বটদ্ৰৱাত বুলডজাৰেৰে অভিযুক্তৰ ঘৰ নহয়, আইন ভাঙিছিল অসম আৰক্ষীয়ে...

বটদ্ৰৱাত বুলডজাৰেৰে অভিযুক্তৰ ঘৰ নহয়, আইন ভাঙিছিল অসম আৰক্ষীয়ে...
বটদ্ৰৱাত বুলডজাৰেৰে অভিযুক্তৰ ঘৰ নহয়, আইন ভাঙিছিল অসম আৰক্ষীয়ে...

'জন হিত, জন সেৱাৰ্থে'- এয়া অসম আৰক্ষীৰ মূলমন্ত্ৰ। 'প্ৰেছিডেণ্টছ কালাৰ্ছ' লাভ কৰা অসম আৰক্ষী এতিয়াও জনতাৰ পৰা বহু দূৰৈত। অসম আৰক্ষীক জনতাৰ কাষ চপাই নিবলৈ যদিও আৰক্ষী বিভাগে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তথাপিও অসম আৰক্ষীৰ কৰ্ম-কাণ্ডই তেওঁলোকক জনতাৰ কাষলৈ লৈ যোৱাৰ বিপৰীতে দূৰলৈহে লৈ গৈছে।

এক কথাত যোৱা কেইটামান বছৰত অসম আৰক্ষী সাধাৰণ লোকৰ বাবে এক সন্ত্ৰাসৰ নাম হৈ পৰিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। ন্যায়ালয়ত উত্তৰ দিবলগীয়া হোৱাৰ আগলৈকে ৰাজ্যত সৌ সিদিনালৈকে প্ৰতি নিশাই সংঘটিত হৈছিল এটাৰ পিছত এটাকৈ ‘এনকাউণ্টাৰ’ (!)ৰ ঘটনা।

প্ৰতি নিশাই প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষীবাহিনীৰ কবলৰ পৰা হেণ্ডকাফ লগাই থোৱা অৱস্থাতে আৰক্ষীৰে অস্ত্ৰ কাঢ়ি পলায়ন কৰাৰ উপৰিও আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰে অভিযুক্তই। সেয়ে প্ৰাণ ৰক্ষা কৰিবলৈ আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। ফলত কেতিয়াবা অপৰাধী গুলীবিদ্ধ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হয় অথবা কেতিয়াবা গুলীবিদ্ধ সেই অপৰাধীয়ে প্ৰাণ ত্যাগ কৰে।

অসমত যোৱা সময়ছোৱাত সংঘটিত হোৱা প্ৰায় প্ৰতিটো 'এনকাউণ্টাৰ'ৰ আঁৰৰ কাহিনী আছিল এয়াই। প্ৰতিটো 'এনকাউণ্টাৰ'ৰ বিপৰীতে আৰক্ষীয়ে দাঙি ধৰা এনে কাহিনীৰ বিৰুদ্ধে যেতিয়াই ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হ’ল তাৰ পাছৰ পৰাই প্ৰতি নিশা অপৰাধী, আৰক্ষীৰ মাজৰ সংঘৰ্ষ আৰু 'এনকাউণ্টাৰ'ৰ সংখ্যাও হ্ৰাস পালে।

অসম আৰক্ষীৰ এনে ভুৱা এনকাউণ্টাৰৰ বিষয়টোক লৈ ৰাজ্যজুৰি সৰৱ চৰ্চা চলি থকাৰ মাজতেই ২০২২ ৰ মে’ মাহৰ ২২ তাৰিখে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ পিছত সৃষ্টি হোৱা কেতবোৰ ঘটনাৰাজিয়ে পুনৰ অসম আৰক্ষীৰ স্বৰূপ উদঙাই দিলে। বিজেপি শাসিত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে আৰম্ভ কৰা বুলডজাৰৰ ৰাজনীতি বিজেপিৰ দ্বাৰা শাসিত অসমলৈ আমদানি কৰিছিল অসম আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ এই আৰ্হি অসমলৈ আমদানি কৰাৰ সময়ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আছিল ভাস্কৰ জ্যোতি মহন্ত। ২০২২ ৰ ২১ অক্টোবৰত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা ছফিকুল ইছলামৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ প্ৰতিবেদনৰ উদ্ধৃতি দি এই কথা স্পষ্ট কৰি অসম চৰকাৰক ইয়াৰ বাবে দায়বদ্ধ কৰিছে।

ন্যায়ালয়ে এই সমগ্ৰ কাণ্ডৰ বাবে অসম চৰকাৰক দায়বদ্ধ কৰি মৃত ছফিকুলৰ পৰিয়ালক কিয় ক্ষতিপূৰণ দিয়া নহ’ব সেয়াও ব্যাখ্যা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মন কৰিবলগীয়া যে, ২০২২ ৰ ২১ অক্টোবৰত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা ছফিকুল ইছলামৰ ২২ অক্টোবৰত মৃত্যু হৈছিল।

ছফিকুলৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল। এনে অভিযোগৰ মাজতে আৰক্ষী থানা ঘেৰাও কৰিবলৈ যোৱা একাংশ লোকে আৰক্ষী থানাখনত অগ্নি সংযোগ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়া হৈছিল আৰু আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বহু কেইজন লোককে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।

এই ঘটনা ইমানতে অন্ত পৰা নাছিল। ইয়াৰ পিছতে এই ঘটনাৰে অভিযুক্তৰ ঘৰ অসম আৰক্ষীৰ তেতিয়াৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ হুংকাৰ আৰু তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বতে এদল আৰক্ষীয়ে বুলডজাৰেৰে ভাঙি পেলাইছিল।

অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰ্হি অনুসৰণ কৰি এইদৰে অভিযুক্তৰ ঘৰ ভাঙি দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাছিল ৰাজ্যৰ সচেতন লোকসকলে। সামাজিক মাধ্যমত এই সন্দৰ্ভত সচেতন লোকে অসম আৰক্ষী, গৃহ বিভাগ আৰু গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৰিছিল যদিও চৰকাৰৰ অন্ধ সমৰ্থকসকলে অসম আৰক্ষীৰ এই অমানৱীয়, বেআইনী কাৰ্যক সমৰ্থন কৰিবলৈ পাহৰা নাছিল। আইনৰ ৰক্ষকৰ হাততেই আইন ভংগৰ এই সমগ্ৰ কাৰ্যক অন্ধভাৱে সমৰ্থন কৰিছিল আইনৰ বৰ বৰ কথা কোৱা লোকসকলে।

অৱশেষত অসম আৰক্ষী এই বেআইনী কাৰ্যৰ বাবেই উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল। উচ্চ ন্যায়ালয়ে বটদ্ৰৱাত বুলডজাৰেৰে অভিযুক্তৰ ঘৰ ভাঙি দিয়া কাৰ্যৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰা ৩/২০২২ গোচৰৰ শুনানিত অসম চৰকাৰক ককৰ্থনা কৰাই নহয় ভুক্তভোগীক ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ প্ৰদান কৰিছে।

অসম চৰকাৰেও ন্যায়ালয়ৰ ৰোষত পৰি এতিয়া প্ৰতিটো ভুক্তভোগী পৰিয়ালকে ক্ষতিপূৰণ দিবলৈ সাজু হৈছে। ন্যায়ালয়ত অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছে অভিযুক্তসকলক কিমান ক্ষতিপূৰণ দিব লাগিব সেয়া গণনা কৰা হৈছে। গৃহ বিভাগে এই সন্দৰ্ভত বিত্ত বিভাগৰ অনুমোদনৰ বাবে ফাইল প্ৰেৰণ কৰিছে। বিত্ত বিভাগে এই ফাইলত এতিয়া অনুমোদন দিবলৈ বাধ্য।

অসম চৰকাৰে এই ভুক্তভোগী লোকসকলক কেতিয়া ক্ষতিপূৰণ দিব সেয়া এতিয়াও স্পষ্টকৈ উল্লেখ কৰা নাই যদিও ক্ষতিপূৰণ যে দিব লাগিব সেয়া স্পষ্ট হৈছে। আনহাতে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুলৰ পত্নী ৰছিদা খাতুনে দাখিল কৰা লেখ আবেদনখনৰো শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে কিয় তেওঁক অন্তর্বর্তীকালীন ক্ষতিপূৰণ দিয়া নহ'ব বুলি চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰে।

ন্যায়ালয়ত ৰছিদা খাতুনৰ অধিবক্তাগৰাকীয়ে এই কথাও জনাইছে যে, ৭ টা ভুক্তভোগী পৰিয়ালক অসম চৰকাৰে ৩০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা আদালতক অৱগত কৰিছে। অসম আৰক্ষীৰ এনে কাণ্ডই এতিয়া স্বাভাৱিকতে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা অসম আৰক্ষীয়ে যি হাৰত তথাকথিক এনকাউণ্টাৰ সংঘটিত কৰিলে সেই এনকাউণ্টাৰৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন। ৰাজ্যত সংঘটিত হোৱা এনে ভুৱা এনকাউণ্টাৰক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়।

