰিত হোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে, সেই সময়তে বংগৰ ৰাজনীতিত পুনৰ আৰম্ভ হৈছে নাটকীয় পৰিৱৰ্তন। তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰয়ে নিজকে বিজেপিৰ বিধায়ক হিচাপে দাবী কৰি বিজেপিৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰিছে।
সোমবাৰে নিশা পৰিয়ালৰ লোককো অৱগত নকৰি দিল্লীলৈ যোৱা মুকুল ৰয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ আগ্ৰহ প্ৰকাশ কৰি কয়, তেওঁ বিজেপিলৈ পুনৰ ঘূৰি আহিব বিচাৰে। ইফালে সোমবাৰে নিশাই মুকুল ৰয় দিল্লীলৈ উৰা মৰাৰ পাছতে তেওঁ নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে প্ৰথমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।
তেওঁলোকে ৰয়ৰ মানসিক স্থিতি ঠিক হৈ থকা নাই বুলিও মন্তব্য কৰিছে। আনহাতে মুকুল ৰয়ৰ পৰিয়ালে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়, তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰয়ক ব্যৱহাৰ কৰি ঘৃণনীয় ৰাজনীতি কৰা উচিত নহয়। এয়া অস্বাস্থ্যকৰ।
উল্লেখ্য, মঙ্গলবাৰে এটা বাংলা টেলিভিশ্যন চেনেলত মুকুল ৰয়ে কয় যে, তেওঁ এজন বিজেপিৰ বিধায়ক আৰু বিজেপিৰ লগতেই থাকিব বিচাৰে। বিজেপিয়ে তেওঁক দিল্লীত থাকিবলৈ সকলো ব্যৱস্থা কৰি দিছে।
তেওঁ কয়, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰিব বিচাৰে। তৃণমুল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক নেতাসকলৰ ভিতৰত অন্যতম মুকুল ৰয়ে ২০১৭ ত দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
বিজেপি দলত থকাৰ সময়ত তেওঁক দলটোৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষৰ দায়িত্বও প্ৰদান কৰা হৈছিল। আৰু পৰৱৰ্তী সময়ত ২০২১ ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ টিকটত বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ আহিছিল যদিও দলত্যাগ নকৰাকৈয়ে তৃণমূল কংগ্ৰেছলৈ ঘূৰি আহিছিল।
অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ ৰাজনীতিৰ পৰা বহু আঁতৰত আছিল। বহুদিন ধৰি তেওঁক কোনেও ৰাজনীতিৰ পথাৰত দেখা নাছিল। শাৰীৰিক, মানসিক ভাৱে অসুস্থ হৈ থকা মুকুল ৰয়ে হঠাৎ এইদৰে দিল্লীলৈ গৈ কৰা মন্তব্য আৰু তাৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতিয়ে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Also Read: মৃত্যুৰ আশংকা কৰা বলজিৎ কৌৰক জীৱন্তে উদ্ধাৰ মাউন্ট অন্নপূৰ্ণাৰ পৰা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us