এনে এনকাউণ্টাৰৰ মাজতে বটদ্ৰৱাত সংঘঘটিত কৰা বুলডজাৰৰ কাণ্ডই অসম আৰক্ষী কিদৰে এক সন্ত্ৰাসৰ নাম হৈ পৰিছে সেয়া প্ৰমাণ কৰিছে। হয়, বিগত অসমত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্ৰহণ কৰা এনে স্থিতি প্ৰশংসনীয় যদিও এই ড্ৰাগছ বিৰোধী অভিযানৰ সুযোগ লৈয়ে একাংশই কিদৰে সাধাৰণ লোকৰ ওপৰত মাৰণাস্ত্ৰ ব্যৱহাৰ কৰিছে সেয়াও নগাওঁ জিলাৰে কীৰ্তি কমল নামৰ যুৱকজনৰ লগত সংঘটিত হোৱা ঘটনাই প্ৰমাণ কৰি থৈছে।

নিষিদ্ধ ঘোষিত সংগঠনৰ লিংক মেন বুলি সাধাৰণ যুৱকক অসম আৰক্ষীয়ে ধৰি আনি এনকাউণ্টাৰ কৰাৰ পাছত সেই যুৱকৰ বিধৱা পত্নীক মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণ হিচাপে লাখ টকীয়া চেক, চৰকাৰী সংস্থাপন দিয়াৰো উদাহৰণ বৰ বেছি পুৰণি কথা নহয়। অসম আৰক্ষীৰ বিৰুদ্ধে যোৱা সময়ছোৱাত উত্থাপিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগো শতাধিক।

এই অভিযোগবোৰ ন্যায়ালয়ত সত্য প্ৰমাণ হ’লে নিশ্চয়কৈ পুনৰ এই ক্ষতিগ্ৰস্তসকলক অসম চৰকাৰেই ক্ষতিপূৰণ দিব লাগিব। যিদৰে বটদ্ৰৱা কাণ্ডৰ বাবে অসম চৰকাৰে ক্ষতিপূৰণ দিবলগীয়া হৈছে।

খাকী পোচাক আৰু ক্ষমতাৰ ৰাগীত মাতাল হৈ ৰাজনৈতিক নেতাৰ তৈল মৰ্দনেৰে আশীৰ্বাদপুষ্ট একাংশ আৰক্ষী বিষয়াৰ মইমতালিৰ বাবে যিদৰে সাধাৰণ জনসাধাৰণৰ জীৱনলৈ ভাবুকি নামি আহিছে ঠিক সেইদৰেই জনতাৰ কৰ-কাতালৰ পৰা সংগ্ৰহ হোৱা ৰাজহো এক কথাত অপব্যৱহাৰ হৈ ৰাজ্যৰ ক্ষতি কৰিছে। ৰাজ্যৰ যি অৰ্থনৈতিক বিপৰ্যয় সেই বিপৰ্যয়ত এইদৰে সাধাৰণ লোকৰ পৰা সংগ্ৰ কৰা কৰ-কাতলৰ ধন অপব্যৱহাৰ কৰা নিশ্চয়কৈ গ্ৰহণযোগ্য নহয়।

নেতা,মন্ত্ৰীয়ে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ৰচনা কৰা কৌশলত অসম আৰক্ষীয়ে ভৰি দি যিদৰে এই বেআইনী কাৰ্যত লিপ্ত হৈছে এয়া ভৱিষ্যতৰ বাবে নিশ্চয়কৈ ভাল সংকেতো নহয়। ইয়াৰ প্ৰতিৰোধ হ’বই লাগিব।

সেয়ে ন্যায়ালয়ে ক্ষতিগ্ৰস্তক চৰকাৰৰ পৰা ক্ষতিপূৰণ দিয়াৰ পৰিৱৰ্তে যিসকল আৰক্ষী বিষয়াই উভতগোৰে নাচি এনে কাণ্ড সংঘটিত কৰিছিল তেওঁলোকৰ দা-দৰমহা কৰ্তন কৰি তাৰ পৰাহে ক্ষতিপূৰণ দিয়াৰ দাবীও উত্থাপন হৈছে। এনে কৰিলেহে হয়তো আইন ৰক্ষাকাৰী হৈয়ো আইন ভংগত জপিয়াই পৰা এইসকল আৰক্ষীৰ চৰিত্ৰ সলনি হ’ব।

অন্যথা আগলৈয়ো এইসকলেই ৰাজনৈতিক নেতাৰ আশীষধন্য হ’বলৈ আইন ভংগ কৰি কাৰোবৰ জীৱন, জীৱিকা অথবা আশ্ৰয়স্থলী ধ্বংসৰ দৰে কাৰ্য সংঘটিত যে নকৰিব তাত কি সন্দেহ আছে?

বটদ্ৰৱাত বুলডজাৰেৰে অভিযুক্তৰ ঘৰ নহয়, আইন ভাঙিছিল অসম আৰক্ষীয়ে...
চৰ খাই কেনেকৈ ভোট দিওঁ বদৰভাই ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in